'বডোফা হিনজীচা গেজেৰ ফৰাইচালী'য়ে তিনি দশক ধৰি আলোকিত কৰি আহিছে একালৰ অনগ্ৰসৰ এলেকা ...অশেষ শ্ৰম আৰু ত্যাগেৰে ত্ৰিশ বছৰ পূর্বে গ্রহণ ...
'বডোফা হিনজীচা গেজেৰ ফৰাইচালী'য়ে তিনি দশক ধৰি আলোকিত কৰি আহিছে একালৰ অনগ্ৰসৰ এলেকা
...অশেষ শ্ৰম আৰু ত্যাগেৰে ত্ৰিশ বছৰ পূর্বে গ্রহণ কৰা সেই পদক্ষেপে আজি সমাজ গঠনৰ অনন্য নিদর্শন হিচাপে চিহ্নিত হৈছে...
দিগন্ত শর্মা
এটি প্ৰান্তীয় অনগ্ৰসৰ এলেকা। যিটো অঞ্চলৰ প্ৰায় প্ৰতিটো পৰিয়ালেই সম্মুখীন হৈছিল আর্থিক সংকটৰ। দৰিদ্রতাক প্রত্যাহ্বান জনাবলৈ অঞ্চলটোৰ এচাম লোক তথা যুৱক এচামেও দূৰৈৰ কোনোবা মানুহৰ মনত ছমাহ বা বছৰটোৰ বাবে 'কাম কৰা মানুহ হিচাপে থাকি ধন উপার্জন কৰিবলগীয়া হৈছিল। অঞ্চলটোত নাছিল চিকিৎসালয়, নাছিল উচ্চ শিক্ষাৰ প্রতিষ্ঠান। বহু ল'ৰা-ছোৱালীয়েই দেখা নাছিল বিদ্যালয়ৰ মুখ। বাস্তা-ঘাটৰ নামত আছিল কেঁচা আলিবাটবোৰ। অঞ্চলটোৰ মাজেৰে এটি গড়কাপ্টানি পথ গৈছিল- যি পথেবে দিনত মাত্র এখন বাছ চলিছিল। কেতিয়াবা সেইখনো বন্ধ হৈছিল। আৰু শিলগুটি দিয়া গোটেই পথছোৱাৰ মাজত আছিল প্রকাণ্ড গাঁতবোৰ- যিবোৰ এজাক বৰষুণ দিলেই পুখুৰীসদৃশ হৈ পৰিছিল। অঞ্চলটোৰ নাতিদূৰৈত থকা সাপ্তাহিক বজাৰ এখনেই আছিল অনগ্ৰসৰ অঞ্চলটোৰ অৰ্থনীতিৰ প্ৰধান প্রাণকেন্দ্র।...
আশীৰ দশকৰ শেষৰ পিনে সেই অনগ্ৰসৰ অঞ্চলটোকো স্পর্শ কৰিছিল গোষ্ঠী সংঘাতে। বড়ো আন্দোলনক কেন্দ্ৰ কৰি ১৯৮৯-৯০ চনত অঞ্চলটোত জনগোষ্ঠীয় বিভেদৰ তীৱতাই চৰম পৰ্যায় পাইছিলগৈ। সংঘাতজৰ্জৰ এলেকাত পৰিণত হোৱাৰ ফলত দৰিদ্ৰ পৰিয়ালবোৰলৈ নামি আহিছিল অমানিশা। হাট-বজাৰ বন্ধ হৈ পৰিছিল। উগ্রবাদীয়ে বিচৰণ কৰিছিল। সাধাৰণ মানুহৰ দৈনন্দিন জীৱনধাৰা জটিল হৈ পৰিছিল। এনেয়েই অনগ্ৰসৰ অঞ্চল, তাতে আকৌ গোষ্ঠী বিবাদ- ভুল বুজাবুজি ভিন্ন এ জনগোষ্ঠীৰ মাজত। এচাম যুবকে এৰিছিল শিক্ষা-দীক্ষা- যাবলৈ আৰম্ভ কৰিছিল আনবাটেৰে। আৰম্ভ হৈছিল অঞ্চলটোত সেনা- আৰক্ষীৰ নিয়মীয়া তহলদাৰী। অশান্ত অঞ্চল আইনে সামৰি লৈছিল অঞ্চলটোক। বিনষ্ট হৈছিল সামাজিক- শৈক্ষিক পৰিবেশ।...
