Page Nav

HIDE

Grid

GRID_STYLE

বহাগীহঁতৰ জীৱনলৈ আৰু কেতিয়াও নাহে ব'হাগ..

উজনিৰ বহু মাতৃ-পিতৃৰ ৰঙালীৰ ৰং কাঢ়িলে কোনে?   ... বহাগৰ ৰং ৰহইচ চলি আছে চৌদিশে... পিছে দূৰ্ভগীয়া বহাগীৰ মনত ভাহি আহিছে পুত্ৰ দ্বীপৰ মুখখন......


উজনিৰ বহু মাতৃ-পিতৃৰ ৰঙালীৰ ৰং কাঢ়িলে কোনে?


 ...বহাগৰ ৰং ৰহইচ চলি আছে চৌদিশে... পিছে দূৰ্ভগীয়া বহাগীৰ মনত ভাহি আহিছে পুত্ৰ দ্বীপৰ মুখখন... বহাগক আতৰাই থৈ উৰুখা পঁজাত চকুলো নিগৰাই উচুপিছে বিধবা বহাগী...  

 দিগন্ত শৰ্মাঃ

অসমৰ তিনিচুকীয়া জিলাৰ পুৰণি মতাপুং গাঁৱৰ বহাগী চুতীয়া নামৰ বিধৱা মহিলাগৰাকীৰ বাবে বৰ পুত্ৰ দ্বীপ আছিল একমাত্ৰ উৰ্পাজনকৰ্তা ব্যক্তি। স্থানীয় বিলত মাছ মাৰি বিক্ৰী কৰি দৰিদ্ৰ পৰিয়ালটো চলাইছিল দ্বীপে৷ পিতৃ বিয়োগৰ পিছত দ্বীপ আছিল বিধবা মাতৃ বহাগী চুতীয়া আৰু অশীতিপৰ আইতাক ঝাপৈ চুতীয়াৰ বাবে একমাত্ৰ ভৰসা৷ পিছে এদিন মাছ ধৰা জাল কিনিবলৈ যোৱা দ্বীপ ঘৰলৈ ঘূৰি নাহিল৷ সেনাবাহিনীয়ে আলফা সন্দেহত আটক কৰি নি অৰুণাচল সীমান্তত গুলীয়াই হত্যা কৰিলে দ্বীপক৷ চিৰদিনৰ বাবে নিঠৰুৱা হৈ পৰিল বহাগীৰ জীৱন। ২০১৬ চনৰ ১৪ ডিচেম্বৰৰ দিনা দ্বীপ চুতীয়াক হত্যা কৰিছিল সেনাবাহিনীয়ে। পুত্ৰ দ্বীপ চুতীয়া বলি হ'ল ৰাষ্ট্ৰসন্ত্ৰাসৰ, বহাগীৰ দৰিদ্ৰ ঘৰখনত

এফালে বৃদ্ধা শাহু, আনফালে আন দুটি সন্তান। বহাগীৰ সমুখত এন্ধাৰৰ বাহিৰে একো নাই। চিৰদিনৰ  বাবে বহাগীৰ দৰে মহিলাই হেৰুৱালে জীৱন ৰং। আজিলৈকে বহাগীয়ে ন্যায়ৰ নামত পালে কি? উত্তৰ শূন্য। মতাপুং গাৱৰ এটি উৰুখা পজাত চৰম অৰ্থ সংকট, মানসিক যন্ত্ৰণাৰে দিন অতিবাহিত কৰিছে বহাগীয়ে। 

ব'হাগৰ ৰং ৰহইচ চলি আছে চৌদিশে। পিছে দূৰ্ভগীয়া বহাগীৰ মনত ভাহি আহিছে পুত্ৰ দ্বীপৰ মুখখন। ব'হাগক আতৰাই থৈ উৰুখা পঁজাত চকুলো নিগৰাই উচুপিছে বিধবা বহাগী।

ঠিক একেদৰে তিনিচুকীয়া জিলাৰে দীঘলীপথাৰ গাঁৱৰ ১৬ বছৰীয়া কিশোৰ অনুপম মৰানকো সেনাই আলফা সজাই হত্যা কৰিছিল৷ ফুৰিবলৈ যোৱা অনুপম সন্ধানহীন হৈছিল আৰু পিছত মৃতদেহ হৈ উভতি আহিছিল৷ বুকুত সেনাবাহিনীৰ আগ্নেয়াস্ত্ৰৰ গুলী৷ অনুপমৰ মাতৃৰ বাবে ৰঙালী চিৰদিনলৈ ৰংহীন হৈ ৰ'ল।


সেইদৰে জিলাখনৰ মতাপুং গাঁৱৰ দেবেশ্বৰ মৰান আৰু ৰত্নেশ্বৰী মৰানৰ পুত্ৰ জনক মৰানক ২০১১ চনৰ ২৫ ডিচেম্বৰৰ নিশা সেনাবাহিনীয়ে ধৰা নি অৰুণাচলৰ লোহিত জিলালৈ লৈ গৈ ভুৱা সংঘৰ্ষৰে হত্যা কৰিছিল৷ একেদৰে গাঁৱখনৰ ধীৰাজ দুৱৰা আৰু শিৱ মৰানকো ভুৱা সংঘৰ্ষৰে সেনাবাহিনীয়ে হত্যা কৰিছিল৷  এই সকল যুৱকৰ মাতৃ-পিতৃৰ বাবে বহাগ ৰঙীন জীৱনৰ অৰ্থ হেৰাই গৈছে। ৰাষ্ট্ৰসন্ত্ৰাসে চিৰদিনলৈ কাঢ়ি নিছে তেওঁলোকৰ বহাগ মধুৰ জীৱনৰ ৰং। বছৰৰ বিহুটিত পুত্ৰক মনত পেলাই অযুত দুখৰ ভাৰ কঢ়িওৱাৰ বাহিৰে আন একো নাই।

