Page Nav

HIDE

Grid

GRID_STYLE

হেদাঙত হেমেজু : মৰাণ জনগোষ্ঠী আধাৰিত ধাৰাবাহিক উপন্যাস

হেদাঙত হেমেজু ---ইংৰাজসকল অহা দিন ধৰি মৰাণসকলৰ পৰা যিকোনো অজুহাতত কৌশলেৰে বিঘা বিঘা মাটি আত্মহাত কৰিছে ৷ মৰাণক হেবাং মুলুং বুলি ভাৱে ...বেংম...


হেদাঙত
হেমেজু

---ইংৰাজসকল অহা দিন ধৰি মৰাণসকলৰ পৰা যিকোনো অজুহাতত কৌশলেৰে বিঘা বিঘা মাটি আত্মহাত কৰিছে ৷ মৰাণক হেবাং মুলুং বুলি ভাৱে ...বেংমৰাৰ কাষত শুকান পুখুৰীত অতহোপা বাগান খুলিলে... 



প্ৰাঞ্জল চেতিয়া
 

[মৰাণ জনগোষ্ঠীৰ আধাৰত ৰচিত, সময়--প্ৰায় ১৮ শতিকাৰ৷ পটভূমি বাস্তৱ যদিও কাহিনী সম্পূৰ্ণ কাল্পনিক]

(খণ্ড ৩)


ঘিন্ খিটি তিঘিন জাং / ঘিন্ ঘিন্ জাং জাং / খিতি ঘিন্ জাং জাং -- - - -  ঘিন্ জাং তিঘিন জাং / ঘিন্ ৷

কিমান শুনিব আৰু এইকেইদিন ঢোলৰ চাপৰ ৷ বিহু পালেহি বুলি চেমনীয়া , ডেকাহঁতে ভাগে ভাগে ঢোলত হাত দিছে ৷ চুটি খুট ,দীঘল খুট, কলাবুঢ়ী খুট, পানীতোলা খুট  আৰু ক’ত যে খুট ৷পিছে এয়া শুনি মাখনীহ৺তৰ অকনো আমনি নালাগে ৷ আজি আঠদিন মানৰ আগত শিৱসাগৰীয়া কুমলীহতৰ ঘৰলৈ আহিছিল ৷ লগত বগাচাহাব ৷শিৱসাগৰীয়াৰ প্ৰকৃত নাম চাও কনছেং দুলাকাষৰীয়া ৷কনছেং শিৱসাগৰৰ নেমুগুৰিৰ স্হায়ী বাসিন্দা ৷তাৰ নামটো বুলে হাতীচুক বাসীৰ বৰ আচহুৱা লাগে ৷ গতিকে আটায়ে শিৱসাগৰীয়া বুলি মাতে ৷ বগাচাহাবে কুমলীৰ দেউতাক মিলবৰক চাকৰি এটা দিয়ে ৷ চাহ গছৰ সৰু পুলিবোৰ ৰোপণ কৰোতে চোৱা চিতা কৰিব লাগে ৷ মিলবৰে পুনচাততে অস্বীকাৰ কৰিছে ৷ আনৰ তলত সি কোনো কামেই নকৰে ৷ পিছলৈ এই বোৰ কিবা ধেকা ধুমুআ হ’ব বুলি সি আগতেই সাৱধান হৈছে ৷ বগাচাহাবেও তাক জোৰ নকৰিলে ৷

- হেৰি নহয় মিলবৰ তহঁতৰ ঢোলৰ চাপৰৰ লগত আমাৰ চাপৰবোৰ নিমিলে দেখুন ৷ আমি ঢোলত ঘেন চাও , ঘেন চাক বুলি বজাওঁ ,তহঁতে ঘিন্ জাং তিঘিন জাং বুলিহে বজোৱা শুনিছো ৷ আমি ঢোলৰ চাপৰ বুলি কওঁ আৰু তহঁতি খুট বুলি কৱ ৷

মিলবৰে মূৰ দুপিয়ালে ৷ বগাচাহাব এটাই  গদকক  চুপতি মাৰিছে ৷ আন টোৱে বহীএখনত লিখালিখি কৰিছে ৷

-ডেকাতে মই বৰ বিহুৱা আছিলোঁ মিলবৰ ৷ বিহু বুলিলে মই পাগল আছিলোঁ ৷ এতিয়াও ৷

বেংমৰালৈ আহি মৰাণ ঢোলৰ চাপৰৰ লগতে বিহুনামবোৰ দেখি শুনি সি খুওৱ আনন্দিত হয় ৷ শিৱসাগৰীয়াই লক্ষ্য কৰিছে মৰাণসকলৰ ঢোলৰ চেওবোৰ লেহেতিয়া, দীঘলীয়া আৰু ধীৰ ৷ বিহুনামৰ সুৰবিলাকো লেহেতিয়া, ইননিবিননিসূচক ৷ হেই ,দেহিঐ বুলি আৰম্ভ কৰি দীঘলীয়া সুৰ টানি বিহুনাম তৰে ৷

