উদ্ভাৱনীমূলক কৌশলৰে বিজ্ঞান - গণিতৰ শিক্ষা প্ৰদান কৰা এগৰাকী শিক্ষকৰ কথাৰে ...জীৱবিজ্ঞানৰ খাদ্য শৃংখল আৰু খাদ্য জাল বুজাবলৈ ‘শিহু আমাৰ প...
উদ্ভাৱনীমূলক কৌশলৰে বিজ্ঞান - গণিতৰ শিক্ষা প্ৰদান কৰা এগৰাকী শিক্ষকৰ কথাৰে
...জীৱবিজ্ঞানৰ খাদ্য শৃংখল আৰু খাদ্য জাল বুজাবলৈ ‘শিহু আমাৰ প্ৰাণ’, ‘প্ৰকৃতিৰ সন্তান’, ‘প্ৰকৃতিৰ বান্ধোন’ আদিৰ দৰে নাটক লিখি ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা প্ৰদর্শিত কৰি আহিছে...
ৰমেশ চন্দ্ৰ চৰেণ:
ৰিপুঞ্জয় বৰদলৈ — ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সুপৰিচিত এগৰাকী শিক্ষকৰ নাম ৷ "যাদুকৰ ছাৰ" নামেৰে জনপ্ৰিয় শিক্ষক গৰাকী বিশ্বনাথ জিলাৰ চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ৷ গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান শিক্ষাৰ জনপ্ৰিয়কৰণ কৰিবলৈ শিক্ষা বিভাগক আচৰিত কৰি ফাকু-গুড়ি, পিঠাগুড়িৰ চালনি, বাঁহৰ কাঠি, গছৰ পাত, চেলাইনৰ পেলনীয়া বটল, ধানৰ নৰা আদিৰ দৰে আমাৰ চৌপাশৰ পৰিৱেশৰ সামগ্ৰী ব্যৱহাৰ কৰি বিজ্ঞান আৰু গণিতৰ বিষয়সমূহৰ উদ্ভাৱনীমূলক কৌশলৰে পাঠদান কৰি আহিছে। অসম চৰকাৰৰ শিক্ষা বিভাগে গণিত, বিজ্ঞান আৰু ইংৰাজী বিষয়ৰ প্ৰতি থকা ছাত্ৰ-ছাত্ৰীৰ ভয়ভাৱ আৰু অনিহা আঁতৰাবলৈ যথেষ্ট গুৰুত্ব দিয়া দেখা গৈছে। আনকি প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে উঠি অহা প্ৰজন্মৰ মাজত বিজ্ঞান বিষয়ক অধ্যয়ন কৰিব নিবিচৰাতো দেশৰ অগ্ৰগতিৰ ক্ষেত্ৰত হেঙাৰ বুলি মত ব্যক্ত কৰিছিল। বিজ্ঞান শিক্ষা নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰিবলৈ সেই সময়ৰ ৰাষ্ট্ৰপতি ড°এ পি জে আব্দুল কালামেও যথেষ্ট কাৰ্যসূচী হাতত লৈছিল। পূৰ্বৰ দৰে বৰ্তমানৰ অসম চৰকাৰৰ শিক্ষা বিভাগেও তেজপুৰ বিশ্বিবদ্যালয়, আই আই টি গুৱাহাটী, অসম বিজ্ঞান সমিতি আদিৰ দৰে অনুষ্ঠানৰ লগত জড়িত হৈ বিজ্ঞান আৰু গণিতৰ পাঠদান কেনেদৰে ছাত্ৰ-ছাত্ৰীৰ মাজত মনোগ্ৰাহীকৈ প্ৰদান কৰিব পাৰি ইয়াৰ ওপৰত শিক্ষক সকলৰ মাজত প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰি আহিছে ৷ পৰিতাপৰ কথা এইযে বিগত বছৰবোৰৰ দৰে প্ৰশিক্ষণ প্ৰদান কৰাৰ পিছতো অসমৰ শিক্ষাজগতত বিজ্ঞান আৰু গণিতৰ ক্ষেত্ৰখনত কোনো ধৰনৰ উল্লেখনীয় পৰিবৰ্তন হোৱা পৰিলক্ষিত হোৱা নাই।
