Page Nav

HIDE

Grid

GRID_STYLE

বিজেপিৰ ১ লাখ চাকৰিত থাকিব নে এছ আই পৰীক্ষা উত্তীৰ্ন প্ৰাৰ্থী?

  বিজেপি মিত্ৰজোঁটৰ অসমৰ জনগণক লিখিত প্ৰতিশ্ৰুতি আৰু আমি   ...নিযুক্তিৰ সকলোবোৰ স্তৰত উপনীত হৈও তথা সৰহ সংখ্যক পদ খালি থকাৰ পিছতো একমাত্ৰ কম...

 

বিজেপি মিত্ৰজোঁটৰ অসমৰ জনগণক লিখিত প্ৰতিশ্ৰুতি আৰু আমি 



 ...নিযুক্তিৰ সকলোবোৰ স্তৰত উপনীত হৈও তথা সৰহ সংখ্যক পদ খালি থকাৰ পিছতো একমাত্ৰ কম সংখ্যক পদ মুকলাই দিয়াৰ বাবেই নিযুক্তিৰ পৰা বঞ্চিত আমি...

পিংকু ডেকা :

   এইবেলি হৈ যোৱা অসম বিধান সভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বিজেপি মিত্ৰজোঁটৰ বচা বচা নেতা সকল যেতিয়া অসমৰ বিভিন্ন জিলাৰ সৰু বৰ অঞ্চল সমূহলৈ গৈছিল তেতিয়া সেই ঠাইৰ অভাৱ অভিযোগবোৰ জানি বুজি অতি শীঘ্ৰে কাৰ্যত ৰূপ দিয়াৰ বাবে প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ ওপৰিও অসমৰ জনগণক লিখিত প্ৰতিশ্ৰুতি হিচাপে বিজেপি মিত্ৰজোঁট ফালৰ পৰা এইবাৰ যি নিৰ্বাচনী ইস্তাহাৰ যুগুত কৰিছিল। তাত অসমৰ সৰ্বাংগীন উন্নতিৰ ক্ষেত্রত দৃষ্টি ৰাখি অসমৰ বিভিন্ন সমস্যা সমূহ শীঘ্ৰে সমাধানৰ পথত নামি পৰিব বুলি এক আশ্বাস প্ৰদান কৰাৰ লগতে ৰাজ্যৰ শিক্ষিত নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছিল। বিজেপি মিত্ৰজোঁটৰ এই নিৰ্বাচনী ইস্তাহাৰত আত্মনিৰ্ভৰশীল অসম গঢ়ি তোলাৰ বাবে দহটা সংকল্পৰ কথা উল্লেখ কৰিছিল। বিজেপি মিত্ৰজোঁটৰ এই নিৰ্বাচনী ইস্তাহাৰৰ মুঠ দহটা সংকল্পৰ ভিতৰত আঠ নম্বৰত উল্লেখিত প্ৰতিশ্ৰুতিবদ্ধ সংকল্প হিচাপে ৰাজ্যৰ শিক্ষিত নিবনুৱা সকলৰ বাবে এক বৃহৎ আশাৰ বতৰা কঢ়িয়াই আনিছে। ৰাজ্যৰ সকলোতকৈ প্ৰয়োজনীয় দুটা বিভাগ  শিক্ষা আৰু সুৰক্ষাৰ বাবেও এই নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰি বিশেষ ভাবে ৰাজ্যৰ জনসাধৰণক অত্যাধিক নিৰাপত্তা আৰু সুৰক্ষা প্ৰদান কৰিবলৈ অসম পুলিচক আৰু অধিক শক্তিশালী কৰি তুলি অত্যাধুনিক ৰূপত সজাই তুলিবৰ বাবে কিছু তৎকালীন ব্যৱস্থা গ্ৰহণৰ কথা কোৱা হৈছে। তাৰ ভিতৰত--বাংলাদেশ সীমান্তৰ পৰা অনুপ্ৰৱেশ বন্ধ কৰি নদীৰ সীমা অধিক সুৰক্ষিত কৰিবলৈ উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰিব বুলি কোৱা হৈছে। মৈত্ৰী আঁচনিৰ অধিনত ৰাজ্যখনৰ সকলো আৰক্ষী থানাক অত্যাধুনিক আন্তঃগাঁথনিৰে উন্নীত কৰনৰ কথা কোৱা হৈছে। ২০২৩ চনৰ ভিতৰত ৰাজ্যখনৰ সকলো খালী আৰক্ষী চকী পূৰণ কৰিব বুলি কোৱা হৈছে। বিদ্ৰোহ-বিৰোধী প্ৰয়োজনীয়তা সমাধানৰ বাবে অসম আৰক্ষীৰ এটা বিশেষ শাখা আৰু গৰু চোৰাং ব্যৱসায়ৰ বিপদৰ সৈতে মোকাবিলা কৰিবলৈ এটা বিশেষ টাস্ক ফ'ৰ্চ সৃষ্টি কৰিব বুলি কোৱা হৈছে।অসমত শিশু আৰু মানৱ সৰবৰাহ সম্পৰ্কীয় বিষয়ৰ বাবে এটা পৃথক ন্যায়াধীকৰণ সৃষ্টি কৰিব বুলিও কোৱা হৈছে। অবৈধ নিয়ন্ত্ৰণ পদাৰ্থসম্পৰ্কীয় বিষয়বোৰ সমাধান কৰিবলৈ অসম আৰক্ষীৰ অধীনত এটা বিশেষ নিচাজাতীয় সামগ্ৰী শাখা সৃষ্টি কৰিব বুলি কোৱা হৈছে।