সেই অঞ্চলটো আছিল বর্তমান ওদালগুৰি জিলাৰ বৃহত্তৰ মিছাহাটখলা অঞ্চল। এসময়ত দৰং জিলাৰ অন্তর্ভুক্ত হৈ আছিল সংঘাতময় এলেকাটো। পিচে সেই অনগ্ৰসৰ অঞ্চলটোৰ সামাজিক-শৈক্ষিক পৰিবেশ উন্নত কৰিবলৈ, সংঘাত-গোষ্ঠী বিবাদ আঁতৰাবলৈ আগবাঢ়ি আহিছিল এগৰাকী ব্যক্তি। যিগৰাকীয়ে পিচপৰা অঞ্চলটোত নাৰী শিক্ষাৰ প্ৰসাৰেৰে উন্নয়ন সাধন কৰিবলৈ আগবাঢ়িছিল, দৰিদ্রপিষ্ট পৰিয়ালবোৰৰ ছোৱালীবোৰক শিক্ষিত কৰিবলৈ বলিষ্ঠ পদক্ষেপ কৰিছিল। আছিল ফুকন চন্দ্র (ডেকা) নাৰ্জাৰী। সংঘাতজৰ্জৰ বৃহত্তৰ মিছাহাটখোলা অঞ্চলৰ নিজ চিনাকোণা গাৱঁত সংঘাতময় পৰিবেশৰ মাজতো এখন বালিকা বিদ্যালয় স্থাপন কৰিছিল তেওঁ। যিখন শিক্ষানুষ্ঠান হৈ পৰিছিল প্রায় ২৭টি আবাসিক এলেকাৰ শিক্ষাৰ পৰা বঞ্চিত বড়ো জনগোষ্ঠীয় কিশোৰীসকলৰ জ্ঞান সাধনাৰ ভেটি। বৰ্তমানৰ ওদালগুৰি জিলাৰ অন্তৰ্গত মিছাহাটখলাৰ নিজ চিনাকোণাৰ এক প্রাকৃতিক পৰিবেশত ১৯৯৪ চনৰ ১ জানুৱাৰীত স্থাপন কৰা হৈছিল সেই বিদ্যালয়খন। যিখনৰ নাম দিয়া হৈছিল- 'বডোফা হিনজীচা গেজেৰ ফৰাইচালী' (বডোফা বালিকা মধ্য ইংৰাজী বিদ্যালয়)। মূলতঃ বড়ো মাধ্যমৰ এই মধ্য ইংৰাজী বিদ্যালয়খনলৈ ফুকন নাৰ্জাৰীয়ে অঞ্চলটোৰ দৰিদ্ৰ পৰিয়ালৰ কিশোৰীবোৰক মাতি আনি নামভর্তি কৰাই দিছিল বিনামূলীয়াকৈ। শিক্ষা-দীক্ষা নথকা অভিভাৱকসকলৰ ওচৰলৈ গৈ বুজনি দিছিল ছোৱালীক শিক্ষিত কৰোৱাৰ কথা। ১৯৯৪ চনৰ ১ জানুৱাৰীত এচলীয়া টিনৰ ঘৰ এটাত মাত্র ৪৫ গৰাকী ছাত্ৰীৰে বিদ্যালয়খন আৰম্ভ কৰিছিল এটুকুৰা চৰকাৰী মাটিত। ফুকন নাৰ্জাৰীয়ে সেই অঞ্চলটোৰ বড়ো জনগোষ্ঠীয় লোকসকলৰ মাজত প্ৰচাৰ কৰিছিল শিক্ষা গ্ৰহণৰ আৱশ্যকতা সম্পর্কীয় বহু কথা। প্রায় তিনি দশকপূর্বে অনগ্ৰসৰ অঞ্চলত বড়ো নাৰী শিক্ষাৰ প্ৰসাৰ কৰোৱাটো আছিল যথেষ্ট জটিল কাম। শিক্ষকৰ অভাৱ, যিসকল শিক্ষক আছিল সেইসকলৰ বেতনৰ প্ৰশ্ন, আনফালে নাৰী শিক্ষাৰ প্ৰতি একাংশৰ অনীহা- এই সকলোবোৰ প্রত্যাহ্বান দূৰ কৰিছিল ফুকন নাৰ্জাৰীয়ে। জলসিঞ্চন বিভাগৰ কৰ্মচাৰী হোৱা বাবে চিনাকোণা গাঁৱৰ ফুকন নাৰ্জাৰীয়ে দৰমহাৰ ধনো ব্যয় কৰিছিল অঞ্চলটোৰ নাৰী শিক্ষাৰ উত্তৰণৰ ক্ষেত্ৰত। বিদ্যালয়খনৰ নামত স্থানীয় ৰাইজৰ দান-বৰঙণি সংগ্ৰহ কৰাৰ উপৰি তেওঁ শিক্ষকক মাননি হিচাপে নিজৰ দৰমহাৰ ধনো দিছিল। লগতে একাংশ ছাত্রীক কিতাপ-বহীপর্যন্ত কিনি দিছিল। ছাত্ৰীসকলে ঘৰত পঢ়িছেনে নাই- সেয়াও সময়মতে তদাৰক কৰিছিল। ঘৰে ঘৰে গৈ দুখীয়া অভিভাৱকসকলক বুজনি দিছিল- কিদৰে নাৰী শিক্ষাই সমাজৰ কল্যাণ সাধন কৰে। খৈৰাবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয় খন সম্প্ৰতি উচ্চ মাধ্যমিক পৰ্যায়লৈ উন্নীত হোৱাত নাৰী শিক্ষাৰ উচ্চ শিক্ষাত অধিক সুবিধা হৈছে৷
আমি প্রকৃত শিক্ষাদানৰ পৰা বিচলিত হোৱা নাই। নম্বৰৰ পিচত দৌৰাতকৈ আমি নৈতিক শিক্ষাকহে গুরুত্ব দিওঁ। মই নিজেও বহু সময়ত শিক্ষকৰ অভাৱত স্কুলখনত পাঠদান কৰিছো। অথচ মই নিজে উচ্চ শিক্ষিত নহয়। মই ছাত্ৰীসকলক নীতিশিক্ষাৰ পাঠ দিওঁ
চাকৰিৰ পৰা অৱসৰ গ্ৰহন কৰাৰ পিছতো শিক্ষাৰ প্ৰসাৰৰ সতে জৰিত হৈ থকা ফুকন চন্দ্ৰ নাৰ্জাৰীয়ে এই সন্দৰ্ভত কৈছিল- "সমাজৰ বিভিন্নজনৰ মাজত থকা সংঘাত, ভুল বুজাবুজি আঁতৰ হ'ব তেতিয়াহে, যেতিয়া গোটেই ঘৰখন বা অঞ্চলটো শিক্ষিত হ'ব। গোটেই সমাজখনেই শিক্ষিত হ'ব। কিন্তু কেৱল পুৰুষসকল শিক্ষিত হ'লে সমাজৰ আধা অংশই অশিক্ষিত হৈ ৰ'ব। আমাৰ অঞ্চলটোত সেই সময়ত বালিকা কোনো বিদ্যালয় নাছিল। সেয়ে মই আৰম্ভ কৰিছিলো সেই বিদ্যালয়খন। এইক্ষেত্রত তেতিয়াৰ 'এবছু'ৰ আঞ্চলিক সমিতিৰ সভাপতি লৌমচাৰ বসুমতাৰী আৰু অন্যান্য সমাজ হিতৈষী লোকৰ পৰামৰ্শ গ্রহণ কৰি মই আগবাঢ়িছিলো আৰু স্থানীয় ৰাইজে মোক সহায় কৰিছিল। মই বিচাৰিছিলো অঞ্চলটোৰ পৰা সংঘাত আঁতৰ হওক- উন্নয়ন হওক, শিক্ষাত আগবাঢ়ক। প্রাথমিক বিদ্যালয়ৰ পিচত তেতিয়া ছোৱালীবোৰে ঘৰতে থাকিবলগীয়া হৈছিল। দূৰৈৰ বিদ্যালয়লৈ গৈ কিদৰে পঢ়িব? অর্থাৎ পঢ়া-শুনা এৰিছিল। মই তেতিয়াই বিদ্যালয়খন স্থাপন কৰিবলৈ আগবাঢ়িছিলো। বিদ্যালয়খনত কেবল যে পাঠদান কৰাই হয়, তেনে নহয়; আমি নিয়মানুবর্তিতা, নীতিশিক্ষাৰ পৰা প্ৰাকৃতিক পৰিবেশ সুৰক্ষাৰো শিক্ষা দিওঁ। বিদ্যালয়খনৰ চৌপাশে আমি চিৰসেউজীয়া বৃক্ষ ৰোপণ কৰি পৰিবেশ সুৰক্ষিত কৰিব