এইখিনিতে সমাজৰ সকলো স্তৰৰ ব্যক্তিকে আচৰিত কৰি তুলিছে নৱগঠিত বিশ্বনাথ জিলাৰ অৰুণাচলৰ পাদদেশত অৱস্থিত চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ৰিপুঞ্জয় বৰদলৈৰ পাঠদান প্ৰক্ৰিয়াই। বিগত ১৪ বছৰ ধৰি শিক্ষক ৰিপুঞ্জয় বৰদলৈয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান শিক্ষা জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই আহিছে। শিক্ষক ৰিপুঞ্জয় বৰদলৈয়ে গণিত আৰু বিজ্ঞানৰ পাঠভিত্তিক শিক্ষা নিজৰ উদ্ভাৱনীমূলক চিন্তাৰে ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰি থকাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ মনৰ পৰা গণিত ভীতি নোহোৱা হোৱাত যথেষ্ট সহায় হোৱা পৰিলক্ষিত হৈছে ৷ ইয়াৰ প্ৰমাণস্বৰূপে হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰি উত্তীৰ্ণ হোৱা চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰী সুখ্যাতিৰে বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লোৱাৰ তথ্য আছে। মেট্ৰিক পৰীক্ষাত কম নম্বৰ পোৱা বাবে অভিভাৱকে বিজ্ঞান শাখাত পঢ়িবলৈ বাধা দিয়া সত্ত্বেও ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞান বিষয়টো সহজ পোৱা বাবে বিজ্ঞান বিষয় অধ্যয়ন কৰাটো নিজৰ জীৱনৰ লক্ষ্য হিচাপে বাচি লোৱা এই প্ৰতিবেদকৰ দৃষ্টিগোচৰ হৈছে । বৰ্তমানে চলি থকা গ্ৰীষ্মৰ বন্ধতো শিক্ষক গৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত অভিনৱ কৌশল প্ৰয়োগ কৰি ফাকু-গুড়ি আৰু গছৰ বিভিন্ন প্ৰকাৰৰ পাতৰে বিজ্ঞানৰ জীৱ-বিচিত্ৰতা, বাঁহৰ কাঠি, কাগজ, চেলাইনৰ পেলাই দিয়া টিউবৰে গণিতৰ ৰেখা, কোণ, ত্ৰিভুজৰ বিভিন্ন প্ৰকাৰ, পিঠাগুড়িৰ চালনি, দৈ-মলা, ব্যৱহাৰ কৰি পদাৰ্থবিজ্ঞানৰ পৃষ্ঠতান, জ্বলন উষ্ণতা আদিৰ পাঠদান কৰে। শিক্ষক গৰাকীয়ে অষ্টম শ্ৰেণীত জ্বলন উষ্ণতা পঢ়াবলৈ যাওঁতে কাগজৰ চচপেনত লালচাহ প্ৰস্তুত কৰি সকলোকে পান কৰা বিষয়টোৱে সকলোৰে জীৱনত পাহৰিব নোৱাৰা জ্ঞান প্ৰদান কৰিছিল। ঠিক সেইদৰে শিক্ষক গৰাকীয়ে দশম শ্ৰেণীৰ ‘গতিশক্তি’ পঢ়াবলৈ শিক্ষাৰ্থীসকলক বিদ্যালয়ৰ কাষেৰে পাৰ হৈ যোৱা মৰণৈত নমাই