কুমলীয়ে বেয়া নাপায় ৷কাৰণ এটাই সি গদক আৰু তাইক সময় পালে জয়মতী , বীৰবল লাচিতৰ কাহিনী শুনাই ৷ কেতিয়াবা কুমলীয়ে  কাহিনীৰ মাজতে তাক কয় 

-- এইবোৰ আকৌ কি ভাষা কলি ?

- এই বোৰ টাই ভাষা ৷ সময় মিলিলে ইয়াকো শিকাই দিম ৷ আটায়ে হাঁহে ৷মনেশ্বৰে তাক ভাল নাপায় ৷ বিশ্বাসত লব নোৱাৰে ৷ হাজাৰ হলেও সি বগাচাহাবৰ সোহাঁত স্বৰূপ ৷

  ইংৰাজসকল অহা দিন ধৰি মৰাণসকলৰ পৰা যিকোনো অজুহাতত কৌশলেৰে বিঘা বিঘা মাটি আত্মহাত কৰিছে ৷ মৰাণক হেবাং মুলুং বুলি ভাৱে ৷মনেশ্বৰৰ খং উঠে ৷ বেংমৰাৰ কাষত শুকান পুখুৰীত অতহোপা বাগান খুলিলে ৷ কাকতলৰ বহুত মাটি গ্ৰাণ্টত লৈছে ৷ ওখ এঢলীয়া মাটিত চাহগছৰ পুলি ৰুইছে , লহপহকৈ বাঢ়িছে ৷ ইতিমধ্যে কুমছাং , বৰডুবি , তালপ আদি ঠাইত চাহপুলি লগালেই ৷ কুমছাঙৰ মাটিৰ কিছু অংশত মৰাণভাইহ৺তে ঝুম খেতি নিচিনাকৈ আহুধান, মাটিমাহ, কচু , সৰিয়হ খমৌ আদি খেতি কৰিছিল ৷কুমছাঙৰ কাষতে উৱন গাওঁ ৷ তাতে কুমলী মোমায়েকৰ ভমকাৰ ঘৰ ৷ ভমকাই কুমছাঙৰ পূৱ দিশে থকা ওখ মথাউৰি সদৃশ মাটিখিনিত কল  আৰু কুহিঁয়াৰ লগাইছিল ৷কল নিজেও খাই দহক বিলাই ৷ কুহিঁয়াৰ ফিল’বাৰীলৈ লৈ যায় ৷ তাত গুড় বনাই ৷ কেতিয়াবা কল কুহিঁয়াৰ খাবলৈ বনৰীয়া হাতী আহে ৷ পৰ দিয়ে , জুই লগাই ৷ ঢোল বজাই হিলৈ ফুটাই হুলস্থূল কৰে ৷হাতী পলাই পতং দিয়ে ৷ ভমকা ধনে ধানে পোহনীয়া হাতীসহ হাত দীঘল মানুহ ৷ তাৰ খাবলৈ পিন্ধিবলৈ দিগদাৰ নাই ৷ এইবাৰ পিছে বগাচাহাবে তাৰ কুমছাঙৰ মাটিখিনি আত্মহাত কৰাৰ বাবেহে খং উঠিছে ৷ আনকি সিহঁতে উৱন গাৱঁলৈ আহি নপোৰা  মাটি ল’বলৈ তলে তলে জু যা চলাইছিল ৷গাৱঁৰ ভদাই , টিপলা ,ভেপুলাহতৰ ৰণচণ্ডী মূৰ্তি দেখি বৃটিছ চাহাব পিছুৱাই গ’ল ৷ সিহঁতৰ হাতে হাতে মিটদা , কলটিকা , শেল , ষাঠি লাঠি কা৺ড় দেখি চাহাবে তবধ মানিলে ৷

। ভমকাই নিজৰ কথাৰ লগতে বায়েকৰ কথা ভাবি চিন্তিত ৷ডিব্ৰু নৈ পানীৰে বছৰি মাখনীহতক যথেষ্ট ক্ষতি কৰে ৷ ভমকাই মাজে মাজে বায়েকেক কয় 

