Page Nav

HIDE

Grid

GRID_STYLE

হোমেন বৰগোহাঞি শ্ৰদ্ধাৰ্ঘ-গল্পঃ ইস্মাইল শ্বেখৰ সন্ধানত

গল্প: ইস্মাইল শ্বেখৰ সন্ধানত ...ঢাকাৰ ৰাজপথ যি তেজেৰে ৰঞ্জিত হৈছিল সেই তেজৰ এটা ধৰ্ম আছিল। সি হ’ল হিন্দু ধৰ্ম। ঠিক একে সময়তে দিল্লীৰ ৰাজপথতে...


গল্প: ইস্মাইল শ্বেখৰ সন্ধানত


...ঢাকাৰ ৰাজপথ যি তেজেৰে ৰঞ্জিত হৈছিল সেই তেজৰ এটা ধৰ্ম আছিল। সি হ’ল হিন্দু ধৰ্ম।ঠিক একে সময়তে দিল্লীৰ ৰাজপথতেদি তেজেৰে ৰঞ্জিত হৈছিল, তাৰো তেন্তে এটা ধৰ্ম আছে। সি হ’ল মুছলমান ধৰ্ম...

হোমেন বৰগোহাঞি


    মই বোধহয় স্থান-কাল-পাত্ৰ সকলো পাহৰি গৈছিলো। নগৰৰ ব্যস্ততম ৰাজআলিৰ সোঁ-মাজত থিয় হৈ চাৰিওফালৰ সকলো মানুহক হতবাক কৰি দি মই আৰু জোৰে চিঞৰি উঠিলোঃ ইস্মাইল। চিঞৰটো শেষ হ’বলৈ নৌ পাওঁতেই মই লগে লগে দৌৰিবলৈ আৰম্ভ কৰিলো।

    জীৱনত সামান্য এটা ভুলৰো বোধহয় কোনো ক্ষমা নাই। অদৃষ্টৰ অৰ্থই হ’ল অজ্ঞাত। পূৰ্ব এটা আঁচনিৰ অপৰিৱৰ্তনীয়তা। ইস্মাইল বুলি, সেই বিকট চিঞৰটো নমৰা হ’লেই মই সেই মানুহটোক ঠিক ঠাইতে লগ পাই গ’লোহঁতেন, যিটো মানুহক যোৱা পাঁচটা বছৰ ধৰি মই অহৰহ অন্বেষণ কৰি ফুৰিছো। কিন্তু মোৰ চিঞৰটো শুনাৰ লগে লগে ইস্মাইল ভেল্কি-বাজিৰ দৰে হঠাতে অদৃশ্য হৈ গ’ল। মই মূৰ্খৰ দৰে আৰু এটা সাংঘাটিক ভুল কৰিলোঁ।

    কিন্তু ইস্মাইলক মই বিচাৰি উলিয়াবই লাগিব। শেষত যেতিয়া তাক দেখা পাইছো, আৰু মোৰ পৰা সাৰিব নোৱাৰে। কিছু দূৰৰপৰাই মই লক্ষ্য কৰিছিলো যে মোৰ চিঞৰটো শুনাৰ লগে লগেই সন্ত্ৰস্তভাবে মোৰফালে এবাৰ চাই ৰাস্তাৰ কাষৰ গলি এটাত অদৃশ্য হৈ গৈছিল। মই দৌৰ মাৰি আহি সেই গলিটোৰ মুখ পালোঁহি।

    গলিটোৰ মুখৰ পাণ-দোকান এখনত থিয় হৈ দুটা ডেকা ল’ৰাই চিগাৰেট হুপি আছিল। মোক তেনে বিব্ৰত অৱস্থাত দেখি সিহঁতে নিজৰ ভিতৰতে কিবা এটা কথা কোৱা-কুই কৰিলে। সিহঁতৰ তেনে ৰহস্যময় আচৰণ দেখি মোৰ মনত এটা গোপন ভয় লাগিল। অনা-ভাষী অসভ্য দেশৰ অচিনাকি মানুহৰ সন্মুখত নিঃসংগ পথিকৰ যেনে ভয় লাগে, ঠিক তেনে ভয়। বিমূঢ় দৃষ্টিৰে সিহঁতৰ ফালে এবাৰ মাত্ৰ চাই সাউত্‍কৰে গলিটোত সোমাই  পৰিলোঁ। লগে লগে, ঠিক মোৰ পাছতে, এটা অদ্ভুত হাঁহিৰ উচ্ছল জোৱাৰ আহি যেন আচাৰ খাই পৰিলহি।


    কেইখোজমান আগবাঢ়ি গৈ মই অলপ সময় থমকি ৰ’লোঁ। তেতিয়া সময় যদিও আবেলি তিনিমানহে বাজিছিল,সেই গলিটোত কিন্তু গধূলিৰ অন্ধকাৰ যেন লাগিছিল। মই মোৰ কেউকাষৰ পৰিৱেশটো নিৰীক্ষণ কৰিবলৈ ধৰিলোঁ। গলিটোৰ দুয়োকাষে দুটা প্ৰকাণ্ড দালান। দালান দুটা য’ত শেষ হৈছে সেইখিনিতে গলিটোৰ বাট ভেটি থিয় হৈ আছে এখন কাঠৰ বেৰা। বেৰাখনত দুৱাৰৰ নিচিনা সৰু এটা ফাঁক আছে। তাৰে এটা মাত্ৰ মানুহ ওলোৱা-সোমোৱা কৰিব পাৰে। দেখোতেই বুজিব পাৰি যে সৰ্বসাধাৰণৰ ব্যৱাৰৰ কাৰণে সেই গলিটো নহয়। ভিতৰৰ কোনোবা এটা ঘৰলৈ সেইটো এটা প্ৰৱেশপথ মাত্ৰ। ইস্মাইল সেইফালে ক’লৈ যাব পাৰে, সেই কথা ভাবি মই খুব আচৰিত হ’লো। তাক মই অনুসৰণ কৰিবই লাগিব। কিন্তু সঁচা কথা ক’বলৈ গ’লে সেই অসূৰ্যস্পৃশ্য গলিটোৰ অজ্ঞাতপূৰ্ব ছিদ্ৰপথেদি আগবাঢ়ি যাবলৈ মোৰ অলপ ভয়ো লাগিছিল। কিংকৰ্তব্যবিমূঢ় হৈ মই অলপ সময় থিয় হৈ ৰ’লো। হঠাতে সেই কাঠৰ বেৰাখনৰ সিপাৰৰপৰা কোনোবা তিৰোতাৰ হাঁহিৰ খলখলনি মই শুনিবলৈ পালো। হাঁহিও এক প্ৰকাৰৰ ভাষা। হঠাতে মই আৱিষ্কাৰ কৰিলো যে অলপ আগতে শুনা সেই ডেকা দুটাৰ হাঁহিৰ লগত এই হাঁহিৰ এটা অদ্ভুত মিল আছে। কেইমুহূৰ্তমানৰ কাৰণে মোৰ মনটো ভাষা-তত্বৰ গৱেষণাত মগ্ন হৈ পৰিল। ৰহস্যৰ অৱগুণ্ঠন যেন লাহে লাহে উন্মোচিত হৈ আহিবলৈ ধৰিলে। মই বেৰাখন পাৰ হৈ ভিতৰলৈ সোমাই গ’লো।

    আৰে কুত্তা কা বাচ্ছা!

    ঘপহকৰে সোমাই গৈ কাৰ গাত যে খুন্দা খালোঁ ভালকৈ তৰ্কিবলৈ নৌপাওঁতেই কাণত আহি পৰিলহি এই মধুৰ সম্ভাষণ। লগে লগে নাকত আহি লাগিলহি মদৰ উৎকট গোন্ধ। মই সন্ত্ৰস্ত হৈ এখোজ পিছুৱাই আহিলোঁ। মানুহটোৰ মুখত চকু পৰা মাত্ৰেই মোৰ গা হিম হৈ গ’ল। চকু দুটা টিক্‍ ‍টিক্‍‍ কৰে ৰঙা। গোটেই মুখতে চকা চকা দাগ। নাকটো সোঁ-মাজতেবহি গৈ বীভৎস মুখখন আৰু বীভৎস  কৰি তুলিছে। মানুহটোৰ পিন্ধনত এখন নীলা লুঙী আৰু ক’লা কোট। ব্যৱসায়ী খুনীৰ নিৰ্মম দৃষ্টিৰে  মানুহটোৱে মোৰ মুখলৈ খন্তেকপৰ চাই ৰ’ল। তাৰ পিছতে ভঙা  গলাৰ চি-চিঁয়নি হাঁহি এটা মাৰি সি মোৰ ফালে আগবাঢ়ি আহিল।

    আৰে শালা, তুই মোক চিনি পোৱা নাই? তোৰ... অনুচ্ছাৰণীয় অশ্লীল শব্দ এটাৰে নিজৰ গৌৰৱময় পৰিচয় দি সি মোৰ হাতখন ধৰিবলৈ আগবাঢ়ি আহিল। ইফালে ভয় আৰু আতংকত সৰ্বশৰীৰ কঁপিবলৈ ধৰিলে। মোৰ সন্মুখত সেইটো যেন জীৱন্ত মানুহ নহয়, ভয়াৱহ মৃত্যু বীজাণু কিল্ বিল্ কৰি থকা এটা গলিত মাংস পিণ্ড, তাৰ স্পৰ্শ লাগিলেই মোৰ চকুৰ আগতে মোৰ হাত ভৰিবোৰ ছিগি পৰিব। সি আহি মোৰ গাৰ কাষ পোৱাৰ লগে লগেই মই চকু মুদি, প্ৰহাৰ উদ্যত ভঙ্গীৰে হাতখন দাঙি গাৰ জোৰেৰে চিঞৰি উঠিলোঃ নুচুবি মোক..... নুচুবি।

    মানুহটো হঠাতে থমকি ৰ’ল। মই চকু মেলি চাই দেখিলো, মানুহটো যেন দপ কৰে নিৰ্বাপিত হৈ গ’ল। দীনতম ভিখাৰীৰ বীভৎস কাতৰতা আৰু ব্যথাৰে তাৰ মুখখন ভৰি পৰিল। তাৰ দগ্ধ ৰঙা চকু দুটা পানীৰে চলচলীয়া হৈ পৰিল।

    --আৰে শালা, তই..... তয়ো গম পইছ?

