Page Nav

HIDE

Grid

GRID_STYLE

আপুনি অসমীয়া ভাষাৰ ক্ষতি কৰিছে নেকি?

চিৰচেনেহী ভাষা ক্ষতিগ্ৰস্ত হৈছে কিদৰে...                                                               ...ভাষাটোৰ বুনিয়াদ ৰচনা কৰা নমস্য সাহ...


চিৰচেনেহী ভাষা ক্ষতিগ্ৰস্ত হৈছে কিদৰে...                                                            

 ...ভাষাটোৰ বুনিয়াদ ৰচনা কৰা নমস্য সাহিত্যিকসকলে সেই সময়ত লিখা ভাষাটোলৈ আজি বহু পৰিৱৰ্তন আহিছে...নিৰৰ্থক শব্দ প্ৰয়োগেৰে ভাষাটোক ক্ষতিগ্ৰস্ত কৰাটোৰ সমান দোষণীয় কাম আৰু একো নাই...

                          চন্দন শৰ্মা

         বহুদিন আগৰ কথা | আমাৰ চুবুৰীৰ ককাইদেউ এজনে এদিন কিবা কথা প্ৰসংগত কৈছিল যে তেওঁৰ শিক্ষক বন্ধু এজনে কৈবৰ্ত উপাধিটো হেনো ভুলকৈ 'কৰ্তব্য' বুলি উচ্চাৰণ কৰে | কথাটো তেওঁক বন্ধু মহলে কেইবাবাৰো দৃষ্টিগোচৰ কৰা সত্ত্বেও তেওঁ শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ সমৰ্থ নহ'ল | দৈনন্দিন জীৱনত এইদৰে ভুল উচ্চাৰণেৰে অসমীয়া ভাষাটোৰ ক্ষতি সাধন কৰা লোক আমাৰ মাজত বিচাৰিলে বহুত ওলাব | আটাইতকৈ ডাঙৰ কথাটো হ'ল ইয়াৰ দ্বাৰা উঠি অহা চাম অধিক ক্ষতিগ্ৰস্ত হৈছে | তেওঁলোকক শুধৰাই নিদিলে ভুল উচ্চাৰণ এটাকে সদায় শুদ্ধ বুলি ভাবি থাকিব | প্ৰায়ে দেখি আহিছোঁ যে সচৰাচৰ ব্যৱহাৰ হৈ অহা কিছুমান শব্দ ভুলকৈ উচ্চাৰণ কৰি অহাৰ ফলত এতিয়া ভুলেই আমাৰ ভাষাত জীণ গৈ শুদ্ধ ৰূপ লৈছেগৈ | উদাহৰণস্বৰূপে , শৰ্মা আৰু দাস উপাধি দুটাই মূল শুদ্ধ উচ্চাৰণৰ সলনি 'ছৰ্মা' আৰু 'দাছ'ৰ ৰূপ লৈছে | সন্দেহ নাই যে এয়া আমাৰ বাংলাপ্ৰীতি | বাংলাই আমাৰ বহুতৰে মূৰ খালে | পিছে বাংলাভাষীসকলে  কেতিয়াও অসমীয়া ভাষা অনুসৰণ নকৰে | সি যি কি নহওক , বাংলাত সংসদক চংচদ , প্ৰসন্নক প্ৰচন্ন , বাংলাদেশক বাংলাদেছ আদি উচ্চাৰণ কৰাৰ বিষয়ে আমি আটায়ে জানো | বাংলাৰ প্ৰতি থকা আমাৰ অহৈতুক অন্ধপ্ৰেম দূৰ নহ'লে আমি অসমীয়া ভাষাটোক শুদ্ধ ৰূপত জীয়াই ৰখাত ব্যৰ্থ  হ'ম | এক কথাত ক'বলৈ হ'লে, মাতৃভাষা অসমীয়া হিচাপে বা এজন অসমীয়াভাষী হিচাপে ভাষাটোৰ ক্ষতি হ'ব পৰা কোনো কামেই আমি কৰা অনুচিত | টিভি চেনেলৰ সাংবাদিকসকলে চিঞৰি থাকে , কেমেৰা পাৰ্ছন বিকাছৰ সৈতে মই ছুভাছ বা মানছ , ছিলপুখুৰী | আচলতে অসমীয়া ভাষাৰ শুদ্ধ উচ্চাৰণ সম্পৰ্কীয় কথাবোৰ ল'ৰাহঁতক সৰুৰে পৰা শিকাব পাৰিলে যে অধিক সুফল পাম তাত বোধহয় কাৰো দ্বিমত নাই | ব্যাখ্যা , ব্যক্তি , তক্ষক , প্ৰতীক্ষা , প্ৰমথেশ , ভোট , ভূত , আৰু , বৰষুণ , যোৰহাট , ডেস্ক , তিৰাশী , ত্ৰুটী , দন্ত্য ,  মুৰ্কংচেলেক , দীক্ষিতা   ইত্যাদি শব্দবোৰ শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ তেওঁলোকক শিকাব পাৰি | মন কৰিবলগীয়া যে বেছিভাগ ইংৰাজী অভিধানতে ইংৰাজী শব্দ এটাৰ শুদ্ধ উচ্চাৰণ কেনেকৈ কৰিব লাগে সেই কথা অভিধান এখনৰ প্ৰতিটো শব্দৰ কাষত বন্ধনীৰ ভিতৰত উল্লেখ থাকে | অসমীয়া অভিধান এখনত সেই নিৰ্দেশনা বিচাৰি চলাথ কৰিলেও পাবলৈ নাই | এইখিনিতে অসমীয়া শব্দৰ শুদ্ধ উচ্চাৰণ শিকিবলৈ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা , বীৰেন্দ্ৰ নাথ দত্ত , পুলক বেনাৰ্জী আদিৰ গীত শুনা , আকাশবাণীৰ বাতৰি শুনা , দূৰদৰ্শনৰ বাতৰি চোৱা , ভাষাটোৰ শুদ্ধ উচ্চাৰণ  সম্পৰ্কীয় কৰ্মশালা , আলোচনা আদিত উপস্থিত থকা , অসমীয়া ভাষাৰ ওপৰত সদায় গুৰুত্ব দি অহা লোকৰ নিৰ্বাচিত কথিকা মনোযোগেৰে শুনা আদি দৈনন্দিন কাৰ্যসূচীৰ ভিতৰলৈ আনিব পাৰি | মুঠতে শব্দৰ শুদ্ধ উচ্চাৰণ শিক্ষাৰ এটা ঘাই অংগ হিচাপে বিবেচিত হ'ব লাগে |