       অসম পুলিচক অধিক শক্তিশালী কৰি তুলিবলৈ নিৰ্বাচনী ইস্তাহাৰত উল্লেখিত ওপৰৰ প্ৰস্তাৱ সমূহ অতি শীঘ্ৰে কাৰ্যত পৰিণত কৰা খুবেই আৱশ্যক। কিন্তু এই প্ৰস্তাৱসমূহ কাৰ্যত পৰিণত কৰিবৰ কাৰণে  প্ৰথমে ৰাজ্যত আৰক্ষীৰ সংখ্যা পয্যাপ্ত হবই লাগিব। আকৌ ৰাষ্ট্ৰসংঘৰ মানদণ্ড মতে প্ৰতি ১,00000 জনসংখ্যাৰ বিপৰীতে ২৩০ গৰাকী আৰক্ষী থাকিব লাগে। কিন্তু ভাৰতত প্ৰতি ১,00000 জনসংখ্যাৰ বিপৰীতে ১২৫ গৰাকীহে আৰক্ষী আছে। এইটো পৃথিৱীৰ বিভিন্ন দেশৰ আৰক্ষী আৰু জনসংখ্যাৰ আটাইতকৈ কম অনুপাতবোৰৰ এটা। আকৌ আমাৰ ৰাজ্য অসমৰ ক্ষেত্ৰত এই অনুপাত আৰু অলপ সুকীয়া। আমি ওপৰৰ  প্ৰতিবেদনৰ পৰাই অনুধাৱন কৰিব পাৰিছো যে অসম পুলিচত আৰু কিমান আৰক্ষীৰ প্ৰয়োজনীয়তা এতিয়াও আছে। এতিয়া ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন মতে প্ৰতি ১,00000 লোকৰ বিপৰীতে থাকিবলগীয়া ২৩০ গৰাকী আৰক্ষীৰ পৰিবৰ্তে যিহেতু অসমত ৯৯ গৰাকীহে আছে। তেনে ক্ষেত্ৰত অসমত জনসংখ্যা অনুপাতে থাকিবলগীয়া আৰক্ষীৰ অভাৱ দূৰ কৰিবলৈ প্ৰতি ১০০০০০ জনসংখ্যাৰ বিপৰীতে ১৩১ গৰাকীকৈ আৰক্ষী এতিয়াও প্ৰয়োজন। গতিকে ৰাষ্ট্ৰঃসংঘৰ প্ৰতিবেদন মতে অসমত থকা ৩,৬০,২৪,৬৫৬ জনসংখ্যাৰ বাবে এতিয়াও অভাৱ থকা প্ৰয়োজনীয় আৰক্ষীৰ সংখ্যা হব গৈ ৪৭১৯২ গৰাকী। আকৌ বৰ্তমান অসম পুলিচত নিয়োজিত হৈ থকা আৰক্ষীৰ মুঠ সংখ্যা প্ৰায় ৬১,৩১০ গৰাকী (২০১৯-২০২০)। মানে অসম আৰক্ষীত বৰ্তমান নিয়োজিত হৈ থকা আৰক্ষী আৰু ৰাষ্ট্ৰঃসংঘৰ প্ৰতিবেদন অনুসৰি ৰাজ্যৰ বাবে প্ৰয়োজনীয় কিন্তু এতিয়াও খালি হৈ থকা আৰক্ষী পদৰ সংখ্যা প্ৰায় সমান। কব গলে অসম পুলিচত আধা সংখ্যক আৰক্ষীয়েহে গোটেই বিভাগটো চলাই আছে বুলি কলেও হয়তো ভুল কোৱা নহব। প্ৰতি বছৰে ৫000 কৈ আৰক্ষী নিযুক্তি কৰিলেহে প্ৰায় ১0 বছৰৰ মূৰতহে অসম আৰক্ষীৰ এই অভাৱ পূৰণ কৰিবলৈ সক্ষম হব। ইমানখিনি খালি পদ থকাৰ পিছতো কিন্তু অসমত এইবেলি সুদীর্ঘ ৫ বছৰৰ মূৰত মাত্ৰ ৫৯৭ টা হে আৰক্ষী উপ-পৰিদৰ্শক পদ পূৰণ কৰা হল যদিও সেই একেই সময়তে উত্তৰ প্ৰদেশৰ নিচিনা ৰাজ্যই এটা বছৰতে মুঠ  টা আৰক্ষী উপ-পৰিদৰ্শক পদৰ মকৰল ব্যৱস্থা গ্ৰহণ কৰিলে। কিন্তু বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিলে আৰক্ষীৰ এই অভাৱ দীর্ঘ দিনলৈ হৈ থকাটো শুভ লক্ষণ নহয়। গতিকে নতুন দিনত নতুন চৰকাৰে এই গোটেই বিষয়টোৰ ওপৰত নিশ্চিত ভাবে নজৰ প্ৰদান কৰিব। যোৱা সময় চোৱাত যিদৰে ৰাজ্যৰ শিক্ষাৰ দিশটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি একে দিনাই ২৯000 শিক্ষক নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰিলে তেনেদৰে ৰাজ্যৰ নিৰাপত্তাৰ বাবেও অতি প্ৰয়োজনীয় গৃহ বিভাগটোৰ কাৰণে একে কৃপা দৃষ্টি নিক্ষেপ কৰি নিৰ্বাচনী ইস্তাহাৰত প্ৰস্তাৱিত ১00000 চাকৰি নিযুক্তিৰ যি প্ৰতিবেদনৰ কাম ইতিমধ্যে হাতত লৈছে তাত ৰাজ্যৰ অত্যন্ত জৰুৰী এই গৃহ বিভাগত প্ৰচুৰ পৰিমাণে খালি হৈ থকা আৰক্ষী নিযুক্তিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি বিভাগৰ অতিকে প্ৰয়োজনীয় যি নতুন নতুন শাখা গঠনৰ কাম হাতত লৈছে তাক ফলপ্ৰসূ কৰি গঢ়ি তুলিব।

