Page Nav

HIDE

Grid

GRID_STYLE

উশাহ্‌ হেৰুৱা জনতা, বিজেপি নেতাৰ কথাৰ ফুলজাৰী আৰু ক'ভিড সংহাৰ

প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী 'কভিড-১৯ ৰেলী'ৰ পিছত ভাৰতবৰ্ষ হ'ল কিয় মৃত্যু উপত্যকা  ....মন্ত্ৰীৰ টুলুঙা মন্তব্য-- অক্সিজেন ক'মকৈ ...


প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী 'কভিড-১৯ ৰেলী'ৰ পিছত ভাৰতবৰ্ষ হ'ল কিয় মৃত্যু উপত্যকা 


....মন্ত্ৰীৰ টুলুঙা মন্তব্য-- অক্সিজেন ক'মকৈ লওক-ৰাজ্য চৰকাৰসমূহক দায়ী কৰে মন্ত্ৰী পীয়ুষ গোৱেলে, ক'ভিডে কঠোৰপৰিশ্ৰমী বিজেপি কৰ্মীসকলক প্ৰভাৱিত নকৰে....

বিনেখা সিন্‌হাঃ

ক'ভিড আক্ৰান্ত দিল্লীৰ অৱস্থা আজি অবৰ্ণনীয়। কি নাছিল দেশৰ ৰাজধানীত! ইতিহাস-ঐতিহ্যৰ পৰা অত্যাধুনিকতালৈ, চৰম আধ্যাত্মবাদ-ধৰ্মবিশ্বাসৰ পৰা তথ্য-প্ৰযুক্তি-বিজ্ঞান-চিকিৎসা-সামাজিক গৱেষণালৈ! পিছে দেশৰ সেই হৃদপিণ্ডত আজি অক্মিজেনৰ অভাৱত মৃত্যুমুখী জনতা। দিল্লীয়ে লব পৰা নাই উসাহ্‌! এয়া এদিনৰ পৰিস্থিতি নহয়। এচাম অবিবেচক ৰাজনীতিকৰ বাবেই আজি এই অৱস্থা।ক'ভিডক লৈ যেন ধেমালি!

 বিশ্ব স্বাস্থ্য সংস্থাই প্ৰথমে ক'ভিড-১৯ সংক্ৰমণক মহামাৰী বুলি ঘোষণা কৰাৰ ৪১৫ দিন হ'ল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক আশ্বাস দিয়াৰ ৩৯০  দিন সম্পূৰ্ণ হ'ল।  কৰোনাভাইৰাছৰ বিৰুদ্ধে "যুদ্ধ জিকিবলৈ" ২০২০  বৰ্ষত  "২১ দিনৰ" লকডাউনৰ প্ৰয়োজন বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল। দ্বিতীয় বাৰৰ বাবে ভাৰতত সক্ৰিয় ক'ভিড-১৯ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে, সমগ্ৰ দেশতে ক'ৰণাৰ  সংক্ৰমণ গুৰুতৰ হাৰত বাঢ়িছে। এই প্ৰতিবেদন যুগুত কৰাৰ সময়ত ভাৰতত আজি ১কোটি ৫৯ লাখ ৩০ হেজাৰ ৯৬৫টা  সক্ৰিয় ক'ভিড-১৯ আক্ৰান্ত লোক আছে, আৰু মৃত্যু হৈছে প্ৰায় ১ লাখ ৮৪ হেজাৰ ৬৭২ জনৰ। যি পৰিসংখ্যা  যোৱাটো বৰ্ষৰ সক্ৰিয় লোকৰ সংখ্যাৰ প্ৰায় দুগুণ।

বিজ্ঞানীসকলে ভাইৰাছটো কেনেদৰে বিয়পে আৰু ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ কি ব্যৱস্থা ল'ব লাগিব সেই বিষয়ে গৱেষণা- চৰ্চা অব্যাহত ৰখাৰ সময়তে আমাৰ ৰাজনৈতিকত নেতাসকলে  আগবঢ়োৱা বাখ্যাক লৈ অব্যাহত আছে চৰ্চা। বিজ্ঞানে য'ত বাখ্যা দাঙি ধৰিব পৰা নাই তেনেক্ষেত্ৰত যোৱা দুমাহ ধৰি আমাৰ নেতা এচামে তুলি ধৰা বাখ্যাসমূহৰ কথা কব খুজিছো।

