ন-শিকাৰুসকলে অসমীয়া ভাষাটো কেনেদৰে শিকিব ........পূৰ্বপুৰুষে বহু কষ্ট কৰি অৰ্জা সা-সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে অপদাৰ্থই থাউকতে হাতত পাই ম...
........পূৰ্বপুৰুষে বহু কষ্ট কৰি অৰ্জা সা-সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে অপদাৰ্থই থাউকতে হাতত পাই মোল নুবুজি ধবংস কৰাৰ দৰে অসমীয়াভাষীসকলেই নিজেই আপোন ভাষাটোৰ শ্ৰাদ্ধ আৰু শৰাধ পতাত নামি পৰিছে.....
চন্দন শৰ্মা:
আমাৰ ৰাজ্যখনত অসমীয়াভাষীৰ সংখ্যা ক্ৰমাৎ কমিবলৈ লৈছে বুলি ভু ৰখা মহলে আশংকা ব্যক্ত কৰি আহিছে৷ অথচ এই ভাষাটো ব্ৰিটিছৰ দিনত বাংলা ভাষাত জাহ যাবলৈ উপক্ৰম কৰোঁতে এচাম অসমহিতৈষী লোক ভাষাটো উদ্ধাৰ কৰিবলৈ জঁপিয়াই পৰিছিল৷ এতিয়া প্ৰতিজন অসমীয়াই এই ভাষাটো, ভাষাটোত ৰচিত সাহিত্য আৰু ভাষাটোৰ সৈতে অংগাংগীভাৱে সংপৃক্ত হৈ থকা সংস্কৃতি যে চহকী সেই কথা বুকুত হাত থৈ গৰ্বেৰে ক’ব পাৰে৷ শেহতীয়াকৈ এচাম পাবত গজা আধুনিক অসমীয়াই ভাষাটো লিখিব, পঢ়িব আৰু ক’ব নজনাত গৌৰৱ বিচাৰি পাইছে৷ পিছে যিসকলে ভাষাটো প্ৰাণসম ভাল পায়, তেওঁলোকে নিজে আজীৱন অসমীয়া লিখি-পঢ়ি-কৈ গৰ্ব কৰি অহাৰ লগতে নিজৰ ল’ৰা-ছোৱালীকো ভাষাটো শিকাইছে বা বিদ্যালয়ত পঢ়ুৱাইছে৷
বহু চহকী শিক্ষিত অসমীয়াৰদ্বাৰা ভাষাটো এলাগি হৈ পৰাত অসমীয়া মাধ্যমৰ শিক্ষা-প্ৰতিষ্ঠানবোৰ বৰ্তমান নিস্তেজ, একাষৰীয়া, নিশকতীয়া হৈ পৰিছে৷ অসমীয়াভাষী ছাত্ৰ-ছাত্ৰীসকলে সম্পূৰ্ণ শুদ্ধভাৱে আৰু বিতংকৈ ভাষাটো শিকিব পাৰিছে বুলি মনে নধৰে৷ হয়তো অসমীয়া মাতৃভাষা কাৰণে শিকিবলগীয়া বিশেষ নাই বুলি ভ্ৰান্ত ধাৰণা এটা কঢ়িয়াই লৈ ফুৰে বাবেও সেয়া হ’ব পাৰে৷ কিন্তু ন-শিকাৰুসকলক বিস্তৃতভাৱে, খুঁত নথকাকৈ ত্ৰুটিমুক্ত উপায়ে ভাষাটো শিকোৱাৰ প্ৰয়োজনীয়তা যে আহি পৰিছে সেই ক্ষেত্ৰত নি(য় কাৰো দ্বিমত নাই৷ ভাষাটোৰ শ্ৰীবৃদ্ধিৰ বাবে অসমীয়াভাষীসকলে কৰিবলগীয়া যে বহু কাম আছে সেই কথা প্ৰতিজন অসমীয়াই সহৃদয়তাৰে উপলব্ধি কৰক৷
ভাষাটো শুদ্ধকৈ শিকিবলৈ