নিৰৰ্থক শব্দ প্ৰয়োগেৰে ভাষাটোক ক্ষতিগ্ৰস্ত কৰাটো দোষণীয় 

                অসমীয়া ভাষাৰ প্ৰকাশিকা শক্তি দুৰ্বল নহয় | মেটমৰা শব্দভাণ্ডাৰেৰে ই এটা চহকী ভাষা | ভাষাটো বিকৃত কৰাটো নি:সন্দেহে এটা অক্ষমণীয় অপৰাধ | নিভাঁজ অসমীয়া শব্দেৰে মনৰ ভাব প্ৰকাশ কৰাটোক আটায়ে দায়িত্বস্বৰূপে ল'ব লাগে | সি যি কি নহওক , আজিকালি ল'ৰাহঁতে কিছুমান অদ্ভুত শব্দ বাক্যত প্ৰয়োগ কৰা দেখা গৈছে | অভিধানত শব্দবোৰৰ অৰ্থ বিচাৰি আমাৰ দৰে ভোটাবুধিয়াসকল বিমোৰত পৰোঁ | উদাহৰণস্বৰূপে , তোৰ মূৰত 'মাল' নাই নেকি ? 'টেমা' গৰম হৈ গৈছে | ইমান 'কামোৰ' দি নাথাকিবিচোন | 'বিন্দাচ' ঘৰতে শুই থাকিম | তাক 'বটলা' লাগিছে 'বে' | পিছফালে 'লটকি' নাযাবচোন | 'কেছ'টো কি ধৰিব পৰা নাই | কথিত ৰূপত চলি থকা এই শব্দবোৰকে যদি লিখিত ৰূপ দিয়া হয় , তেন্তে আমাৰ ভাষাটোৰ শ্ৰাদ্ধ হ'বলৈ বেছি দিন নালাগে | আনহাতে বহুতে আজিকালি মোবাইলত  কিছুমান শব্দ চমুকৈ লিখা দেখা গৈছে | যেনে....plz , 4m , beeze , tq ইত্যাদি | ই অতি অশোভনীয় আৰু ক্ষতিকৰ হৈছে | শুনিবলৈ পাইছোঁ একাংশ ছাত্ৰ-ছাত্ৰীয়ে এইবোৰ পৰীক্ষাৰ বহীত লিখিবলৈ লৈছে । নৱপ্ৰজন্মই ভাষাটোৰ নিভাঁজ ৰূপটো চৰ্চা কৰক | কোনো লাগ-বান্ধ নথকা নিৰৰ্থক শব্দ প্ৰয়োগেৰে ভাষাটোক ক্ষতিগ্ৰস্ত কৰাটোৰ সমান দোষণীয় কাম আৰু একো নাই | তেওঁলোকে জনা-বুজা হোৱাৰে পৰা ভাষা বিজ্ঞানসন্মত পদ্ধতিৰে ভাষাটো শুদ্ধকৈ শিকি লওক | ভাষাটো শুদ্ধকৈ নাজানিলে ভৱিষ্যতে তেওঁলোক নানা আহুকালত পৰাটো খাটাং |