বিচাৰিছো। লগতে পুখুৰীও আছে বিদ্যালয়ৰ চৌহদত। পুখুৰী মানে কেবল মাছপোহা নহয়। এয়া হৈছে জলাশয় সংৰক্ষণৰ শিক্ষা। পানীৰ প্ৰকৃত ব্যৱহাৰৰ শিক্ষা। অর্থাৎ আমি পৰিবেশ শিক্ষাৰ ওপৰত আৰু সুস্থ সমাজ গঠনৰ শিক্ষা দিওঁ। সংঘাত-গোষ্ঠী বিবাদে সমাজত কিদৰে ধ্বংস কৰে সেয়া আমি দেখিছো। সেয়ে আমি শিক্ষাৰ প্ৰসাৰৰ দ্বাৰাই সংঘাত আঁতৰাই সম্প্রীতি-ঐক্য-উন্নয়নৰ শিক্ষা দি আহিছো। বর্তমান বিদ্যালয়খনৰ সৈতে হাইস্কুল সংযোজিত কৰা হৈছে। মধ্য ইংৰাজী অংশ ইতিমধ্যে চৰকাৰে প্ৰাদেশীকৰণ কৰিছে। হাইস্কুল খণ্ড প্রাদেশীকৰণ হ'বলৈ এতিয়াও বাকী। যদিও আমি প্রকৃত শিক্ষাদানৰ পৰা বিচলিত হোৱা নাই। নম্বৰৰ পিচত দৌৰাতকৈ আমি নৈতিক শিক্ষাকহে গুরুত্ব দিওঁ। মই নিজেও বহু সময়ত শিক্ষকৰ অভাৱত স্কুলখনত পাঠদান কৰিছো। অথচ মই নিজে উচ্চ শিক্ষিত নহয়। মই ছাত্ৰীসকলক নীতিশিক্ষাৰ পাঠ দিওঁ।"
স্থানীয় একাংশ লোকৰ মতে, ফুকন নাৰ্জাৰীৰ প্রচেষ্টাই অঞ্চলটোৰ নাৰী শিক্ষাক বহু আগবঢ়াই লৈ গৈছে। যিগৰাকীয়ে জলসিঞ্চন বিভাগৰ কাম কৰিও আজৰি সময়ত স্কুল পৰিচালনাৰ কাম কৰি অঞ্চলটোৰ উন্নয়নত গুৰুত্ব দি আহিছে। উল্লেখ্য যে, গাঁঠিব ধন ভাঙি বিদ্যালয়খন চৰকাৰীকৰণৰ বাবে প্রয়োজনীয় কাম-কাজবোৰ কৰিছিল ফুকন নাৰ্জাৰীয়ে। সম্প্রতি অঞ্চলটোৰ কোনো কিশোৰীয়েই বিদ্যালয়ৰ মুখ দেখাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হোৱা নাই বা প্রাথমিক বিদ্যালয়ৰ শিক্ষাৰ পিচত স্কুল এৰিবলগীয়া হোৱা নাই এই বিদ্যালয়খনৰ বাবে। বৰ্তমান অঞ্চলটোৰ বাট-পথ আদিৰ যথেষ্ট উন্নয়ন সাধন হৈছে। তিনি দশকপূর্বে স্থাপিত বিদ্যালয়খনৰ শ্ৰেণীকোঠাবোৰো চৰকাৰী অনুদানেৰে নির্মাণ হৈছে। শিক্ষকসকলেও প্ৰাদেশীকৰণৰ আওতাত সোমাইছে। কিন্তু যিসময়ত অঞ্চলটোত সংঘাতজর্জৰ আছিল, অনগ্ৰসৰতাই বিৰাজ কৰিছিল, স্কুলৰ অভাৱত কিশোৰীয়ে শিক্ষাগ্রহণ কৰিব পৰা নাছিল, কিশোৰীকালতে শিক্ষাগ্রহণৰ পৰা বঞ্চিত হৈ আনৰ ঘৰত বনকৰা ছোৱালী হৈ থাকিবলগীয়া হৈছিল একাংশ পৰিয়ালৰ কন্যা সন্তানে। সেই জটিল সময়ত নাৰী শিক্ষাৰ প্ৰসাৰ কৰাটো আছিল এক প্রত্যাহ্বান। কিন্তু সেই প্রত্যাহ্বান