    ভঙা গলাৰে কুত্‍সিত আৱাজ কৰি সি মোক প্ৰশ্ন কৰিলে।


   -- কি গম পোৱাৰ কথা কৈছ? মই নজনাৰ ভাবত তাক শুধিছিলোঁ।


    আৰু কুত্তাকা বাচ্ছা, তোৰ.... তই দেখা নাই মোৰ বেমাৰ? তোৰো হ’ব? তোৰো হ’ব। পলা, পলা ভাঁগো য়হাঁছে। ইয়াত চব বেমাৰী, চব গেলা, পচা, দুৰ্গন্ধ। ১০ বছৰ মই ইহঁতৰ লগত কাৰবাৰ কৰিছোঁ। মই চব জানোঁ। ইহঁতেই মোক এই বেমাৰ দিলে। এতিয়া সিহঁতে মোক দেখিলেই দুৱাৰ বন্ধ কৰে। শালা চব ৰাণ্ডী, থুঃ থুঃ।


    ইমান সময় মই পাহৰিয়ে আছিলো যে মই ইস্মাইলৰ অনুসৰণ কৰিব লাগিব। সি নিশ্চয় বহু দূৰ আগবাঢ়িল। মই যাবৰ কাৰণে ব্যস্ত হৈ পৰিলোঁ। জেপৰ পৰা চিগাৰেটৰ পেকেটটো উলিয়াই নিজে এটা জ্বলালো, এটা মানুহটোলৈ আগবঢ়াই দি প্ৰশ্ন কৰিলোঃ অলপ আগতে এইফালে মানুহ এটা যোৱা দেখিছিলিনে? মুখত দীঘল ডাঢ়িৰে সৈতে পায়জামা পিন্ধা মানুহ এটা?

    --আৰে শালা, মই থাকোঁতে আকৌ তই আৰু মানুহ বিচাৰিছ কিয়? এই পটিত মোতকৈ আৰু ওৱাকিবহাল কোনো নাই বুজিছ? মোক কিন্তু পূৰা পাঁচ টকা লাগিব।

    ইয়াৰ লগত বাক্য-ব্যয় অৰ্থহীন। মই মনে মনে ভাবিলোঁ। তাৰ কথালৈ ভ্ৰূক্ষেপ নকৰি মই সাউত্‍কৰে সমুখৰ ফালে আগবাঢ়িলোঁ। লগে লগে মোৰ পিঠিৰ পাছতে শুনিবলৈ পালো ভঙা গলাৰ সেই চি-চিয়ঁনি হাঁহি। কেৱল হাঁহি আৰু হাঁহি। অন্ধ গলিৰ এই অদ্ভুত অধিবাসীবোৰৰ হাঁহিয়েই যেন লিংগুৱা ফ্ৰাংকা। মোৰ ওঁঠতো এটা নিঃশব্দ হাঁহি ঢউ খেলি গ’ল। মই কিন্তু নিজেই নুবুজিলো সেই হাঁহিৰ অৰ্থ কি?

    হঠাতে এজাক তিৰোতাই গিৰ্জনি মাৰি হাঁহি উঠিল। মই উচপ্ খাই উঠিলোঁ। ঘোঁৰাৰ খুৰাৰ আকৃতিৰ তিনি শাৰী ঘৰৰ মাজত গলিটো আহি সেইখিনিতে শেষ হৈছে। মাজৰ চোতালৰ দৰে মুকলি ঠাই ডোখৰতে চাৰি-পাঁচজনীমান মাইকী মানুহ বিড়ি হুপি থিয় হৈ আছিল। সিহঁতৰ ৰক্তহীন নিৰাৱেগ মুখৰ ওপৰত সস্তীয়া অংগৰাগৰ ডাঠ প্ৰলেপ, সিহঁতৰ গাৰ পৰা অথবা গাত্ৰ ৰসৰ পৰা নিঃসৃত হৈছিল সস্তীয়া গন্ধ সাৰ আৰু ততোধিক সস্তীয়া, সংগম-পীড়িত দেহৰ মিহলি গোন্ধ, সিহঁত থিয় হৈ আছিল চেতনাৰ অন্ধকাৰৰ প্ৰেতাকীৰ্ণ প্ৰান্তৰৰ প্ৰেত-নাৰীৰ দৰে।


    মই সিহঁতক সুধিলোঁ: অলপ আগতে এইফালে কোনো মানুহ অহা দেখিছিলানে?

    মোৰ প্ৰশ্ন শুনি সিহঁতে ইজনীয়ে সিজনীৰ গাত ঢলি পৰি হাঁহিবলৈ ধৰিলে। মোৰ প্ৰশ্নটো যেন সিহঁতৰ কাণত একেবাৰে অৰ্থহীন, যেন প্ৰস্তৰ যুগৰ মানুহৰ ভাষাতহে কথা কৈছোঁ। ইস্মাইল ইয়াৰে কোনোবা এটা ঘৰত সোমাই আত্মগোপন কৰি থকা সম্ভৱ নেকি, মই ভাবিবলৈ ধৰিলোঁ। মই পুনৰ নম্ৰভাৱে প্ৰশ্ন কৰিলোঁ: মানুহ এটা এইফালে অহা দেখিছিলানে?

    ভঙা ভঙা পুৰুষালি গলাৰে কংকালসাৰ তিৰোতা এজনীয়ে মাত লগালেঃ কেনেকুৱা মানুহ অ’ বাবু? কাৰোবাক পলুৱাই আনিছে নেকি? নিলে যদি নিব দিয়া। মাইকীৰ কি আকাল আছে।

    চাৰি-পাঁচজনী তিৰোতাৰ হাঁহিৰ খলখলনিত মানুহজনীৰ শেহৰ কথাকেইষাৰ নুশুনা হৈ গ’ল।

    মই একেবাৰে বিবুধি হৈ পৰিলোঁ। ইস্মাইল যে এইফালে আহিছিল সেইটো মই নিৰ্ভুলভাৱে দেখিছোঁ। সমুখেদি গৈ থাকিবলৈ আৰু পথ নাই। ক’ৰবাত লুকাই থাকিবলৈকো এইখিনিয়ে একমাত্ৰ ঠাই। কিন্তু এই তিৰোতাকেইজনীয়ে একো প্ৰশ্নৰেই উত্তৰ দিব নোখোজে। এতিয়া উপায় কি? মাত্ৰ এটা উপায় বোধহয় আছে। ইহঁতৰ ঘৰৰ ভিতৰলৈ সোমাই গৈ খানাতালাচ কৰি চোৱা। অৱশেষত তাকে কৰাই ঠিক কৰিলোঁ। এমূৰৰ পৰা চাই আহিবলৈ ঠিক কৰি মই মূৰৰ ঘৰটোৰ ফালে আগবাঢ়ি গ’লো।

    মই যিটো ঘৰৰ কথা ক’লো, তাৰ দুৱাৰখন বন্ধ আছিল। গতিকে তাক মানুহ সোমাই থকাৰ সম্ভাৱনাও বেছি। মই গৈ দুৱাৰখন ঠেলা দিবলৈ লওঁতেই বাহিৰত থিয় হৈ থকা তিৰোতাকেইজনীয়ে আতংকিত হৈ চিঞৰি উঠিল: এই এই ভিতৰত মানুহ আছে।


    মই থমক খাই ৰৈ গ’লোঁ। হঠাৎ ভগা দুৱাৰৰ জলঙাইদি মোৰ ভিতৰলৈ চকু গ’ল। তেতিয়াহে মই বুজিলো, ভিতৰত থকা মানুহটোক এই সময়ত আমনি কৰা নিশ্চয় খুব অমানুষিক কাম হ’ব। মই দ্বিতীয় দুৱাৰমুখখনত থিয় দিলোগৈ। দুৱাৰখন সামান্য ফাঁক হৈ আছিল। ভিতৰলৈ সোমাবলৈ ভৰিটো আগবঢ়ায়েই মই অলপ সময় ৰৈ যাব লগা হ’ল। দুৰ্গন্ধ পিতনিত ওপঙি থকা এপাহি সুন্দৰ ফুলৰ দৰে, সেই খলখল হাঁহি আৰু পুতিগন্ধ কণ্ঠস্বৰৰ মাজত এষাৰি সুৰীয়া মাত মোৰ চকুৰ আগত ভাহি উঠিলঃ দুৱাৰখনত আঁৰি থোৱা এখন কাগজলৈ মোৰ চকু গ’লঃ

What lips my lips have kissed

and where and why

I have forgotten

And where, and why.... and

Why.... and why?


