এগৰাকী স্বাধীনতা সংগ্ৰামী, মুক্তিযোদ্ধাৰ বিষয়ে একলম ... যাৰ বলিষ্ঠ নেতৃত্বত চলিছিল অবিভক্ত পুৱ শোণিতপুৰৰ ৰনডংকা ৷উল্লেখ্য যে স্বাধীনতা...
...যাৰ বলিষ্ঠ নেতৃত্বত চলিছিল অবিভক্ত পুৱ শোণিতপুৰৰ ৰনডংকা ৷উল্লেখ্য যে স্বাধীনতা আন্দোলনত বৰুৱাৰ পৰিয়ালৰ আছিল এক গুৰুত্বপুৰ্ণ ভুমিকা
ৰমেশ চন্দ্ৰ চৰেণ
১৯০০ শতিকাৰ শেষৰ ফালে স্বাধীনতা আন্দোলনে প্ৰবল ৰূপ ধাৰন কৰিব ললে ৷ বৃটিছৰ বিৰুদ্ধে কৰা সেই সময়ৰ আন্দোলন আছিল কন্টকাময় ৷ দেশখনৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমতো চলিছিল জোৰদাৰ আন্দোলন ৷ মহাত্মা গান্ধীৰ নেতৃত্বতত চলা স্বাধীনতা আন্দোলন অসমত সৰ্বাত্মক ৰূপত প্ৰভাব পৰিল ৷ গাওঁ ,চুবুৰীৰ চুকে কোণে গুঞ্জৰিত হল স্বাধীনতাৰ ধ্বনি ৷ জননী জন্মভুমিৰ ৰক্ষাৰ বাবে আবালবৃদ্ধবনিতাই স্বতঃস্ফূৰ্তই ওলাই আহিছিল আন্দোলনত যোগ দিবলৈ ৷ এনেদৰে জ্ঞাত- অজ্ঞাত বহু লোকক স্বাধীনতা সংগ্ৰামে চুই গৈছিল ৷ ইতিহাসৰ পাতনিত বহু স্বাধীনতা সেনানীক স্বৰ্ণ আখৰেৰে লিখা হৈ গল ৷ যদিও বহু সংগ্ৰামীৰ নাম ইতিহাসৰ পাতত ৰৈ গল ৷ গাওঁৰ সহজ সৰল লোকৰ ত্যাগক ইতিহাসে ঢুকি নাপালে ৷ স্বাধীনতা আন্দোলনৰ প্ৰেক্ষাপটক লৈ যদিহে গাওঁমুখী হৈ চৰজমিন কৰা হয় , তেন্তে বহু খ্যাত-অখ্যাত স্বাধীনতা সেনানীক উদ্ধাৰ কৰাৰ লগতে আৰু বহু জানিবলগা তথ্য উন্মোচিত হব ৷যি কি নহওক আন্দোলন চৰম পৰ্যায়ৰ শেষৰ ৰনডংগা ৷ মুক্তি সংগ্ৰামত বাঘৰ দৰে জপিয়াই পৰিল এগৰাকী অক্লান্ত স্বাধীনতাৰ সেনানী গংগাৰাম বৰুৱাই ৷ যাৰ বলিষ্ঠ নেতৃত্বত চলিছিল অবিভক্ত পুৱ শোণিতপুৰৰ ৰনডংকা ৷উল্লেখ্য যে স্বাধীনতা আন্দোলনত বৰুৱাৰ পৰিয়ালৰ আছিল এক গুৰুত্বপুৰ্ণ ভুমিকা ৷ সম্ভৱত ১৮ শতিকাৰ শেষৰ ফালে বিহু বৰুৱাৰ ঔৰসত গোলাপ বৰুৱা আৰু ক্ষেম চন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল ৷ গোলাপ বৰুৱা আছিল ইংৰাজ চৰকাৰৰ অধীনত থকা এগৰাকী গাওঁবুঢ়া ৷ গোলাপ বৰুৱাৰ পাঁচগৰাকী পুত্ৰ ক্ৰমে লীলাকান্ত বৰুৱা , দীননাথ বৰুৱা , গংগাৰাম বৰুৱা , চন্দ্ৰ বৰুৱা আৰু সোণাৰাম বৰুৱা ৷
তৃতীয়গৰাকী পুত্ৰ গংগাৰাম বৰুৱাৰ জন্ম হৈছিল ১৯২৪ চনত বিশ্বনাথ চাৰিআলিৰ মাজবাঘমৰা গাঁৱত ৷ তেওঁ সৰুৰেপৰা সুস্বাস্থ্যৰ লগতে আটিল দেহৰ অধিকাৰী আছিল ৷ গহীন গম্ভীৰ গলগলীয়া কন্ঠৰে সকলোৰে আস্থাভাজন হৈ পৰা যিকোনো সমস্যাৰ সন্মূখিন হলে প্ৰত্যুৎপন্নমতিতাৰে সমাধান কৰিব পাৰিছিল ৷ ল’ৰালি কালৰে পৰা তেওঁ আছিল অত্যন্ত সাহসী আৰু স্পষ্টবাদী ৷ সেয়ে তেওঁ লগৰীয়াসকলৰ মাজত গ্ৰুপ লিডাৰৰ দৰেই আছিল ৷ গংগাৰাম য’ত থাকে তাতেই লগৰবোৰে সমীহ কৰি চলিছিল ৷ সুস্বাস্থ্য আৰু আটিল দেহাৰ বাবে ভাওঁনাত তেওঁক প্ৰায়ে ভীমৰ আৰু অসুৰৰ ভাও দিছিল ৷ সুন্দৰ অভিনয়ৰে সকলোকে মুগ্ধ কৰিবলৈ সক্ষম হৈছিল গংগাৰামে ৷ আনুষ্ঠানিক শিক্ষা তেওঁৰ বিশেষ নাছিল যদিও প্ৰাথমিক পৰ্যায়ৰ শিক্ষা লাভ কৰি যথোপযুক্তভাবে সৎ কৰ্মত খটুৱাইছিল ৷
