ব্যতিক্ৰমী কৃষিকৰ্মৰে অৰ্থনৈতিক উন্নতি সাধন : স্বাৱলম্বী হোৱাৰ লগতে আনকো দিছে সংস্থাপন …কৃষিকৰ্মৰে অভাৱগ্ৰস্ততা আতৰাই গঢ়িছে আৰ্থিক প্ৰগতি...
ব্যতিক্ৰমী কৃষিকৰ্মৰে অৰ্থনৈতিক উন্নতি সাধন : স্বাৱলম্বী হোৱাৰ লগতে আনকো দিছে সংস্থাপন
…কৃষিকৰ্মৰে অভাৱগ্ৰস্ততা আতৰাই গঢ়িছে আৰ্থিক প্ৰগতিৰ ভেটি…
দিগন্ত শর্মা
কেইবছৰমান আগলৈকে ময়ূৰী বৰা নামৰ মহিলাগৰাকীয়ে ঘৰুৱা কামতে ব্যস্ত আছিল। মাজে মাজে ঘৰৰ চৌহদতে কৰা শাক-পাচলিৰ খেতি এডৰা চোৱা-চিতা কৰিছিল। উৎপাদিত শাক-পাচলিবোৰ ময়ূৰীৰ স্বামী জিতুল বৰাই বজাৰত বিক্ৰী কৰিছিল। সেই খেতিডৰাৰ পৰা পোৱা ধনেৰেই ময়ূৰী-জিতুলৰ ঘৰখন কোনোমতে চলিছিল। পিচে শাক-পাচলি, ধানখেতিৰ অভিজ্ঞতাকে সমল হিচাপে লৈ ময়ূৰীয়ে ২০১৫ চনত ঘৰৰ দাঁতিতে আৰম্ভ কৰিলে ফুলৰ খেতি। ময়ূৰীৰ ফুলৰ খেতিত স্বামীয়েও সহযোগিতা কৰিলে। ময়ূৰীয়ে হাতত লোৱা এই পদক্ষেপক উৎসাহিত কৰিলে কৃষি বিভাগৰ একাংশ বিষয়াই। লাহে লাহে ময়ূৰী বৰা নামৰ মহিলাগৰাকী ঘৰৰ চৌহদৰ এটুকুৰা মাটিত আৰম্ভ কৰিছিল ফুলৰ খেতি৷ মাটিডৰা ভিন্ন জাতৰ ফুলেৰে জাতিষ্কাৰ হৈ পৰিছিল। আৰু আৰম্ভ হৈছিল ময়ূৰীৰ ফুলৰ ব্যৱসায়। সাধাৰণভাবেআৰম্ভ কৰা ফুলৰ খেতিয়ে এতিয়া সম্প্ৰসাৰণ হৈ তিনি বিঘা চাৰিকঠা মাটিৰ এক নাৰ্চাৰীৰ সম্পূৰ্ণ ব্যাৱসায়িক ভিত্তিত খেতিলৈ ৰূপান্তৰিত হ’ল। এতিয়া ময়ূৰী বৰা এনে এগৰাকী সফল মহিলা খেতিয়ক- যিয়ে একেলগে শাক- পাচলি, বিভিন্ন জাতৰ ফুলৰ খেতি কৰি স্বাৱলম্বিতাৰ এক অনন্য নিদর্শন দাঙি ধৰিছে।...
যোৰহাট জিলাৰ বালিগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত এলেংমৰা গাঁৱৰ বাসিন্দা ময়ূৰী বৰা। উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ ময়ূৰীৰ দ্বাৰা উৎপাদিত ফুলেৰেই যোৰহাট নগৰৰ কেইবাখনো ফুলৰ দোকান চলি আছে। আনহাতে, স্থানীয়ভাবে এচাম খুচুৰা বিক্রেতাও ময়ূৰীৰ ফুলখেতিৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে। ইফালে ময়ূৰীয়ে নিজহাতে গঢ়ি তোলা ফুলৰ খেতিৰ বাবে জিলা কৃষি বিভাগৰ পৰাও বিভিন্ন দিহা-পৰামৰ্শ লাভ কৰিছে। ফুলৰ খেতিৰে অতি কম সময়ৰ ভিতৰতে ময়ূৰীয়ে স্বাৱলম্বিতাৰ পথত এনেদৰে আগবাঢ়িছে যে,বছৰি কেইবা লাখ টকা ধন তেওঁ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। জিলা পর্যায়ত অনুষ্ঠিত কৰা উদ্যান শস্য সম্পর্কীয় বিভিন্ন পুষ্প প্রতিযোগিতা আৰু প্ৰদৰ্শনীত ময়ূৰী বৰাই একাধিকবাৰ শ্ৰেষ্ঠ পুৰস্কাৰো লাভ কৰিবলৈ সক্ষম হৈছে। ফুল খেতিৰেও