          মই দুৱাৰখন ঠেলা মাৰি দিলো বাহিৰত এই বেদনাময় ৰক্তাক্ত, নিৰ্লজ্জ সুন্দৰ স্বীকৃতি ঘোষণা কৰি ভিতৰত কোন সোমাই আছে, চাবলৈ মই ব্যগ্ৰ হৈ উঠিছিলোঁ। দেখিলো এজনী ধুনীয়া ছোৱালী। আয়নাৰ সন্মুখত বহি তাই প্ৰসাধন কৰি আছিল। মোৰ খোজৰ শব্দ পাই মূৰটো ঘূৰাই চালে। নিৰ্বিকাৰভাৱে ওঁঠত লিপষ্টিকটো ঘঁহি ঘঁহি জড়িত কণ্ঠেৰে মাত লগালেঃ বহিবা?

    মই একো উত্তৰ নিদিলোঁ।  সন্ন্যাসিনীৰ দৰে তাইৰ দৃষ্টি আৰু মুখ-ভংগীৰ পৰম নিৰ্লিপ্তিয়ে মোক কিছু সময় অভিভূত কৰি ৰাখিলে।

    বুলেটৰ দৰে আৰু দুটা অনুচ্চাৰণীয় শব্দ আহি মোৰ কাণত পৰিলহি।

    দুৱাৰত লিখি থোৱা সেই কবিতাফাঁকিৰ প্ৰতি তাইৰ দৃষ্টি আকৃষ্ট কৰি মই তাইক সুধিলোঃ সেই কথাফাঁকি কোনে লিখিছিল?

    মুখৰ বিৰক্ত ভংগী এটা কৰি তাই উত্তৰ দিলেঃ ক’ব নোৱাৰোঁ। কত পাগল আহে, যায়- কোনে কি কৰে, কোনে খবৰ ৰাখে।

    প্ৰসাধন শেষ কৰি তাই মোৰ ফালে উঠি আহি মোৰ মুখামুখিকৈ থিয় হ’ল। ছোৱালীজনী আছিল সঁচাই ধুনীয়া। তাতে তাইৰ গৰ্বিত অথচ বিষাদমণ্ডিত মুখভংগীয়ে তাইক আৰু আকৰ্ষণীয় কৰি তুলিছিল। বহু পুৰুষৰ ওঁঠৰ পীড়ণত বিক্ষত তাইৰ ওঁঠ দুটা মই খন্তেক সময় চাই ৰ’লোঁ। কিমানৰ ওঁঠক তাইৰ ওঁঠে চুমা খাইছিল, সেই কথা তাই নিশ্চয় পাহৰি গৈছে, কিন্তু কিয় খাইছিল, সেই কথা তাই কেনেকৈ পাহৰিব?

--- নবহা যদি যোৱা। তুমি দুৱাৰখনত তেনেকৈ থিয় হৈ থাকিলে আন মানুহ দূৰৰপৰাই ভাগিব। খুব শান্ত আৰু সৰলভাৱে তাই কথাকেইষাৰ ক’লে।

---- অ’ যাওঁ ৰ’বা। তোমাক এটা খবৰ দি যাওঁ। তোমাৰ দুৱাৰত লিখি থোৱা সেই কথাফাঁকিৰ অৰ্থ জানানে?

----- জানিবৰ গৰজ হোৱা নাই।

----- গৰজ নহ’লেও জানি ভাল পাব। শুনাঃ কাৰ কাৰ ওঁঠত মোৰ ওঁঠে চুমা খাইছিল, আৰু ক’ত খাইছিল আৰু কিয় খাইছিল, মই সকলো পাহৰি গ’লোঁ।

----- অৰ্থ কি এইবোৰ কথাৰ?

-­----- আৰু শুনা। এই কথাফাঁকি কোনে লিখিছিল জানা? চেণ্ট ভিনচেণ্ট এডনা মিলে নামৰ ছোৱালী এজনীয়ে। নিজকে তাই বৰ্ণনা কৰিছিল ‘সন্ন্যাসিনী আৰু গণিকা’ বুলি। অৰ্থাৎ তাই সন্ন্যাসিনী আৰু গণিকা দুয়োটাই।


-অৰ্থ কি এইবোৰ কথাৰ?


-তুমি কি? সন্ন্যাসিনী? নে গণিকা?

-তোমাৰ দৰে পাগল মই কতো দেখা নাই। কিয় সুধিছা এইবোৰ কথা?

-এনে দীন-হীন পৰিবেশত দেহ ব্যৱসায় কৰা তোমাৰ দৰে ছোৱালী এজনীৰ বিছনাত যদি আধা-পঢ়া অৱস্থাত আলবাৰ্ট মৰাভিয়াৰ উপন্যাস পৰি থকা দেখো আৰু যদি নিশ্চিত প্ৰমাণ থাকে যে সেই কিতাপখনৰ পাঠিকা তুমিয়েই, আন কোনো নহয়, তেতিয়া তোমাৰ লগত দু-আষাৰ সজ কথা পাতিবৰ লোভ নেযাব?

    মোৰ কথাষাৰ শুনাৰ লগে লগে ছোৱালীজনীৰ নিজৰ বিচনালৈ চকু গ’ল। বিচনাত পৰি আছিল মৰাভিয়াৰ Women of Rome নামৰ কিতাপখন। তাইৰ মুখত এটা ধৰা পৰা ভাবৰ সল্লজ হাঁহি ফুটি উঠিল।

-আপুনি দ্বিতীয়।

-তাৰ মানে?

-মোৰ ইয়ালৈ অহা মানুহৰ ভিতৰত, মানুহৰ ভাষাৰে কথা কোৱা আপুনি দ্বিতীয় ভদ্ৰলোক। ইয়াৰ আগতে আৰু এজন আহিছিল। এজন কলেজৰ ল’ৰা। দুৱাৰৰ সেই কথা ফাঁকি তেওঁৱে লিখিছিল।

    মই মন কৰিলো, ছোৱালীজনীয়ে মোক আপুনি বুলি সম্বোধন কৰিবলৈ আৰম্ভ কৰিছে। মোৰ সান্নিধ্যত কিছু সময়ৰ কাৰণে তাই হয়তো মনুষ্যত্বৰ স্পৰ্শ অনুভৱ কৰিছে, আৰু নিজৰ মাজৰ ব্যৱসায়ী ছোৱালীজনীক তাই পাহৰি গৈছো। মোৰো তাইক মানুহ হিচাপে সন্মান জনাবলৈ মন গ’ল। অলপ সমীহ কৰি তাইক ক’লোঃ আপুনি যদি অনুমতি দিয়ে, মই আপোনাক এদিন কেইখনমান কিতাপ দি যামহি। এতিয়া যাওঁ। নমস্কাৰ।

    খন্তেক সময় ছোৱালীজনী বিস্ময়ত হতবাক হৈ ৰ’ল। মই সঁচাই যাবলৈ ওলোৱা দেখি তাইৰ বোধহয় চেতনা আহিল। লৰালৰিকৈ তাই মাত লগালেঃ ৰ’ব, ৰ’ব, ক’ত যায়। একেবাৰে নতুন অৰ্থত কৈছো, অলপ বহক।

-কিয়? মই এটা দ্ব্যৰ্থক হাঁহিৰে তাইক প্ৰশ্ন কৰিলোঁ।

-আপুনি এই বস্তিটোলৈ কিয় আহিছিল?

    ইস্মাইলৰ কথাষাৰ তাই অলপ বহলাই কোৱাই ভাল বুলি মই বিবেচনা কৰিলোঁ। কাৰণ এই বস্তিৰ তায়ে একমাত্ৰ তিৰোতা, মোক যি এই বিষয়ত অলপ সহায় কৰিব পাৰে।

-মই এটা মানুহৰ পিছে পিছে আহি এইখিনি পালোহি। মানুহটোক মই বহুদিন ধৰি বিচাৰি ফুৰিছো, প্ৰায় পাঁচ বছৰ। সিওঁ এটা বিশেষ কাৰণত মোৰ পৰা পলাই ফুৰিছে। আজি হঠাতে ৰাস্তাত তাক দেখা পাই মই উত্তেজনাত তাৰ নাম ধৰি চিঞৰি উঠিলো। সি মোৰ মাত শুনিয়েই এই গলিয়েদি দৌৰ মাৰি সোমাই আহিল। ময়ো তাৰ পিছে পিছে খেদি আহিলোঁ। কিন্তু ইয়াত আহি মই নিজকেই হেৰুৱাই পেলাইছো। আচ্ছা, এইফালে পাৰ হৈ যাবলৈ সেই ঘৰটোৰ সিফালেদি আৰু ৰাস্তা আছে নেকি?