মহাত্মা গান্ধীৰ নেতৃত্বত ইংৰাজৰ ঔপনিৱেশিক শাসনৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ সমগ্ৰ ভাৰতবৰ্ষৰ মুক্তিকামী জনতাই ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত জপিয়াই পৰিছিল ৷ সেই সময়ত গংগাৰাম বৰুৱাও পিছপৰি ৰোৱা নাছিল ৷ তেওঁ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিছিল ৷ আৰু সেইসময়তে গঠন হোৱা মুক্তিবাহিনীত স্বেচ্ছাসেৱক হিচাপে যোগদান কৰি তিনিমাহ পৰ্য্যন্ত কাৰাবাস খাটিবলগা হৈছিল ৷
১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হ’ল ৷ ১৯৪৯ চনত গংগাৰাম বৰুৱাই স্বাধীন চৰকাৰৰ পৰা বিহালীৰ ৰৌমাৰীত ( সেইসময়ত ৰিৰ্জাভ আছিল ) প্ৰায় ১৫০ বিঘা ভূমি আৱণ্টন পায় ৷ ১৯৫০ চনত গংগাৰাম বৰুৱাই দুগৰাকী জেষ্ঠ ভাতৃ লীলাকান্ত বৰুৱা , দীননাথ বৰুৱা , আৰু কনিষ্ঠ ভাতৃ সোণাৰাম বৰুৱাৰ লগতে দুগৰাকী পেহীয়েকৰ ল’ৰাক লগত লৈ ৰৌমাৰীত স্থায়ীভাবে বসবাস কৰিবলৈ লয় ৷ মাজবাঘমৰা স্থিত ঘৰভেটিটো কনিষ্ঠ ভাতৃ চন্দ্ৰ বৰুৱাক অৰ্পন কৰি থৈ যায় ৷ চন্দ্ৰ বৰুৱাও আছিল বিশ্বনাথৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী ৷ ১৯৬০ চনৰ পৰা একেৰাহে ১০ বছৰৰ বাবে তেওঁ বুঢ়ীগাং গাওঁ পঞ্চায়তৰ সভাপতিৰ দায়িত্বত আছিল ৷ একেদৰে পূৱ চাৰিআলিৰ একমাত্ৰ উচ্চ শিক্ষা অনুষ্ঠান বাপুজী হাইস্কুলৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল চন্দ্ৰ বৰুৱা ৷ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ আজীৱন সদস্যৰ উপৰিও বিশ্বনাথ মহকুমাৰ অন্যান্য পিচপৰা শ্ৰেনীৰ সভাপতি ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল৷ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা বিভিন্ন সামাজিক কামত জড়িত আছিল তেওঁ ৷ এইখিনিতে এটা কথা উল্লেখ কৰা যাওক যে মুক্তিযোদ্ধা প্ৰয়াত গংগাৰাম বৰুৱাই ভ্ৰাতৃ হিচাবে দি থৈ যোৱা উক্ত ঘৰভেটিৰ বাসিন্দা হৈছে চন্দ্ৰ বৰুৱাৰ পুত্ৰ তথা কবি- সাহিত্যিক- উপন্যাসিক অসমৰ জনপ্ৰিয় তিনিমহীয়া আলোচনী “ ৰ’দ ” ৰ সম্পাদক জয়ন্ত বৰুৱা ৷
