নেতাবোৰৰ হাতত তুলি দিয়া আৱেদনবোৰৰ গুৰুত্ব এতিয়া কিমান? ..আবেদনকাৰী সকলে সম্পূৰ্ন আস্থাৰে ভাবি লয় যে নিৰ্বাচনৰ অন্ততঃ চৰকাৰ গঠনৰ পিছত তেওঁল...
নেতাবোৰৰ হাতত তুলি দিয়া আৱেদনবোৰৰ গুৰুত্ব এতিয়া কিমান?
..আবেদনকাৰী সকলে সম্পূৰ্ন আস্থাৰে ভাবি লয় যে নিৰ্বাচনৰ অন্ততঃ চৰকাৰ গঠনৰ পিছত তেওঁলোকৰ আৱেদন বিষয় সমূহত যথাপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব...অভাৱ অভিযোগৰ আবেদন পত্ৰৰ বিষয়সমূহৰ কাৰণে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নে বা অনাগত দিনত সেই আৱেদন পত্ৰ সমূহৰ কিবা গুৰুত্ব থাকিব গৈ নে?...
আমি প্ৰায়ে দেখিবলৈ পাওঁ যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত যেতিয়া আমাৰ দলীয় মুখ্য নেতাবোৰ বিভিন্ন জিলাৰ বিভিন্ন ভিতৰুৱা অঞ্চল সমূহলৈ যায় তেতিয়া সেই স্থানৰ বিভিন্ন ডেকা, গাভৰু, আই ,মাতৃ, ককা, আইতা সকলোৱে নিজৰ নিজৰ কাম বন পেলাই থৈ লৰ দিয়ে ইমান দিনে টিভি বা বাতৰি কাকতৰ শিৰোনামত দেখি থকা সেই মন্ত্রীজনক নিজ চকুৰে ওচৰৰ পৰা পাৰিলে এবাৰ চুই চাবলৈ। তাৰ মাজতে কিছুমানে আকৌ নিজা নিজা বিভিন্ন অভাৱ অভিযোগবোৰৰ কথা নিৰ্বাচনী প্ৰচাৰ কৰিব অহা সেই নিৰ্দিষ্ট মুখ্য ভূমিকাত থকা নেতাজনক অৱগত কৰাবলৈ হাতত একো একোখন আৱেদন পত্ৰ লৈ আগবাঢ়ি আহে। কিজানি বিগত সময়চোৱাত উলিওৱা বিভিন্ন জনকল্যানমূলক আঁচনি সমূহত তথা বিভিন্ন চৰকাৰী কামত নিজকে সাঙুৰি লৈ আত্মনিয়োগ কৰি লব পাৰে। যদি আপুনি ভালদৰে লক্ষ্য কৰে দেখিব এই আৱেদন পত্ৰৰ সৰহ ভাগেই মূলতঃ বিভিন্ন চাকৰি বিষয়ৰ লগত জড়িত যি নেকি বিগত সময়ত অনুষ্ঠিত হৈ যোৱা অসমৰ বিভিন্ন বিভাগৰ চাকৰি পৰীক্ষাত উত্তীৰ্ন হৈও নিযুক্তি নোপোৱাই হওক বা অন্যান্য বিভিন্ন চৰকাৰী সা সুবিধাৰ অভাৱ অভিযোগবোৰ লিখিত আকাৰত মন্ত্ৰী জনৰ হাতত অৰ্পণ কৰিবৰ বাবে তিনি তৰপীয়া নিৰাপত্তাৰক্ষীৰ ঠেলা-গতা তথা তীক্ষ্ণ গালি গালাজ খাই হলেও নিজ ভৱিষ্যতক অন্য এক যোগাত্মক দিশত লৈ যোৱাৰ পৰিকল্পনাৰে বিগত সময়বোৰত বাৰে বাৰে চেষ্টা কৰিও নোহোৱা কামৰ পৰিৱৰ্তন এটা বিচাৰি পৰিৱৰ্তনগামী চৰকাৰৰ পৰা সপোন ৰচে। আকৌ সেই আৱেদন প্ত্ৰ সমূহ বিভিন্ন সময়ত নেতা সকলে হাতত তুলি লোৱাও দেখা যায়। চিন্তাৰ কোনো কাৰণ প্ৰয়োজনবোধ নকৰাৰ ভাবধাৰাৰে আৱেদনকাৰীক আৱেদন বিষয়ৰ যোগাত্মক ভাবদৰ্শন প্ৰদৰ্শন কৰি