-নাই।

-তেন্তে এই ঘৰবোৰৰে কোনোবা এটাত সি সোমাই থাকিব লাগিব। কিন্তু কোনে তেনেকৈ তাক সোমাই থাকিবলৈ দিব?

-টকা দিলে কিয় নিদিব? কিন্তু সি আপোনাক এনেকৈয়ে ভয় কৰি পলাই ফুৰাৰ কাৰণ কি? আপুনিয়েবা তাক এনেকৈ খেদি ফুৰিছে কিয়?

-বহুত কথা। সিমান দীঘল কথা এতিয়া কৈ শুনাবলৈ হ’লে ইস্মাইলক বিচৰা আৰু নহ’ব। সি ইতিমধ্যে পলাই ফাট মাৰিব।

-আপুনি ইয়াত সোমাই থাকোঁতে সিযে ইতিমধ্যে পলাই ফাট মৰা নাই, আপুনি কেনেকৈ জানিলে?

-অ’ হয়তো। কথাৰ ৰাগীত মই আচল কথাষাৰকে পাহৰি গৈছো। বাৰু যিহওঁক, আপুনি এতিয়াও অলপ খবৰ কৰি চাওকচোন। মোৰ কিন্তু ধাৰণা নহয়, সি ইয়াতে ক’ৰবাত সোমাই আছে। মই যে তাক অনুসৰণ কৰি এনে এখন ঠাইলৈকে আহিব পাৰোঁ, সি নিশ্চয় ভাবিব পৰা নাই। বৰঞ্চ ৰাস্তালৈ ওলাই গ’লেই ধৰা পৰাৰ ভয়ত সি ৰাতি নোহোৱা পৰ্যন্ত ইয়াতে থকাই সম্ভৱ।

-মানুহটো আপোনাৰ কি হয়?

-একো নহয়।

-শত্ৰু?

-নহয়।

    মোৰ উত্তৰ শুনি ছোৱালীজনীয়ে এটা দীঘল হুমুনিয়াহ পেলালে। তাৰ পিছত তাই আপোনমনে কৈ উঠিলঃ কোনে জানে এই অন্বেষণৰ অন্তত কি আছে।

    ছোৱালীজনীৰ কথাৰ সুৰ শুনি চক খাই উঠিলোঁ। লৰালৰিকৈ তাইক প্ৰশ্ন কৰিলোঁঃ তাৰ মানে? কাৰ কথা কৈছে আপুনি?

-আপোনাৰো। মোৰো। মৰাভিয়াৰ উপন্যাস পঢ়া বেশ্যা দেখিও আপোনাৰ মনত মোৰ বিষয়ে একো কৌতূহল জগা নাই।

-জাগিছে। কিন্তু আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে কৌতূহল প্ৰকাশ কৰি মই আপোনাক ক্ষুণ্ণ কৰিব খোজা নাই।

-মই আপোনাৰ মনোভাৱ ভালকৈয়ে বুজি পাইছো। আৰু সেই কাৰণে মই উপযাচিয়ে নিজৰ বিষয়ে আপোনাক ক’বলৈ ওলাইছো। আপুনি সেই মানুহটোক পাঁচ বছৰ ধৰি কিয় বিচাৰি ফুৰিছে, তাক  লগ পাই আপুনি কি কৰিব মই একো নাজানো। মোকো এজন মানুহে প্ৰায় পাঁচ বছৰ ধৰি বিচাৰি ফুৰিছে। মই তেওঁক দেখিছোঁ। কিন্তু তেওঁ মোক দেখা নাই। মোক দেখা পালে, আৰু এই অৱস্থাত দেখা পালে, তেওঁ বোধহয় মোক তত্ক্ষণাত মাৰি পেলাব। মৰিবলৈ মই ভয় নকৰোঁ। কিন্তু মোক দেখা পাই সেই মানুহটোৱে যি ভয়ংকৰ আঘাত পাব, সেই কথা কল্পনা কৰিবলৈকো মোৰ ভয় লাগে। আপুনি এটা মানুহৰ পাছে পাছে খেদি ফুৰিছে, মই এটা মানুহৰ আগে আঘে লৰি ফুৰিছোঁ। আপুনি বিচাৰি ফুৰা মানুহটো আৰু মোৰ মাজৰ মিলটো লক্ষ্য কৰিছে?

    ছোৱালীজনীৰ কথা শুনি মই খুব বিস্মিত হ’লো। সঁচাকৈয়ে এনে নাটকীয় যোগাযোগৰ কাৰণে মই অকণো প্ৰস্তুত নাছিলোঁ। ইমানপৰে মই থিয় হৈ আছিলোঁ। এতিয়া মোৰ বহিবৰ মন গ’ল। মোৰ সন্মুখত থিয় হৈ থকা সেই তিৰোতাজনী দেহোপজীৱীনী নে বিত্তশালিনী ভদ্ৰ মহিলা, মই বহি থকা সেই কোঠোটো পাঠগাৰ নে এজনী শ্ৰমজীৱী তিৰোতাৰ কৰ্মক্ষেত্ৰ, এইবোৰ প্ৰশ্ন নিতান্ত অবান্তৰ বুলি মোৰ মনত অনুভৱ হ’ল। অদৃষ্টৰ একোটা প্ৰহাৰত বিপন্ন সমদুখী দুটি প্ৰাণীৰ মাজত গভীৰ আত্মীয়তাখিনি মাত্ৰ সেই মুহূৰ্ততে মোৰ মনত ডাঙৰ হৈ উঠিল। মই এজনী মানুহৰ সমুখত থিয় হৈ আছোঁ, যি সংগ্ৰাম, স্বপন্ন, আশা আৰু বেদনা আমাৰ দুয়োৰে একে, সকলো মানুহৰে একে- এই পবিত্ৰ সত্যৰ নতুন উপলব্ধিয়ে মোৰ মনলৈ নতুন আৱেগ আনি দিলে। মই তাৰ বিছনাখনত বহি পৰি সহানুভূতিৰে তাইক প্ৰশ্ন কৰিলোঁ: আপোনাক বিচাৰি ফুৰা মানুহজন কোন?

-মোৰ পিতা?

    মই আৰু এবাৰ চক খালো। কিন্তু বাহিৰত সহজ ভাব দেখুৱাই পুনৰ প্ৰশ্ন কৰিলো : আপুনি মোক বন্ধু বুলি গ্ৰহণ কৰক আৰু আপোনাৰ কাহিনীটো মোক অলপ ভালকৈ কওঁক। সঁচা কথা ক’বলৈ গ’লে আপোনাৰ কথাই মোৰ কৌতূহল অদমনীয় কৰি তুলিছে।

-আপোনাক মই ক’ম। কোৱাত মোৰ নিজৰো স্বাৰ্থ আছে। বহু দিন ধৰি মই, এনে এজন মানুহৰ সন্ধানত আছিলো- যাৰ লগত মই মোৰ সমস্যাটোৰ বিষয়ে আলোচনা কৰিব পাৰোঁ। কিন্তু নৰমাংসৰ খৰিদ্দাৰৰ মাজত মই তেনে বন্ধু পাবলৈ কেনেকৈ আশা কৰিব পাৰোঁ? যাহওঁক, ঈশ্বৰে আজি আপোনাক আনি দিছে। আপুনি অলপ বহক। মই আহিছোঁ।

    পৰ্দা এখন ঠেলি ছোৱালীজনী ভিতৰলৈ সোমাই গ’ল। মই এটা চিগাৰেট জ্বলালোঁ। অলপ সময়ৰ পিছত যেতিয়া ছোৱালীজনী ঘূৰি আহিল, মই তাইক প্ৰথমতে চিনিবই নোৱাৰিলোঁ। মুখৰ অংগৰাগৰ প্ৰলেপবোৰ তাই নিকাকৈ ধুই পেলাইছে, বিচিত্ৰ ভংগীৰ খোপা খুলি চুলিবোৰ পিঠিত দীঘলকৈ মেলি দিছে, পিন্ধনতো এখন বগা শাড়ী আৰু এটা বগা ব্লাউজ।ছোৱালীজনীৰ ৰূপটো মুহূৰ্ততে যেন একেবাৰে সলনি হৈ গ’ল। মই নীৰৱ নম্ৰ দৃষ্টিৰে তাইক মোৰ সশ্ৰদ্ধ প্ৰশংসা জ্ঞাপন কৰিলোঁ।