স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনৰ কথা আৰু কুম্ভ মেলা 

প্ৰথমে আহোঁ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনৰ কথালৈ। ৭ মাৰ্চ ২০২১, যেতিয়া ভাৰতৰ দৈনিক কভিড-১৯ সংক্ৰমণ  লাহে লাহে পুনৰ বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছিল, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে তেতিয়া ঘোষণা কৰিছিল "আমি ভাৰতত কোভিড-১৯ মহামাৰীৰ অন্তিম খেলত আছোঁ, আৰু এই পৰ্যায়ত সফল হ'বলৈ, আমি তিনিটা পদক্ষেপ অনুসৰণ কৰিব লাগিব।কোভিড-১৯ ভেকছিনৰ আঁৰৰ বিজ্ঞানৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, আৰু আমাৰ নিকটতম লোকসকলক  সময়মতে টিকাকৰণ কৰাটো নিশ্চিত কৰিব লাগিব। স্বাস্থ্য মন্ত্ৰীৰ ঘোষণা মাত্ৰ ১ সপ্তাহৰ পাছতেই মিছা প্ৰমাণিত কৰি আৰম্ভ হ'ল দেশত কভিডৰ মৃত্যু বিভীষিকা। মিছা আশ্বাসেৰে দেশবাসীক আভূৱা ভাৰিব খোজা হৰ্ষবৰ্ধনে খবৰ ৰাখিছিলনে যে ইতিমধ্যে পৃথিৱীৰ প্ৰতিখন দেশতেই  2020 চনত কৰোনাভাইৰাছৰ বৃহৎ ৰূপত সংক্ৰমিত হৈছিল আৰু দ্বিতীয় ঢৌৰো চিকাৰ হৈছিল। লগতে ভাৰতৰ ওচৰত নিশ্চিতভাৱে এটা মহামাৰীক  প্ৰতিহত কৰিবলৈ পৰ্যাপ্ত ভেকছিনো  নাছিল। তাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে হৰিদ্বাৰত কুম্ভ মেলা আৰু ৰাজ্যৰ বিধানসভা  নিৰ্বাচনৰ বাবে অনুমতি দিলে।

ক'ভিড-১৯ আক্ৰান্ত হাজাৰ হাজাৰ লোকে অক্সিজেনৰ বাবে হাহাকাৰ কৰিছে আনফালে বিজেপিৰ মন্ত্ৰীৰ টুলুঙা মন্তব্য-- অক্সিজেন ক'মকৈ লওক। টিকাকৰণৰ যি প্ৰক্ৰিয়া সেয়া দেশত ২০২১ চনৰ শেষলৈ  কেৱল ৭০% হে সম্পূৰ্ণ হ'ব বুলি এক সমীক্ষাই প্ৰকাশ কৰিছে। প্ৰতিষেধকেই সম্পূৰ্ণৰূপে জনতাক যোগান ধৰিব নোৱাৰা হৰ্ষ বৰ্ধনে জানিব লাগিছিল যে এইটো এতিয়াও "এণ্ডগেম" নহয়।

 ৰাজ্য চৰকাৰসমূহক দায়ী কৰে মন্ত্ৰী পীয়ুষ গোৱেলে

ইফালে কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীয়ুষ গোৱেলৰ মন্তব্য,'অক্সিজেনৰ চাহিদা নিয়ন্ত্ৰণত ৰাখিব লাগিব'। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অক্সিজেন যোগানৰ বাবে আবেদনৰ বাতৰি অহাৰ লগে লগে, কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে ৰাজ্য চৰকাৰসমূহকে তাৰ বাবে   দায়ী কৰে। গোৱেলৰ মতে ৰাজ্য চৰকাৰসমূহে অক্সিজেনৰ পৰ্যাপ্ত চাহিদা "নিয়ন্ত্ৰণ" কৰিব পৰা নাই।"ৰাজ্য চৰকাৰসমূহে  অক্সিজেন নিয়ন্ত্ৰণত ৰাখিব লাগে। ক'ভিড-১৯ ৰ সংক্ৰমন নিয়ন্ত্ৰন কৰাটো ৰাজ্য চৰকাৰৰ দায়িত্ব আৰু তেওঁলোকে এই দায়িত্ব পালন কৰা উচিত।