- বাই তই গুচি আহ ৷ বৰ চালক্ - ডালক্ হৈছ ৷ নদীখনে থকিছে তহঁতক ৷ সেইবোৰ চব এৰ ৷ মোৰ এইসোপা খাই কোনে ৷ শান্তি পাবি ৷ গুচি আহ ৷

মাখনী মৌন হৈ পৰে ৷ ভমকাই পুনৰ কয় 

-চাতুনাকৈ কোৱা নাই ৷ভিনিৰ লগত কথা পাত ৷উৱনৰ ছয়পোৰা মাটি মই ভাগিন গদকৰ নামত দি দিম ৷ মাখনীয়ে চকুলো টোকে ৷

..  যোৱাবছৰ কাতিমহীয়া মিলবৰে শহুৰেকৰ ঘৰলৈ আহিছিল ৷ লগত কুমলী ৷ হাতীচুকৰ বানপানীৰ কথা তেতিয়াই আলোচনা হৈছিল ৷ কুমলীৰ পুথায়েক আৰু এনায়েকো ভমকাই কোৱা কথাতে জুৰ দিছিল ৷ ইফালে ৰাইডাঙত থকা মাখনীৰ ভনীয়েকৰো একেই সিদ্ধান্ত ৷

ভনৌ দাইটিৰ দহাকাজলৈ যাওঁতে ভনীয়েকে কৈছিল 

-  বাই তই গুচি যাবি ৷ এই মোহ এৰ ৷ আজি নদনবদন ঘৰখন কালিলৈ নদীত যাহ যাব ৷সাবধান হ ৷ ভমকাই তোক চব কৰি দিব ৷ চিন্তা এৰ ৷ 

মাহীয়েকৰ কথাবোৰ কুমলীয়ে বুজি পাইছে ৷ এই ঘৰ ,এই আকাশ , এই পথাৰ  , চৰাই নদী সকলোবোৰ গৰি স৺চাই যাবগৈ লাগিব নেকি ?    কব নোৱাৰাকৈয়ে তাই চকুলৈ বৈ আহিল ৷ নাকৰ পাতল হেঙুণ এটুপ গৈ তাইৰ সোহাঁতখনত পৰিলগৈ ৷ তাই চোতালখনলৈ ওলাই আহিল ৷  দূৰৰ ওখ শিমলুজোপাত ম’ চৰাই এজনীয়ে কান্দিছে ৷  বিপদৰ আগজাননী ৷ পৰিত্ৰাণ পাবলৈ ঝজখাং নৃত্য নাচিবই লাগিব ৷ নহলে সকলো শেষ ৷ তাই মাকক চিঞৰিলে 

আই - আই- চাহি ক ম’ চৰাই কান্দিছে ৷

মাখনীয়ে খৰখেদাকৈ আহি কুমলী লৈ চালে 

- সৌ দিগি শিমলুঝা দিগি --

মাখনীয়ে ই  - চ - য় বুলি মূৰেকপালে হাত দিলে।

(খণ্ড ৪)

“ অলৌ লৌ তলৌ লৌ খাগৰিকে খাই / পৰ্বতত আছিলি তই কাকগাজ খাই / ভৈয়ামলৈ আহিলি তই ফান্দী চেপা পাই “ ------- ঢল পুৱাতে মাউতে ৰছকী , বাটুল , ফুচকী নামৰ হাতী তিনিওটাকে গা পা ধুৱালে ৷ খাৱলৈ দিলে ৷ হাতীমাউত তিনিটা ৷ বীৰবল , অকন আৰু গুনেশ্বৰ ৷বীৰবলে ৰছকীক ,অকনে বাটুলক আৰু গুনেশ্বৰে ফুচকীক বলায় ৷ হাতী শিকোৱা গীত এপদ গাই গাই বীৰবলে চালি গামোচাখন জুলুঙাত ভৰালে ৷আঠিয়াকল কেইটা তামোলৰ ঢকোৱাই তৈয়াৰী খুঙটোত ভৰাবলৈ নাপাহৰিলে ৷ যাত্ৰা মাখনীহ৺তৰ ঘৰ , হাতীচুকলৈ ৷ উদ্দেশ্য মাখনীৰ ঘৰখন উবনলৈ হস্তান্তৰ কৰা ৷  ভাৰে ভেটিয়ে উঠি আহিব ৷ হাতীৰ পিঠিত ৷পুৱাই  গলে আবেলি পাবগৈ ৷ বেলিটোলৈ চাই গুনেশ্বৰে বেলা গণিলে ৷   পুৱা  পা৺চমান হৈছে  ৷ 