-আপোনাক মই এটা মস্ত কাহিনী কৈ শুনাম বুলি আশা নকৰিব- তাই ক’বলৈ আৰম্ভ কৰিলে- জীৱনৰ ঘটনাবোৰ একো ভাবি-চিন্তি নঘটে। মানুহে তাক বৰ্ণাওতে মাত্ৰ নানা ৰকম আৱেগ, কল্পনা আৰু যুক্তি জোৰা লগাই দিয়ে। মই সেইবোৰ একো নকৰিম। প্ৰায় পাঁচ বছৰমানৰ আগতে কলিকতাৰ শিয়ালদহ ষ্টেছনত মই মোৰ পিতাৰ পৰা বিচ্ছিন্ন হৈ পৰোঁ। পূৰ্ববঙ্গৰ পৰা ভগনীয়া ৰূপে আহি আমি তাত আশ্ৰয় লৈছিলোঁ। সেই আশ্ৰয় আছিল নিতান্তই ভঙ্গুৰ, কাৰণ ষ্টেছনৰ প্লেটফ’ৰ্ম বিদেশাগত অতিথি-বৰ্গৰ কাৰণে কোনেও অন্নসত্ৰ খুলি বহি থকা নাছিল। সংস্কৃত পণ্ডিত ব্ৰাহ্মণ পিতাই যেতিয়া জঠৰৰ জ্বালাত পতিতাৰ উচ্ছিষ্ট আনি মুখত ভৰোৱা দেখিলো, ঘৃণাত নহয়, ব্যাথাত, বেদনাত, পিতাক এৰি থৈ অন্ধকাৰৰ বুকুলৈ জাপ দিলোঁ। একেটা জাপতে ব্ৰাহ্মণৰ পূজা-গৃহৰ পৰা আহি পৰিলোহি বেশ্যাৰ ৰতি-কক্ষত। ভাবিছিলোঁ পিতাৰ লগত সকলো হিচাপ-নিকাচ হৈছে। কিন্তু নাই হোৱা। এদিন ৰাস্তাত ফুৰিবলৈ গৈ চকুত পৰিল জীৱনত পূজাৰ কোষ-অৰ্ঘ্যৰ বাহিৰে একোতে হাত দি নোপোৱা মোৰ সেই পিতাই- শ্ৰীযুক্ত অন্নদাচৰণ মুখোপাধ্যায়ে গুৱাহাটীৰ ৰাস্তাত দুজনী তিৰোতা আৰোহী তুলি লৈ ৰিক্সা চলাইছে। সেই মুহূৰ্ততে পৃথিবীখনত একেলগে কেইটা ভূমিকম্প হৈছিল, তাৰ হিচাপ মই এতিয়া দিব নোৱাৰিম। মই লৰালৰি কৰি ওৰণিখন মুখৰ আগলৈ টানি দিলোঁ। মোৰ গাৰ কাষেদিয়ে মোৰ ৰিক্সাৱালা পিতা পাৰ হৈ গ’ল। তেওঁৰ আকুল চঞ্চল চকুৰ দৃষ্টি দেখিয়ে মই বুজিলো, সেই চকুজুৰিয়ে সকলো ঠাইতে সকলো অৱস্থাত কেৱল মোৰেই অন্বেক্ষণ কৰি ফুৰিছে। সেই দিনাখনৰ পৰা মোৰ মনত খুব ভয় সোমাল। গীতা কণ্ঠস্থ কৰা তেওঁৰ আদৰিণী দুহিতাই  আজি দেহ বেচি খোৱা বুলি আৱিষ্কাৰ কৰিলে সেই মানুহজনে কি কৰিব কল্পনা কৰিবলৈকো মোৰ ভয় লগা হ’ল। ভয় বিশেষকৈ এই কাৰণেই বেছি যে প্ৰায় খৰিদ্দাৰেই ইয়ালৈ ৰিক্সা লৈ আহে। এদিন ভাগ্যৰ ফেৰত মোৰ পিতা ইয়ালৈ আহিব লগা হয় যদি, আৰু অসতৰ্ক মুহূৰ্তত মই তেওঁৰ আগত ধৰা পৰি যাওঁ।


    ছোৱালীজনী কেইমুহূৰ্তমান স্তব্ধ হৈ ৰ’ল। ময়ো ক’বলৈ একো কথা বিচাৰি নেপাই মনে মনে ৰ’লো। হঠাত্ ছোৱালনীজনীৰ মুখত হাঁহি এটা ফুটি উঠা যেন মই দেখা পালোঁ। মোৰ ফালে তীক্ষ্ণ দৃষ্টিৰে চাই তাই প্ৰশ্ন কৰিলেঃ খুব পুতৌ হৈছে?


    মই একো উত্তৰ নিদিলো। ছোৱালীজনীয়ে পুনৰ মাত লগাতেঃ আৰু এজন মানুহক মাত্ৰ মোৰ এই কথাবোৰ কৈছিলো। সেই কলেজৰ ল’ৰাজনক। তেওঁ বোলে দুখিত হোৱা নাই, বা হোৱাৰ কোনো কাৰণ দেখা নাই। সমাজৰ নিম্নস্তৰৰ মানুহবোৰৰ প্ৰায় প্ৰতিদিনেই বৃত্তিৰ সাল-সলনি হ’বই লাগিছে। আজি যি আছিল গাঁৱৰ খেতিয়ক বা কাৰখানাৰ বনুৱা, কালিলৈ অৱস্থাৰ তাড়নাত সিয়েই  হৈছেগৈ ৰিক্সাৱালা। নগৰৰ এহেজাৰ ৰিক্সাৱালাৰ অতীত ইতিহাস ভাবি আমি যেতিয়া মূৰ নঘমাও, এটাৰ কথা ভাবি কিয় মূৰ ঘমাব লাগে? আজি যদি কোনোবা এজন ব্ৰাহ্মণে গম পায় যে, তেওঁৰ সগোত্ৰ এজন ব্ৰাহ্মণ ৰিক্সাৱালা হৈছে, তেওঁ নিশ্চয় চিৎকাৰ কৰি উঠিব, কাৰণ তেওঁ মনে মনে এই কথাও বুজি উঠিব যে এইটো তেওঁৰ শ্ৰেণীৰ ভাঙোনৰ চিন। মোৰ বন্ধুজনে আৰু কি কয় জানে? এজন ব্ৰাহ্মণো যদি ৰিক্সাৱালা হয়, সেইটো ব্যক্তিবিশেষৰ কাৰণে যিমানেই ট্ৰেজিক নহওঁক, সামাজিক গুৰুত্বৰফালৰপৰা আনন্দৰহে কথা। পাঁচহাজাৰ বছৰ ধৰি ব্ৰাহ্মণ আদি উচ্চ জাতিৰ মানুহবোৰে হাতেৰে কূটা এডাল নিছিগাকৈ লোকৰ শ্ৰমৰ ওপৰত খাই আহিছে। প্ৰথম অৱস্থাত সেই শ্ৰমবিমুখতাৰ যুক্তি আছিল জ্ঞান সাধনা। কিন্তু পিছত গৈ সকলো ফাক-ফুঁকত পৰিণত হ’লগৈ। পাঁচহাজাৰ বছৰৰ মূৰত সেই শ্ৰেণী ব্যৱস্থাত ভাঙোন ধৰিছে। এজন ব্ৰাহ্মণেও পেটৰ কাৰণে আজি ৰিক্সা টানিব লগা হয়, সি ভবাৰ কথা। তেনেকুৱা কঠিন আঘাতেই সামাজিক মনস্তত্বত বিপ্লৱ সাধন কৰে।


-আপুনি যি আৱেগেৰে কথাবোৰ কৈ গৈছে শুনি মোৰ ধাৰণা হৈছে যেন আপুনিও আপোনাৰ পিতা ৰিক্সাৱালা হোৱাত একপ্ৰকাৰ সুখী হৈছে।


-এই কথাখিনিকে মই সদায় নিজক শুনোৱাই থাকিবলৈ যত্ন কৰোঁ। নিজকে মই কঠিন কৰিবই লাগিব। নহ’লে মই যে পাগল হৈ যাম।

    হঠাত মই আৱিষ্কাৰ কৰিলো যে ঘৰটো অন্ধকাৰ হৈ আহিছে। বোধহয় সন্ধ্যা হ’ল। ছোৱালীজনীৰ মুখলৈ চাই দেখো, সময়ৰ প্ৰতি তাইৰ খেয়ালেই নাই। মই চিগাৰেট জ্বলোৱাৰ ছলেৰে জুইশলা এটা জ্বলাই দেখিলো, তাইৰ দুই গালেদি ধাৰাসাৰে পানী বৈ আহিছে। মই ফু মাৰি জুইশলাডাল নুমাই দিলো। প্ৰতিকাৰহীন এই মৰ্মপীড়াক পোহৰেৰে সদৰি কৰি লাভ কি। অন্ধকাৰেই ভাল।

    ছোৱালীজনীয়ে মাত লগালেঃ আপুনি সেই মানুহটোক কিয় বিচাৰি ফুৰিছে, মোৰ জানিবলৈ খুব মন যায়। সেই মানুহটো মোৰ দৰেই হতভগা নহয়তো?

    মই হঠাতে ঠিক কৰিলো যে ছোৱালীজনীক মই ইস্মাইলৰ কাহিনীটো বিৱৰি কৈ যাম। নিজৰ বাপেক ৰিক্সাৱালা হোৱাৰ মাজত যি ছোৱালীয়ে সামাজিক তাত্পৰ্য বিচাৰি উলিয়াব জানে, ইস্মাইলৰ কাহিনীৰ মাজত তাই আৰু এটা ঐতিহাসিক সত্যৰ সন্ধান পাব, আৰু নিজকে কঠিন কৰাৰ সাধনাত আৰু বল পাব।

-মই বিচাৰি ফুৰা মানুহটোৰ নাম ইস্মাইল।


-ইস্মাইল? ছোৱালীজনী চক খাই উঠিল। মই সেইটো আগেয়েই আশা কৰিছিলো। পূৰ্ববংগৰপৰা সাম্প্ৰদায়িক হিংসাত বিতাড়িত সকলো হিন্দু ভগনীয়াই গুণ্ডাৰ নাম শুনিলে এনেকৈ চক্ খাই উঠে। তথাপি মই তাইক সুধিলোঃ আপুনি চক্ খাই উঠিল কিয়?


