Page Nav

HIDE

Grid

GRID_STYLE

এজাক প্ৰতিবাদী শিশুঃ আমাক স্কুললৈ যাবলৈ দিয়ক- খাবলৈ দিয়ক

  ক'ভিড কালত বহু শিশুৱেই পাঠ আৰু পুষ্টিকৰ আহাৰৰ পৰা বঞ্চিত  বহু ছাত্ৰ-ছাত্ৰী অনলাইন পাঠৰ পৰা বঞ্চিত। বহু পৰিয়ালত ইন্তাৰনেট সংযুক্ত কৰিব ...

 

ক'ভিড কালত বহু শিশুৱেই পাঠ আৰু পুষ্টিকৰ আহাৰৰ পৰা বঞ্চিত 


বহু ছাত্ৰ-ছাত্ৰী অনলাইন পাঠৰ পৰা বঞ্চিত। বহু পৰিয়ালত ইন্তাৰনেট সংযুক্ত কৰিব পৰা ম'বইল নাই। যিসকলৰ আছে বহুতেই পৰ্যাপ্ত পৰিমানে মাহে ধন ব্যয় কৰি ইন্তাৰনেট দাটা যুক্ত কৰিবলৈ সমৰ্থ নহয়। পেটৰ ভাততকৈ বহুতৰবাবে ইন্তাৰনেট ডাঙৰ নহয়। বহুস্থানত মবাইল নেটৱৰ্ক উপলব্ধ নহয়। ফলত শিক্ষা গ্ৰহন অসম্ভৱ।

ৰবচন মুণ্ডাঃ 

১০ জুলাই,২০২১

এজাক প্ৰতিবাদী শিশু।হাতে প্লেকাৰ্ড। তাত লিখা আছে--"স্কুল-কলেজ খোলক, শ্ৰেণীত পাঠদান কৰক, পৰীক্ষা পাতক, বাহাল ৰাখক ৰাজহুৱা শিক্ষা ব্যৱস্থা''। ক'ভিডৰ সকলো নিয়ম মানি পাঠ দান কৰিবলৈ আহ্বান জনাইছে শিশু সকলে। বিটিআৰৰ অন্তৰ্ভুক্ত বাক্সা জিলাৰ কটাহবাৰীত নতুন অসম ছাত্ৰ সন্মিলন ( NASA-NISA)ৰ আহ্বানত চৰকাৰী শিক্ষা নীতিৰ লগতে বৰ্তমান স্কুল কলেজৰ পৰীক্ষা বাতিল আৰু দুপৰীয়া আহাৰৰ পৰা বঞ্চিত কৰাৰ  বিৰুদ্ধে ছাত্ৰ- ছাত্ৰী সকলে যোৱা ৮ জূলাইত প্ৰতিবাদ সাব্যস্ত কৰে! ক'ভিড কালত বহু শিশুৱেই পুষ্টিকৰ আহাৰৰ পৰা বঞ্চিত হৈছে। ইয়াৰ ভয়াবহ কুফল ভোগ কৰিব দেশবাসীয়ে। অপুষ্টিজনিত সংকটৰ পৰিনতি সদায় দীৰ্ঘকালীন হোৱাই নহয় নেতিবাচক ভাৱে প্ৰভাৱিত কৰে ন-প্ৰজন্মৰ উত্তৰণত।প্ৰতিবাদী সভাত বেনাৰ প্লেকাৰ্দ  হাতে হাতে লৈ বিক্ষোভ জনায়। অসম ঝাৰখণ্ডী সংগ্ৰাম সমিতিৰ সভাপতি ৰবচন মুণ্ডাই কয়- শিশু সকলৰ এই আহ্বান অতিকে প্ৰাসংগিক। কিয়নো বহু ছাত্ৰ-ছাত্ৰী অনলাইন পাঠৰ পৰা বঞ্চিত। বহু পৰিয়ালত ইন্তাৰনেট সংযুক্ত কৰিব পৰা ম'বইল নাই। যিসকলৰ আছে বহুতেই পৰ্যাপ্ত পৰিমানে মাহে ধন ব্যয় কৰি ইন্তাৰনেট দাটা যুক্ত কৰিবলৈ সমৰ্থ নহয়। পেটৰ ভাততকৈ বহুতৰবাবে ইন্তাৰনেট ডাঙৰ নহয়। বহুস্থানত মবাইল নেটৱৰ্ক উপলব্ধ নহয়। ফলত শিক্ষা গ্ৰহন অসম্ভৱ। সেয়ে কভিড বিধি মানি স্কুলত পাঠদান কৰক। উল্বেখ্য যে ক'ভিড কালত বহু শিশুৱেই পুষ্টিকৰ আহাৰৰ পৰা বঞ্চিত হৈছে। ইয়াৰ ভয়াবহ কুফল ভোগ কৰিব দেশবাসীয়ে। অপুষ্টিজনিত সংকটৰ পৰিনতি সদায় দীৰ্ঘকালীন হোৱাই নহয় নেতিবাচক ভাৱে প্ৰভাৱিত কৰে ন-প্ৰজন্মৰ উত্তৰণত।

ক'ভিড কালত বহু শিশুৱেই পুষ্টিকৰ আহাৰৰ পৰা বঞ্চিত হৈছে। ইয়াৰ ভয়াবহ কুফল ভোগ কৰিব দেশবাসীয়ে। অপুষ্টিজনিত সংকটৰ পৰিনতি সদায় দীৰ্ঘকালীন হোৱাই নহয় নেতিবাচক ভাৱে প্ৰভাৱিত কৰে ন-প্ৰজন্মৰ উত্তৰণত

সভাত ছাত্ৰছাত্ৰী সকলক সামাজিক দায়িত্ব সম্পৰ্কে কয় অসম মজুৰি শ্ৰমিক ইউনিয়ন (AMSU-NTUI)ৰ নেতা তথা প্ৰাক্তন বিধায়ক চন্দ্ৰধৰ কলিতাই। সদৌ অসম খেতিয়ক সন্থাৰ (AAKA) হাচিম আলি আৰু নাৰী মুক্তি সন্থাৰ(NMS) নেতৃ অকনি ডেকাই যূক্তিপূৰ্ণভাৱে বিদ্যালয়ত পাঠদান-মধ্যাহ্ন খাদ্য যোগান আৰম্ভ কৰিবলৈ আহ্বান জনায়।

No comments