অসমীয়া ভাষা সৰলীকৰণৰ সিদ্ধান্ত 

                 বহু সময়ত আমাৰ ব্যাকৰণৰ সাধাৰণ জ্ঞানখিনি নথকাৰ বাবে অসমীয়া ভাষাত এটা শব্দ বা বাক্য লিখোঁতে যি আহুকালৰ সন্মুখীন হ'বলগীয়া হয় সেই কথা ভুক্তভোগীসকলে বাৰুকৈয়ে উপলব্ধি কৰে | ইয়াৰে কিছু সংখ্যকৰ ভাষাটো শুদ্ধকৈ জনাৰ প্ৰতি অসীম আগ্ৰহ থকাৰ বিপৰীতে একাংশৰ শুদ্ধকৈ শিকাৰ প্ৰতি হাউছতো নায়েই , তেনে অবুজন লোকৰ আগত শুদ্ধ ৰূপটো যুক্তিসহ সবিনয়ে দাঙি ধৰিলেও কোনোপধ্যে মানি ল'ব নোখোজে | তেওঁলোকক ক'ব পাৰি, গৰুৰ আগত টোকাৰী বায় শিং জোকাৰি ঘাঁহ খায় । এই স্বভাৱটো , এজন ব্যক্তি ওপৰলৈ উধাব পৰাৰ অপাৰ সম্ভাৱনা থকাৰ পাছতো যে বাধাৰ শক্তিশালী প্ৰাচীৰ হৈ পৰে তাত আমাৰ তিলমানো সন্দেহ নাই | এইখিনিতে এই প্ৰসংগ ইয়াতে এৰি অন্য এটা  প্ৰসংগৰ পাতনি মেলিব খুজিছোঁ | যিসকলে মূলত: অসমীয়াত লিখা-মেলা কৰিব খোজে বা অসমীয়া মাতৃভাষাত শিক্ষা লৈ ভৱিষ্যতে উন্নতি কৰাৰ সপোন পুহি ৰাখিছে , তেওঁলোকে অতি কষ্টেৰে ভাষাটো শিকি ল'বই লাগিব | অসমীয়া ভাষাৰ ব্যাকৰণৰ জ্ঞানখিনি স্কুলীয়া স্তৰতে লাভ কৰাটো যে বহু দিশৰ বিচাৰেৰে অতি গুৰুত্বপূৰ্ণ সেই কথাত নিশ্চয় কাৰো দ্বিমত নাই | এই দফাটোৰ আলোচনাত মাত্ৰ এটাহে গুৰুত্বপূৰ্ণ কথা সামৰিব খুজিছোঁ | ভু ৰখা মহলে এই কথা প্ৰায়ে সজোৰে কৈ আহিছে যে অসমীয়া ভাষাৰ উন্নতিৰ স্বাৰ্থত ভাষাটোৰ বানান-ৰীতি একেডাল সৰলৰেখাত উপনীত হ'ব লাগে | এক কথাত ক'বলৈ হ'লে , সাহিত্যিকসকলৰ ৰচনাৰাজি , শিক্ষা-প্ৰতিষ্ঠানৰ কিতাপ-পত্ৰ , বাতৰিকাকত , আলোচনী , টেলিভিছন চেনেলৰ বানান-ৰীতি বেলেগ বেলেগ নহৈ একে হ'ব লাগে | উদাহৰণস্বৰূপে , ণত্ব বিধিৰ এটা নিয়মৰ কথা ক'ব খুজিছোঁ | অসমীয়া ভাষাত ৰচিত ব্যাকৰণ পুথিত এই কথা সুন্দৰকৈ উল্লেখ আছে যে বিদেশী ভাষাৰ শব্দৰ ক্ষেত্ৰত ণত্ব বিধিৰ নিয়ম নাখাটে | তথাপি সেই নিয়মৰ প্ৰতি ভ্ৰূক্ষেপ নকৰি 'ণ' ব্যৱহাৰ কৰি অহা হৈছে | উদাহৰণস্বৰূপে , কোৰাণ , ইৰাণ , ৰাণ , ইমৰাণ , তেহৰাণ আদি | দৰাচলতে এই শব্দবোৰ আমি কোৰান , ইৰান , ৰান , ইমৰান , তেহৰান এইদৰে লিখিব লাগে | ('বহল ব্যাকৰণ' চাওক)। তাকে নকৰি কোনোবাই 'ণ' আৰু কোনোবাই 'ন' লিখিলে ন-শিকাৰু এগৰাকী দোধোৰ-মোধোৰত পৰাটো স্বাভাৱিক , আচলতে তেওঁ কোনটো শুদ্ধ বুলি লিখিব | আমাৰ ভাষাত থকা এইধৰণৰ খেলিমেলি অতি সোনকালে আঁতৰ নহ'লে ভাষাটোৰ যে ভীষণ ক্ষতি হ'ব তাত নিশ্চয় কাৰো সন্দেহ নাই |