গোৱেলে লগতে কয় যদি এনেদৰে কভিড ৰোগীৰ সংখ্যা বৃদ্ধি হৈ থাকে, তেন্তে ই দেশৰ স্বাস্থ্যসেৱা আন্তঃগাঁথনিৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব। আমি ৰাজ্য চৰকাৰৰ সৈতে আছো, তেওঁলোকে ক'ভিড-১৯ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ দৃঢ় পদক্ষেপ ল'ব লাগিব। তেওঁৰ অক্সিজেনক লৈ কৰা  মন্তব্যটো এতিয়া  সামাজিক মাধ্যমত ব্যাপকভাৱে সমালোচনা কৰা হৈছে। #TooMuchOxygen টুইটাৰত ট্ৰেণ্ড আৰম্ভ  হৈছে।

কেন্দ্ৰই আঠ মাহ আগতে ঘোষণা কৰা ১৬২ টা নতুন অক্সিজেন প্ৰকল্প স্থাপনৰ আচঁনিৰ এতিয়ালৈকে কেৱল ১১ টা হে  এনে উদ্যোগ স্থাপন কৰা হৈছে আৰু তাৰে ভিতৰত, বৰ্তমান মাত্ৰ পাঁচটা হে চলি আছে

এক  অনুসন্ধানে দেখুৱাই যে কেন্দ্ৰই আঠ মাহ আগতে ঘোষণা কৰা ১৬২ টা নতুন অক্সিজেন প্ৰকল্প স্থাপনৰ আচঁনিৰ এতিয়ালৈকে কেৱল ১১ টা হে  এনে উদ্যোগ স্থাপন কৰা হৈছে আৰু তাৰে ভিতৰত, বৰ্তমান মাত্ৰ পাঁচটা হে চলি আছে। ২০২০ চনৰ মে মাহত, গোৱেলে দাবী কৰিছিল যে মহামাৰীৰ পৰা পুনৰুদ্ধাৰ কৰা ভাৰত হ'ব প্ৰথম খন দেশ কিন্তু বাস্তৱত?

প্ৰধানমন্ত্ৰীৰ কভিড-১৯ ৰেলী

এতিয়া আহোঁ দেশৰ প্ৰধানমন্ত্ৰীৰ কথালৈ--অসমৰ পাছতেই পশ্চিম বংগৰ বিধানসভা  নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই থাকোতে মোডীয়ে শেহতীয়াকৈ কৈছিল যে তেওঁ এখন ৰেলীত "কেতিয়াও ইমান বিশাল জনসমাগম দেখা নাই"। নেতাজনে এইটো গুৰুত্ব দিয়া নাছিল যে এই  মহামাৰীৰ সময়ত, ভিৰ মূলতঃ আটাইতকৈ ক্ষতিকাৰক।  তেওঁ লগতে কৈছিল যে "মই য'তেই চাওঁ,  মানুহ, কেৱল মানুহ"। তেওঁ যদি এইটোও দেখিলেহেঁতেন যে তাত থকা বেছিভাগ মানুহে মাস্ক পিন্ধা নাছিল।  যোৱা কেইসপ্তাহমানৰ ভিতৰত, মোডীয়ে নিয়মীয়াকৈ জনবহুল নিৰ্বাচনী ৰেলীত উপস্থিত হৈ ভাষণ প্ৰদান কৰিছে।তাৰ পিছতো  তেওঁ দেশবাসীক কভিড-১৯ ৰ পৰিস্থিতিৰ পৰ্যালোচনা এনেদৰে আগবঢ়ালে যেন জনবহুল ৰেলীত অংশগ্ৰহন কৰা মোডীৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ কোনো সম্পৰ্ক নাই।

একেই মন্তব্য অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ স্বাস্থ্য মন্ত্ৰী আৰু বিজেপিৰ হেভিৱেট  নেতা হিমন্ত বিশ্ব শৰ্মাই এপ্ৰিলৰ আৰম্ভণিতে কৈছিল , মহামাৰী এতিয়া শেষ হৈছে আৰু সকলোৱে তেওঁলোকৰ সুৰক্ষামূলক মাস্কসমূহ খুলিব পাৰে। "অসমত কোনো কোভিড নাই... অসমত এতিয়া ফেচ মাস্ক পিন্ধাৰ কোনো প্ৰয়োজন নাই... যদি প্ৰয়োজন হয় মই লোকসকলক অৱগত কৰিম। তেওঁৰ মন্তব্য আৰু অসমৰ বৰ্তমান পৰিস্থিতি এতিয়া  নিশ্চয় সকলোৰে দৃষ্টি গোচৰ হৈছে।অসমত বৰ্তমান কোভিড-১৯-ত আক্ৰান্তৰ সংখ্যা ছহেজাৰৰ অধিক আৰু এয়া বাঢ়িয়েই আছে।

অন্য এজন বিজেপি নেতা তিৰথ সিং ৰাবট। তেওঁৰ কথা অন্যতকৈ সুকীয়া।তেওঁৰ মতে- 'মা গঙ্গাৰ আশীৰ্বাদ প্ৰবাহিত হৈ আছে গতিকে ভাৰতত কোনো কৰোনা থাকিব নালাগে। ভাইৰাছটোৰ দ্বাৰা উদ্ভৱ হোৱা ভাবুকিৰ তীব্ৰতা নিয়মীয়াকৈ অস্বীকাৰ কৰি অহা বিজেপি নেতাসকলৰ এইজন তিৰথ সিং ৰাৱাট উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী। এই অস্বীকাৰবোৰত তেওঁৰ এটাই লক্ষ্য , প্ৰতি ১২ বছৰত এবাৰকৈ অনুষ্ঠিত হোৱা হৰিদ্বাৰত এইবাৰৰ মহা কুম্ভ মেলাত বহুল পৰিমানে মানুহৰ উপস্থিতি নিশ্চিত কৰা।

তেওঁৰ মন্তব্যৰ দুটা দিন পাছতেই কুম্ভত উপস্থিত থকা এজন এজন জ্যোষ্ঠ সন্যাসীৰ ক'ভিড-১৯ ত মৃত্যু হৈছে। মেলাত উপস্থিত থাকি আহমেদাবাদলৈ উভতি যোৱা কমেও ৩৪ জন আৰু চুৰাটলৈ যোৱা ১৩ জন আৰু অসমলৈ অহা প্ৰায় ১৪ জনৰ দেহত ধৰা পৰিছে কৰণাৰ উপস্থিতি।

পৰিশ্ৰমী বিজেপি কৰ্মীসকলক প্ৰভাৱিত নকৰে

গোবিন্দ পেটেল, গুজৰাটৰ বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী। তেওঁৰ মতে কভিডে কঠোৰ পৰিশ্ৰমী বিজেপি কৰ্মীসকলক প্ৰভাৱিত নকৰে। কঠোৰ শ্ৰমত লিপ্ত লোকসকলক কভিড-১৯ য়ে আক্ৰমন কৰিব নোৱাৰে সেয়েহে বিজেপি কৰ্মীসকল সুৰক্ষিত। এতিয়া সেই গোবিন্দ পেটেলেই ক'ভিড-১৯ত আক্ৰান্ত হৈছে।

'মানুহ বুঢ়া হয় মৰিবৰ বাবেই।' – এই মন্তব্য প্ৰেম সিং পেটেলৰ।

ক'ভিডৰ বিৰুদ্ধে ভাৰতৰ যুঁজে বিশ্বক অনুপ্ৰেৰণা যোগাইছে'– নৰেন্দ্ৰ মোদীয়ে এই কথা ঘোষণা কৰিছিল যদিও এতিয়া ভাৰতবৰ্ষ যেন এক মৃত্যু উপত্যকা।ইফালে ৰামদেৱে তৈয়াৰ কৰা কৰোনিলক লৈ প্ৰচাৰ অব্যাহত আছে। "বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা অনুমোদিত" হৈছে কৰোনিল। কিন্তু বিশ্ব স্বাস্থ্য সন্থাই এইয়া এক অপপ্ৰচাৰ বুলি টুইট যোগে এক বিবৃতি দাঙি ধৰিছে। ইয়াতকৈও আশ্বৰ্যকৰ কথা যে  কৰোনিলৰ  গৱেষনা পত্ৰ উন্মোচন কৰা বিজেপিৰ দুজন মন্ত্ৰীয়েই এতিয়া ক'ভিডত আক্ৰান্ত। সেয়ে দেশৰ সাধাৰণ জনতাৰ সমুখত খোলা থকা প্ৰধান পথ হ'ল ক'ভিড বিধি মানি চলি নিজৰ লগতে আনৰ জীৱন ৰক্ষা কৰা।



No comments