-মুছলমান গুণ্ডাই আমাৰ জীৱন সৰ্বনাশ কৰিছে। এই গুণ্ডাবোৰৰ কাৰণেই মই শাস্ত্ৰজ্ঞ ব্ৰাহ্মইৰ কন্যা হৈয়ো আজি বেশ্যা। গুণ্ডাৰ নাম শুনিলে মই চক্ খাই নুঠিম? সি আপোনাৰ কি কৰিলে?


-মোৰ কাহিনীটো শুনক। মই বিচাৰি ফুৰা মানুহটোৰ নাম ইস্মাইল। আপোনাৰ দৰেই তাৰো ঘৰ আছিল পূৰ্ববংগত। তাৰ অতীত ইতিহাস মই ভালকৈ নেজানো। মাত্ৰ এইখিনি কৈ জানো যে সি আছিল কোনোবা জমিদাৰৰ তলত মাটিহীন প্ৰজা। এদিন সি হঠাতে শুনিবলৈ পালে যে তাৰ লগৰ শ শ খেতিয়ক প্ৰজা নিজৰ জন্মভূমি এৰি থৈ অসমলৈ উঠি যাব, য’ত লাখ লাখ বিঘা মাটি অনাবাদী হৈ পৰি আছে। নিজৰ জন্মভূমিত সিহঁতৰ জীৱন নিৰ্বাহৰ কাৰণে এক আঙুলি পৰিমাণো ভূমি নাছিল, ভূমিস্বামীৰ কাৰণে দাসত্ব কৰি কৰি সিহঁত আহি উপনীত হৈছিলহি নিশ্চিত মৃত্যুৰ কৰালগ্ৰাসত। বিনাদ্বিধাই ইস্মাইলে সেই দেশত্যাগী ভাগ্যান্বেষীৰ দলত যোগ দিলে।

    ছোৱালজনীৰ মুখৰ ফালে চাই মই পুনৰ ক’বলৈ আৰম্ভ কৰিলোঁ: আপুনি নিজে নিজৰ জন্মভূমি এৰি থৈ আহিবলগা হৈছে। যি মাটিৰ লগত আপোনাৰ প্ৰাণ অচ্ছেদ্যভাৱে জড়িত, সেই বন্ধন ছিঙি আহিবৰ সময়ত আপোনাৰ কেনে লাগিছিল? ইস্মাইলৰ হৈ মই উত্তৰ দিওঁ, ঠিক ইস্মাইলৰ যেনে লাগিছিল, ইস্মাইলৰ ঘৈণীয়েকৰ, ইস্মাইলৰ ল’ৰা-ছোৱালীৰ যেনে লাগিছিল।

    ক্ৰোধান্বিত মুখেৰে ছোৱালীজনীয়ে প্ৰতিবাদ কৰি উঠিলঃ আপুনি এইবোৰ কি হৈছে? সিহঁতে স্বইচ্ছাই জন্মভূমি ত্যাগ কৰিছিল। আমাক যেনেকৈ মাৰি-কাটি তৰোৱালৰ আগেৰে খেদি দিয়া হৈছে, সিহঁতক তেনেকৈ কোনেও খেদি দিয়া নাই। দুয়োটা কথা কেনেকৈ একে হ’ব?


-ইস্মাইলে যেতিয়া দেশত্যাগ কৰি গুচি আহে, তাৰ ঘৈণীয়েকে ঘৰৰ ভেটিত পৰি বাগৰি বাগৰি কান্দিছিল, ঘৰৰ চালত বগোৱা লাও এডালৰ পৰা বিদায় লৈ আহিবৰ সময়ত তাইৰ বুকু ভাঙি গুৰি হৈ গৈছিল। তথাপিও আপুনি ক’ব খোজে, সিহঁতে স্বইচ্ছাই দেশত্যাগ কৰিছিল? সিহঁতক কোনেও এখন অদৃশ্য তৰোৱালৰ আগেৰে খেদি দিয়া নাছিল?

-কোনে সিহঁতক খেদি দিছিল?

-ইতিহাসৰ ষড়যন্ত্ৰই, যি ইতিহাসৰ গতি অতদিন ধৰি নিৰূপণ কৰি আহিছে এমুঠি ভূস্বামী আৰু পুঁজিপতি। যি ইস্মাইলহঁতৰ বুকুৰ তেজে মাটিক স্বৰ্ণসুৱনী কৰে, সেই মাটিত সিহঁতৰ অধিকাৰ নৰজিল কিয়? কিয় সিহঁত দেশত্যাগী হ’ব লগা হ’ল? শাসনযন্ত্ৰ চালু ৰাখিবলৈ যিমান দাসৰ প্ৰয়োজন, তাতকৈ সিহঁতৰ সংখ্যা বৃদ্ধি হোৱাত কুকুৰ-মেকুৰীৰ দৰে দলে দলে বিতাড়িত কৰা হ’ল ইস্মাইলহঁতক। জন্মভূমিৰ পৰা বিতাড়িত হৈ আহিবৰ সময়ত ইস্মাইলৰ ঘৈণীয়েক আৰু আপোনাৰ চকুৰপৰা চকুপানী ওলাইছিল, সেই চকুপানীৰ কোনো ধৰ্ম নাই। সেই চকুপানী হিন্দু চকুপানী বা মুছলমান চকুপানী নহয়।

-আপুনি পাহৰি গৈছে কিয় যে মুছলমানবোৰে আমাক জন্মভূমিৰ পৰা খেদি দিছে ধৰ্মৰ নামত। ধনী-দৰিদ্ৰ নিৰ্বিশেষে সকলো হিন্দুক সিহঁতে নাৰকীয় অত্যাচাৰ কৰিছে। এই হিন্দুমেধ যজ্ঞৰ ঘাই হোতা আছিল আপোনাৰ এই ইস্মাইলহঁতেই। আপুনি এই কথাও পাহৰি নেযাব যে ১৯৪৭ চনত ঢাকাৰ ৰাজপথ যি তেজেৰে ৰঞ্জিত হৈছিল সেই তেজৰ এটা ধৰ্ম আছিল। সি হ’ল হিন্দু ধৰ্ম।

-ঠিক একে সময়তে দিল্লীৰ ৰাজপথতেদি তেজেৰে ৰঞ্জিত হৈছিল, তাৰো তেন্তে এটা ধৰ্ম আছে। সি হ’ল মুছলমান ধৰ্ম। কিন্তু আপুনি নাৰী হৈ তেজ আৰু চকুপানীৰ পাৰ্থক্য বুজি নেপায়। চকুপানীৰ উত্স হ’ল হৃদয়, চকুপানীৰ উৎস মানৱতা, চকুপানী নিৰ্গত হয় স্বতস্ফূৰ্তভাৱে, হৃদয়ৰ প্ৰেৰণাত। সেই কাৰণে সি পবিত্ৰ আৰু সত্য। কিন্তু তেজ ওলায় বাহিৰৰ আঘাতত, হিংসাৰ আঘাতত। সি অশুচি আৰু অসত্য। অশুচি আৰু অসত্যৰ যি ধৰ্ম, সি অধৰ্ম।