নিৰ্বাচনী ইস্তাহাৰত উল্লেখিত ১00,000 চাকৰি নিযুক্তি প্ৰতিবেদনৰ ভিতৰত আমাকো অন্তৰ্ভুক্ত কৰি ৰৈ যোৱা সকলো উত্তীৰ্ণ প্ৰাৰ্থীক  নিয়োগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে যেন। যাৰ জৰিয়তে আৰক্ষী নিৰ্বাচন পৰীক্ষাৰ বাবে পুনৰ খৰচ কৰিবলগীয়া মোটা অংকৰ ধন চৰকাৰৰ লাঘৱ হোৱাৰ উপৰিও এইবেলি স্বচ্ছতাৰ মাধ্যমত উত্তীৰ্ন সকলো প্ৰাৰ্থীয়ে নিযুক্তি পাবলৈ সক্ষম হ'লহেতেন

     অলপতে হৈ যোৱা অসম আৰক্ষীৰ এছ আই পৰীক্ষাৰ নিযুক্তি বঞ্চিত উত্তীৰ্ন প্ৰাৰ্থী সমূহৰ ভিতৰত মইও এজন। মোৰ দৰে আৰু বহুতো নিযুক্তি বঞ্চিত উত্তীৰ্ন প্ৰাৰ্থী আছে যাক হয়তো কাহানিও এজন অদক্ষ বা যোগ্যহীন প্ৰাৰ্থী বুলি গণ্য কৰাটো সমীচিন নহব। কিয়নো আমিও ইতিমধ্যে স্বচ্ছ আৰু নিকা পদ্ধতি অৱলম্বন কৰি  চলাই নিয়া এই আৰক্ষী নিযুক্তি পৰীক্ষাৰ সকলোবোৰ স্তৰ (লিখিত পৰীক্ষা, মেডিকেল। শাৰীৰিক পৰীক্ষা,কম্পিউটাৰ পৰীক্ষা) অতি সুকলমে পাৰ কৰি আহিছোঁ। আমি অতিকে মৰ্মাহত হৈছো যিহেতু আমি ৩ বছৰ আগৰ পৰা জনহীত জনসেৱাৰ্থে এই বাক্য শাৰী সাৰোগত কৰি বুকুত অজস্ৰ সপোন বান্ধি পূৰ্ণ উদ্যমেৰে প্ৰস্তুতি চলাই আহি নিযুক্তিৰ সকলোবোৰ স্তৰত উপনীত হৈও তথা সৰহ সংখ্যক পদ খালি থকাৰ পিছতো একমাত্ৰ কম সংখ্যক পদ মুকলাই দিয়াৰ বাবেই নিযুক্তিৰ পৰা বঞ্চিত হৈ আজি আমি আকৌ পথভ্ৰষ্ট হৈ পৰাৰ ওপৰিও বৰ্ধিত বয়সৰ বাবে জীৱনৰ দিক-বিদিক হেৰুৱাই ঘৰৰ একো-একোজন বোজা হৈ দুখত ভাগি পৰিছো। গতিকে, শিক্ষাৰ ক্ষেত্ৰত যিদৰে গুৰুত্ব আৰোপ কৰি এইবেলি বহু শিক্ষক পদ সৃষ্টি কৰি শিক্ষক নিযুক্তিত গুৰুত্ব আৰোপ কৰিছে তেনেদৰে ৰাজ্যৰ আইন-শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত একে দৃষ্টিভংগী ৰাখি আৰক্ষী উপ-পৰিদৰ্শক পদৰ সংখ্যা বৃদ্ধি কৰি এইবেলি নিৰ্বাচনী ইস্তাহাৰত উল্লেখিত ১00,000 চাকৰি নিযুক্তি প্ৰতিবেদনৰ ভিতৰত আমাকো অন্তৰ্ভুক্ত কৰি ৰৈ যোৱা সকলো উত্তীৰ্ণ প্ৰাৰ্থীক  নিয়োগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে যেন। যাৰ জৰিয়তে আৰক্ষী নিৰ্বাচন পৰীক্ষাৰ বাবে পুনৰ খৰচ কৰিবলগীয়া মোটা অংকৰ ধন চৰকাৰৰ লাঘৱ হোৱাৰ উপৰিও এইবেলি স্বচ্ছতাৰ মাধ্যমত উত্তীৰ্ন সকলো প্ৰাৰ্থীয়ে নিযুক্তি পাবলৈ সক্ষম হল হেতেন ।আশা কৰোঁ নতুন দিনত নতুন চৰকাৰে এই মহান আৰক্ষী সেৱাত আমাকো নিয়োজিত কৰি  ৰাজ্যৰ নিবনুৱা সমস্যা আৰু অলপ কম কৰাৰ লগতে অসম পুলিচত প্ৰয়োজনীয় নতুন নতুন শাখা প্ৰৱৰ্তনৰ জৰিয়তে অন্য এক আমূল পৰিৱৰ্তনৰ সূচনা কৰি সুৰক্ষাৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই গৈ গোটেই দেশৰ ভিতৰতে সপোনৰ অসমক সোণৰ অসম হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব।




No comments