সময়ৰ পৰিৱৰ্তনৰ লগে লগে ভাষাটোলৈ যথেষ্ট ৰূপান্তৰ আহিছে৷ আজিৰপৰা ৫০ বছৰ আগেয়ে অসমীয়া ভাষাৰ যিটো ৰূপ আছিল সেই ৰূপটোৰ সম্প্ৰতি ব্যাপক সলনি হৈছে৷ ভাষাটোৰ সৰলীকৰণ হৈছে৷ সৰলীকৰণ হোৱাত ভাষাটো শিকিবলৈ সহজ হৈছে৷ কিন্তু অসমীয়া ভাষাৰ আত্মাটো বিচাৰি পাবলৈ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, ৰজনীকান্ত বৰদলৈ, পদ্মনাথ গোহাঞিবৰুৱা, বেণুধৰ শৰ্মা, জ্যোতিপ্ৰসাদ আগৰৱালা, ড॰ বাণীকান্ত কাকতি, বিষ্ণুপ্ৰসাদ ৰাভা, অম্বিকাগিৰী ৰায়চৌধুৰী আদিৰ ৰচনাৰাজিৰ সৈতে পৰিচয় ঘটিব লাগিব৷ অসমীয়া ভাষাটো শুদ্ধকৈ শিকিবলৈ এই ভাষাত প্ৰকাশিত নানা পুথি, বাতৰিকাকত, আলোচনী, পত্ৰিকা আদি নিয়মীয়াকৈ পঢ়িব লাগিব৷ জন্মসূত্ৰে অসমীয়াক মাতৃভাষাৰূপে পোৱাৰ বাবে এই ভাষাটো সহজ বুলি ভাবিব নালাগে৷ ভাষা এটাৰ ব্যাকৰণৰ জ্ঞান নাথাকিলে ভাষাটো কেতিয়াও শুদ্ধকৈ শিকা নহয়৷ সহজতে হাততে পোৱাকৈ অসমীয়া ভাষাৰ অভিধান এখনো অনবৰতে নিজৰ লগত ৰাখিব লাগে৷
অসমীয়া এটা চহকী ভাষা৷ মনৰ ভাব সম্পূৰ্ণকৈ প্ৰকাশ কৰিবলৈ এই ভাষাটোৰ শব্দৰাজি টনকিয়াল৷ বহু নতুন নতুন শব্দ ভাষাটোত সোমাইছে৷ অভিধান এখন মেলি চালেই বুজিব পাৰি যে অসমীয়াত যিমানবোৰ শব্দ আছে, ইয়ে ভাষাটোৰ প্ৰকাশিকা শক্তি যে কোনোপধ্যে দুৰ্বল নহয় তাক প্ৰমাণ কৰে৷ অসমীয়াত কথা কওঁতে বা লিখোঁতে মূলতঃ ইংৰাজী, বাংলা, হিন্দী ভাষাৰ শব্দ ব্যৱহাৰ কৰি খিচিৰি কৰাৰ প্ৰয়োজন নাই৷ ইয়াৰদ্বাৰা ভাষাটোৰ সৌন্দৰ্য নষ্টহে হৈছে৷ ভাষা এটাৰ নিজস্ব বৈশিষ্ট্য থাকে, সেই বৈশিষ্ট্য ধবংস কৰাৰ কাৰো অধিকাৰ নাই৷ নিভাঁজ অসমীয়া শব্দ ব্যৱহাৰ কৰি ভাষাটোৰ জেউতি চৰাবলৈ অসমীয়াভাষীসকল যত্নপৰ হ’ব লাগে৷
ভাষাটো শুদ্ধকৈ লিখাৰ লগতে শুদ্ধ আৰু স্পষ্ট উচ্ছাৰণেৰে পঢ়াটোও এটা গুৰুত্বপূৰ্ণ কথা৷ শব্দ এটা কেনেকৈ শুদ্ধ উচ্ছাৰণ কৰি মাতিব, সেই পাঠ সৰুতেই যদি এটা ল’ৰা বা ছোৱালী এজনীয়ে পায় তেতিয়াহ’লে আগলৈ সিহঁতৰ জৰিয়তে ভাষাটোৰ মান আৰু বৈশিষ্ট্য অক্ষুণ্ণ থাকিব৷ আকৌ কৈছোঁ, ল’ৰাহঁতে অ-আ, ক-খ শিকাৰেপৰা এই যাত্ৰা আৰম্ভ হ’ব লাগিব৷ অসমীয়া ভাষাৰ শুদ্ধ উচ্ছাৰণ পদ্ধতি সম্পৰ্কীয় বহু গুণগত মানৰ পুথি অলপ বিচাৰ-খোঁচাৰ কৰিলেই পোৱা যাব৷ তদুপৰি শুদ্ধ উচ্ছাৰণ শিকিবলৈ ড॰ ভূপেন হাজৰিকা, ড॰ বীৰেন্দ্ৰ নাথ দত্ত আদিয়ে নিজে গোৱা গীতবোৰ শুনা, আকাশবাণী গুৱাহাটীৰদ্বাৰা প্ৰচাৰিত অসমীয়া বাতৰি শুনা, বিদ্যাৰ্থীৰ অনুষ্ঠান শুনা, দূৰদৰ্শন কেন্দ্ৰৰদ্বাৰা সম্প্ৰচাৰিত বা-বাতৰি চোৱা আদিৰ জৰিয়তেও ভাষাটোৰ ভালেখিনি শুদ্ধ উচ্ছাৰণ আয়ত্ত কৰিব পৰা যাব৷ মন কৰা দৰকাৰ যে অশুদ্ধ উচ্ছাৰণেৰে ভাষাটোৰ জাত মৰাটো এটা অপৰাধ, যিটো আমি কেতিয়াও কৰা অনুচিত৷
ভাষাটোৰ শুচিতা ৰক্ষা কৰিবলৈ
নিভাঁজ ৰূপত, আন ভাষাৰ শব্দ ব্যৱহাৰ নকৰাকৈ, ব্যাকৰণৰ দিশৰপৰা সম্পূৰ্ণ শুদ্ধ হোৱাকৈ ভাষা এটা চৰ্চা কৰিলেহে ভাষাটোৰ শুচিতা ৰক্ষা পৰিব৷ যিসকলে ভাষা এটা ব্যৱহাৰ কৰে, জন্মগতভাৱে চৰ্চা কৰিবলৈ সুবিধা পায়, তেওঁলোকেই ভাষাটো শুদ্ধকৈ আৰু নিভাঁজ, প্ৰকৃত ৰূপত ধৰি ৰাখিবলৈ বা জীয়াই ৰাখিবলৈ মূৰ পাতি দায়িত্ব ল’ব লাগিব৷ পিছে সম্প্ৰতি অসমীয়া ভাষাটোৰ ক্ষেত্ৰত মন কৰিছোঁ যে ভাষাটো ব্যৱহাৰকাৰীসকলৰ সৰহভাগে জানিয়েই হওক বা নাজানিয়েই হওক, ঘাইকৈ বাংলা, হিন্দী আৰু ইংৰাজী ভাষাৰ শব্দ বাক্যত ব্যৱহাৰ কৰি ভাষাটো খিচিৰি কৰি পেলাইছে৷ ফলত উঠি অহা চামৰ বাবে ভৱিষ্যতে বাংলা-হিন্দী-ইংৰাজী মিহলি খিচিৰি ভাষা এটা পোৱাৰ বাটহে মুকলি হৈছে৷ পূৰ্বপুৰুষে বহু কষ্ট কৰি অৰ্জা সা-সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে অপদাৰ্থই থাউকতে হাতত পাই মোল নুবুজি ধবংস কৰাৰ দৰে অসমীয়াভাষীসকলেই নিজেই আপোন ভাষাটোৰ শ্ৰাদ্ধ আৰু শৰাধ পতাত নামি পৰিছে৷ অম্বিকাগিৰী ৰায়চৌধুৰীদেৱে তাহানিতে অসমীয়া ভাষাটোৰ শুচিতা ৰক্ষা কৰিবলৈ, অসমীয়াক ৰাজ্য ভাষা কৰিবলৈ চিঞৰিছিল আৰু সেই পদাংক অনুসৰণ কৰি অসম সাহিত্য সভাই ভাষাটো নিভাঁজ ৰূপত জীয়াই ৰাখিবলৈ আজিও চিঞৰি আছে৷ অথচ আধুনিক অসমীয়াসকলৰ একাংশই আওকণীয়া মনোভাবেৰে ভাষাটো ভৰিৰে দূৰলৈ ঠেলি পঠিয়াই ইংৰাজীপ্ৰীতিত উবুৰি খাই পৰিছে৷ বহুতে বিশ্বাস কৰিবলৈ লৈছে, ল’ৰা-ছোৱালীৰ ‘কেৰিয়াৰ’ গঢ়াত অসমীয়া ভাষাটো একেবাৰে সুচল নহয়৷ গতিকে তেনে এটা ভাষা শিকি বা অসমীয়া ভাষাৰে শিক্ষা লৈ ল’ৰাহঁতৰ জীৱনটো ৰসাতলেহে যাব, টকা-পইচাবোৰো অথলে খৰচ হ’ব৷
