Page Nav

HIDE

Grid

GRID_STYLE

ভাৰত-ভূটান সীমান্তত ২৮ বছৰে শৰণাৰ্থী শিবিৰত সহস্ৰাধিক লোক

চিকিৎসাৰ অভাৱত ৰোগাক্ৰান্ত আদিবাসী শৰণাৰ্থী...: ফটো - দিগন্ত শৰ্মা গোষ্ঠীসংঘাত-পিষ্ট লোকে দীৰ্ঘকাল কটাইছে দুৰ্বিসহ জীৱন : বঞ্চিত মৌলিক অধিকা...

চিকিৎসাৰ অভাৱত ৰোগাক্ৰান্ত আদিবাসী শৰণাৰ্থী...: ফটো - দিগন্ত শৰ্মা

গোষ্ঠীসংঘাত-পিষ্ট লোকে দীৰ্ঘকাল কটাইছে দুৰ্বিসহ জীৱন : বঞ্চিত মৌলিক অধিকাৰৰ পৰা



...আদিবাসী লোকসকলে চৰকাৰী মাটিত জুপুৰি সাজি বা প্লাষ্টিকৰ চালিৰ তলত থাকি অতি কষ্টৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে...



দিগন্ত শৰ্মা

অবিভক্ত কোকৰাঝাৰ, বঙাইগাঁও জিলাত ১৯৯৬ আৰু ১৯৯৮ চনত সংঘটিত হোৱা বড়ো-আদিবাসীৰ গোষ্ঠী সংঘর্ষত শ শ আদিবাসী লোকে নিৰাপত্তাহীনতাত ভূগি ঘৰ-বাৰী, মাটি-সম্পত্তি সকলো এৰি বিভিন্ন শৰণার্থী শিবিৰত আশ্রয় লৈছিল। গোষ্ঠী সংঘৰ্ষৰ দাবানল শাম কটাৰ পিচত পর্যায়ক্রমে শৰণার্থী শিবিৰৰ পৰা আদিবাসী শৰণার্থীসকল নিজ নিজ গাঁৱলৈ গৈ বসবাস কৰি  আছে। কিন্তু পৰিতাপৰ বিষয় যে কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ ভাৰত-ভূটান সীমন্তৰ বিভিন্ন স্থানৰ তিনি শতাধিক পৰিয়ালে বিগত ২৮ বছৰে আশ্ৰয় শিবিৰতে জীৱন অতিবাহিত কৰি আছে৷ লাভ কৰা নাই পুনৰসংস্থাপন৷  টাকামপুৰ, জিৎপুৰ, লালপুৰ, অর্জুন দহা আৰু জয়পুৰ, শ্ৰীৰামপুৰ, তেলিপাৰা, পৰ্বতঝৰা নিকটৱৰ্তী সৃষ্টিঝাৰ  আদি গাঁৱৰ শৰণাৰ্থী  পৰিয়ালে আজিলৈকে নিজ নিজ গাঁৱলৈ ঘূৰি যাবলৈ সক্ষম হোৱা নাই।এই লোকসকলে নিজ গাঁৱত সুদীর্ঘকাল বসবাস কৰাৰ পিচত বড়ো-অদিবাসীৰ মাজত হোরা সংঘর্ষৰ ফলত নিজ গাঁৱৰ পৰা বিতাড়িত হৈ  আশ্ৰয় শিবিৰত অনেক কষ্টৰে জীবন যাপন কৰিবলগীয়া হৈছে। বিটি আৰৰ  কার্যবাহী পাৰিষদ বিষয়াটো সন্দর্ভত অবগত  যদিও আজিলৈকে   পদক্ষেপ লোৱা নাই বুলি ভুক্তভুগীয়ে অভিযোগ কৰিিিছে৷। তদুপৰি শৰণার্থীসকলে আজিলৈকে উপযুক্ত খোৱাপানী, চৰকাৰৰ দ্বাৰা কোনো শৌচালয় আৰু বিদ্যুৎ সেৱা আদিকে ধৰি নাগৰিকে লাভ কৰিবলগীয়া ন্যুনতম সকলো সা সুবিধা লাভ কৰা নাই ৷ বঞ্চিত হৈ আছে বিশুদ্ধ খোৱাপানী, বাসস্থান আাদি মৌলিক অধিকাৰ পৰা।  পৰ্বতঝৰাৰ নিকটৱৰ্তী সৃষ্টিঝৰাৰ বহু পৰিয়িলে আজিও মাটিৰ কুঁৱাৰ পৰা সংগ্ৰহহ কৰে খোৱাপানী৷

