স্বেচ্ছাসেৱী সংস্থা 'প্ৰথম'ৰ সমীক্ষাত উন্মোচিত চৰকাৰী বিদ্যালয়ৰ ছবি ...বয়সৰ অসামঞ্জস্য... শিকণৰ বেমেজালি... ভাষা আৰু গণিতৰ প্ৰাথমিক ...
স্বেচ্ছাসেৱী সংস্থা 'প্ৰথম'ৰ সমীক্ষাত উন্মোচিত চৰকাৰী বিদ্যালয়ৰ ছবি
...বয়সৰ অসামঞ্জস্য...শিকণৰ বেমেজালি...ভাষা আৰু গণিতৰ প্ৰাথমিক ধাৰণা...বহি: আন্তগাঠনিক অধিক গুৰুত্ব...
বিনেখা সিন্হাঃ
‘প্ৰথম’ৰ আৰম্ভণি হৈছিল ১৯৯৪ চনত যদিও অসমত কাম আৰম্ভ কৰিছে ২০০৫ চনৰ পৰা৷ সমগ্ৰ ভাৰতৰ প্ৰায় ২১ খন ৰাজ্যত ‘প্ৰথমে’ ৩ বছৰ বয়সৰ পৰা ১৬ বছৰ বয়সলৈ শিশুসকলৰ শিক্ষাৰ মান উন্নীতকৰণৰ লগতে কিমান শতাংশ শিশুৱে বিদ্যালয়লৈ গলেও শিকণৰ ক্ষেত্ৰত পিছপৰি আছে এই সমীক্ষা চলাইছে৷ শিক্ষাৰ বিভিন্ন বিষয়ত সততে মাত মাতি অহা ভাৰতবৰ্ষৰ এক ব্যক্তিগত সংস্থা হৈছে 'প্ৰথম'। প্ৰাথমিক শিক্ষাৰ উন্নীতকৰণৰ লগতে বিজ্ঞানসন্মত শিক্ষাৰ প্ৰসাৰৰ বাবে প্ৰথমে ভাৰতবৰ্ষৰ লগতে অসমৰো প্ৰতিখন জিলাৰ লগতে ভিতৰুৱা অঞ্চলসমূহৰ শিক্ষাৰ মান উন্নয়নৰ বাবে কাম কৰি আছে। প্ৰচাৰ বিমুখ হৈ কাম কৰি অহাৰ বাবে এই সংস্থাটোৰ বিষয়ে অসমৰ বহুসংখ্যক লোকেই জ্ঞাত নহয়।
প্ৰতিবেদনঃ ১
শিক্ষাৰ ক্ষেত্ৰখনত কেইবাবছৰ ধৰি কাম কৰি অহা দেশৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা ‘প্ৰথম' (PRATHAM)ৰ সমীক্ষাত পোহৰলৈ আহিছে চৰকাৰী শিক্ষা ব্যৱস্থাৰ উদ্বেগজনক তথ্য৷ প্ৰথমৰ সমীক্ষাত পোহৰলৈ আহিছে সমগ্ৰ শিক্ষাব্যৱস্থাৰ এখন পঞালগা ছবি। যি সময়ত সমগ্ৰ বিশ্বতে প্ৰাথমিক স্তৰৰ শিক্ষাত শিশুসকলে আবেগ অনুভুতিৰ ভিন্ন ৰূপ সহজে চিনাক্তকৰন কৰাত গুৰুত্ব আৰোপ কৰি অহা হৈছে সেই সময়তে ভাৰতবৰ্ষৰ লগতে অসমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত এই বিষয়টোক সম্পূৰ্ণৰূপে আওকাণ কৰা পৰিলক্ষিত হৈছে; সংস্থাটোৱে চলোৱা সমীক্ষা অনু্যায়ী ২০১৯ চনত চৰকাৰী শিক্ষানুষ্ঠানৰ পৰিবৰ্তে ব্যক্তিগত শিক্ষানুষ্ঠানত নামভৰ্তি কৰা প্ৰাথমিক স্তৰৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা ২২ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে।ভাৰতবৰ্ষৰ ২১খন ৰাজ্যৰ লগতে অসমতো প্ৰথমে এই বিষয়ক কেন্দ্ৰ কৰি ২০১৮ বৰ্ষত এক সমীক্ষা চলাইছিল।নমুনা জিলা হিচাপে 'প্ৰথমে’ কামৰূপ গ্ৰাম্য জিলাত চলোৱা সমীক্ষাত দেখা গৈছে যে সুখ, দুখ, খং আৰু ভয় এই চাৰিটাক সামৰি আবেগ অনুভূতিক ৪ বছৰ বয়সত শিশুসকলে মাত্ৰ ১৯.৫ শতাংশহে বুজিব পাৰে৷ চৰকাৰী শিক্ষানুষ্ঠানত পঢ়ি থকা ৫ বছৰ বয়সৰ শিশুসকলৰ মাত্ৰ ২৯.