আমাৰ দৈনন্দিন জীৱনত দেখিছোঁ, বেছিভাগেই জানিয়েই হওক বা নাজানিয়েই হওক, যাৰ যি মন যায় ভাষাটোৰ ওপৰত অত্যাচাৰ কৰাত নামি পৰিছে৷ এটা কথা মন কৰিছোঁ যে [ৰ] বহুতে জন্মসূত্ৰে অসমীয়া ভাষাটো মাতৃভাষা হিচাপে পোৱা বাবে ভাষাটো ভালদৰে ক’ব, পঢ়িব আৰু লিখিব পাৰে বুলি মনত এটা অহংভাব কঢ়িয়াই আহিছে আৰু [২] অসমীয়া ভাষাটো সম্পূৰ্ণ শুদ্ধকৈ শিকাৰ প্ৰতি বহুতৰে আগ্ৰহ বা ধাউতি নাই৷–এই দুটা কাৰণৰ বাবে অসমীয়াভাষীসকলৰ কমেও ৯৫ শতাংশ লোকে ভাষাটো শুদ্ধকৈ জনাৰ সলনি আধাডুখৰীয়াকৈহে শিকিছে৷ ইয়াৰ ফলত ভাষাটো দুখ লগাকৈ ক্ষতিগ্ৰস্ত হৈছে৷ আন এটা মন কৰিবলগীয়া দিশ হ’ল, শিক্ষা-প্ৰতিষ্ঠানৰ সৰহসংখ্যক শিক্ষক-শিক্ষয়িত্ৰীয়ে অসমীয়া ভাষাটো সম্পূৰ্ণ শুদ্ধকৈ নিশিকাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলকো শুদ্ধকৈ শিকাব নোৱাৰে৷ বহু শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ ঘৰত অসমীয়া ভাষাৰ অভিধান এখনকে বিচাৰি পাবলৈ নাই৷ অভিভাৱকসকলো এই দিশত একেবাৰে উদাসীন৷ তেওঁলোকে হকে-বিহকে নানা উৎসৱ-পাৰ্বণত গাঁঠিৰ ধন খৰচ কৰিব পাৰে, অথচ নিয়মীয়াকৈ কাকত-আলোচনী বা উৎকৃষ্ট মানৰ কিতাপ কিনি পঢ়িবলৈ ধন খৰচ কৰিব নোখোজে৷ বিনা যত্নৰে জানো ভাষাটো আয়ত্তলৈ আহিব !
ভাষাটো সমৃদ্ধিশালী ৰূপত জীয়াই ৰাখিবলৈ
অসমীয়া এটা নিস্তেজ, নিঃকিন, মুমূষুৰ্ ভাষা নহয়৷ ই আনৰ কান্ধত ভেঁজা দি জীয়াই থকা ভাষাও নহয়৷ অসমীয়া এটা স্বতন্ত্ৰ ভাষা৷ ই আমাক জন্ম দিয়া আইৰ মুখৰ অতি আপোন ভাষা৷ এই ভাষাটো কোৱা প্ৰতিজনে ভাষাটোৰ শ্ৰীবৃদ্ধি ঘটাবলৈ, শক্তিশালী ৰূপত জীয়াই ৰাখিবলৈ, নিভাঁজ অসমীয়া ৰূপতে ধৰি ৰাখিবলৈ দায়িত্ব ল’ব লাগিব৷ ভাষাটোৰ পৰিসৰ সংকুচিত কৰাৰ সলনি কিদৰে বৃদ্ধি কৰিব পাৰি সেয়াহে গুৰুত্ব দিবলগীয়া কথা৷ জন্মগত অধিকাৰ সূত্ৰে যিসকলে অসমীয়াক মাতৃভাষাৰূপে পাইছে তেওঁলোকে নিজে সম্পূৰ্ণ শুদ্ধ ৰূপত ভাষাটো ক’বলৈ, লিখিবলৈ আৰু পঢ়িবলৈ শিকাৰ উপৰি নিজৰ ল’ৰা-ছোৱালীকো শুদ্ধ ৰূপত শিকাওক৷ তদুপৰি যিসকল অনাঅসমীয়া লোক