সেই অভাৱ অভিযোগসমূহ নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট দিনত কাৰ্যত ৰূপ দিয়াৰ আশ্বাস প্ৰদান কৰে। তেনে ক্ষেত্ৰত সেই আৱেদনকাৰী তথা অভাৱ অভিযোগকাৰী সকলেও মুখত হাঁহিৰ ৰং সানি সেই নিৰ্দিষ্ট নেতাজনৰ দলটোৰ বাবে ভোট সাব্যস্ত কৰাৰ ওপৰিও সেই দলটোৰ হকে প্ৰত্যক্ষ বা পৰোক্ষ ভাবে দিনে ৰাতি একাকাৰ কৰি চৰকাৰ গঠন হোৱাত পয্যাপ্ত বৰঙণি আগবঢ়াই।
...নিৰ্বাচনী প্ৰচাৰৰ বাবে অহা সেই নিৰ্দিষ্ট নেতা জনৰ হাতত কিছুমান অভাৱ অভিযোগ পূৰণৰ বাবে আৱেদন পত্ৰ জমা দিছিল। এই আৱেদন সমূহ নিৰ্দিষ্ট সেই নেতা জনে নিজ হাতেৰে তুলি লৈ উপযুক্ত আশ্বাস প্ৰদান কৰাও দেখা গৈছিল। জানিব পৰা মতে সৰহ ভাগৰেই এই আৱেদন পত্ৰ সমূহ বিগত বছৰকেইটিত হৈ যোৱা অসমৰ বিভিন্ন বিভাগৰ চাকৰি (অসম আৰক্ষী এছ আই পদ, টেট আৰু অন্যান্য বিভাগৰ চৰকাৰী পৰীক্ষাত উত্তীৰ্ন হৈও নিযুক্তি বঞ্চিত) ...
বিগত সময়ৰ নির্বাচনৰ দৰে এইবাৰ বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ বাবে মুখ্য দলীয় নেতা কৰ্মচাৰী সকল বিভিন্ন জিলাৰ সৰু সৰু অঞ্চল সমুহলৈ ৰাওনা হৈছিল বা চাইকেল ৰেলীত তথা পদ যাত্ৰাত তেওঁলোকে অংশগ্ৰহণ কৰিছিল । আকৌ সেই একেই কেইজন নেতাই দিনত প্ৰায় পাঁচ ছয় খন মিটিং বা চাইকেল ৰেলী নহলে পদ যাত্ৰাৰ যি আয়োজন কৰিছিল তাত অংশ গ্ৰহণ কৰিছিল। বিগত সময়বোৰৰ দৰে এইবাৰো দেখা গৈছিল বিভিন্ন ঠাইত স্থানীয় বিভিন্ন জনে নিৰ্বাচনী প্ৰচাৰৰ বাবে অহা সেই নিৰ্দিষ্ট নেতা জনৰ হাতত কিছুমান অভাৱ অভিযোগ পূৰণৰ বাবে আৱেদন পত্ৰ জমা দিছিল। এই আৱেদন সমূহ নিৰ্দিষ্ট সেই নেতা জনে নিজ হাতেৰে তুলি লৈ উপযুক্ত আশ্বাস প্ৰদান কৰাও দেখা গৈছিল। জানিব পৰা মতে সৰহ ভাগৰেই এই আৱেদন পত্ৰ সমূহ বিগত বছৰকেইটিত হৈ যোৱা অসমৰ বিভিন্ন বিভাগৰ চাকৰি (অসম আৰক্ষী এছ আই পদ, টেট আৰু অন্যান্য বিভাগৰ চৰকাৰী পৰীক্ষাত উত্তীৰ্ন হৈও নিযুক্তি বঞ্চিত) বিষয়ৰ সৈতে সংগতিপূৰ্ণ বা আন আন চৰকাৰী সা সুবিধাৰ সমূহ পাবৰ বাবে কৰা আবেদন পত্ৰ আছিল। যিবোৰ আৱেদন প্ৰত্ৰ প্ৰত্যেক জন আবেদনকাৰীৰ নিজ নিজ জীৱন পৰিৱৰ্তন পৰিক্ৰমাৰ আধাৰৰ সৈতে সংগতি পূৰ্ণ। গতিকে নিশ্চিত ভাবে আবেদনকাৰী সকলে ভাবি থৈছে যে অসমৰ শক্তিবান নেতাজনৰ হাতত যিহেতু তেওঁৰ অভাৱ অভিযোগৰ আবেদন পত্ৰ খন তুলি দিবলৈ সক্ষম হৈছে বা নিজৰ অভাৱ অভিযোগবোৰ দাঙি ধৰিবলৈ সক্ষম হৈছে । গতিকে আবেদনকাৰী সকলে সম্পূৰ্ন আস্থাৰে ভাবি লৈছিল যে নিৰ্বাচনৰ অন্ততঃ চৰকাৰ গঠনৰ পিছত তেওঁলোকৰ আৱেদন বিষয় সমূহত গুৰুত্ব প্ৰদান কৰি যথাপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব। এই উদ্দেশ্যৰে সকলোৱে সেই নেতা জনৰ নিৰ্দিষ্ট দলটোৰ হকে ভোটাধিকাৰ সাব্যস্ত কৰিছিল বা প্ৰত্যক্ষ ভাবে নহলেও পৰোক্ষভাবে হলেও সেই দলটোৰ হকে কাম কৰি গৈছিল। নিৰ্দিষ্ট দিনৰ অন্ততঃ সেই দলটোৱে চৰকাৰ গঠন কৰিবলৈও সক্ষম হৈছে। চৰকাৰ গঠন হোৱাৰ পিছত আমি আপুনি মই নিৰ্দিষ্ট নেতাজনৰ হাতত তুলি দিয়া সেই অভাৱ অভিযোগৰ আবেদন পত্ৰৰ বিষয়সমূহৰ কাৰণে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নে বা অনাগত দিনত সেই আৱেদন পত্ৰ সমূহৰ কিবা গুৰুত্ব থাকিব গৈ নে?
অপ্ৰিয় হলেও সত্য আপোনাৰ মোৰ সেই আৱেদন প্ৰত্ৰ তথা ৰাজ্যৰ বিভিন্ন স্থানৰ বিভিন্ন জনৰ অভাৱ অভিযোগ সমূহৰ গুৰুত্ব এতিয়াও থাকিব যদিহে নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাজ্যৰ ভিন ভিন প্ৰান্তত প্ৰচাৰ চলাবলৈ যোৱা সেই শক্তিবান নেতাসকলৰ লক্ষ্য উদ্দেশ্য ভোট হোৱাৰ লগতে আপোনাৰ মোৰ অভাৱ অভিযোগসমূহো জানিব গৈছিল। গতিকে আশা কৰোঁ পুনৰ গঠিত নতুন চৰকাৰ খনে জনসাধৰণৰ প্ৰায়বোৰ আশা ধৰি ৰখাৰ লগতে ৰাজ্যত ভয়ানক ভাবে বাঢ়ি অহা নিবনুৱা সমস্যাৰ ওপৰত কৃপা দৃষ্টি নিক্ষেপ কৰি নিতৌ নতুন নতুন চিন্তাৰে উদ্ভাসিত হৈ নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া কথা মতে কাম কৰি অনাগত সময়ত আৰু দুগুণে ৰাজ্যৰ জনসাধৰণৰ মাজত পিছৰ পাছ বছৰৰ বাবে এতিয়াৰ পৰাই আকৌ বিশ্বাস জগাই তোলক। শেষত আশা কৰিম নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাজ্যৰ ভিন ভিন স্থানত বিভিন্ন জনে দিয়া আৱেদন প্রত্ৰ সমূহক ডাছবিনৰ আলহী হব নিদিব। সকলোবোৰ আৱেদন সংগ্ৰহ কৰি বিষয়বোৰ পৰ্যলোচনা কৰি যথাপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব আৰু তেতিয়াই দেখিব ৰাজ্যৰ নিবনুৱাৰ অন্য এক সমস্যা সমাধানত সফলতা আহৰণ কৰিব পাৰিব। আশা কৰিম আৱেদন সমূহৰ গুৰুত্ব বুজি ব্যৱস্থা গ্ৰহণ কৰিব। নিবনুৱা সমস্যা সমাধানৰ অন্য এক দিশ হৈছে নিৰ্বাচনী প্ৰচাৰৰ সময়ত আহৰণ কৰা সেই আৱেদনৰ বিষয়সমূহ চালি জাৰি চাই কাৰ্যত ৰূপান্তৰ কৰা আৰু তেতিয়াই ৰাজ্যত নতুন দিন নতুনত্বৰে উদ্ভাসিত হৈ উঠিব।
No comments