৫ শতাংশ, ৬ বছৰ বয়সৰ শিশুসকলৰ ৩৭.৮ শতাংশ, ৭ বছৰৰ শিশুসকলৰ ৪৪.৪ শতাংশ আৰু ৮ বছৰ বয়সৰ ৫৩.২ শতাংশ শিশুৱে সুখ, দুখ, খং আৰু ভয়ৰ পাৰ্থক্য বুজি পায়৷ এইখিনিতে আমাৰ মনত প্ৰথমে উত্থাপিত হোৱা প্ৰশ্নটোৱে হৈছে প্ৰথমে কিয় আবেগ অনুভূতিক প্ৰথম প্ৰাধ্যান্য দি এই সমীক্ষা চলাইছে ? কিয় উন্নত দেশসমূহেও এই বিষয়টোকে প্ৰাথমিক পৰ্যায়ত গুৰুত্বপূৰ্ণ বিষয় হিচাপে গ্ৰহণ কৰে।
ছপা কিতাপ শিশুৰ মনোগ্ৰাহীতাৰ উৎস
প্ৰতি বছৰে আমাৰ চৰকাৰে প্ৰাক প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈ বিনামুলীয়া পাঠ্যপুথি যোগানৰ ব্যৱস্থা কৰিছে। অসমৰ প্ৰাক প্ৰাথমিক পৰ্যায়ৰ লগতে প্ৰাথমিক পৰ্যায়ৰ পাঠ্যপুথিসমূহ অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত সৰ্বশিক্ষা অভিযান মিছনে প্ৰকাশ কৰে। কিন্তু পাঠ্যপুথিসমূহ শিশুসকলৰ মনোগ্ৰাহী হৈছেনে এই বিষয়টোক পাঠ্যপুথি তৈয়াৰ কৰা শিক্ষিত মহলে গুৰুত্ব প্ৰদান কৰা নাই বুলি প্ৰথমে অভিযোগ উত্থাপন কৰিছে। প্ৰাথমিক পৰ্যায়ত শিশুসকলে ছবিৰ মাধ্যমেৰে শিক্ষা আয়ত্ব বেছিকৈ কৰে । অসম মাধ্যমিক শিক্ষা পৰিষদে প্ৰকাশ কৰা কিতাপসমূহত ছবি দিয়া হৈছে যদিও কিছু জটিলতাৰে এইসমূহ দিয়া হৈছে ফলত শিশুসকলে ছবি চাই সাৰমৰ্ম উপলব্ধি কৰাত অসফল হৈছে ।
অশিক্ষিত অভিভাৱকে প্ৰভাৱিত কৰে নেকি শিশু এটিৰ শিকণ প্ৰক্ৰিয়াত?
শিশু এটাক শিক্ষিত কৰি তুলিবলৈ মাক বাপেক বা অভিভাৱক আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হোৱাটো বাধ্যতামূলক নহয়। শিশু এটাক খেলৰ মাধ্যমেৰে অথবা কথোপকথনৰ জড়িয়তেও আনুষ্ঠানিক শিক্ষাৰ সৈতে সংযুক্ত কৰোৱাব পাৰি। মাক বাপেক অশিক্ষিত বাবেই তেওঁলোকৰ সন্তানটো শিক্ষাৰ ক্ষেত্ৰত পিছপৰি থাকিব তেনে কোনো কথা নাই ।পৰিয়ালৰ বিশেষকৈ মাক সকলৰ( কাৰণ এটি শিশুৱে সেই সময়চোৱাত মাক গৰাকীৰ সৈতে বেছি সময় অতিবাহিত কৰে) ক্ষুদ্ৰ প্ৰচেষ্টাৰে এটি শিশু শিক্ষাৰ ক্ষেত্ৰখনত সফলতাৰে আগুৱাই যোৱাৰ বাট মসৃন হৈ উঠে। শিশুৰ শৈক্ষিক উত্তৰণত পাৰিপাৰ্শ্বিকৰ ভূমিকাও উল্লেখনীয়।
আমাৰ শিক্ষাবিভাগে বহি: আন্তগাঠনিক অধিক গুৰুত্ব দিয়ে
'প্ৰথম'য়ে তেওঁলোকৰ কৰ্ম অভিজ্ঞতাৰ পৰা দাবী কৰিছে যে চৰকাৰে কেৱল বহিঃ আন্তগাঠনিহে শিক্ষাৰ বাবে তৈয়াৰ কৰিছে। যিয়ে কেতিয়াও মানব সম্পদ গঢ় দিব নোৱাৰে। মানৱ সম্পদ গঢ় দিবলৈ হ'লে শৈক্ষিক আন্ত গাঠনি তৈয়াৰ কৰিব লাগিব। চৰকাৰে সৰ্বশিক্ষাৰ দৰে আচনি গ্ৰহণ কৰিছে যদিও ইয়াৰ কাম সঠিক ভাৱে চলিছেনে এইক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব আৰোপ কৰা নাই।