যে, গ্রামাঞ্চলতো একো একোটা পৰিয়াল চলিব পাৰে, ক্ষেত্ৰ হ'ব পাৰে, সেয়া প্ৰমাণ কৰিছে ময়ূৰীয়ে। আনহাতে ময়ুৰীৰে আন দুগৰাকী স্বামীহাৰা মহিলাকো নাৰ্চাৰীৰ জৰিয়তে সংস্থাপন দিছে৷ বিভিন্ন সময়ত পুৰুষ শ্ৰমিকো নিযুক্ত কৰায় তেওঁ৷ নিজৰ পৰিয়ালৰ লগতে আন কেইবাটাও পৰিয়ালক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিছে ময়ুৰীয়ে৷ এই সন্দর্ভত তেওঁ কয়, 'প্রথমে ধানখেতি কৰি চাউল বিক্ৰী কৰিছিলো, তাৰপিচত শাক-পাচলিৰ খেতি কৰিছিলো। আমি স্বামী-স্ত্রীয়ে মিলি খেতি কৰো। স্বামীয়ে সাপ্তাহিক বজাৰত পাচলিবোৰ বিক্ৰীৰ ব্যৱস্থা কৰে। কিন্তু ২০১৫ চনত কৃষি বিভাগৰ এগৰাকী বিষয়াৰ পৰামৰ্শমতে ডেৰবিঘা মাটিত ফুলৰ খেতি আৰম্ভ কৰো। ৰজনীগন্ধা, জাৰবেৰা, গ্ৰেডলিয়াছ, এণ্ঠৰিয়াম, নাৰ্জী, ইন্দ্রমালতী আদি অনেক জাতৰ ফুলৰ খেতি কৰিছো। প্রথমে ভবা নাছিলো ফুলৰ এখন ভাল বজাৰ আছে বুলি। কিন্তু বৈজ্ঞানিক পদ্ধতিৰে ফুলৰ খেতি কৰাৰ পিচত দেখিলো যে ফুলৰ চাহিদা বহুত। যোৰহাট নগৰৰ বহুকেইখন ফুলৰ দোকানত মই নিয়মীয়াকৈ ফুল যোগান ধৰো। মোৰ নাৰ্চাৰীৰ ফুলো অসমৰ আা জিলা যেনে নগাঁও, ডিব্ৰুগড় লৈ যায়৷ ইয়াৰ উপৰি স্থানীয় এচাম খুচুৰা বিক্রেতা আৰু গাঁৱৰ অন্যান্য মানুহবোৰেও আমাৰ নাৰ্চাৰীৰ পৰাই আহি ফুল ক্রয় কৰে। ইফালে মোৰ কৃষিকৰ্মৰ এই যাত্ৰাত চৰকাৰৰ ফালৰ পৰাও একাংশ বিষয়াই দিহা-পৰামৰ্শ দিবলৈ আগবাঢ়ি আহে। এনেদৰে মোৰ যাত্রা অব্যাহত আছে। বর্তমান মই ফুল আৰু শাক-পাচলিৰ খেতিৰেই স্বাৱলম্বী হোৱাৰ উপৰিও আন পৰিয়ালকো উপাৰ্জনৰ বাটেৰে আগুৱাই নিবলৈ সক্ষম হৈছোঁ। ঘৰৰ গৃহিণী হিচাপে থকাৰ উপৰি ঘৰৰ চৌহদতে মাটি এডৰাত কৃষিকৰ্ম কৰি আন মহিলায়ো স্বাৱলম্বী হ'ব পাৰে।' উল্লেখ্য যে, পূর্বে পাটনাত অনুষ্ঠিত হোৱা এক কৃষি বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালাত অসমক প্রতিনিধিত্ব কৰিছিল এইগৰাকী মহিলাই।
ফুল খেতি, পাচলি খেতিৰ উপাৰ্জনৰ পৰাই ময়ুৰীয়ে যোৰহাটৰ ৰাষ্ট্ৰীয় পথৰ দাতিত স্থাপন কৰিছে নিজাকৈ ব্যৱসায়িক প্ৰতিষ্ঠান৷ একালত অভাৱগ্ৰস্ত অৱস্থাৰে দিন অতিবাহিত কৰা কৃষিজীৱী পৰিয়ালৰ সদস্য ময়ুৰী বৰা এতিয়া কেৱল স্বাৱলম্বী হোৱাই নহয় আন একাধিক পৰিয়ালৰো সংস্থাপনৰ আধাৰ৷ ময়ূৰী বৰা যোৰহাট জিলাৰ মহিলা কৃষকসকলৰ ভিতৰত অন্যতম, যিয়ে সামাজিক উত্তৰণৰ এক আদৰণীয় পথেৰে অগ্ৰসৰ হৈছে। লগতে তেওঁৰ ব্যতিক্ৰমী কৃষিকৰ্মৰে অৰ্থনৈতিক উন্নতি সাধন আনৰ বাবেও হৈ পৰিছে আদর্শ।
======
ফোন: ৮৬৩৮৬৯৮৪৫০
No comments