 ১৯৯৬ চনত নামনি অসমৰ বৃহত্তৰ অঞ্চলত সংঘটিত ভয়াবহ গোষ্ঠী সংঘৰ্ষৰ কুফল বিগত ২৮ বছৰে ভুগিব লগা হৈছে এই তিনি শতাধিক পৰিয়ালৰ সহস্ৰাধিক লোকে। উল্লেখ্য্য যে ১৯৯৭ চনত এই সংঘাত কিছু নিয়ন্ত্ৰণ হৈছিল যদিও ১৯৯৮ চনত পুনৰ ভয়াবহ ৰূপত গোষ্ঠী সংঘাত আৰম্ভ হৈছিল আৰু কেইবা লক্ষ লোক গৃহহাৰা হৈছিল৷ অধিক ক্ষতিগ্ৰস্ত হৈছিল আদিবাসী লোক সকল৷ আনকি আশ্ৰয় শিবিৰত বহু লোকৰ উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যু হৈছিল৷ সম্প্ৰতি  শৰণাৰ্থী শিবিৰত আশ্রয় লোৱাসকলৰ মাজত যিসকলৰ নিজাকৈ ম্যাদীী পট্টাৰ ভূমি নাছিল , তেওঁলোক পূৰ্বৰ ঠাইলৈ যাব পৰা নাই। দীর্ঘদিন শৰণাৰ্থী শিবিৰৰ একাংশক চৰকাৰে পুনৰ সংস্থাপন দিছে যদিও ভূমিহীন পৰিয়ালৰ পুনৰ সংস্থাপনৰ বাবে ৰাজ্য তথা বিটিচি পৰিষদীয় চৰকাৰে কোনো কাৰ্যকৰী ব্যৱস্থা গ্রহণ কৰা নাই। ফলত এই আদিবাসী লোকসকলে চৰকাৰী মাটিত জুপুৰি সাজি বা প্লাষ্টিকৰ চালিৰ তলত থাকি অতি কষ্টৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে। নিজৰ নামত এটুকুৰা ভূমি নথকাত এওঁলোকে প্রধানমন্ত্রী আৱাস যোজনাৰ গৃহ লাভ কৰাৰ পৰা বঞ্চিত হৈ এক অনিশ্চয়তাৰ মাজত জীৱন কটাবলগীয়া হৈছে। চৰকাৰী মাটিত বসবাস কৰা এইসকল পৰিয়ালৰ নাই স্থায়ী কোনো কর্ম। দিন হাজিৰা কৰি, মাছ মাৰি, খৰি বুটলি পৰিয়ালক পোহপাল দিয়া এই লোকসকলৰ ভোটাৰ তালিকাত নাম আছে বুলিহে কেবল নিৰ্বাচন আহিলে তেওঁলোকৰ ওচৰত নেতাসকলে আহি পুনৰ সংস্থাপন দিয়াৰ প্রতিশ্রুতি দি যায়। কিন্তু এই লোকসকলৰ সমস্যাৰ স্থায়ী সমাধান কৰাৰ বাবে কোনেও গুৰুত্ব দিয়া নাই ৷ বিগত ২৮ বছৰ ধৰি আশ্ৰয় শিবিৰত বসবাস কৰা শৰণাৰ্থী লোকসকলক উপযুক্ত স্থানত মাটিৰ আবণ্টন দি পুনৰ সংস্থাপন দিবলৈ দাবী জনাইছে শৰণাৰ্থী লোকসকলে।


No comments