শিকলি ,দেগী, কেনাই ,আনদুল , কলটিকা , আগাৰি , খেমাই ,গাদী,হাৰি,জটকা আদি আটাইবোৰ ঠিকঠাক কৰিলে ৷এইবোৰ কাম কৰিবলৈ সিহঁতক বেলা নালাগে ৷ কাঠ টনা , চিকাৰ এইচব হাতীৰে কৰে ৷ মেলাচিকাৰ ,গড়মৰা চিকাৰ বৰ উত্তেজনাপূৰ্ণ ৷ বীৰবল অকন গুনেশ্বৰতকৈ হাতীচিকাৰত বেছি পাকৈত ৷সি এবাৰ ডুমডুমাৰ হাতীশালত গড়মৰা চিকাৰ কৰোতে সোভৰিত বেয়াকৈ দূখ পাইছিল ৷পাপ লাগিল বুলি ভাবি গুৰু সত্ৰাধিকাৰ ওচৰত বাইক বচন ললেগৈ ৷অকন ফান্দী ৷ বীৰবলৰ দৰে বৰফান্দী নহয় ৷গুনেশ্বৰে প্ৰথমতে দোহাৰ ফান্দী , যোগালি ,লোহতীয়া কাম কৰিছিল ৷পিছলৈ বীৰবলৰ সমানেই পাৰ্গত হ’ল ৷

- ঐ ভুচুং , খেমাই ডাল কেলে লাগে ৷ কামত লগাবোৰ ল ৷ বাকী ৰাখ ৷ দিনকদিনে অহৌ হৌটোহে হৈছ ৷পৈনাখনি কি কৈছিলোং বাঅ ৷ মেথা নাই ৷দেখাত লামফৌ কামত লেবাং ৷ খ কৰ ৷

অকনে একো নকলে ৷ বীৰবলে তাক চব শিকাই

-বুজাই লৈছে ৷কেতিয়াবা খং কৰে ৷

- ওচুনিপা লাওখোলা কৰি আছ ৷  দেখা নাই ফুছকীয়ে হেৰিপীটো গছকিলে ৷ হেঙেৰা ভাঙিলে ৷ 

অকনে খৰধৰৰে ফুছকীৰ কাষলৈ গ’ল

পিছু পিছু বুলি তাইক কৰদৈ জোপাৰ কাষলৈ নিলে ৷বট্ বট্ বুলি কোৱাৰ লগে লগে ফুছকীয়ে আগভৰি দুখন আগলৈ আৰু পাছভৰিদুখন পাছলৈ মেলি বহি দিলে ৷ মৰাপাটৰ বস্তুাত উলুখেৰ ,মাদুৰিবন ভৰাই লোৱা গাদীখন ফুছকীৰ পিঠিত বান্ধিলে ৷ ভমকাই তিনিওটা হাতীকে সেৱা জনালে ৷ বীৰবলে চকু দুটা মুদি কিবা ভাবিলে ৷ গুনেশ্বৰক তামোল গোনালে  ৷খালে ৷   

 হাতী তিনিওটা ভমকাৰ বৰ মৰমৰ ৷ হাতী পোহপাল দিব পৰাটো মৰাণৰ আভিজাত্যৰ লক্ষণ ৷ মৰাণক সৌমাৰ খণ্ডৰ হাতীগিৰি লগতে মাটিগিৰি বোলা হৈছিল ৷আহোম ৰাজত্ব কালত আহোম সৈন্যৰ মূল হস্তী বাহিনী মূলতঃ মৰাণৰ অধিনত আছিল ৷ কীৰ্তিচন্দ্ৰ বৰবৰুৱাই ৰাঘৱক খু৺ট থকা হাতী যোগান ধৰা ভুৱা অপৰাধ বিধিছিল ৷ ৰাঘৱক চমতাৰে কোবাইছিল ৷ অত্যাচাৰ ও অন্যায় ৷

    গুনেশ্বৰে বাটুলৰ পিঠিত উঠি ভমকালৈ চাই হাত দাঙিলে ৷ আগেট , পিছু , ধাট্ , বিৰি , মাইল , দুম আদি তিনি মাউতৰ চিঞৰত চোতাল ফালিলে ৷হাতী গহিন গম্ভীৰে চোতালৰ পৰা  দীঘলীয়া পদুলি ফালে ৰাওনা হ’ল ৷ পিছে পিছে ভমকা ৷ নঙলা মুখ পাই ভমকা ৰৈ গ’ল ৷ চকুৰ পচাৰতে সিহঁত কেকুঁৰিটো পাৰ হৈ অদৃশ্য হৈ পৰিল ৷ অকনে  ভৰিদুখনে হাতীৰ কাণৰ কোণত ঠেলা এটা মাৰি গালে -----