অসমৰ ৬০ খন গাঁৱৰ ১২১২ টা পৰিয়ালৰ লগতে ৪-৮ বছৰ বয়সৰ ১৩০৮ টা শিশুৰ সৈতে পোনপটীয়াকৈ যুক্ত হৈ তেওঁলোকৰ ওপৰত চলোৱা গৱেষণাত তেওঁলোকে এই কথা জানিব পাৰিছে । বহু শিশুৱে কেৱল মধ্যহ্ন ভোজনৰ বাবেই বিদ্যালয়লৈ অহা যোৱা কৰিছে তাৰ বাদে ভাষা ,সংখ্যাজ্ঞান একোৱেই আয়ত্ব কৰিব পৰা নাই। কিয় বেছিসংখ্যক শিশুৱে এই কাৰ্যকলাপ সমূহ আয়ত্ব কৰিবলৈ সক্ষম হোৱা নাই এই বিষয়টোক লৈও তেওঁলোকে সমীক্ষা চলাইছে। অসমৰ কামৰূপ গ্ৰাম্য জিলাত তেওঁলোকে চলোৱা সমীক্ষাত বিভিন্ন দিশ পোহৰলৈ আহিছে ।
বয়সৰ অসামঞ্জস্য
যোৱাটো বৰ্ষত কামৰূপ গ্ৰামত কৰা সমীক্ষাত পোৱা গৈছে যে ৪-৮ বছৰ বয়সৰ ভিতৰৰ শিশুসকলৰে বহুতৰে নামভৰ্তিকৰণৰ বয়স অনিয়মীয়া । ৪বছৰ বয়সৰ ৬৩ শতাংশই আঙ্গনবাড়ীত, ৩.৫ শতাংশই চৰকাৰী প্ৰাথমিক বিদ্যালয়ত, ২০ শতাংশই ব্যক্তিগত খণ্ডৰ ইউ কেজি ,এল কেজি ত,৯.৮ শতাংশই আকৌ কোনো আনুষ্ঠানিক শিক্ষাৰ লগত তেতিয়াও যুক্ত নহয়।ঠিক একেদৰে ৫,৬,৭,৮ বছৰৰ ক্ষেত্ৰতো।
শিকণৰ বেমেজালি
৪ বছৰৰ ভিতৰৰ ৯.২ শতাংশ শিশুৱে একো শিকাই নাই যিসকল আনুষ্ঠানিক শিক্ষাৰ লগত জড়িত হোৱা নাই, প্ৰাক প্ৰাথমিক পৰ্যায়ত থকা ৮১.৮ শতাংশ শিশুৱে সিহতৰ পাঠ্যক্ৰম আয়ত্ব কৰিছে।আকৌ প্ৰাথমিক পৰ্যায়ত থকা ৭.৪ শতাংশ শিশুৱেহে নিজৰ পাঠ আয়ত্ব কৰিবলৈ সক্ষম হৈছে। ৪ বছৰ বয়সীয়া শিশুও দ্বিতীয়, তৃতীয় শ্ৰেণীলৈও উন্নীত হৈছে ।সেইসকলৰ মাত্ৰ ১.৬ শতাংশইহে নিজৰ পাঠ আয়ত্ব কৰিবলৈ সক্ষম হৈছে।তেনেকৈয়ে প্ৰায় ৮ বছৰ বয়সলৈ এই শিকণৰ বেমেজালি আছে।
ভাষা আৰু গণিতৰ প্ৰাথমিক ধাৰণা
৪বছৰ বয়সীয়া শিশুসকলৰ সংখ্যাৰ ধাৰণাৰ ক্ষেত্ৰত প্ৰায় ৭১.৯শতাংশ শিশুৱে সংখ্যা চিনি পায়। ৫৭.৪ শতাংশ শিশুৱে সজাগতা সম্পৰ্কে জ্ঞাত,শুনা পোৱা বাক্য ১৩.১ শতাংশ শিশুৱে বুজি পায় আৰু ছবি চাই নিজৰ ধাৰণা প্ৰকাশ কৰিব পাৰে ৬০.৭ শতাংশই। হিচাপ কৰিব পৰা যদি চাও ২৮শতাংশই হিচাপ কৰিব পাৰে লগতে ৪৬.৩ শতাংশই বস্তুৰ পৰিমান তুলনা কৰিব পাৰে।
এইসমূহ অসামঞ্জ্স্যই একোটা শিশুক শিকনৰ ক্ষেত্ৰত বেমেজালি আনে। এটি শিশুৰ ভাষা আৰু গণিতৰ সম্যক ধাৰণা ঘৰুৱা পৰিবেশতো গঢ় দিব পাৰি ।যিসকল শিশুৱে ঘৰুৱাভাৱে এইয়া আয়ত্ব কৰা নাই তেওঁলোকক পৃথকভাৱে এই ধাৰণা প্ৰদান কৰাটোক গুৰুত্ব দিব লাগে। আমাৰ বৰ্তমানৰ শিক্ষা ব্যৱস্থাই সকলোকে সমান দৃষ্টিৰে গ্ৰহণ কৰি শিক্ষা প্ৰদান কৰিছে যাৰ বাবে বহু শিশুৱে প্ৰাথমিক ধাৰণা আয়ত্ব নকৰাকৈয়ে উচ্চ শ্ৰেণীলৈ আগবাঢ়িছে।
No comments