সুঁতিৰ গতি নিৰ্ণয় কৰাৰ লগতে, গতিৰ পৰা কেনেদৰে গতিশক্তি নিৰ্ণয় কৰিব পাৰি তাৰ ব্যৱহাৰিক শিক্ষা প্ৰদান কৰিবলৈ প্ৰয়াস কৰে। অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ ‘শব্দ’ৰ বিষয়ে পঢ়াবলৈ যোৱাৰ আগতে শিক্ষাৰ্থীক ধাননি পথাৰলৈ নিয়া হয়। ধানৰ নৰাৰে প্ৰস্তুত কৰা পেপাৰ সহায়ত শব্দ কেনেদৰে উৎপন্ন হয় সেইবিষয়ে ব্যৱহাৰিক শিক্ষা প্ৰদান কৰিবলৈ প্ৰয়াস কৰে। বিজ্ঞানৰ ‘পৃষ্ঠতান’ৰ বিষয়ে পঢ়াবলৈ যোৱাৰ আগতে উদ্ভাৱনীমূলক চিন্তাৰে পিঠাগুড়ি চলা চালনিৰ মাজেৰে পানী নসৰকা (water doesn't drain through the sieve) ক্ৰিয়াকলাপৰ কৌশল বৰ ফলপ্ৰসূ হোৱা দেখা গৈছে । নবম শ্ৰেণীত মধ্যাৰ্কষণ বল, ভৰ, ওজন, W=mg আদিৰ ব্যৱহাৰিক পৰীক্ষা কৰি বুজাবলৈ ফুটবল আৰু কাগজৰ সৰু বল দুটা গছ এজোপাৰ ওপৰৰ পৰা পেলাই দিলে কোনটো আগত পৰিব আৰু কিয়? সেইবিষয়ে ব্যৱহাৰিকভাৱে দেখুওৱাই দিয়াৰ দৃশ্যই সকলোকে আপ্লুত কৰি তুলিছিল। প্লাবিতাৰ বিষয়ে পঢ়াবলৈ যাওঁতে শিক্ষকগৰাকীয়ে ৰবাব টেঙাৰ সহায়ত কেনধৰণৰ পাঠদান কৰে ভাবিলেই আচৰিত লাগে। পানীৰ কলহৰে বায়ুমণ্ডলীয় চাপ, বেলুন, চুপি, শিলগুটিৰে নৱম শ্ৰেণীৰ অভিকেন্দ্ৰিক বল, গৰুৰ গোবৰৰে আদ্ৰতা, নাটকৰ জৰিয়তে দশম শ্ৰেণীৰ সহযোজী বান্ধনি, আয়নীয় বান্ধনি, ডট কলমৰ টিউবৰে চূণপানীৰ সহায়ত নিশাহত কাৰ্বন-ডাই-অক্সাইড এৰাৰ প্ৰমাণ, অম্ল আৰু ক্ষাৰকৰ পৰীক্ষা কৰিবলৈ কেচা হালধী, ৰঙা জবা ফুল, নেমু টেঙা, কৰ্দৈ, ৰহদৈ, দৈ আদিৰ দৰে থলুৱাভাৱে উপলব্ধ সামগ্ৰীৰে অভিনৱ পাঠদান কৰি আহিছে। চকপেঞ্চিলৰ সহায়ত বৰ্ণলেখনৰ দৰে পৰীক্ষা কৰাৰ উপৰিও পথাৰত নমাই পূৰ্ণ সংখ্যা, স্বাভাৱিক সংখ্যা, অখণ্ড সংখ্যা, তামোল গছ, নাৰিকল গছৰ উচ্চতা জুখিবলৈ ক্লিন’মিটাৰৰ দৰে সজুলি পেলনীয়া সামগ্ৰীৰে প্ৰস্তুত কৰি পাঠদান প্ৰক্ৰিয়াটো মনোগ্ৰাহী কৰি তোলে। গণিতৰ আটাইতকৈ দীঘল আৰু কঠিন বুলি ভবা পৰিমিতি পঢ়াবলৈ যাওতে শিক্ষক গৰাকীয়ে ছাত্ৰ-ছাত্ৰীক সূত্ৰ মুখস্থ কৰিবলৈ দিয়াৰ সলনি মধ্যাহ্ন ভোজনৰ কেৰাহীত কিমান খিৰিচি বনাব, চচপেনত দিম কেইটা ধৰিব, বাল্টিত পানী কিমান ধৰিব, কোঠাটোত কিমানযোৰ ডেক্স-বেঞ্চ ধৰিব, ছহিদ বেদীটো বনাবলৈ কিমান ইটা লাগিব, ঘৰটোত কিমান চলা টিং লাগিব আদিৰ দৰে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ সহায়ত ক’ব নোৱাৰাকৈ ছাত্ৰ-ছাত্ৰীক বেলন, ঘনক, আয়তীয় ঘনক, অৰ্ধগোলক, শংকু, শংকুচ্ছেদ আদিৰ পৃষ্ঠকালি, পাৰ্শ্বীয় পৃষ্ঠকালি, আয়তন গণনা কৰাৰ কৌশল শিকোৱাৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে খেল-ধেমালিৰ মাজেৰে গণিত শিক্ষা গ্ৰহণ কৰি আহিছে।
এইগৰাকী শিক্ষকক বৰ্তমান ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ২০২৪ বৰ্ষৰ কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰিছে ৷
উপৰোক্ত তথ্যসমূহ প্ৰদান কৰা সময়তে শিক্ষক ৰিপুঞ্জয় বৰদলৈয়ে সাংবাদিকক কয়, “২০১০ চনৰ পৰা চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত উদ্ভাৱনীমূলক চিন্তাৰে প্ৰস্তুত কৰা ক্ৰিয়াকলাপৰ সহায়ত পাঠদান কৰিবলৈ প্ৰয়াস কৰাৰ কথা উল্লেখ কৰে ৷ তেওঁৰ মতে বিজ্ঞান আৰু গণিতৰ পাঠদান শ্ৰেণীকোঠাৰ ভিতৰত প্ৰদান কৰাতকৈ বাহিৰত কৰাটোহে বেছি ফলপ্ৰসু যেন অনুভৱ হয় বুলি এই প্ৰতিবেদকক জানিব দিয়ে । চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত চাকৰিত যোগদান কৰাৰ সময়ত বিদ্যালয়খনত কোনো ধৰণৰ বিজ্ঞানৰ পৰীক্ষাগাৰ নাছিল। খৰি থোৱা গুদামৰ পৰা নষ্ট হৈ যোৱা দুই এপদ সামগ্ৰী পৰিষ্কাৰ কৰি ব্যৱহাৰ উপযোগী কৰি লৈছিল শিক্ষক গৰাকীয়ে । বিদ্যালয়খনে ‘অটল টিংকাৰিং লেব’ আৰু ‘ৰব’টিক’ লেবৰ সুবিধা আজিলৈকে পোৱা নাই যদিও শিক্ষাৰ্থীৰ কোনো আক্ষেপ নাই। কাৰণ এই পৰ্যন্ত চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত এটা সুন্দৰ পেলনীয়া আৰু কমখৰছী সামগ্ৰীৰে পৰীক্ষাগাৰ গঢ়ি তুলিবলৈ সক্ষম হৈছে । এই সজুলি প্ৰস্তুত কৰিবলৈ বিজ্ঞান জনপ্ৰিয়কৰণৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ক্ষীৰধৰ বৰুৱাই বহুখিনি সহায় কৰিছে বুলি শিক্ষক গৰাকীয়ে জানিব দিয়ে ৷
উঠি অহা প্ৰজন্মক ড্ৰাগছৰ আসক্তিৰ পৰা মুক্ত কৰিবলৈ, ডাইনী হত্যা, বাল্য বিবাহ ৰোধ কৰিবলৈ ‘ডাইনী কোন’, ‘আমি লাচিত’, ‘আকাশ চুবলৈ মন’ আদিৰ দৰে নাটক নিজে ৰচনা কৰি যুৱক-যুৱতীৰ জৰিয়তে ৰাইজৰ মাজত প্ৰদৰ্শন কৰি সজাগতা আনে
শিক্ষক ৰিপুঞ্জয় বৰদলৈয়ে পৰিৱেশ বিজ্ঞান বিষয়ৰ ‘বন্যপ্ৰাণী সংৰক্ষণ আৰু আমাৰ কৰণীয়’ৰ দৰে বিষয়সমূহ শিক্ষাৰ্থীয়ে অন্তৰৰে অনুভৱ কৰিবলৈ স্বৰচিত আৰু স্বপৰিচালিত নাটক অসমৰ বিভিন্ন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত উপস্থাপন কৰি আহিছে। জীৱবিজ্ঞানৰ খাদ্য শৃংখল আৰু খাদ্য জাল বুজাবলৈ ‘শিহু আমাৰ প্ৰাণ’, ‘প্ৰকৃতিৰ সন্তান’, ‘প্ৰকৃতিৰ বান্ধোন’ আদিৰ দৰে নাটক নিজে লিখি ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা প্ৰদর্শিত কৰি আহিছে। পৰিৱেশ অধ্যয়নৰ ভিতৰৰে প্ৰাকৃতিক দুৰ্যোগ সমূহৰ পৰা কেনেদৰে সুৰক্ষিত হৈ থাকিব পাৰি তাৰ ওপৰত প্ৰশিক্ষণ প্ৰদানৰে ছাত্ৰ-ছাত্ৰীক জুই লগা, ধুমুহা, বিজুলী, ভূমিকম্প আহিলে কেনেধৰণে নিজৰ লগতে আনকো সহায় কৰিব পাৰি তাৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।
বিদ্যালয়ৰ পাঠদান কৰাৰ লগতে সমগ্ৰ জিলাখনতে বিজ্ঞান মানসিকতা গঢ়াৰ ক্ষেত্ৰত শিক্ষক ৰিপুঞ্জয় বৰদলৈয়ে নিজকে বিলীন কৰি আহিছে । সমাজৰ পৰা অন্ধবিশ্বাস-কুসংস্কাৰ আঁতৰাবলৈ অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইত যাদুৰ আঁৰৰ বিজ্ঞান কাৰ্যসূচীৰে সমাজক সজাগ কৰিবলৈ সক্ষম হৈছে । ঠিক সেইদৰে উঠি অহা প্ৰজন্মক ড্ৰাগছৰ আসক্তিৰ পৰা মুক্ত কৰিবলৈ, ডাইনী হত্যা, বাল্য বিবাহ ৰোধ কৰিবলৈ ‘ডাইনী কোন’, ‘আমি লাচিত’, ‘আকাশ চুবলৈ মন’ আদিৰ দৰে নাটক নিজে ৰচনা কৰি যুৱক-যুৱতীৰ জৰিয়তে ৰাইজৰ মাজত প্ৰদৰ্শন কৰি সজাগতা আনে । সমাজক নিচাজাতীয় সামগ্ৰীৰ পৰা আঁতৰাই ৰাখিবলৈ স্ব-ৰচিত বাটৰ নাট ‘আমি লাচিত’, বাল্যবিবাহৰ ওপৰত লিখা ‘আকাশ চুবলৈ মন’ অসমৰ বিভিন্ন স্থানত মঞ্চস্থ কৰা হৈছে। বৰ্তমানে শিক্ষক গৰাকীয়ে পাৰ্থেনিয়াম নামৰ অপতৃণৰ বিষক্ৰিয়াৰ পৰা ৰাইজক সজাগ কৰা ক্ষেত্ৰত অহৰহ প্ৰচেষ্টা চলাই আছে। হাতে কামে বিজ্ঞান আৰু গণিত শিক্ষা প্ৰদান কৰাৰ ফলত বৰ্তমানলৈকে ৰিপুঞ্জয় বৰদলৈৰ তত্ত্বাৱধানত ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞান আৰু গণিতৰ আৰ্হি ১০০ৰো অধিক প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় পৰ্যায়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