             অসমীয়া ভাষাটোৰ সৰলীকৰণৰ সিদ্ধান্ত হাতত লৈছিল এই কাৰণেই যে নতুন চাম আৰু বহিৰাগত অনাঅসমীয়াভাষীয়ে ভাষাটো সৰল প্ৰক্ৰিয়াৰে শিকিব পৰাৰ এটা উপায়স্বৰূপে | আমি সৰুতে বৰ্ণমালা , সংখ্যা শিকি থকা সময়খিনিত যেতিয়া নেওতাখন আওৰাইছিলোঁ , তেতিয়া ২১ বা ৪২ সংখ্যা দুটা ক্ৰমে দুইত একে একৈছ এক কুৰি ( একুৰি ) এক দুই দহ এক , চাৰিত দুই বিয়াল্লিছ দুই কুৰি ( দুকুৰি ) দুই চাৰি দহ দুই বুলি আওৰাইছিলোঁ | পিছে এতিয়া দুই দহ এক একৈছ , চাৰি দহ দুই বিয়াল্লিছ বুলি আওৰাব লাগে  | দুৰ্ভাগ্যজনক কথাটো হ'ল , এতিয়া কুমলীয়া মনৰ ছাত্ৰ-ছাত্ৰীক কুৰিৰ হিচাপ দিয়াৰ পৰা বঞ্চিত কৰা হৈছে | হয়তো সেইধৰণৰ আৰু বহু গুৰুত্বপূৰ্ণ জ্ঞান লাভৰ পৰা সিহঁত বঞ্চিত হৈছে | তথাপি আধুনিক শিক্ষা প্ৰক্ৰিয়াই সময়ৰ দাবীৰ প্ৰতি সঁহাৰি জনাই এই কথাবোৰ মানিবলৈ বাধ্য হৈছে | এতিয়া অসমীয়া ভাষাৰ সৰলীকৰণ প্ৰসংগলৈ ঘূৰি আহিব খুজিছোঁ | ভাষাটোৰ সৰলীকৰণ প্ৰক্ৰিয়াক লৈ বহুতৰে মতদ্বৈধতা আছে | ই স্বাভাৱিক | সৰলীকৰণে অসমীয়া ভাষাৰ মাধুৰ্য হ্ৰাস কৰাত ইন্ধন যোগাইছে বুলি বহুতে হৃদয়েৰে বিশ্বাস কৰে | কিন্ত্ত সৰলীকৰণ প্ৰক্ৰিয়া লাহে লাহে মানুহে মানিবলৈ লৈছে | সময়ৰ গতিত কিছুমান পৰিৱৰ্তন আহিবই আৰু তাক আটায়ে মানিবও লাগিব | শ্ৰদ্ধাৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা , বেণুধৰ শৰ্মা আদি আমাৰ ভাষাটোৰ বুনিয়াদ ৰচনা কৰা নমস্য সাহিত্যিকসকলে সেই সময়ত লিখা ভাষাটোলৈ আজি বহু পৰিৱৰ্তন আহিছে | এই পৰিৱৰ্তন অৱশ্যম্ভাবী | তাক নামানি উপায় নাই | তাহানি আমি পাঠশালাত অধ্যয়ন কৰি থকা কালত শিকা কিছুমান শব্দ এনেধৰণৰ আছিল----অৰ্জ্জুন ,  কৰ্ত্তব্য , কীৰ্ত্তন , পৰ্য্যায় , পাৰ্ব্বতী , ভট্টাচাৰ্য্য , শৰ্ম্মা , সূৰ্য্য ইত্যাদি ইত্যাদি | কিন্ত্ত সম্প্ৰতি সেই শব্দবোৰ আমি এইদৰে লিখোঁ----অৰ্জুন , কৰ্তব্য , কীৰ্তন , পৰ্যায় , পাৰ্বতী , ভট্টাচাৰ্য , শৰ্মা , সূৰ্য | বৰ্তমান বাতৰিকাকত , আলোচনী , বিদ্যালয়-মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ কিতাপ-পত্ৰ , লেখক-লেখিকাৰ সৃষ্টিৰাজি আদি সকলোতে অসমীয়া ভাষাৰ সৰলীকৰণ নীতি মানি চলা দেখা গৈছে | কিন্ত্ত এচামে আজিকোপতি পুৰণি নীতিকে খামুচি থকাত উদীয়মানচাম বা অনাঅসমীয়াভাষী অসমীয়া ভাষা শিকিবলৈ আগ্ৰহীসকল আহুকালত পৰিছে | নতুন চামৰ কোনোবাই পাৰ্বতীক কিয় পাৰ্ব্বতী বুলি লিখা হৈছে বা কৰ্তব্যক কিয় কৰ্ত্তব্য বুলি লিখা হৈছে  বুলি সুধিলে বহুতৰে মুখৰ মাত হেৰায় | সৰলীকৰণ প্ৰক্ৰিয়াৰ প্ৰতি নিৰ্ভৰশীল আৰু আস্হাশীল হৈ ভাষাটোৰ শ্ৰীবৃদ্ধিৰ বাবে ঐক্যমতত উপনীত হ'ব লাগে বুলি ইয়াৰ দ্বাৰা সকলোটিলৈ আহ্বান জনালোঁ |

উপসৰ্গৰ ধাৰণা আৰু প্ৰয়োগ

             উপসৰ্গৰ ধাৰণা বহুতৰে বিতংকৈ নাই বাবে শব্দত সেয়া উপযুক্ত উপায়ে প্ৰয়োগ কৰিব নাজানে | উপসৰ্গৰ সূত্ৰ মতে ধাতু বা মূল বা প্ৰাতিপাদিকৰ আগত বহি অৰ্থৰ লৰচৰ বা সলনি বা অৰ্থভেদ বা বিভিন্ন অৰ্থ প্ৰকাশ কৰা বৰ্ণ বা বৰ্ণসমষ্টিকেই উপসৰ্গ বোলে | সংস্কৃতত উপসৰ্গ কুৰিটা | এইকেইটা অসমীয়া ভাষাতো প্ৰয়োগ হয় | সংস্কৃতত অকল ধাতুৰ আগতহে উপসৰ্গ বহে আৰু ভিন ভিন অৰ্থ প্ৰকাশ কৰে | আনহাতে অসমীয়াত ধাতু আৰু প্ৰাতিপাদিক দুয়োটাৰ আগতে উপসৰ্গ প্ৰয়োগ হয় | সংস্কৃতত প্ৰয়োগ হৈ অহা কুৰিটা উপসৰ্গ হ'ল প্ৰ , পৰা , অপ্ ,সম্ , অনু , নি , অব্ , নিৰ্ , দূৰ্ , বি , অধি , সু , উৎ , পৰি , প্ৰতি , অভি , অপি , অতি , উপ , আ | উপসৰ্গবোৰৰ প্ৰয়োগ হৈছে এনেধৰণৰ : আধাৰ , প্ৰকাশ , পৰাক্ৰম , অধিকাৰ , অপহৰণ , সংযোগ , দুৰ্বল , নিয়ম , পৰিণয় , প্ৰচেষ্টা , বিকাশ , সুশোভিত ইত্যাদি ইত্যাদি | সাধাৰণতে পৰীক্ষাত ল'ৰাহঁতে সংস্কৃত আৰু অসমীয়াত প্ৰয়োগ হৈ অহা এই কুৰিটা উপসৰ্গৰ কথাই লিখিব লাগিব | পিছে অসমীয়াত আৰু কিছুসংখ্যক উপসৰ্গ প্ৰয়োগ হৈ অহা দেখা যায় | উদাহৰণস্বৰূপে , অ , অন , অনা , আও , আদ , এ ,কা , কু , বদ , বিনা , বে , স , সহ ইত্যাদি | প্ৰয়োগ এনেধৰণৰ : এলাগী , অমৰ , অনাহক , আওহেলা , আদবয়স , কাপুৰুষ , কুৰূপ , বদনাম , বিনাশ্ৰম , বেআইনী , সবল , সহচৰ ইত্যাদি | অসমীয়াত কেইটামান উপসৰ্গ সংস্কৃতৰ দৰে ধাতুৰ আগত নবহি বিশেষ্য বা সৰ্বনামৰ আগত বহি অৰ্থৰ লৰচৰ কৰে | যেনে--- নিৰোগী , নিলাজ , বিমোৰ ইত্যাদি | উপসৰ্গ সম্পৰ্কীয় এই কথাবোৰ আমাৰ অগ্ৰণী  ভাষাবিদসকলে ব্যাকৰণ পুথিত সহজ ভাষাৰে বৰ্ণনা কৰি থৈছে | সেইখিনি আমি মনোযোগেৰে পঢ়ি ল'লেই হ'ল | কথাখিনি ভালদৰে নাজানিলে কাৰ্যক্ষেত্ৰত বিপদত পৰাটো ধুৰুপ | অকল পৰীক্ষাত কেইটামান নম্বৰ পাবৰ কাৰণেই পঢ়ি সেইবোৰ পিছত পাহৰি গ'লে যে আমাৰ শিক্ষা সম্পূৰ্ণ নহয় , সেই কথা আমি আটায়ে মনত ৰখা দৰকাৰ |

