Page Nav

HIDE

Grid

GRID_STYLE

চালখান মুৰ্মুৰ সংগ্ৰাম: নিৰাশাজনক পৰিস্থিতিৰ পিচতো কি দৰে চাওঁতালী ভাষা সংবিধানৰ অনুসুচীতভূক্ত হৈছিল

চাওঁতালী ভাষা আৰু হাসা (ভূমি) আন্দোলন আ‌ৰু চালখান মুৰ্মু --১৯৯৮ চনত সাংসদ হোৱাৰ পিছৰে পৰাই চাওঁতালী ভাষাক স্বীকৃতিৰ হেতু দিন ৰাতি একাকাৰ কৰি...


চাওঁতালী ভাষা আৰু হাসা (ভূমি) আন্দোলন আ‌ৰু চালখান মুৰ্মু


--১৯৯৮ চনত সাংসদ হোৱাৰ পিছৰে পৰাই চাওঁতালী ভাষাক স্বীকৃতিৰ হেতু দিন ৰাতি একাকাৰ কৰি তেখেতৰ সহধৰ্মিনী সুমিত্ৰা মুৰ্মুৰ সৈতে ভাষা  আন্দোলনৰ নেতৃত্ব লৈছিল ৷ ভৱিষ্যতৰ কথা চিন্তা নকৰি তেখেতৰ পাৰিবাৰিক ধন পানীৰ দৰে আন্দোলনৰ নামত ব্যয় কৰিছিল ৷


ৰমেশ চন্দ্ৰ চৰেণ:

