অসমীয়া ভাষা অধ্যয়ন-সংৰক্ষণ অভিযানক সমৃদ্ধ কৰিছে 'বৰপে'ইতা শব্দকোষ'য়ে দিগন্ত শৰ্মাঃ ১০ জুলাই, ২০২১ লিখিত বা কথিত সকলো শব্দই ভাষি...
দিগন্ত শৰ্মাঃ
১০ জুলাই, ২০২১
লিখিত বা কথিত সকলো শব্দই ভাষিক ঐতিহ্যৰ অন্যতম অংশ। সেয়ে শব্দ সম্ভাৰ সংৰক্ষন এক মহৎ কাৰ্য। বিশেষকৈ কথিত শব্দবোৰ লিখিত ৰূপত ৰাখিব পৰাটো খুবেই আদৰণীয় আৰু এই কাম কৰিব পৰাতো জাতীয় দায়বদ্ধতাৰ পৰিচায়ক। নামনি অসমৰ বিভিন্ন জিলাৰ কিছুমান বিশেষ শব্দ আছে যিবোৰ শুনিলেই কব পাৰি কোন জিলাৰ ভাষা। এই শব্দ সম্ভাৰে অসমীয়া ভাষাক চহকী কৰি আহিছে। দৰং জিলাত ব্যৱহাৰ হোৱা শব্দৰে দৰঙী শব্দকোষ সৃষ্টি হৈছে। একেদৰে বৰপেটা জিলাৰ শব্দ সম্ভাৰ সংকলিত হৈছে "বৰপে'ইতা শব্দকোষ"ত। বৰপেটা জিলাৰ শব্দ সমূহ সংগ্ৰহ কৰি প্ৰণালীবদ্ধ ভাৱে সজোৱাৰ দৰে কষ্টকৰ কাম সম্পন্ন কৰি অসমীয়া ভাষা চহকী হোৱাত অৰিহনা যোগাইছে সাহিত্যিক ড° অমিয়া মহন্তই। বি-এইচ-বি মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধক্ষ্যা অমিয়া মহন্তৰ 'বৰপে'ইতা শব্দকোষ' সম্পাদনাৰ সহযোগী আছিল উষা দাস আৰু ড° কৰবী মহন্ত। সম্পাদকৰ মতে এইখন অভিধান নহয়-শব্দকোষ। কামৰূপী উপভাষাৰ বৰপেটা জিলাৰ কথিত ৰূপৰ শব্দকোষ। সেয়া যিয়েই নহওক এই কৰ্মৰাজিয়ে ভাষা গৱেষণাৰ নতুন, সুন্দৰ আাৰু ঐতিহ্যবাহী পথ নিৰ্দেশনা মুকলি কৰিলে। চিৰকালৰ বাবে পৃথিৱীৰ বুকুত খোদিত কৰিলে বৰপেটাৰ বহু কথিত শব্দ ৰাজিক মচিব নোৱাৰাকৈ। বহু সময়ত বহু শব্দই কালৰ গৰ্ভত হেৰাই যায়। এনে শব্দ সম্ভাৰ সময়মতে সংৰক্ষণ নকৰিলে হেৰাই যাব পাৰে বহু অৰ্থবহ-পৰিচয়বহনকাৰী-সাংস্কৃতিক বা ভাষিক ঐতিহ্যৰ ৰূপৰেখা অংকিত একোটা শব্দ।
পাঠকৰ সুবিধা হোৱাকৈ বৰপে'ইতা শব্দকোষৰ ভিতৰ ভাগৰ কিছু |
বহু শব্দই একোটা জাতি বা অঞ্চলৰ আত্মপৰিচয়ক প্ৰতিনিধিত্ব কৰে। তেনে শব্দ যদি শ বছৰ পিছত নোহোৱাও হব পাৰে। সেয়ে কথিত শব্দৰ সম্ভাৰ সৃষ্টিয়ে একোটা জাতিৰ ভৱিষ্যত সুৰক্ষাতো সহায়ক হয়। 'যাত্ৰা' প্ৰকাশনে প্ৰকাশ কৰা এই বিশেষ শব্দকোষ খন সংৰক্ষণ কৰাটো অতি জৰুৰী। বিশেষকৈ বৰপেটা জিলাৰ প্ৰতিটো পৰিয়ালেই বা বৰপেটাৰ কথিত শব্দ ব্যৱহাৰকাৰী বা ভাষা অধ্যয়নৰ সৈতে জৰিত ছাত্ৰ-গৱেষকে এই শব্দকোষ খন সংৰক্ষণ কৰিব লাগে। অসমৰ জাতীয় সংগঠন সমূহে বিভিন্ন জিলাৰ শব্দকোষ সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱাৰ প্ৰয়োজন। বি. এইচ. বি. মহাবিদ্যালয়, সৰুপেটাৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষড° অমিয়া মহন্তই ইতিমধ্যে ভৱানীপুৰীয়া গোপাল আতাৰ জীয়ৰী আই পদ্মপ্ৰিয়াৰ জীৱনভিত্তিক উপন্যাস 'পদ্মপ্ৰিয়া'ৰ লগতে ৰাধিকা, ভাষা সাহিত্যৰ ৰস (প্ৰৱন্ধ সংকলন), ৰামসৰস্বতীৰ ৰচনাৱলীৰ ভাষা, বৰপে'ইতা শব্দকোষ, বিভিন্ন লেখা-মেলা, প্ৰৱন্ধ-পাতিৰে সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছে।
পাঠকৰ সুবিধা হোৱাকৈ বৰপে'ইতা শব্দকোষৰ ভিতৰ ভাগৰ কিছু |
No comments