অনুপমৰ পৰিয়ালটো, দ্বীপৰ পৰিয়ালটো আৰু আন ভূক্তভোগী পৰিয়ালবোৰেও আজিও ন্যায়প্ৰাপ্তিৰ পৰা বহু দূৰৈত৷

যোৰহাট জিলাৰ তিতাবৰ অঞ্চলৰ বৰহোলা বালিজান গাঁৱৰ লীলা বৰা নামৰ বিধৱা মহিলাগৰাকীৰ বাবে জীৱনৰ প্ৰধান সাৰথি আছিল একমাত্ৰ পুত্ৰ জয়ন্ত। যোৱা ১৫ জুন (২০২০ চন)ৰ মাজনিশা সেই বালিজান গাঁৱৰ (গাভৰু ১৫নং ব্লকৰ) জয়ন্ত বৰা নামৰ একুৰি ছয় বছৰীয়া যুৱক এজনক সেনা আৰক্ষীয়ে শোৱাপাটীৰ পৰা তুলি নিয়ে। জয়ন্তক সেনা-আৰক্ষীয়ে এনেদৰে নিৰ্যাতন চলালে যে পিছদিনা চিকিৎসালয়লৈ নিওতে যুৱকজনৰ মৃত্যু হয়। এয়া সেনা-আৰক্ষীৰ জিম্মাত সংঘটিত হত্যা কাণ্ড (custodial torture and killing) বুলি বিবেচিত হৈছে৷ 

২৬ বছৰীয়া জয়ন্ত আছিল ঘৰখনৰ একমাত্ৰ পুত্ৰ৷ জয়ন্তৰ পিতৃ হেম বৰাই ভাৰতীয় সেনাবাহিনীত কাম কৰিছিল যদিও তেওঁৰ মৃত্যু হৈছে৷ হেম বৰাৰ পত্নী লীলা বৰাৰ সৈতে বাস কৰিছিল বৃদ্ধা মাতৃ লেলেশ্বৰী শইকীয়া। তেঁওলোকৰ বাবে জীৱনৰ প্ৰধান সম্বল আছিল একমাত্ৰ জয়ন্ত৷ কিন্তু জয়ন্তক সেইনিশা আৰক্ষী সেনাবাহিনীয়ে ঘৰৰ পৰা লৈ গৈ এনেদৰে অত্যাচাৰ কৰিলে যে যুৱকজনৰ মৃত্যু হ’ল৷ নিঠৰুৱা হৈ পৰিল জয়ন্তৰ বিধৱা মাতৃ আৰু বৃদ্ধ আাইতাক৷ 


লীলা বৰাৰ বাবে ৰঙীন হৈ আছেনে এই ব'হাগ ?

সেনা-আৰক্ষী তথা ৰাষ্ট্ৰসন্ত্ৰাসে একোখন ঘৰ নিশেষ কৰি দিয়াৰ কেইটামান উদাহৰণ এয়া৷ হত্যাকাণ্ডৰ তদন্ত চলি আছে। বিচাৰ হব কেতিয়া! বিগত দিনত ৰাষ্ট্ৰ সন্ত্ৰাসৰ বলি হোৱা কিমান পৰিয়ালে ন্যয় লাভ কৰিলে?  মুঠতে অসমৰ ৰাষ্ট্ৰসন্ত্ৰাসৰ ইতিহাসত দোষীৰ শাস্তি, ভুক্তভোগীৰ ন্যায় প্ৰাপ্তি সুদূৰ পৰাহত। সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ দোহাই দি ৰাজ্যত উলংঘা হৈছে মানৱ অধিকাৰ। সমান্তৰালকৈ ন্যয়প্ৰাপ্তিৰ অধিকাৰকো শাসকে নস্যাৎ কৰি আহিছে। দ্বীপ চুতীয়া, অনুপম মৰাণহঁতৰ পৰিয়ালেই তাৰ প্ৰমাণ। কেইদিনমান পূৰ্বে দীপৰ মাতৃ বহাগী চুতীয়াই আমাক প্ৰশ্ন কৰিছিল, "মই ন্যায় পাম কেতিয়া?"

সেই প্ৰশ্নৰ উত্তৰ আমি দিব পৰা নাছিলো। হয়তো তিতাবৰৰ জয়ন্তৰ বিধৱা মাতৃ, বৃদ্ধা আইতাকে বছৰ বাগৰাৰ পিছত একেটা প্ৰশ্নকে ৰাজ্যবাসীক সুধিব! অসমৰ বহু মাতৃয়ে বিগত দিনতো একেটা প্ৰশ্নকেই সুধি আহিছে। উত্তৰ কাৰো হাতত নাই।

এইসকলৰ পৰিয়ালে ন্যায়ৰ আশাৰে বছৰৰ পিছত বছৰ বাট চালে। ন্যায় পালেনে? ৰাষ্ট্ৰসন্ত্ৰাসে চিৰদিনলৈ বহাগীহঁতৰ পৰা কাঢ়ি নিলে ব'হাগৰ ৰং।

No comments