১০ জুলাই,২০২১

সুদীৰ্ঘ আন্দোলনৰ বিৰতিৰ মুৰত চাওঁতালসকলে ভাষা স্বীকৃতি পাবলৈ সক্ষম হয়৷ ইয়াৰ মুলতে হৈছে চালখান মুৰ্মুৰ নেতৃত্বত অক্লান্ত পৰিশ্ৰমেৰে  ধাৰাবাহিক আন্দোলনৰ সফল ৰূপায়ণ, সাংগাঠনিক শক্তি আৰু ৰাজনৈতিক আৰু কৌশলী নীতিৰ সফল প্ৰয়োগৰ ৷ তেখেতৰ প্ৰচেষ্টাত ভাষা স্বীকৃতি পোৱাৰ ১ বছৰৰ পুৰ্বেই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷ঠিক সেইদৰে ২০০৪ চনৰ ২২ ডিচেম্বৰ তাৰিখে তিলকা মুৰ্মু সাংস্কৃতিক বিকাশ কেন্দ্ৰ ৰাঘই পশ্চিম সিংভূমৰ নেতাসকলে চাওঁতালী ভাষা বিজেতা উপাধি প্ৰদান কৰে ৷চাওঁতালী ভাষা মৰ্চাৰ আন্দোলনৰ সময়ছোৱাতো ২০০০চনৰ ৮ এপ্ৰিল তাৰিখে গোপাল মৈদানত হোৱা চাওঁতালী ভাষা মৰ্চা তৃতীয় চাওঁতালী ভাষা মহাৰেলীত জামছেদপুৰ এচেকা পশ্চিমবংগৰ প্ৰস্তাৱমৰ্মে চাওঁতালী ভাষা মৰ্চাত চামিল হৈ প্ৰায় ১০০ সংগঠনে শ্ৰীমুৰ্মুক পাৰছী হুলগাড়ীয়া অৰ্থাৎ মহান ভাষা আন্দোলনকাৰী উপাধি প্ৰদান কৰে ৷ ২০০৩ চনত দিল্লীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় আদিবাসী ভাষা সন্মিলনত গান্ধী হিন্দুস্থানী সাহিত্য সভা নতুন দিল্লী আৰু মানৱ সংসাধন মন্ত্ৰালয় ভাৰত চৰকাৰৰ যুটীয়া তত্বাৱধানত কেন্দ্ৰীয় মন্ত্ৰী চাহেব সিং বৰ্মাই চাওঁতালী ভাষা আন্দোলনৰ সফল নেতৃত্বৰ বাবে "ৰাষ্ট্ৰীয় লোকভাষা সন্মান২০০৩'' প্ৰদান কৰা হৈছিল ৷স্বাধীন ভাৰতত আদিবাসী সকল প্ৰধানত দুটা ঐতিহাসিক উপলব্ধি প্ৰাপ্ত হৈছিল ৷(১)২০০০চনৰ ১৫ নবেম্বৰ তাৰিখে ঝাড়খণ্ড  ৰাজ্য হিচাবে স্বীকৃতি পায় (২)২০০৩ চনৰ ২২ ডিচেম্বৰ তাৰিখে চাওঁতালী ভাষা সংবিধানৰ অষ্টম অনুসুচীত অন্তভুৰ্ক্ত হয় ৷ মন কৰিবলগীয়া বিষয় যে ১৮৫৫ চনৰ এই দিনটোতেই সান্থাল পাৰগানা স্থাপিত হৈছিল ৷ঝাড়খণ্ড প্ৰদেশ গঠন আৰু চাওঁতালী ভাষা স্বীকৃতিৰ ঐতিহাসিক ক্ষনত চালখান মুৰ্মুৰ ভুমিকা আছিল অপৰিসীম ৷প্ৰথমে ঝাড়খণ্ড ৰাজ্য হিচাবে স্বীকৃতি পোৱাৰ বহু জটিলতা আহিছিল ৷পশ্চিমবংগৰ মুখ্যমন্ত্ৰী জ্যোতি বসু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুয়ে প্ৰৱলভাবে বিৰুদ্ধাচৰণ কৰিছিল ৷বিহাৰ বিধান সভাতো এই বিলক লৈ বহু আপত্তি আহিছিল ৷অৱশেষত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটলবিহাৰী বাজপেয়ী গৃহমন্ত্ৰী এল কে আদবানি জৰ্জ ফাৰ্ণাণ্ডেজ কাৰিয়া মুণ্ডাৰ লগতে ভাজপাৰ সাংসদসকলে উপস্থিত আছিল ৷দেৱদাস