পাটকাই পৰ্বতত হাতী চিকাৰ কৰিলো

ফান্দ মাৰি ধৰিলোঁ হাতী ,

আগপিছা কৰি খামাইত বান্ধিলো

নাম দি কৰিলোঁ জাতি ৷৷

 কাকপথাৰৰ গড়াটো পায়েই সৰু হাতীজনীয়ে গেজুৰ লগালে ৷আগলৈ নোযোৱা হ’ল ৷

চেহ্ কি কৰা যায় ৷ ইখিনি ঠাইত মানুহ সেৰেঙা ৷ এফালে পিতনি ৷  বগা বঙালে কুমছাং চাহ বাগিচা খোলাৰ লগে লগে ভিন্ন ঠাইলৈ বসতি আতৰি গল ৷চাহাবে অন্য দেশৰ পৰা অজাতি মানুহ আনিলে ৷  মৰাণ ,চিংফৌয়ে কেনেবাকৈ লেটিপেটি হৈ জাতযোৱা ভয়ত মাটি বাৰী এৰিলে ৷ যেনি তেনি গ’ল ৷ পিতনিৰ পাৰে পাৰে  ,সিপাৰে  পূৱ দিশত এচাম গ’ল ৷ 

বীৰবলে হাউত্কৈ নামিল ৷সি ফুছকীক আগ ঠেঙৰ ওপৰত মহাৰি দিলে ৷

-অকণ তই ৰছকীক বলা ৷ এইক মোক দে ৷ 

বীৰবলে লাপ্ মাৰি ফুছকীৰ পিঠিত উঠিলে ৷ আগে যা আগে যা বুলি কৰ্কশ মাত দিলে ৷ বীৰবললৈ তাই ভয় কৰে ৷ তাই যাওঁ নাযাওঁকৈ খোজ ললে ৷ সি গুনেশ্বৰলৈ চাই কলে 

-গুনেশ্বৰ , দিচাম চালি থানাত সেঞা এটি কৰিব লাগিব দেই ৷নহলে ৰছকীয়ে পানীকচু খোৱাব ৷

- এ৺ এ৺  ময়ো ভাবিছোঁং ৷ গৰমত বাটুলেও জনজাল দিয়ে ৷ হলিয়াহে লাগে ৷

অকনে চিঞৰি কলে

- হাঁহচৰা পুখুৰীত পানী খোৱাই নিব লাগিব ৷ নহলে হৈছ আউ ৷

- আউ হাঁহচৰাত ? নহব ৷ ডুমডুমা নৈতে খোৱাব লাগিব ৷ 

 এ বীৰবল দাইটি কালিকে ঘূৰিবই লাগিব না ? ৰাতি যে নাহোং , দয়াং ৷ ঘা৺হী ,লোহতীয়া, কুকুৰচুঙীয়া হৈ থাকোঙতে ভাল আছিল ৷ মাউত হৈ পচতাই গইছোং ৷

বীৰবলে ক'লে

কষ্ট কৰ ককয় ৷ চিন্তা এৰ ৷ মিলবৰে ইয়াত লুকুমাই হব সপাই ৷ লাজহে লাজে ৷

- নহয় দেই লুকুমাই ৷ ভমকাই ঘৰ বনালেইচোন নামঘৰ দিগি ৷ গুনেশ্বৰে উত্তৰ দিলে ৷ অকনে সুধিলে ---

ৰঙাগড়া পাবলৈ কিমান দূৰ ?

- বাঅ কথা কৈছ অকন ৷ মাকুমকে পোৱাহি নাই ৷ ৰঙাগড়া পালেনো বেংমৰায়ে পাম ৷ আগলৈ চা ৷ উভতি উভতি চাই কথা পতা এৰ ৷ আঠিয়াকলা এটা খাই ল ৷ 

বীৰবলে মুখত গোৱা এখন ভৰালে ৷ টাও টাও ৰ’দ ৷  অকনে পুনৰ গীত জুৰিলে ৷  ফুৰুলি এটা মাৰিলে ৷ আকৌ গীত ৷ পিছে গীতৰ উচ্চস্বৰ কমিল ৷

কাষেদি বগা বঙাল পাৰ হৈ গ’ল ৷ লগত সাতটামান অইন মানুহ ৷ তিনিওটাই উভতা উভতিকৈ ইটোৱে সিটোৰ মুখলৈ চালে ৷ তিনিও মাজত এটাই প্ৰশ্ন-- কিবা অপায় অমঙ্গল হোৱা নাইতু ????

(আগলৈ)

No comments