জীৱিকাসূত্ৰে অসমত বাস কৰি আছে, তেওঁলোককো অসমীয়া ভাষাটো শুদ্ধকৈ শিকোৱাৰ ব্যৱস্থা কৰিব লাগে৷ তেনে লোকৰ সৈতে হিন্দী, ইংৰাজী, বাংলাত কথা পতাৰ সলনি শুধ অসমীয়াতে পাতিব পাৰি৷ তেনে লোকৰ বাবে বিশ্ববিদ্যালয় বা অসম সাহিত্য সভাৰ তত্ত্বাৱধানত অসমীয়া ভাষা শিক্ষাৰ প্ৰতিষ্ঠানো গঢ়ি তুলিব পাৰি৷
তদুপৰি অসমীয়া ভাষাৰ নিভাঁজ শব্দসম্ভাৰ ব্যৱহাৰ কৰাৰ সলনি আন ভাষাৰ শব্দ জধে-মধে অসমীয়া ভাষাত অনুপ্ৰৱেশ ঘটাই ভাষাটো বাৰে বঙলুঙা কৰাৰ ধৃষ্টতা নকৰাটোৱে উত্তম৷ ইয়াৰ সলনি অসমত চলি থকা উপভাষাৰ বহু শব্দ মান্য ভাষাটোলৈ আনি [প্ৰয়োজনবোধে উধবৰ্কমা ব্যৱহাৰ কৰি] ভাষাটোৰ শ্ৰীবৃদ্ধি ঘটাব পাৰি৷ অৱশ্যে অন্য ভাষাৰ যিবোৰ শব্দ ইতিমধ্যে অসমীয়া ভাষাত জীণ গৈছে তাৰ কথা ইয়াত কোৱা হোৱা নাই৷ [কিন্তু ছিলিং (Ceiling), অৰ্থাৎ ঘৰৰ চালৰ তলৰ আৱৰণ বুজাবলৈ ‘আটাল’ শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ৷ অথচ আমি নকৰোঁ৷] আনহাতে কিছুমান পুৰণি শব্দ ব্যৱহাৰ নকৰাৰ ফলত পাহৰণিৰ গৰ্ভত সোমাবলৈ আৰম্ভ কৰিছে৷ আমাৰ ভাষাত প্ৰচলিত কিছুমান শব্দৰ সলনি অতি আপোন আপোন যেন লগা শব্দ বাক্যত ব্যৱহাৰ কৰি ভাষাটোৰ শ্ৰুতিমাধুৰ্য বৃদ্ধি কৰিব পাৰোঁ৷ যেনে–দৰ্জাৰ সলনি ‘দুৱাৰ’, দেৰিৰ সলনি ‘পলম’, মানদণ্ডৰ সলনি ‘মান’ ইত্যাদি৷
ভাষাটোত লিপ্যন্তৰৰ বিভিন্ন সমস্যা বা খেলিমেলি
লিপ্যন্তৰৰ ক্ষেত্ৰত আমি যে সজাগ নহয়, বিচাৰিলে তাৰ উদাহৰণ বহুত পোৱা যাব৷ ‘ফুল’ শব্দটো ইংৰাজীত লিপ্যন্তৰ কৰিলে Phul লিখোঁ, অথচ ‘প্ৰফুল্ল’ হয়গৈ Prafulla, ‘চন্দন’ শব্দটো Chandan হয়, কিন্তু ‘চহৰীয়া’ হয়গৈ Saharia, আকৌ একেটা শব্দকে বিভিন্নজনে বিভিন্ন ধৰণে লিখে৷ যেনে– ‘দীপক’–Dipak–Deepak ইত্যাদি৷
এই প্ৰসংগতে লিপ্যন্তৰ অনুসৰি উচ্ছাৰণৰ ক্ষেত্ৰত হোৱা কিছু বেমেজালিৰ কথাও উল্লেখ কৰিব পাৰি৷ সেইবোৰৰ শুদ্ধ ৰূপটো ইয়াত দাঙি ধৰা হ’ল৷ Desk–ডেস্ক, Risk–ৰিস্ক, Rikshaw–ৰিক্সা, Disturb–ডিষ্টাৰ্ব, Vivanta–ৱিৱাণ্টা, Vajpayee–ৱাজপেয়ী ইত্যাদি৷ দেখাত কথাবোৰ সৰু যেন লাগিলেও ন-শিকাৰুৰ বাবে অতি গুৰুত্বপূৰ্ণ কথা৷ ভাষাটোৰ সকলোতে এটা নিখুঁত সমৰূপ থকাটো প্ৰয়োজনীয় কথা৷