আপ্তেৰ আমন্ত্ৰণ ৰক্ষা কৰি বৈঠকত উপস্থিত থকা চালখান মুৰ্মুও উপস্থিত আছিল ৷বৈঠকতে এল কে আদৱানিয়ে ঝাড়খণ্ড বিল সন্দৰ্ভত বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহন কৰাৰ কথা জানিব দিয়ে ৷তেতিয়াই চালখান মুৰ্মুয়ে এই সিদ্ধান্তক সহজ ৰূপে মানি লব পৰা নাছিল ৷লগে লগে মুৰ্মুয়ে সংবিধানৰ অনুচ্ছেদ৩ৰ মতে নতুন প্ৰদেশ গঠন কৰাৰ সন্দৰ্ভত সংসদেই মুখ্য ভুমিকা লব বুলি উল্লেখ কৰে ৷ ।মুৰ্মু এই কথাত জৰ্জ  ফাৰ্ণাণ্ডেজয়ো একমত হয় ৷অৱশ্যে আদৱানিয়ে উত্তৰাখণ্ড আৰু ছত্তিছগড়ৰ বিলে কোনো ধৰনৰ বাধাৰ সন্মুখিন হব নালাগিব বুলি স্পষ্ট কৰি দিয়ে ৷ ইপিনে চাওঁতালী ভাষা স্বীকৃতিতো চালখান মুৰ্মুৰ অবিহনে সম্ভৱপৰ নাছিল ৷যদিও মাৰাং বুৰুৰ কৃপাত বীৰ শ্বহীদসকলৰ আৰ্শীবাদ আৰু মুৰ্মুদেৱৰ অম্লান প্ৰচেষ্টাত সফল হৈছিল ৷প্ৰয়োগ কৰিব লগা হৈছিল ৰাজনীতি আৰু কৌশলী নীতি ৷ফলস্বৰূপে এই ঐতিহাসিক প্ৰতিফল লাভ কৰিবলৈ সক্ষম হয় ৷এটা কথা উল্লেখ কৰিব লাগিব যে ২০০৩ চনৰ ৩১জুলাইত কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহন কৰা মতে কেৱল বড়ো ভাষাকহে সংবিধানৰ অষ্টম অনুসুচীত অন্তভূক্ত কৰিব ৷ ইতিমধ্যে ২০০৩ চনৰ ১৮ আগষ্টত বড়ো ভাষাক মান্যতা প্ৰদানৰ  সংবিধান সংশোধনীও বিল প্ৰস্তুত কৰে ৷উল্লেখযোগ্য যে গৃহমন্ত্ৰী আদৱানিয়ে বড়ো উগ্ৰপন্থীৰ সৈতে শান্তি আলোচনাত মিলিত হৈ দুটা চুক্তি ৰূপায়ণ কৰাৰ আশ্বাস প্ৰদান কৰিছিল ৷(১)বড়ো ভাষাক সংবিধানৰ অষ্টম অনুচ্ছেদত অন্তভূক্ত কৰা (২)বড়ো স্বায়ত্ত্বশাসিত পৰিষদ গঠন কৰা ৷ গৃহমন্ত্ৰী আদৱানিয়ে ২০০৩ চনৰ ৭ ডিচেম্বৰ তাৰিখে কোকোৰাঝাৰত আহি বড়ো স্বায়ত্ত্বশাসিত পৰিষদ গঠন কৰে ৷আৰু অনুষ্ঠিত হবলগা শীতকালীন অধিৱেশনত বড়ো ভাষাক অষ্টম অনুচ্ছেদত অন্তভূক্ত কৰাৰ ঘোষনা কৰে ৷চালখান মুৰ্মুয়েও  চাওঁতালী ভাষা অষ্টম অনুচ্ছেদত অন্তভূক্তিৰ  দাবীৰে আন্দোলন আৰু জোৰদাৰ কৰি তোলে ৷ ৰেলপথ অৱৰোধ পথ অৱৰোধ ধৰ্না প্ৰতিবাদ ভাষা ৰথ লগতে সাংসদ হিচাপে সংসদত জোৰদাৰ বক্তব্যই কোনো কামত নাহিল ৷গৃহমন্ত্ৰীৰ তৰফৰ পৰা কোৱা হল যে ইতিমধ্যে চাওঁতালী ভাষা আৰু অন্যান্য ভাষাসমুহক মান্যতা প্ৰদানৰ হেতু ডা°সীতাৰাম মহাপাত্ৰৰ নেতৃত্বত এক উচ্চস্তৰীয় কমিটি গঠন কৰা হৈছে ৷ কমিটিখনে ভাষা স্বীকৃতিৰ হেতু মানদণ্ড নিৰূপণ কৰিব ৷ভাজপাৰ সাংসদ হয়ো এই সিদ্ধান্তত