গ্রামাঞ্চলত ছশতাধিক মহিলাৰ একত্রিত অর্থনৈতিক সংগ্ৰাম .. .বছৰি প্ৰায় ১.৫ কোটি টকা উপাৰ্জন কৰি কৃষি কৰ্মৰে গ্ৰাম্য অর্থনীতিলৈ আনিছে বৈপ্লৱিক...
গ্রামাঞ্চলত ছশতাধিক মহিলাৰ একত্রিত অর্থনৈতিক সংগ্ৰাম
...বছৰি প্ৰায় ১.৫ কোটি টকা উপাৰ্জন কৰি কৃষি কৰ্মৰে গ্ৰাম্য অর্থনীতিলৈ আনিছে বৈপ্লৱিক পৰিৱৰ্তন
দিগন্ত শৰ্মা
এগৰাকী জনজাতীয় মহিলাই এসময়ত অকলেই নিজৰ ৭.৫ বিঘা মাটিত খেতি কৰিছিল। কৃষিৰ পৰা উৎপাদিত সামগ্রী বিক্ৰী কৰি ঘৰ চলাইছিল। কিন্তু সেইগৰাকী মহিলাৰ নেতৃত্বত আজি অসমৰ এটি ভিতৰুৱা গ্রামাঞ্চলৰ ছশতাধিক মহিলা ভিন্ন কৃষি কৰ্মৰে স্বাৱলম্বী। লগতে বছৰি প্ৰায় ১.৫ কোটি টকা উপাৰ্জন কৰি কৃষি কৰ্মৰে গ্ৰাম্য অর্থনীতিলৈ আনিছে বৈপ্লৱিক পৰিৱৰ্তন।
গ্রামাঞ্চলৰ দৰিদ্ৰ মহিলাসকলক একত্রিত কৰি কৃষি বিপ্লৱেৰে গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল কৰাৰ নেতৃত্ব দিয়া এই মহিলাগৰাকী হৈছে কমল কুমাৰী বড়ো আৰু তেওঁৰ নেতৃত্বত পৰিচালিত মহিলা কৃষকৰ উৎপাদক গোটটো হৈছে 'জয়মতী'।
অসমৰ শোণিতপুৰ জিলাৰ বিহগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত পুথিমাৰী-বাপুভেটি গাঁৱত কমল কুমাৰী বড়োয়ে নিজগৃহৰ মাটিত কৃষিকৰ্ম আৰম্ভ কৰিছিল ২০১৭চনত। পিছত ২০২১ চনত একেগাঁৱৰে বিশগৰাকী মহিলা মহিলা কৃষকৰ একত্ৰিত কৰি কমল কুমাৰীয়ে এটি মহিলা কৃষক গোট গঠন কৰে— 'জয়মতী' নামেৰে। কেইমাহমান পাছতে কৃষক গোটটিৰ জৰিয়তে আর্থিক প্ৰগতি আৰম্ভ হয়। সেই বছৰৰে অক্টোবৰ মাহত কমল কুমাৰ বড়োৰ নেতৃত্বত গোটটিক 'জয়মতী কৃষকৰ উৎপাদক কোম্পানী লিমিটেড' (Farmers Producers Company) Ltd.) হিচাপে গঠন কৰে আৰু চৰকাৰৰ অধীনত পঞ্জীয়ন কৰে। তাৎপর্যপূর্ণ কথা যে কোম্পানীটো গঠন কৰাৰ পিছতে মহিলাসকলে বিভিন্ন কৃষি কৰ্মৰে এনেদৰে উন্নতি কৰিবলৈ ধৰিলে যে পূজিৰ দ্রুত বিকাশ হ'বলৈ ধৰিলে। মাহৰ পিছত মাহ ধৰি মূলধনৰ পুনৰ বিনিয়োগ কৰিলে কৃষিকার্যত আৰু স্থানীয়ভাৱে উৎপাদিত সামগ্ৰীৰ এখন সুকায়া বজাৰ লাভ কৰিলে।
২০২৪ চনত ৰঙালাউ উৎপাদন কৰি লাভ কৰে নবৈব লাখ টকা। মুঠতে কোম্পানীটোরে ১০০০ হেক্টৰ মাটিত বিভিন্ন কৃষি কৰি উৎপাদিত সামগ্রী বিক্ৰীৰ পৰা বছৰত এক কোটি চল্লিশ লাখ পর্যন্ত টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে
সমান্তৰালকৈ স্থানীয় আন মহিলা কৃষকসকলৰ বাবেও অংশদাৰিত্ব ভিত্তক সদস্যভৰ্তিৰ কাৰ্য মুকলি কৰিলে। ফলত 'জয়মতী কৃষকৰ উৎপাদক কোম্পানী লিমিটেড'ৰ সদস্যাৰ সংখ্যাই ছশ পঞ্চাশগৰাকী হ'লগৈ আৰু এক বৃহৎ গোট হিচাপে পৰিগণিত হ'ল। লগে লগে কৃষক গোটটোৰ কৃষিভূমিৰ পৰিমাণো চাৰি হাজাৰ বিঘা পর্যন্ত হ'লগৈ। এই চাৰি হাজাৰ বিঘাতকৈয়ো অধিক মাটিত বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন কর্মত মহিলাসকল নিয়োজিত হ'ল। আনকি চাৰি হাজাৰ বিঘা মাটিত সৰিয়হৰ খেতি কৰি এটি ঋতুতে প্ৰচুৰ পৰিমাণৰ ধন উপাৰ্জন কৰে। এশ বিঘা মাটিত কোম্পানীটোৱে বছৰি আলু খেতি কৰি 'পেপচি-কো' নামৰ কোম্পানীটোক বিক্ৰী কৰিছে। যাৰ পৰা পঞ্চাশ লাখ টকা উপাৰ্জন কৰিছে। এই আলুখেতিত বিনিয়োগ কৰিছিল সাতাইশ লাখ টকা। সেইদৰে বিগত ২০২৪ চনত ৰঙালাউ উৎপাদন কৰি লাভ কৰে নবৈব লাখ টকা। মুঠতে কোম্পানীটোরে ১০০০ হেক্টৰ মাটিত বিভিন্ন কৃষি কৰি উৎপাদিত সামগ্রী বিক্ৰীৰ পৰা বছৰত এক কোটি চল্লিশ লাখ পর্যন্ত টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য সৰিয়হ, আলু, ধান, ৰঙালাউ আদিকে ধৰি বিভিন্ন খেতিৰ পৰা ছশতাধিক মহিলাই বছৰি এক কোটি টকাতকৈয়ো অধিক ধন উপাৰ্জন কৰাৰ উদাহৰণ অসমতে বিৰল। 'জয়মতী'ৰ এই সফলতাৰ বাবে বিগত দিনত শোণিতপুৰ জিলা কৃষি বিভাগে মহিলা সকলক বিভিন্ন ধৰণে সহায় কৰি আহিছে। আনহাতে অসম চৰকাৰৰ কৃষি বিভাগৰ সংস্থা অসম কৃষি, বাণিজ্য আৰু গ্রামীন ৰূপান্তৰ (APART) ৰ তৰফৰ পৰা ২০২৫ চনৰ জুলাই মাহত এটি সৰিয়হৰ পৰা তেল উৎপাদন যন্ত্র প্রদান কৰে, যি যন্ত্ৰৰ আশী শতাংশ মূলধন অসম চৰকাৰে ৰাজসাহায্য হিচাপে দিছে। এই যন্ত্ৰ লাভ কৰাৰ পিছতে 'জয়মতী ফার্মাছ প্রডিউচার্চ কোম্পানীয়ে 'জয়মতী' নামৰ খাতি সৰিয়হৰ তেল উৎপাদন আৰম্ভ কৰে। এই সৰিয়হ তেলবিধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুকীয়া বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। ৩৭ লাখ টকা মূল্যৰ এই আধুনিক যন্ত্ৰই মহিলা কৃষকসকলৰ অৰ্থনৈতিক উত্তৰণৰ ক্ষেত্ৰত অনন্য মাত্ৰা প্ৰদান কৰিছে। গ্রামাঞ্চলৰ ছশতাধিক মহিলাক একত্ৰিত কৰি উৎপাদনশীলতাৰে স্বাৱলম্বীতাৰ বাট দেখুওৱাৰ বাবে কমল কুমাৰী বড়োয়ে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পর্যায়ত বিভিন্ন বঁটা লাভ কৰিছে। বিশেষকৈ গ্ৰাম্য অর্থনৈতিৰ বুনিয়াদ শক্তিশালীকৰণত 'জয়মতী কৃষক উৎপাদক কোম্পানীয়ে এক অনন্য সেউজ বিপ্লৱৰ অব্যাহত ৰাখিছে। কৃষি প্রধান ৰাজ্য অসমৰ অৰ্থনীতিৰ মূল ভেটিটোক মহিলাসকলে একত্রিতভাৱে মজবুটকৰণৰ এই সংগ্রামী যাত্রাই ইতিমধ্যে ৰাজ্যৰ অন্য প্ৰান্তৰ কৃষিকৰ্মত জড়িত লোককো প্ৰেৰণা দিছে। আনৰ বাবেও হৈ পৰিছে এক আদৰ্শ৷


No comments