ভাষাটোত চমু ৰূপৰ সলনি সম্পূৰ্ণ ৰূপ ব্যৱহাৰ হ’ব লাগে
ন-শিকাৰুসকলক ভাষাটোত ব্যৱহাৰ হোৱা কিছুমান চমু ৰূপৰ সম্পূৰ্ণ ৰূপ শিকোৱাটো দৰকাৰী কথা৷ কাম এটা চমুৱাই কৰিলে সময় আৰু শক্তি ৰাহি হয় বুলি বিশ্বাস কৰা হয় যদিও কিছুমান ক্ষেত্ৰত সেই সূত্ৰ অচল৷ চমুৱাই লিখা কথাখিনি চমুৱাই পঢ়িলে ভয়ংকৰ ৰূপ ল’ব পাৰে৷ গতিকে সেয়া পৰিত্যাজ্য৷ চমু ৰূপৰ সলনি সম্পূৰ্ণ ৰূপ লিখাৰ লগতে সেইদৰে পঢ়িলেহে শব্দ এটাই পূৰ্ণতা পায়৷ যেনে–নং–নম্বৰ, ইং–ইংৰাজী, ৰলা–পহিলা, ৰম–প্ৰথম, ২য়–দ্বিতীয়, ৩য়–তৃতীয়, ৪১্থী–চতুৰ্থী, প্তমী–পঞ্চমী, ৬ষ্ঠী–ষষ্ঠী, মিঃযমিঃ–মিটাৰযমিনিট, মিঃমিঃ–মিলিমিটাৰ, কিঃগ্ৰাঃ–কিল’গ্ৰাম, কিঃমিঃ–কিল’মিটাৰ, ছেঃ–ছেলছিয়াছ, লাহে২–লাহে লাহে, ড॰–ডক্টৰ, ডাঙ্ম–ডাক্তৰ, লঃসাঃগুঃ–লঘিষ্ঠ সাধাৰণ গুণিতক, গঃসাঃগুঃ–গৰিষ্ঠ সাধাৰণ গুণিতক, এ. জি. গাৰ্ডিনাৰ–আলফ্ৰেড জৰ্জ গাৰ্ডিনাৰ, এম. কে. গান্ধী–মোহনদাস কৰমচাঁদ গান্ধী, এ. পি. জে. আব্দুল কালাম–আৱুল পাকিৰ জয়নুলআবেদিন আব্দুল কালাম, এছ. কে. ভূঞা–সূৰ্য কুমাৰ ভূঞা, আৰ. জি. বৰুৱা পথ–ৰাধাগোবিন্দ বৰুৱা পথ, বি. কে. কাকতি পথ–বাণীকান্ত কাকতি পথ, জি. এছ. ৰ’ড–গুৱাহাটী-শ্বিলং ৰ’ড, বি. বৰুৱা কলেজ–ভোলানাথ বৰুৱা কলেজ, বি. এইচ. কলেজ–বৰপেটা হাউলী কলেজ, এম. এন. ছি. বালিকা কলেজ–মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা কলেজ ইত্যাদি৷ ন-শিকাৰু এজনে চমুৱাই শিকাৰ ফলত ভৱিষ্যতে সম্পূৰ্ণ ৰূপটো নজনাকৈয়ে চমুৱায়ে জানি থ’ব৷ ই এটা বিড়ম্বনাৰ কাৰণ৷
অত্যন্ত সময়োপযোগী লেখা । বৰ ভাল লাগিল ।
ReplyDeleteবৰ সময়োপযোগী লেখা । আপোনাক অশেষ ধন্যবাদ ।
ReplyDeleteআশাকৰোঁ আপোনাৰ লেখাটো সকলো অসমীয়াই পঢ়ি আমাৰ চেনেহী মাতৃভাষাটোৰ শ্ৰীবৃদ্ধিৰ প্ৰতি সচেতন হওক ।