মুৰ্মুয়ে হতাশ হৈ পৰিছিল ৷বিকল্প চিন্তা চৰ্চা কৰি অৱশেষত কংগ্ৰেছৰ সাংসদ সীতাৰাম দাসমুন্সিক সাক্ষাৎ কৰে ৷আৰু চাওঁতালী ভাষাক  সাংবিধানিক মৰ্যাদা প্ৰদানৰ বাবে অনুৰোধ কৰা হল ৷কোৱা হ'ল যে আদিবাসীসকলৰ স্বাৰ্থত তেখেতে যেন সহযোগ কৰে ৷দাসমুন্সিদেৱে চালখান মুৰ্মুৰ পৰা সকলোখিনি শুনি বুজি সহানুভূতি প্ৰকাশ কৰি কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীক সাক্ষাৎ কৰি সহমতত আনিব পাৰিলে ইতিবাচক দিশ হব বুলি পৰামৰ্শ দিয়ে ৷শেষত ছোনিয়া গান্ধীক সাক্ষাৎ কৰি আদিবাসী সকলৰ শৈক্ষিক বিকাশৰ পথ ৰুদ্ধ হোৱা বুলি উল্লেখ কৰি কয়  যে একমাত্ৰ ভাষাৰ বাবেই আদিবাসী সকলে শৈক্ষিক ক্ষেত্ৰত আগবাঢ়িব পৰা নাই বুলি অৱগত কৰে৷ আৰু শিক্ষাৰ মানদণ্ডয়ো নিম্নগামী  হোৱাৰ ইয়ো এক কাৰন বুলি জানিব দিয়ে ৷আমাৰ মৌলিক অধিকাৰ সংবিধানত প্ৰায়োগিক ধাৰা থকাৰ পাছতো কোনো ধৰনৰ সুযোগ সুবিধা দিয়া নাই আলোচনা প্ৰসংগত শ্ৰীমুৰ্মুয়ে উল্লেখ কৰে ৷সেয়েহে আদিবাসীসকল শিক্ষিত হোৱাৰ লগতে বিকাশৰ পথত আগুৱাই যোৱাৰ স্বাৰ্থত চাওঁতালী ভাষাক সাংবিধানিক মৰ্য্যদা প্ৰদান কৰাটো অতি আবশ্যক হৈ পৰিছে ৷সেয়েহে এই ক্ষেত্ৰত আদিবাসীসকলক সহায় সহযোগিতাৰ প্ৰাৰ্থনা জনাই ৷সকলোখিনি কথা শুনাৰ পাছত ছোনিয়া গান্ধীয়ে সহযোগ দিয়াৰ আশ্বাস প্ৰদান কৰে ৷পৰৱৰ্তী পৰ্যায়ত ছোনিয়া গান্ধীয়ে বিভিন্ন ৰাজ্যৰ পৰা অহা চাওঁতালী ভাষা মৰ্চাৰ প্ৰতিনিধি সকলকো সাক্ষাৎ কৰে ৷আৰু চাওঁতালী ভাষা মান্যতাৰ হেতু সম্পূৰ্ণ সহযোগ দিয়াৰ আশ্বাস প্ৰদান কৰে ৷স্মতৰ্ৱ্য যে অসমত থকা আদিবাসীসকলৰ জনজাতিকৰণৰ বাবেও কংগ্ৰেছ নেত্ৰী গৰাকী এক স্মাৰকপত্ৰ প্ৰদান কৰে সাংসদ চালখান মুৰ্মুয়ে ৷পৰিশেষত ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি ড°আব্দুল কালামক ২০০৩ চনৰ ৯ ডিচেম্বৰ তাৰিখে ১১ জনীয়া সংসদীয় মণ্ডলীয়ে চাওঁতালী ভাষাক সংবিধানৰ অষ্টম অনুসুচীত অন্তভূক্ত বাবে এক স্মাৰকপত্ৰ প্ৰদান কৰে ৷ৰাষ্ট্ৰপতিয়ে আগ্ৰহপুৰ্বক চাওঁতালী ভাষাৰ লিপি আছে নে নাই বুলি সোধা এক প্ৰশ্নৰ উত্তৰত সাংসদ মুৰ্মুয়ে চাওঁতালী লিপি অলচিকিৰ পৰিচয় কৰাই দিয়ে ৷মন কৰিব লগা কথা যে ভাজপা চৰকাৰৰ ওচৰত বিল অনুমোদনৰ বাবে পৰ্যাপ্ত সাংসদ নাছিল ৷কংগ্ৰেছৰ সমৰ্থন অবিহনে বড়ো ভাষাৰ বিলো অনুমোদনৰ সম্ভৱ নাছিল ৷কংগ্ৰেছ সাংসদ প্ৰিয়ৰঞ্জন দাসমুন্সিদেৱে সাংসদ চালখান মুৰ্মুৰ আবেদন নিবেদন মৰ্মে আৰু ছোনিয়া গান্ধীৰ নিৰ্দেশ ক্ৰমে লোকসভাত সংশোধনী প্ৰস্তাৱ আনে যে বড়োভাষাৰ লগতে চাওঁতালী ভাষাকো অষ্টম অনুসুচীত অন্তভূক্ত কৰিলে বিলত সমৰ্থন দিব ৷শেষত চালখান মুৰ্মুৰ সফল  ৰাজনৈতিক কৌশল প্ৰয়োগৰ ফলত ২০০৩ চনৰ ২২ ডিচেম্বৰ তাৰিখে চাওঁতালী ভাষা অষ্টম অনুচ্ছেদত অন্তভূক্ত হোৱাৰ গৌৰৱ অৰ্জন কৰে ৷জানি থোৱা ভাল হব যে ভাষা আন্দোলন আৰু হাচা (ভুমি)আন্দোলন সফল ৰূপে কৰি অহা শ্ৰীমুৰ্মুয়ে ১৯৮০চনৰ ৩০জুন তাৰিখে ঝাড়খণ্ড প্ৰদেশ গঠনৰ দাবীত দিল্লী চলো কাৰ্যসুচীৰ এক বিশাল জন প্ৰদৰ্শন কৰিছল ৷পৰৱৰ্তীকালত ১৯৯২ চনৰ১৬ আগষ্টত পশ্চিমবংগৰ ঝাড়গ্ৰামত চাওঁতালী ভাষা মৰ্চা গঠন কৰি ভাষা আন্দোলনৰ দ্বিতীয় লানি পদক্ষেপ গ্ৰহন কৰে ৷আদিবাসী নেতা চালখান মুৰ্মুয়ে ১৯৯৮  চনত সাংসদ হোৱাৰ পাছত তৃতীয় আৰু অন্তিম পদক্ষেপ সম্পূৰ্ণ কৰে ৷অৱশ্যে অন্যান্য সহযোগী সংগঠনসমূহেও ভাষা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল ৷কিছু হিংসা দ্বেষ গ্ৰস্ত লোকসকলেহে চালখান মুৰ্মুৰ এই ভাষা আন্দোলনত সহযোগ দিয়া নাছিল ৷এই কাৰ্যত মুৰ্মুয়ে দুখ প্ৰকাশো কৰিছিল ৷যিকি নহওক চাওঁতালী ভাষা মান্যতাত অন্ততঃ চালখান মুৰ্মুয়ে সংসদত প্ৰথম চাওঁতালী ভাষাত বক্তৃতা ৰখা প্ৰথম ব্যক্তি হিচাবে গৌৰৱ অৰ্জন কৰে ৷ দ্বিতীয় গৌৰৱ অৰ্জন কৰা ব্যক্তি হল চিপিএমৰ ৰূপচান্দ মুৰ্মুয়ে ৷চালখান মুৰ্মুয়ে All India Education Council গঠন কৰি ভাৰতত ৫খন প্ৰদেশত চাওঁতালী লিপিৰ প্ৰাইমাৰী, মধ্য, উচ্চ, উচ্চতৰ, আৰু স্নাতক পৰ্যায়ৰ  পাঠ্যক্ৰম ট্ৰষ্টৰ চেয়াৰমেন ৰূপে মাৰ্গদৰ্শন কৰাই আহিছে ৷কিন্তু পৰিতাপৰ বিষয় আজি পৰ্যন্ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে স্বীকৃতি প্ৰাপ্ত চাওঁতালী ভাষাৰ বাবে কোনো ধৰনৰ ব্যৱস্থা গ্ৰহন নকৰিলে ৷শেহতীয়াকৈ চাওঁতালী ভাষা অষ্টম অনুচ্ছেদত অন্তভূক্ত হোৱাৰ পাছতেহে চাওঁতালী ভাষাৰ লেখক,কবি সকলে সাহিত্য একাডেমিৰ পুৰস্কাৰ লাভ কৰি গৌৰৱ অৰ্জন  কৰিবলৈ সক্ষম হয় ৷  স্বীকৃতিপ্ৰাপ্ত ভাষা হোৱাৰ  স্বত্বেও চাওঁতালী ভাষাই চৰকাৰী সুযোগ সুবিধা এই পৰ্যন্ত  লাভ নকৰাৰ বিষয়টোৰ  সন্দৰ্ভত  চালখান মুৰ্মুয়ে উপেক্ষিত আৰু অৱহেলিত কৰাৰ বিৰুদ্ধে ১৯/০৮/২০১০ চনত ৰাষ্ট্ৰপতিলৈ পত্ৰ  লিখি অৱগত কৰাই ৷ পৰৱৰ্তী সময়ত ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশক যশপাল দেবাসে পত্ৰ নং iv 14014/8/2010 iv দিনাংক ৯/১১/১০ দ্বাৰা চালখান মুৰ্মুক যোগাত্মক ব্যৱস্থা গ্ৰহণৰ বাবে জাননী প্ৰেৰন কৰে ৷ঝাড়খণ্ডত চাওঁতালী ভাষাক  ৩৪৫ অনুচ্ছেদ ধাৰাৰ ভিক্তিত ৰাজভাষাৰ মৰ্যাদা প্ৰদানৰ লগতে বিহাৰ, উৰিষ্যা, পশ্চিমবংগ ,আৰু অসমতো সংবিধানৰ ৩৪৭ অনুচ্ছেদ ধাৰাৰ অনুসাৰে দ্বিতীয় ৰাজভাষা স্বীকৃতিৰ বাবে সংগ্ৰাম অব্যাহত ৰাখে ৷ঝাড়খণ্ড গঠনৰ ১ সপ্তাহৰ পাছত অৰ্থাৎ ২০০০চনৰ ৮ নৱেম্বৰ তাৰিখে ৰাঁচীৰ মোহৰাবাদী খেলপথাৰত চাওঁতালী ভাষা মৰ্চাই লাখ লাখ লোকৰ উপস্থিতিত চাওঁতালী ভাষাক ৰাজভাষাৰ মৰ্যাদা দিবৰ বাবে স্মাৰকপত্ৰ প্ৰদান কৰিছিল ৷কিন্তু সকলো বিফলে গল ৷চাওঁতাল জনগোষ্ঠীৰ শিবু চৰেণে তিনিবাৰ মুখ্যমন্ত্ৰী হয়ো চাওঁতালী ভাষা মান্যতাপ্ৰাপ্তিৰ কোনো ধৰনৰ পদক্ষেপ গ্ৰহন নকৰিলে ৷আন এগৰাকী মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডীকো ৰাজভাষাৰ স্বীকৃতি দিবৰ বাবে সৰ্বতোপ্ৰকাৰে হেচা প্ৰয়োগ কৰা হল ৷তৎস্বত্বেও ফল নধৰিল ৷তাৎপৰ্যপূৰ্ণভাবে নিজৰ মাতৃভাষাক একাষৰীয়াকৈ ৰাখি ভোটৰ স্বাৰ্থত উৰ্দুভাষাক ৰাজভাষাৰ স্বীকৃতি দিবৰ বাবে উঠিপৰি লাগিল ৷ চাওঁতালীসকলৰ মাজত মুখ্যমন্ত্ৰী, মন্ত্ৰী,গৰিষ্ঠসংখ্যক বিধায়ক, সাংসদ থকাৰ পাছতো চাওঁতালী ভাষা স্বীকৃতিৰ বাবে নিৰ্নায়ক কোনো সংকল্প বা সংগ্ৰাম কৰা নাই ৷ কিন্তু চালখান মুৰ্মুয়ে  চাওঁতালী ভাষাক স্বীকৃতি প্ৰদান  হেতু এক নিৰাশাজনক পৰিস্থিতিৰ মুখামুখি হৈয়ো  দৃঢ় সংকল্প মন এটি লৈ অম্লান চেষ্টা আৰু সংগ্ৰামেৰে ভাষাটোক সংবিধানৰ অষ্টম অনুসুচীত অন্তভূক্ত কৰিবলৈ সক্ষম হোৱা এক ঐতিহাসিক গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে চালখান মুৰ্মুয়ে ১৯৯৮ চনত সাংসদ হোৱাৰ পিছৰে পৰাই চাওঁতালী ভাষাক স্বীকৃতিৰ হেতু দিন ৰাতি একাকাৰ কৰি তেখেতৰ সহধৰ্মিনী সুমিত্ৰা মুৰ্মুৰ সৈতে ভাষা  আন্দোলনৰ নেতৃত্ব লৈছিল ৷ ভৱিষ্যতৰ কথা চিন্তা নকৰি তেখেতৰ পাৰিবাৰিক ধন পানীৰ দৰে আন্দোলনৰ নামত ব্যয় কৰিছিল ৷পুনৰাই কওঁ তেখেতৰ আত্মবিশ্বাস,সত্যনিষ্ঠা, আৰু ভাগীৰথী প্ৰয়াসেই সঠিক লক্ষ্যত উপনিত হবলৈ সক্ষম হয় ৷চালখান মুৰ্মু চাওঁতালী ভাষা বিজয়ী হিচাবে চিৰদিন অমৰ হৈ ৰৱ ৷ ২২ডিচেম্বৰ তাৰিখে চাওঁতালী ভাষা বিজয় দিৱসৰ লগে লগে বিজেতা দিৱস পালন কৰিলে আৰু সাৰ্থক হব ৷

  




No comments