ভাষাৰ শুদ্ধ ৰূপটোত আমি আটায়ে জোৰ দিয়া 

                    কোনো সন্দেহ নাই যে প্ৰতিজন অসমীয়াভাষাপ্ৰেমীয়ে তেওঁলোকৰ মৰমৰ অসমীয়া ভাষাটো শুদ্ধকৈ জানিব খোজে আৰু তেওঁলোকৰ বংশধৰসকলেও শুদ্ধকৈ শিকি-বুজি ভাষাটো সমৃদ্ধিশালী ৰূপত জীয়াই থকাটোত গুৰুত্ব দিয়ে | জাতিৰ প্ৰতি কৃতজ্ঞ লোকসকলৰ এয়া স্বাভাৱিক গতি-প্ৰকৃতি বুলি একেষাৰে ক'ব পাৰি | নিজৰ সন্তানক ভাষাটো কি উপায়ে শুদ্ধকৈ শিকাব পৰা যায় সেই সম্পৰ্কে গুৰুত্বসহকাৰে চিন্তা কৰাৰ সময় আহি পৰিছে । শিশু এটাই গুৰু হিচাপে প্ৰথমে  পিতৃ-মাতৃকেই  পায় | সেয়ে শিশুক গঢ় দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ | থুনুক-থানাককৈ এটা-দুটা কথা ক'বলৈ আৰম্ভ কৰোঁতেই সিহঁতক যদি শুদ্ধ ৰূপত ভাষাটো পোনাই-পোজৰাই শিকাই দিয়া হয় , তেন্তে সিহঁত ভৱিষ্যতে আশানুৰূপে বহুখিনি আগবাঢ়ি যাব | শিশু অতি অনুকৰণপ্ৰিয় | সিহঁতক যিমানে শুদ্ধ ৰূপত কথা শিকাবলৈ প্ৰচেষ্টা হাতত ল'ব , সিমানে সুফল লাভ হ'ব | উদাহৰণস্বৰূপে , আমি  সঘনাই কৈ  অহা কি়ছুমান শব্দ---বেলি , জোনবাই , তৰা , নাক , কাণ , চকু , জিভা , দাঁত , চুলি , আঙুলি , হাত , ভৰি , গৰু , ছাগলী , জবা , গোলাপ , তগৰ , নাহৰ , মদাৰ , পলাশ , অপৰাজিতা , মাগুৰ , পুঠি , ৰৌ , মা , দেউতা , ভাইটি , খুৰা , খুৰী , পেহা , পেহী , মহা , মাহী , ককাইদেউ , নবৌ , বাইদেউ , কাঁহী , বাটি , টৌ , গাখীৰ , পানী , ভাত , কণী , ছাতি , জাপি , সোণাৰু , আম , জাম , পনিয়ল , জলফাই , সুমথিৰা , কৃষ্ণচূড়া , হকী , কাবাদী , ফুটবল , ভলীবল , ক্ৰিকেট , বহাগ , জেঠ , আহাৰ , জুন , জুলাই , দেওবাৰ , সোমবাৰ  , পূব , পশ্চিম , অমাবস্যা , পূৰ্ণিমা , গাঁও , নগৰ , কাজিৰঙা , নামবৰ , নীলাচল , শৰাইঘাট , লাই , লফা , পালেং , খুতৰা , নৰসিংহ , ভেদেইলতা , আলু , কচু , ঔ , বিলাহী , চজিনা , ওলকবি , জিকা , ভেণ্ডী , ধুন্দুলী , ভোল , জলকীয়া , জালুক , তামোল , পাণ , নাৰিকল , খেজুৰ , ডালিম , বাহ , বেত , শালিকা , ভাটৌ , মইনা , হাঁহ , কুকুৰা , পাৰ , কাছ , সাপ , বেং , ঘঁৰিয়াল , মকৰা , জিলী , পঁইতাচোৰা , বান্দৰ , শিয়াল , জিৰাফ , বাঘ , সিংহ , ভালুক , মিউ মিউ , ভুক ভুক , চিৰিক চিৰিক , ৰঙা , নীলা , সেউজীয়া , হালধীয়া , বগা , মটীয়া , মিঠা , তিতা , লুণীয়া , এক , দুই , তিনি , পতাকা , চাদৰ , মেখেলা , গামোচা , ধুতী , ব্লাউজ , বাগিচা , ফুলনি , ধাননি , বননি , বিয়া , পূজা , ঈদ , মহৰম , বৰদিন , লোকগীত , বৰগীত , নাটক , ভাওনা , সপোন , দিঠক , মৌখিক , কথিত , লিখিত , অসম , ভাৰত , দিছপুৰ , দিল্লী , ভূটান , নেপাল , চীন , ত্ৰিপুৰা , মণিপুৰ , অৰুণাচল , শামুক , অক্টোপাছ , মণি , মুকুতা , প্ৰবাল , লো , নিকেল , জিংক , কাৰ্বন , অক্সিজেন , হাইড্ৰজেন , জ্বৰ , মূৰ কামোৰণি , জণ্ডিছ , বসন্ত , মেলেৰিয়া , বাঁহী , গিটাৰ , বেহেলা , কয়লা , পেট্ৰল , প্ৰ'টিন , ভিটামিন , ধান , মৰাপাট , গোমধান , খেতিয়ক , বাঢ়ৈ , কমাৰ , কুমাৰ , ডাক্তৰ , নাৰ্ছ , বেমাৰী , শিক্ষক , চিৰিয়াখানা , নাঙল , কোৰ , কটাৰী , দা , হাতুৰী , বটালি , পিৰামিড , ভূত , কৃপণ , দামী , সস্তা , ৰজা , ৰাণী , প্ৰজা , ভকত , পুৰোহিত , নাগৰিক , তিৰোতা , পুৰুষ , বেদ , পুৰাণ , ৰামায়ণ , মহাভাৰত , কীৰ্তন , দশম , বৰগীত , ওজাপালি , কোৰান , বাইবেল ইত্যাদি ইত্যাদি শব্দবোৰ স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে শিকাব পৰা যায় | সিহঁতক সুফলদায়ক উপায়ে এইদৰেও চুটি চুটি বাক্য ক'বলৈ শিকাব পাৰি : গছজোপাৰ কাষলৈ নাযাবা , চেণ্ডেল দুপাট লৈ আহা , তেওঁ ক'লৈ গ'ল , মোনাটো লৈ আহাচোন , পাহাৰটো বৰ ধুনীয়া , ব'লা ঘৰলৈ যাওঁ , মাৰাক মাতাচোন , জুইকুৰা দপদপকৈ জ্বলিছে , পাকঘৰত তেওঁ কি ৰান্ধিছে , গধূলি গৰু ঘৰলৈ আহে , মদাৰ গছত পাণ বৰকৈ লাগে , পলমকৈ নাহিবা , বৰষুণজাকে বৰ বিপদত পেলালে , মানুহজনক বৰ ভাল লাগে , তিকতিকীয়া ৰঙা ফুল , তজবজীয়া ডেকাল'ৰা , ৰঙা পাৰিৰ চাদৰ , নঙলামুখত ৰৈ থাকিবা , ৰুগীয়া মানুহজনক ৰখি আছোঁ , মানুহজন ঢুকাল , চ'তমহীয়া ৰ'দৰ বালি বৰ তপত , প্ৰফুল্ল খোজকাঢ়িয়ে স্কুললৈ গৈছে , উলটি আহোঁতে পলম নকৰিবা , চলন্ত গাড়ীৰ আগেদি দৌৰি নাযাবা , বেঞ্চখনত বহা , আমাৰ ঘৰলৈ আহিবা , মনপুতি পঢ়িবা , কালি তেওঁলোক ঘৰত নাছিল , কাইলৈ তুমি যেনে-তেনে আহিবা , কাম কৰি কৰি ভাগৰি পৰিছোঁ , অ' ফুল অ' ফুল নুফুল কিয় , জোনবাই এ বেজী এটা দিয়া , দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী , লুইতৰে পানী যাবি বৈ , তুলসীৰ তলে তলে মৃগ পহু চৰে , শ্ৰীময়ী  অসমীৰ শীতল বুকু , মন হীৰা দৈ চাইকেল নহয় টিলিঙা , অ' মোৰ ধৰিত্ৰী আই , মুখত দুডাল দূবৰি বন আৰু খৰিকা , পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ , শ্যামকানু দূৰ হৈ নাযাবা , মোৰ মনত ভিন-পৰ নাই অ' আল্লা ইত্যাদি ইত্যাদি | ভাষাৰ শুদ্ধ ৰূপটোত আমি আটায়ে জোৰ দিয়া উচিত |