আজিকালিৰ তৰুণ প্ৰজন্মৰ পৰা আদহীয়া সকলোৱে ভাৱ প্ৰকাশৰ বাবে অসমীয়া ভাষাত উপযুক্ত আৰু সুন্দৰ শব্দ থকাৰ পিছতো আমাৰ ভাষাটোত 'so,but,certainly,selfish,itteresting,surprise,tasty,music,sorry,maths,science' ইত্যাদি অনেক ইংৰাজী প্ৰতিশব্দ হোৰাহোৰে আমদানি কৰিছে , নিজৰ মাজত হোৱা সাধাৰণ কথোপকথনৰ মাজত । এয়া অতিকে বেদবাদায়ক । মই নিজেও এই বিষয়ে সংক্ষেপে 'ফে'চবুক'ত বহুবাৰ লিখিছোঁ । মই জানোঁ যে বিজ্ঞানৰ ছাত্ৰ হিচাবে এইক্ষেত্ৰত মোৰো বহু সীমাবদ্ধতা আছে ; কিন্তু অনেকে ভুল শুধৰাই দিলে,বেয়া পোৱাৰ সলনি মই সদায়ে ভাষাটো শুদ্ধকৈ শিকাৰ প্ৰতি আগ্ৰহী ।
এই লেখাটোৰ এঠাইত আপুনি বিজতৰীয়া বুজাবলৈ 'বঙলুঙা' শব্দৰ প্ৰয়োগ কৰিছে, যিটো আমি 'বঙলুৱা' বুলিহে কওঁ বা লিখোঁ - প্ৰকৃততে কোনটো শুদ্ধ ক'বচোঁন ।
youtube ত শুদ্ধকৈ স্বৰ বৰ্ণ আৰু ব্যঞ্জন বৰ্ণ ৰ উচ্চাৰণ সহ ভিডিঅ' প্ৰয়োজনীয়তা আছে...
ReplyDeleteআপোনাৰ লেখটো পঢ়ি বহু কথাই উপলব্ধি কৰিব পাৰিলোঁ । মই দশম শ্ৰেণীৰ ছাত্ৰী । অসমীয়া ভাষাটোৰ প্ৰতি মোৰ খুবেই দুৰ্বলতা আছে,সেই বাবেই মাজে সময়ে মোৰ এই অপৰিপক্ক হাতেৰেই দুই চাৰিটা কবিতা গল্প লিখোঁ । তথাপি আধুনিক সমাজৰ আধুনিক শব্দৰ লগত যেন কেতিয়াবা খাপ খাই পৰোঁ । আপোনাৰ এই লেখাটোৱে মনত আকৌ এবাৰ সাহস দিলে, উদ্দ্যম দিলে, প্ৰেৰণা যোগালে ।
ReplyDeleteমহোদয় আপুনি ইয়াত "গ.সা.গু" বুলি উল্লেখ কৰোঁতে মোৰ মনত সদায়ে খেলিমেলি সৃষ্টি কৰা কথাটোৱে আকৌ সাৰ পালে । মই পঢ়া দুই-চাৰিখন পুথি অথবা আমাৰ পাঠ্যপুথি সমূহৰে কোনো অংশত পাইছোঁ "গ.সা.উ" অৰ্থাৎ "গৰিষ্ঠ সাধাৰণ উৎপাদক" আৰু কোনো অংশত "গ.সা.গু" লিখা দেখিবলৈ পাওঁ । প্ৰকৃততে কোনটো শুদ্ধ সেই প্ৰশ্নটোৱে মোৰ মনত প্ৰায়ে তোলপাৰ লগায় । অনুগ্ৰহ কৰি আপুনি কৈ দিব পাৰিব নেকি ।
লেখাটো হ'ব লাগিছিল,লেখটো হ'ল । তাৰ বাবে ক্ষমা কৰিব
Deleteমহাশয় আপোনাৰ কথাখিনিৰ পৰা মই অনুপ্ৰাণিত হৈছোঁ । মই দশম শ্ৰেণীৰ এজন ছাত্ৰ । আমাৰ গণিতৰ পাঠ্যপুথিত "গ.সা.উ" উলিওৱা আমি শিকিছোঁ,কিন্তু "গ.সা.গু" শব্দটোৰ ব্যৱহাৰ পোৱা নাই । আমি পাঠ্যপুথিত পোৱা মতে এটা সংখ্যাৰ "গ.সা.গু" উলিওটো অসম্ভৱ । যদিও উচ্চ খাপত পাওঁ মই নাজানোঁ । মহাশয় পাৰে যদি কৃপা কৰি কোনো এটাৰ সংখ্যাৰ "গ.সা.গু" উলিয়াব পাৰিনে নোৱাৰি বুজাই দিলে কৃতজ্ঞ হ'ম ।
ReplyDelete