    ছোৱালীজনী এইবাৰ নিৰুত্তৰ হৈ ৰ’ল। এইবাৰ যেন তাইৰ নিজকে প্ৰশ্ন কৰাৰ পাল।

-তদুপৰি আপোনাসকলক মুছলমানে খেদা নাই, সাম্প্ৰদায়িক উন্মাদনায়ো খেদা নাই। আপোনসকলকো খেদি ফুৰিছে ইতিহাসৰ সেই একেটা ষড়যন্ত্ৰই। আপুনি অলপ আগতে ক’লে আপোনাসকলৰ ওপৰত অত্যাচাৰ চলিছিল ধৰ্মৰ নামত। কিন্তু ধৰ্ম কি বস্তু নাজানে? ইতিহাসৰ প্ৰত্যেক যুগতে এমুঠি ভূস্বামী আৰু পুঁজিপতিয়ে কোটি কোটি নীচ-দৰিদ্ৰ জনসাধাৰণক পৃথিৱীৰ সকলো সুখ-সম্ভোগৰ পৰা বঞ্চিত কৰি আহিছে কল্পিত স্বৰ্গলোক বা পৰকালত বহি খোৱাৰ লোভ দেখুৱায়। বাইবেলতো স্পষ্টকৈ কৈয়েই দিয়া হৈছে, কেৱল দুখীয়াবোৰেহে স্বৰ্গলৈ যাব পাৰিব। ধনীবোৰৰ বন্দৱস্তটো হ’ল ঠিক এনেকুৱাঃ তহঁত অৰ্থাত্‍, নীচ দাসবোৰে এই জন্মত যদি নিজৰ সকলো সুখ-সম্ভোগ বিসৰ্জন দি আৰাম সেৱা কৰ, তেন্তে ইয়াৰ পিছত স্বৰ্গত অনন্তকাল তহঁতো মদ-মাংস-বেশ্যা লৈ আৰাম কৰি খাই থাকিব পাৰিবি। কাৰণ কেৱল দুখীয়া আৰু ভিক্ষাৰী-সন্ন্যাসীবোৰকহে স্বৰ্গলৈ যোৱাৰ পাছপ’ৰ্ট দিয়া হ’ব। আমি ধনীবোৰটো নৰকলৈ যাবই লাগিব, গতিকে এই জন্মতে অলপ ভোগ কৰি লওঁ। অথচ ধনীবোৰ, সমাজৰ আটাইতকৈ বুদ্ধিমান শ্ৰেণী হৈয়ো, পৰজন্মৰ অনন্ত নৰকবাসৰ বিনিময়ত কিয় যে এই জন্মৰ ক্ষণ-স্বৰ্গ বাছি লৈছে, সেই ৰহস্য কোনো শাস্ত্ৰকাৰে আজিলৈকে ব্যাখ্যা কৰি দিয়া নাই। ধৰ্ম কি বস্তু জানেনে? এসময়ত ৰোমৰ পোপে নিজৰ দেৱলীয়া চন্দুক পৰ কৰিবৰ কাৰণে ধৰ্মৰ নামত স্বৰ্গৰ দালালী, কৰিছিল, অৰ্থাত্‍, নগদ অৰ্থৰ বিনিময়ত ইউৰোপত স্বৰ্গলৈ যোৱাৰ প্ৰৱেশ পত্ৰ বিক্ৰী কৰি ফুৰিছিল। ইছলামৰ মতে এজন কাফেৰক আল্লাত বিশ্বাসী কৰিব পাৰিলে পূণ্য হয়। পৰৰ মুক্তিৰ চিন্তাত ইমান মাথা ব্যথা কিয়? আৰু সেই মাথা ব্যথাৰ কাৰণে শাস্ত্ৰত পূণ্যৰ লোভ দেখুৱাব লাগে কিয়? তাৰ যুক্তি ধৰ্মৰ মাজত নাই, আছে নৱগঠিত আৰব জাতীয় চেতনা আৰু তাৰ মুখপত্ৰ আৰব পুঁজিস্বাৰ্থৰ প্ৰসাৰৰ তাগিদাৰ মাজত। ইছলামৰ এই অনুশাসনৰ ফলত এসময়ত স্পেইনৰ পৰা ইণ্ডোনেছিয়ালৈকে কোটি কোটি কাফেৰক তৰোৱালৰ সহায়েৰে আল্লাত বিশ্বাসী কৰি তোলা হৈছিল, এই পূণ্য ব্ৰতত লাখ লাখ দৰিদ্ৰ সৈনিকে প্ৰাণ দিছিল। এই ভাগ্যৰ বিনিময়ত সেই লাখ লাখ অনামা সৈনিকৰ বেহেস্ত লাভ হৈছিল, তাৰ প্ৰমাণ ইতিহাসত আছে। হিন্দুৰ মন্দিৰবোৰত যুগ যুগ ধৰি পুঞ্জীভূত হোৱা স্বৰ্ণ বৈভৱেৰে কোটি কোটি মানুহক এই জীৱনতে দাৰিদ্ৰৰ নৰকৰ পৰা মুক্তি দিব পাৰি, কিন্তু তাৰ দুৱাৰ সাৱটি বহি আছে ধৰ্মৰ পাণ্ডা স্বৰ্গৰ দালাল ব্ৰাহ্মণবোৰ।…. এই ধৰ্মৰ কাৰণেই পূৰ্ববঙ্গৰ মুছলমানবোৰে নিজৰ হাত হিন্দুৰ তেজেৰে ৰঞ্জিত কৰিছিল। আচল কথা কি জানে? ইতিহাসৰ লীডাৰবোৰে সিহঁতক মদ খুৱাই দিছিল। ধৰ্মৰ মদ। মদ নেখালে সুস্থ অৱস্থাত কোনোবা মানুহে আসন্ন প্ৰসবা তিৰোতাক ধৰ্ষণ কৰিব পাৰে?

    একে উশাহতে দীঘল বক্তৃতাটো দি ছোৱালীজনীলৈ মূৰ তুলি চালোঁ। তাইৰ যেন আৰু সুধিবলৈ একো প্ৰশ্ন নাই, প্ৰতিবাদ কৰিবলৈ একো যুক্তি নাই।

-ইস্মাইলৰ কাহিনীটো শুনক- মই পুনৰ আৰম্ভ কৰিলো- সিহঁতে আহি অসমৰ অটব্য অৰণ্যৰ মাজে মাজে নতুন বসতি স্থাপন কৰিলে। জন্মৰপৰা মৰণলৈকে সিহঁতৰ জীৱনটো হ’ল প্ৰকৃতিৰ লগত অবিৰাম সংগ্ৰাম। সিহঁত হ’ল এই ধৰণীৰ বীৰ সন্তান। কোনো আঘাততেই সিহঁত ভাগি নপৰে। প্ৰতি বছৰে ব্ৰহ্মপুত্ৰৰ বলিয়া বান আহি সিহঁতে বুকুৰ তেজ দি গঢ়ি তোলা সোণৰ সংসাৰ উটুবাই লৈ যায়, নতুন উদ্যমেৰে িসহঁতে সেই সংসাৰ পুনৰ গঢ়ি তোলে। এইদৰে প্ৰায় বাৰ বছৰমান পাৰ হৈ গ’ল। কিন্তু ১৯৫৪ চনত প্ৰকৃতিয়ে সিহঁতৰ বিৰুদ্ধে আৰম্ভ কৰিলে এটি নতুন কৌশল। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই হেজাৰ হেজাৰ বিঘা মাটি খহাই নিবলৈ আৰম্ভ কৰিলে। চাওঁতে চাওঁতে দু‍বছৰমানৰ ভিতৰতে ইস্মাইলহঁতৰ গাঁও আৰু খেতিপথাৰ নদীৰ বুকুত জাহ গ’ল। ভূতৰ ওপৰত দানহৰ দৰে গছৰ তলত আশ্ৰয় লোৱা সেই মানুহবোৰক আক্ৰমণ কৰি জহনী মহামাৰী বেমাৰত বহু মানুহ মৰিল। লগতে মৰিল ইস্মাইলৰ ঘৈণীয়েক আৰু বাৰ বছৰীয়া পুতেক এটা। থাকিল মাত্ৰ এহাল নাবালক ল’ৰা-ছোৱালী। আপুনি অলপ আগতে কৈছিল, জীৱনত ঘটনাবোৰ একে বাৰে ভাবি-চিন্তি নঘটে। মানুহে তাক বৰ্ণাওতে মাত্ৰ আৱেগ, কল্পনা আৰু যুক্তি জোৰা লগাই দিয়ে। ময়ো আপোনাৰ দৰে সেইবোৰ একো নকৰো। কিন্তু ইস্মাইলৰ কাৰণে মোৰ অলপ কান্দিবলৈ মন যায়। যাহওক, গৰাখহনীয়াত সৰ্বস্ব হেৰুৱাই ইস্মাইলৰ গাঁৱৰ প্ৰায় এশ ঘৰ পৰিয়ালে মাটিৰ কাৰণে চৰকাৰৰ ওচৰত আবেদন কৰিলে। সেই আবেদনৰ একো উত্তৰ নাহিল। তৎক্ষণাত  ঘৰ পাতিব পৰা অন্য মাটিও ক’তো পৰি থকা নাছিল। অৱশেষত সিহঁতে প্ৰাণৰ তাগিদাত আইন লংঘন কৰাকে ঠিক কৰিলে। সিহঁতে জোৰকৈ দখল কৰিবলৈ আৰম্ভ কৰিলে চৰকাৰী সংৰক্ষিত চৰণ ভূমি। ঠিক এই অৱস্থাতে ৰংগমঞ্চত অৱতীৰ্ণ হ’লো মই।