অতিক্রমি পূৰ্বৰ দৰং জিলা আৰু এতিয়াৰ ওদালগুৰি জিলাৰ চিনাকোণা অঞ্চলত স্থাপন কৰা 'বডোফা হিনজীচা গেজেৰে ফৰাইচালী'য়ে শিক্ষাৰে আলোকিত কৰি আহিছে প্রজন্মৰ পিছত প্ৰজন্মক, দেখুৱাইছে পোহৰৰ বাট। কেৱল এয়াই নহয়, আধাতে শিক্ষা এৰি ঘৰত বহি থকা কিশোৰীয়ে সেই বিদ্যালয়ৰ বাবেই আজি সমাজৰ একোগৰাকী উচ্চ শিক্ষিত নাৰীৰূপে নিজকে গঢ় দিবলৈ সক্ষম হৈছে। সমাজত বিভিন্ন সিদ্ধান্ত গ্রহণত অঞ্চলটোৰ নাৰী সমাজে অংশগ্রহণ কৰিবলৈ সক্ষম হৈছে। ওলাইছে এচাম শিক্ষিত নাৰী। সামাজিক পৰিবৰ্তনৰ ন-বাট গঢ়া এনে শিক্ষাৰ প্ৰসাৰৰ বাবেই অঞ্চলটোৰ বড়ো জনগোষ্ঠীয় নাৰী সমাজে বিভেদ-সংঘাত আঁতৰাই সম্প্রীতি বক্ষাৰ দিশে আগবাঢ়িছে। আন জনগোষ্ঠীৰ সচেতন লোকৰ দৃষ্টিতো সেই বিদ্যালয়খন আৰু প্রতিষ্ঠাপক ফুকন নাৰ্জাৰী এগৰাকী অনন্য ব্যক্তি। স্থানীয় একাংশ লোকেে কৈছিল, 'ফুকন নাৰ্জাৰীয়ে যিসময়ত বিদ্যালয়খন স্থাপন কৰিবলৈ আগবাঢ়িছিল- সেয়া আছিল এক জটিল সময়। সেইসময়ত তেওঁ যি কৰিছিল সেয়া আছিল সমাজ পৰিবৰ্তনৰ এক সংগ্রাম। আমি দেখিছো অনগ্ৰসৰ অঞ্চলটোত তেওঁ প্রতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ নাৰী শিক্ষাৰ প্রয়োজনীয়তাৰ কথা আওঁৰাইছিল। অশিক্ষিত পিতৃ-মাতৃ, দৰিদ্ৰ লোককো শিক্ষা সম্পৰ্কত বুজাইছিল, যাতে ঘৰখনৰ কন্যা সন্তানক শিক্ষাৰ পৰা কোনো কাৰণতে বঞ্চিত হ'বলৈ নিদিয়ে। সমান্তৰালকৈ তেওঁ সংঘাতজৰ্জৰ অঞ্চলটোত শিক্ষাৰ প্ৰসাৰেৰে বিভেদকামী শক্তিক প্রতিহত কৰিবলৈ চেষ্টা চলাইছিল। যাৰ বাবে অঞ্চলটোত এতিয়া উগ্রবাদীৰ সমৰ্থক নাই। তেওঁৰ দৰে ব্যক্তি, তেওঁ স্থাপন কৰা অনুষ্ঠান সমাজৰ আদর্শ হওক, এনে ব্যক্তি আৰু এনে অনুষ্ঠানবোৰ বিশেষভাবে স্বীকৃত হওক।'
ফুকন নাৰ্জাৰীয়ে অশেষ শ্ৰম আৰু ত্যাগেৰে ত্ৰিশ বছৰ পূর্বে গ্রহণ কৰা সেই পদক্ষেপে আজি সমাজ গঠনৰ অনন্য নিদর্শন হিচাপে চিহ্নিত হৈছে। একালৰ সংঘাতজৰ্জৰ-অনুগ্ৰসৰ অঞ্চলটোত এতিয়া দেখা যায় শান্তি-সম্প্রীতি আৰু উন্নয়নৰ প্ৰতিচ্ছবি। ইয়াৰ গুৰিতে সেই আলোকময়ী শিক্ষানুষ্ঠান।
===========
দিগন্ত শৰ্মা৷
মবাইল: ৮৬৩৮৬৯৮৪৫০
No comments