বিজ্ঞান জনপ্ৰিয়কৰণৰ নামত , ‘আমাৰ হেৰাই যোৱা চৰাইবোৰ’, ‘জীৱবিচিত্ৰতা’, ‘অৰন্য মানৱ যাদৱ পায়েং’, ‘প্ৰকৃতি, বিজ্ঞান আৰু আমি’, ‘নেম’নিকছ’, ‘বিজ্ঞান অৰঙে দৰঙে’ নামৰ ৬খন কিতাপ লিখি উলিয়াইছে। লগতে নতুন শিক্ষানীতিৰ আধাৰত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ নাৰ্ছাৰীৰ পৰা পঞ্চম শ্ৰেণীলৈকে পৰিৱেশ বিজ্ঞানৰ দুখন, গণিতৰ ছয়খন, বিজ্ঞানৰ তিনিখন পাঠ্যপুথিকে ধৰি মুঠ ১১ পাঠ্যপুথি প্ৰণয়ন কৰিছে।
গ্ৰামাঞ্চলত উদ্ভাৱনী মূলক কৌশলৰে কৰা পাঠদান সমূহ যাতে অসমৰ আন ঠাইৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ কামত আহিবলৈ বৰ্তমানলৈকে ৫০০ৰো অধিক শিক্ষামূলক ভিডিঅ’ ইউটিউবত উপলব্ধ কৰিছে। ৰিপুঞ্জয় বৰদলৈয়ে শ্ৰেণীকোঠাত গণিত, বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞানৰ পাঠভিত্তিক উদ্ভাৱনীমূলক পাঠদানৰ লগতে গ্ৰামাঞ্চলত ৰাইজৰ মাজত প্ৰচলিত অন্ধবিশ্বাস-কুসংস্কাৰ আতৰাবলৈ গ্ৰহণ কৰা পদক্ষেপ সমূহে তেওঁক গ্ৰামাঞ্চলত বিজ্ঞান জনপ্ৰিয়কৰণৰ কাণ্ডাৰী বুলি স্বীকৃতি দিয়াত হয়তো কাৰো দ্বিমত নাথাকিব। শিক্ষক ৰিপুঞ্জয় বৰদলৈৰ বিজ্ঞান বিষয়ক প্ৰবন্ধ আৰু নাটক প্ৰান্তিক, বিজ্ঞান জেউতি, সাতসৰী, অন্যযুগ, নতুন ৰংমেলা, দৈনিক বাতৰিকাকত, সাদিন আদি কাকতত প্ৰকাশ পাই আহিছে । বৰদলৈয়ে বিজ্ঞান জনপ্ৰিয়কৰণৰ নামত , ‘আমাৰ হেৰাই যোৱা চৰাইবোৰ’, ‘জীৱবিচিত্ৰতা’, ‘অৰন্য মানৱ যাদৱ পায়েং’, ‘প্ৰকৃতি, বিজ্ঞান আৰু আমি’, ‘নেম’নিকছ’, ‘বিজ্ঞান অৰঙে দৰঙে’ নামৰ ৬খন কিতাপ লিখি উলিয়াইছে। লগতে নতুন শিক্ষানীতিৰ আধাৰত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ নাৰ্ছাৰীৰ পৰা পঞ্চম শ্ৰেণীলৈকে পৰিৱেশ বিজ্ঞানৰ দুখন, গণিতৰ ছয়খন, বিজ্ঞানৰ তিনিখন পাঠ্যপুথিকে ধৰি মুঠ ১১ পাঠ্যপুথি প্ৰণয়ন কৰিছে। এনে এগৰাকী শিক্ষকক বৰ্তমান ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ২০২৪ বৰ্ষৰ কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰিছে ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে অসমৰ বিভিন্ন প্ৰান্তত আনন্দৰ জোৱাৰ উঠিছে ৷ বিভিন্ন জনে শিক্ষক গৰাকীলৈ শুভেচ্ছা আৰু অভিনন্দন জনাই ৷ এই বঁটাপ্ৰাপ্তি তেওঁৰ প্ৰাপ্ত বুলি উল্লেখ কৰে বিজ্ঞমহলে ৷ বিজ্ঞান জনপ্ৰিয়কৰনৰ ক্ষেত্ৰত উক্ত বঁটাই তেওঁক আৰু অধিক উৎসাহিত কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰে ৷
No comments