অসমীয়াত বাক্য এটা লিখোঁতে কেনেকৈনো ভুল হ'ব পাৰে 

              অসমীয়াত বাক্য এটা সম্পূৰ্ণকৈ লিখিবলৈ লওঁতে ভালেমান আহুকালত পৰিব লাগে | ব্যাকৰণৰ দিশৰ পৰা বাক্যটো শুদ্ধ হ'ব লাগিব আৰু মনৰ ভাবো সম্পূৰ্ণকৈ প্ৰকাশ পাব লাগিব |----এই দুয়োটা দিশ মনোযোগেৰে চাবলগীয়া হয় | তদুপৰি শিক্ষিত ব্যক্তি হিচাপে বাক্য এটা অশুদ্ধকৈ লিখাৰ বিষয়ে অৱগত হ'লে অপৰাধবোধত ভুগিবলগীয়া হয় | অসমীয়াত বাক্য এটা লিখোঁতে কেনেকৈনো ভুল হ'ব পাৰে সেই বিষয়ে আপোনাৰ জানিবলৈ মন নাযায় নে ? অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলেও এইবোৰ কথাত কিছু মনোযোগ দিলে , মোৰ বোধেৰে তেওঁলোকে ভালেমান উপকাৰ পাব | এই ছেগতে কেইটামান অশুদ্ধ বাক্য আৰু তাৰ শুদ্ধ ৰূপ মোৰ সীমিত জ্ঞানেৰে দাঙি ধৰিবলৈ যত্ন কৰিলোঁ |

      অশুদ্ধ : ৰামে লগৰীয়াৰ সৈতে স্কুললৈ গ'ল |

      শুদ্ধ : ৰাম লগৰীয়াৰ সৈতে স্কুললৈ গ'ল |

      অশুদ্ধ : তুমি আজি স্কুল যাবানে ? 