-কেনেকৈ? ছোৱালীজনীয়ে প্ৰশ্ন কৰিলে।

-চৰকাৰী কমৰ্চাৰী হিচাবে চৰকাৰৰ সংৰক্ষিত মাটিত ইস্মাইলহঁতৰ এই বেআইনী দখল উচ্ছেদৰ দায়িত্ব আছিল মোৰ। এদিন মই সশস্ত্ৰ চিপাহী পিয়াদা আৰু দহ-বাৰটা হাতী লৈ ইস্মাইলহঁতৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিলো। আইনৰ নিৰ্দেশ মতে মই ঘৰবোৰ হাতীৰে গছকাই ভঙাই দিব লাগে। গাঁওখনৰ এমূৰত থিয় হৈ হাতী এটাৰ ওপৰত উঠি মই চাৰিওফালে পৰিৱেশটো নিৰীক্ষণ কৰি চালো। মাইলৰ পিছত মাইল জোৰা দিগন্ত বিস্তৃত নলখাগৰি আৰু উলু বনৰ পথাৰ- তাৰে মাজৰ এচকলা ঠাইত সৰু সৰু এশটা জুপুৰি ঘৰ। বতাহৰ অবিশ্ৰান্ত হু-হুৱনিয়ে গভীৰ কৰি তোলা সেই অৰণ্যৰ নিৰ্জন আৰু বিশালতাৰ পটভূমিত সেই সৰু সৰু একোটা ঘৰ আৰু কৰুণ-কোমল মুখৰ নিৰীহ অধিবাসীবোৰক ইমান অসহায় আৰু দুৰ্বল যেন দেখাইছিল যে, সিহঁতৰ সেই সামান্য আশ্ৰয়স্থল ভাঙি থৈ যোৱাৰ পৰিৱৰ্তে গোটেইবোৰকে বুকুত সাৱটি লৈ মৰম কৰি সিহঁতক অভয় দিবলৈ মোৰ মন গৈছিল। হঠাতে মই ঘৰ ভাঙিবলৈ হুকুম দি পেলালোঁ। এদল হাতী ঘৰবোৰৰ ওপৰত জঁপিয়াই পৰিল। তিৰোতা আৰু ল’ৰা-ছোৱালীবোৰ চিঞৰি চিঞৰি কান্দিবলৈ আৰম্ভ কৰিলে। বতাহে সিহঁতৰ কান্দোনক চাৰিওফালে সিঁচৰিত কৰি দলিয়াই পেলালে। হঠাতে এজন মানুহ বলিয়াৰ দৰে মোৰ ফালে দৌৰি আহিল। হাত দুখন আসাখৰ ফালে তুলি মোৰ ফালে চাই চিঞৰি চিঞৰি কান্দিবলৈ আরম্ভ কৰিলেঃ ‘মোৰ দোহাই হুজুৰ, মোৰ ঘৰটো নেভাঙিব, মোৰ ছোৱালী দুয়োটাৰে বসন্ত বেমাৰ, মই মাঘ মাহৰ জাৰত ঘৰ এভূমুকি নহ’লে সিহঁত আজি ৰাতিয়ে মৰি যাব। সিহঁতৰ মাক মৰি গৈছে হুজুৰ, দাদা মৰি গৈছে। সিহঁতে বহুত দিন পেট ভৰাই খাবলৈ পোৱা নাই। হুজুৰ হুজুৰ।’ কথাখিনি কৈ কৈ সি কান্দি কান্দি মাটিত বাগৰি পৰিল। মই তৎক্ষণাত তাৰ ঘৰ নেভাঙিবলৈ হুকুম দিলো। কিন্তু মণ্ডলে আহি খবৰ দিলে ইতিমধ্যে তাৰ ঘৰ ভঙা হৈ গৈছে। ঘৰ ভঙা কথা শুনি ইস্মাইল মাটিৰপৰা উঠি থিয় হ’ল। তাৰ চকুৱে-মুখে হঠাত্‍এটা অসহ্য যন্ত্ৰণাময় কঠিনতা ফুটি উঠিল। ‘খোদা, ইয়াৰ কাৰণেই চাৰা দুনিয়া বাগৰি ফুৰিলোঁ, দেশ এৰি বিদেশ আহি, নিজৰ মাইকীক জহনীৰ মুখত দিলোঁ, বেমাৰী মাউৰা, ল’ৰা-ছোৱালীহালক সুখেৰে ৰাখিবলৈ তুমি মূৰৰ ওপৰত চালি এডোখৰো নেৰাখিলা।’


    কথা কেইষাৰ সি অদৃশ্য খোদাৰ উদ্দেশ্যে কৈ লাহে লাহে মোৰ আগৰপৰা আঁতৰি গ’ল। মোৰ আৰু ক’বলৈ একো নাছিল। মানুহটোৰ নাম-ধাম যাৱতীয় বিৱৰণ লিখি ল’লো। তাৰপাছত ঘৰ-দুৱাৰ ভাঙি শেষ কৰি নিজৰ ঘৰলৈ গুছি আহিলোঁ। পিছদিনা পুৱা মই উঠি পিৰালিত থিয় হৈয়েই যি দৃশ্য দেখিলো, আমৰণ সি মোক উন্মাদ কৰি ৰাখিব। পিৰালিতে দুটা ল’ৰা-ছোৱালীৰ মৃতদেহ, দুয়োৰে মুখ বসন্তৰ ক্ষতচিহ্নৰে বীভৎস। মোৰ আৰু একো বুজিবলৈ বাকী নৰ’ল। লগে লগে এটা তীব্ৰ আৰ্তনাদ কৰি মই মূৰ ঘূৰাই পৰি গ’লো।


    পিছত খবৰ লৈ মই জানিব পাৰিলোঁ, মই ঘৰ ভাঙি থৈ অহাৰ ৰাতিয়েই ইস্মাইল তাৰ ল’ৰা-ছোৱালী দুটাৰ সৈতে গাঁৱৰপৰা অন্তৰ্দ্ধান হৈছিল। ল’ৰা-ছোৱালী দুটাৰ খবৰ লাহে লাহে সকলোৱে পালে, কিন্তু ইস্মাইলৰ খবৰ আজিলৈকে কোনেও নেজানে। হয়তো কাৰো প্ৰয়োজনো নাই। কিন্তু মই তাক বিচাৰি উলিয়াবই লাগিব। মানুহৰ পাশৱিক আইন আৰু শাসনযন্ত্ৰৰ হৈ মানৱতাৰ দোহাই তাৰ ওচৰত ক্ষমা খুজিবই লাগিব। নহ’লে মৰিও শান্তি নেপাম।

    ইস্মাইলৰ কাহিনী শেষ কৰি মই খন্তেক সময় মনে মনে বহি ৰ’লো।

    ছোৱালীজনীয়ে কিবা ক’ব বুলি আশা কৰিছিলো, কিন্তু তায়ো নীৰৱ হৈ ৰ’ল। ঘৰৰ ভিতৰখন তেতিয়া সম্পূৰ্ণ এন্ধাৰ হৈ আহিছিল। ‘লেম্প-চাকি একো নজ্বলায়।’ ----মই তাইক সুধিলো। তাই একো উত্তৰ নিদিলে।

    মই বুজিলো, ঘৰটো আলোকিত কৰি তাই এতিয়া খৰিদ্দাৰ আহ্বান কৰিব খোজা নাই। ইস্মাইলক মই বিচাৰি উলিয়াবই লাগিব। বাৰে বাৰে সেই শপত মই মনে মনে উচ্চাৰণ কৰিলো। কিন্তু তাৰ মাজে মাজে অন্ধকাৰত স্তব্ধ হৈ বহি থকা সেই ছোৱালীজনীৰ কথাই মোৰ মনত দোলা দিবলৈ ধৰিলে। মই এটা মানুহৰ পিছে পিছে খেদি ফুৰিছো, তাই আন এটা মানুহৰ আগে আগে দৌৰি ফুৰিছে। মই বিচাৰি আহিছিলো ইস্মাইলক, বাটতে লগ পাই গ’লো সেই দেহোপজীৱীনী ছোৱালীজনীক। বিচাৰিছিলো ইস্মাইলৰ খবৰ, পাই গ’লো অন্নদাচৰণ মুখোপাধ্যায়ৰ খবৰ। কিন্তু কি আচৰিত, সিহঁত সকলো একে, সকলোৰে কাহিনী একে। সিহঁতে নিজে বুজিব নোৱাৰিলেও আচলতে সিহঁত সকলোৱেই ইতিহাসৰ একেটা ষড়যন্ত্ৰৰে বলি...। এই ছোৱালীজনীক অন্ধকাৰত অকলে এৰি থৈ গৈ মই এতিয়া কেৱল ইস্মাইলকে কেনেকৈ বিচাৰি ফুৰিম? মই বিচাৰিব লাগিব অন্নদাচৰণ মুখোপাধ্যায়কো। তেওঁক লগ পোৱাৰ পিছত বা আকৌ আৰু কাক বিচাৰিব লগা হয়? পৃথিৱীৰ কোটি কোটি ইস্মাইল-অন্নদাহঁতক বিচাৰি ফুৰাৰ সাধ্য কাৰ আছে? আচলতে সিহঁতৰ এটাক জানিলেই সকলোৰে খবৰ জনা যায়। এতিয়া কেৱল বিচাৰি উলিওৱাৰ প্ৰয়োজন ইস্মাইল আৰু অন্নদাহঁতৰ শত্ৰুবোৰক, মানৱতাৰ শত্ৰুবোৰক।

    সময় বহুত হৈছিল। মই উঠিব খুজি ছোৱালীজনীক পুনৰ সুধিলোঁ: লেম্পটো নজ্বলায়? এইবাৰো তাই একো মাত নেমাতিলে, অথবা লেম্পটো জ্বলাবলৈকো কোনো আগ্ৰহ নেদেখুৱালে।

    মোৰ ধাৰণা হ’ল, মই কৈ শুনোৱা কাহিনীটোৰ পোহৰত তাই নতুনকৈ বিচাৰ কৰি চাবলৈ আৰম্ভ কৰিছে- ইস্মাইল মানুহ নে মুছলমান। তাইৰ মন উধাও হৈ গৈছে ইস্মাইল শ্বেখৰ  সন্ধানত।

--------------------------------------

No comments