      শুদ্ধ : তুমি আজি স্কুললৈ যাবানে ? 

      অশুদ্ধ : ভাইহঁত , ব'লা বজাৰ যাওঁ |

      শুদ্ধ : ভাইহঁত , ব'লা বজাৰলৈ যাওঁ |

      অশুদ্ধ : সি কালি বৰপেটালৈ গৈছে |

      শুদ্ধ : সি কালি বৰপেটালৈ গৈছিল |

      অশুদ্ধ : ৰাতি ফুল ফুটে |

      শুদ্ধ : ৰাতি ফুল ফুলে |

      অশুদ্ধ : তুমি কালি ক'ত গৈছিলা ?

      শুদ্ধ : তুমি কালি ক'লৈ গৈছিলা ?

      অশুদ্ধ : তাই ভাত বনাব নাজানে |

      শুদ্ধ : তাই ভাত ৰান্ধিব নাজানে |

      অশুদ্ধ : মোৰ ঘৈণী এজনী পাকৈত ৰান্ধনি |

      শুদ্ধ : মোৰ ঘৈণী এজনী পাকৈত ৰান্ধনী |

      অশুদ্ধ : সি কুঠাৰেৰে গছডাল কাটিছে |

      শুদ্ধ : সি কুঠাৰেৰে গছজোপা কাটিছে |

      অশুদ্ধ : সৰু ল'ৰাটোক বৰকৈ ম'হে কামুৰিছে |

      শুদ্ধ : সৰু ল'ৰাটোক বৰকৈ মহে কামুৰিছে |

       অশুদ্ধ : মই অসমীয়াত কথা কৈ বহুত ভাল পাওঁ । 

       শুদ্ধ : মই অসমীয়াত কথা কৈ বৰ ভাল পাওঁ |

       অশুদ্ধ : সি অহাকালি ঘৰতে থাকিব বুলি মোক কৈছে |

       শুদ্ধ : সি কাইলৈ ঘৰতে থাকিব বুলি মোক কৈছে |

       অশুদ্ধ : ৰাজু নৱমমান শ্ৰেণীৰ ছাত্ৰ |

       শুদ্ধ : ৰাজু নৱমমানৰ বা নৱম শ্ৰেণীৰ ছাত্ৰ |

       অশুদ্ধ : মানুহজন ক'ত গ'ল ?

        শুদ্ধ : মানুহজন ক'লৈ গ'ল ?

        অশুদ্ধ : আমিবোৰ থাকোঁতে সিহঁতবোৰৰ সহায়ৰ প্ৰয়োজন নাই |

        শুদ্ধ : আমি থাকোঁতে সিহঁতৰ সহায়ৰ প্ৰয়োজন নাই |

         এনেদৰে অসমীয়া ভাষাত বাক্য এটা লিখোঁতে সন্মুখীন হৈ অহা নানা অসুবিধা দূৰ কৰি শুদ্ধ ৰূপটো দাঙি ধৰিব পাৰোঁ | অসমীয়া ভাষাটো শুদ্ধকৈ চৰ্চা কৰা বিষয়টো  দেখাত সৰু যেন লাগিলেও কথাবোৰ কিন্তু বৰ গুৰুত্বপূৰ্ণ বুলি মনে-প্ৰাণে বিবেচনা কৰিব লাগে |     

সঘনাই ভুল হৈ অহা শব্দ আৰু অভিধানখন

               অসমীয়া ভাষাত বাক্য এটা লিখাৰ আগেয়ে তাত ব্যৱহাৰ হ'বলগীয়া শব্দকেইটা শুদ্ধকৈ লিখা হৈছেনে নাই সেই সম্পৰ্কে অধিক সজাগ হোৱাৰ প্ৰয়োজনীয়তা আছে | বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু নতুন লেখকসকলৰ বাবে এই বিষয়টো বৰ গুৰুত্বপূৰ্ণ বুলি ভাবোঁ | ভাষা এটা শুদ্ধকৈ লিখাটো কিমান আৱশ্যকীয় কথা  তাৰ পুনৰাবৃত্তি কৰাৰ প্ৰয়োজন নাই | আমি সঘনে বাক্যত ব্যৱহাৰ কৰি অহা শব্দবোৰ ব্যাকৰণ আৰু অভিধানৰ দিশৰ পৰা শুদ্ধ হোৱা উচিত | পিছে দুখৰ কথা এয়ে যে যিসকলৰ মাতৃভাষা অসমীয়া তেওঁলোকৰ ঘৰত এখন অসমীয়া ব্যাকৰণ পুথি বা এখন অভিধান নাই | কথাটো দেখাত সৰু যেন লাগিলেও কিন্তু চিন্তা কৰিবলগীয়া | আমি উঠোঁতে- বহোঁতে ব্যৱহাৰ হোৱা ভাষাটোৰ সম্যকভাৱে শুদ্ধ ৰূপটো আয়ত্তলৈ আনিবলৈ যত্ন কৰিবই লাগিব | অসমীয়া ভাষাত আমি সঘনাই ভুলকৈ ব্যৱহাৰ কৰি অহা কিছুমান শব্দৰ শুদ্ধ ৰূপটো উল্লেখ কৰিলোঁ | ভুল , ত্ৰিভুজ , মুহূৰ্ত , ভৌগোলিক , উপকূল , অনুকূল , বেছি , মুমূৰ্ষু , যাতায়াত , শূন্য , ব্যাখ্যা , উল্লিখিত , পূৰণ , হৰণ , অপাৰগ , চতুৰ্ভুজ , প্ৰাৰ্থিত্ব , বন্দিত্ব , প্ৰকাৰান্তৰ , ৰামায়ণ , অন্তৰ্নিহিত , বিস্ময়াভিভূত , বিপদাপন্ন , বিস্তীৰ্ণ , আমনা , অন্তৰ্ভুক্ত , উলূ , সেন্দূৰ , দ্বন্দ্ব , জোৰণ , কিচকিচীয়া , তজবজীয়া , ডেওনা , দেওভূত , বয়সিয়াল , মৰমিয়াল , আপদীয়া , অনাহূতা , উদ্ভূত , অদ্ভুত , কাৰণ , মহটিয়া , ঐশ্বৰ্য , ঐশ্বৰিক , প্ৰায়শ্চিত্ত , আশ্চৰ্য ,  শুচিবায়ুগ্ৰস্ত , নৈপুণ্য , কাৰ্পণ্য , চাকৰিণী , কেৰাণী , মহৰী , তৰণী , শাৰীৰিক , মনোমোহা , মনোযোগ , স্বতঃস্ফূৰ্ত ,পুৰস্কাৰ , পৰিষ্কাৰ , তিৰস্কাৰ, নমস্কাৰ , বক্তব্য , অধিষ্ঠাতা , অধিষ্ঠাত্ৰী , ছহিদ , ওঁঠ , ওঠৰ , সুস্হ , সুস্হিৰ , তিষ্ঠা , সুশোভিত , ৰীতি , নীতি , আকাশ-পাতাল , পূজা-পাতল , আশাশুধীয়া , সোধ-পোছ , সোধা-পোছা , বৰশী , সম্ৰাজ্ঞী , উৰ্ধ্ব , অজ্ঞাতকুলশীল , আপাদমস্তক , বশ্য , বৈশ্য , কোৰ্হাল , কিৰীলি , কাহিলি , গৰ্দভ , প্ৰকৃতিস্হ , সোঁহাত , বাঁওফাল , কৃপণ , অস্ত , সূৰ্যাস্ত , সিঁচৰতি , প্ৰতিদ্বন্দ্বী , বহনা , বাসনা , ৰসনা , শৰ্পণখা , বিদেহ , বীজল , গাথা , অটল , পিটনি , অধিকাৰিণী , পোৰণি , সমীচীন , ভবিষ্যদ্বাণী , সত্তা , সত্ব , ভৌতিক , তাঁতশাল , আদ্যোপান্ত , আঁচল , অদ্যাপি , সুললিত , ৰসোত্তীৰ্ণ , আঁকোঁ , কণ্টকাকীৰ্ণ , কুঁহিপাত , সাত্ত্বিক , বিহলঙনি , শাওণ , আঘোণ , বিমূৰ্ত , নখোৱা, নোখোৱা , অণু , পৰমাণু , অনুঘটক , অনূদিত , শালিকী , দূৰবীন , ৰাঁশ , গগনা , বাঁহী , সুতুলী , বৌখা , আঠীয়া , গুণগুণনি , ডাঁহেচীয়া , ডুখৰীয়া , আধাকেঁচেলুৱা , ডঁৰিকনা , দধীচি , ঈশ , সাঁকো , বলিষ্ঠ , অৱশ্যম্ভাবী , অত্যধিক , সকীয়নি , আঙঠি , অঙঠা , জুহাল , জৰিয়তে , জনাকীৰ্ণ , জৰাজীৰ্ণ , অৰ্পণ , হাঁহোঁ , হাহাকাৰ , হাঁপানি  , ভূঁইকঁপ , ঠোঁট , থুঁতৰি , আঁঠু , তৃণ , খীণ , মুৰব্বী , কৰ্পূৰ , ৰুণ , প্ৰসূতি , টুটুকীয়া , সুপ্ত , দন্দুৰা , বিদ্ৰূপ , ভ্ৰূণ , প্ৰশ্নবাণ , বিধৌত , ঢৌ , কেঁচু ,  শিলিখা , কান্দুৰী , শহা , চিতল , চিতাগ্নি , পিতল , কাঁহ , কথমপি , কুণ্ঠিত , টাকুৰি , বীতশ্ৰদ্ধ , সাহায্য , পুণ্যাশ্ৰম , ৰুগীয়া , নোপজা , পাটগাভৰু , ভৰুণ , দকচি , পেটু , লালুকী , হৰষিত , মণি-মুকুতা , ছিঙা , ফেউৰা , ফান্দী , টলকা , টোলোঠা , তিৰ্পাল , তিৰবিৰণি , দ্বাৰপাল , ৰুদ্ধদ্বাৰ , ৰঘুমলা , হিচাপ , কিতাপ , মনসা , কানিমুনি , আতোলতোল , বৃষভ , ৰঙীন , ঘা , ঘাঁহ , ঘাঁই , ঘঁহনি , হওক , কওক , লিগিৰী , নমনা , চেঁচা , চেঁচুকীয়া , দুৰৱস্হা , দিকচৌ  , লেখা , লে়খক , লেখিকা ইত্যাদি ইত্যাদি | সঘনাই ভুল হৈ অহা শব্দ কিছুমানৰ শুদ্ধ ৰূপৰ নমুনা দাঙি ধৰা হ'ল | ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী ডাঙৰীয়াই আমি সঘনাই ভুল কৰি অহা ১০০ টা শব্দৰ এখন তালিকা প্ৰকাশ কৰিছে  | সম্ভৱ হ'লে সেইখন সংগ্ৰহ কৰি অধ্যয়ন কৰিলে বহু ভ্ৰান্তি দূৰ হ'ব | তদুপৰি অভিধানখন মেলি চোৱাৰ অভ্যাস এটা গঠন কৰি ল'ব পাৰিলেও ভালেখিনি লাভ পাম ।        

No comments