বিভিন্ন ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি গংগাৰাম বৰুৱাই লগত যোৱা ভাতৃসকলৰ সৈতে ৰৌমাৰী ৰিৰ্জাভত গাওঁ পাতিবলৈ সক্ষম হ’ল ৷ গংগাৰাম বৰুৱা সৰুৰে পৰাই আছিল আগৰণুৱা আৰু সমাজৰ যিকোনো কামত আগত থাকি ভালপোৱা দুৰন্ত মনৰ ব্যক্তি ৷ সেয়ে খুব কম সময়ৰ ভিতৰতেই তেওঁ সেই অঞ্চলৰ সকলোৰে প্ৰিয়পাত্ৰ হৈ পৰিছিল ৷ ষাঠি দশকৰ আৰম্ভণিতে গংগাৰাম বৰুৱা বিবাহপাশত আবদ্ধ হৈ সামাজিক দিশত মনোনিৱেশ কৰে ৷ বিশেষকৈ শৈক্ষিক উত্তৰনত তেওঁৰ ভুমিকা শলাগ লবলগীয়া ৷ তেওঁ সেই অঞ্চলৰ একমাত্ৰ হাইস্কুল “ জয়মতী হাইস্কুলৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ৷ লগতে ৰৌমাৰী প্ৰাথমিক বিদ্যালয় , বিহালী মহাবিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো তেওঁৰ ভুমিকা অতুলনীয় ৷ বিহালী অঞ্চলত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ বসতিস্থল ৷ সেয়ে সকলো জাতি-জনগোষ্ঠীৰ লোকৰ লগতে সৌহাৰ্দ্যপূৰ্ণ মনোভাৱেৰে আত্মীয়তা গঢ়ি তেওঁ সকলো সামাজিক কামতে আত্মনিয়োগ কৰিছিল ৷ সঁচা অৰ্থত বিহালী অঞ্চলত গংগাৰাম বৰুৱা এজোপা বটবৃক্ষৰ দৰে হৈ পৰিছিল ৷ তেওঁ এগৰাকী ধাৰ্মিক ব্যক্তি হিচাবেও পৰিচিত ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক ৷ তেওঁৰ একক প্ৰচেষ্টাৰে এটি ৰাজহুৱা নামঘৰ ঘৰৰ সন্মুখতে সুন্দৰকৈ প্ৰতিষ্ঠা কৰে ৷ লগতে তেওঁ এগৰাকী সুদক্ষ ভাৱৰীয়াও আছিল ৷
১৯৭৭ চনত গংগাৰাম বৰুৱাই সাতখন ৰাজহ গাঁৱৰ গাওঁবুঢ়া হিচাপে নিযুক্তি পায় ৷ প্ৰায় অৰ্ধ শতাব্দী কাল নিষ্ঠা আৰু সততাৰে গাওঁবুঢ়াৰ দায়িত্ব সুকলমে পালন কৰি ২০২২ চনত গাওঁবুঢ়া পদৰ পৰা তেওঁ অৱসৰ লয় ৷ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দিনত গংগাৰাম বৰুৱাক ৰাজ্য চৰকাৰে তাম্ৰফলি প্ৰদান কৰি মুক্তিযোদ্ধা হিচাপে স্বীকৃতি প্ৰদান কৰে ৷ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰেও তেওঁক যথোচিত সন্মান প্ৰদানেৰে স্বীকৃতি প্ৰদান কৰে ৷
মুক্তিযোদ্ধা গংগাৰাম বৰুৱাই সামাজিক , সাংস্কৃতিক , ধৰ্মীয় দিশত সেৱা আগবঢ়োৱাৰ উপৰিও ৰাজনীতিৰ ক্ষেত্ৰখনতো সক্ৰিয় আছিল ৷ বিশ্বনাথ জিলা জাতীয় কংগ্ৰেছ দলে তেওঁ দলৰ বাবে নিষ্ঠা সহকাৰে কৰা কৰ্ম আৰু ত্যাগক সন্মান জনাই কেইবাবছৰো ধৰি পোন্ধৰ আগষ্টৰ দিনা তেওঁক ঘৰতে সম্বৰ্ধনা জ্ঞাপন কৰি আহিছে ৷ লগতে মুক্তিযোদ্ধা হিচাপে প্ৰায় বিভিন্ন ৰাজনৈতিক দল তথা সংগঠন সমুহে তেওঁক বিভিন্ন সময়ত সম্বৰ্ধনা জ্ঞাপন কৰিছে ৷
জন্মিলে এদিন মৃত্যু হ’বই লাগিব ৷ প্ৰকৃতিৰ এই চিৰন্তন সত্যক স্বীকাৰ কৰি যোৱা ২৬ জুলাই , ২০২৩ চনত এশবছৰ সম্পূৰ্ণ হ’বলৈ কেইটামান দিন বাকী থকা সময়তেই ভাৰত জননীৰ সুযোগ্য সন্তান মুক্তিযোদ্ধা , বিশিষ্ট সমাজকৰ্মী , নিষ্ঠাবান আৰু দায়িত্বশীল গাওঁবুঢ়া গংগাৰাম বৰুৱাই সংসাৰৰ মায়ামোহ ত্যাগ কৰি চিৰদিনৰ বাবে গুচি যায় অনন্ত ধামলৈ ৷ তেওঁৰ নশ্বৰদেহ সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে অগণন গুণমুগ্ধৰ উপস্থিতিত বিশ্বনাথ জিলা প্ৰশাসনে ২৭ জুলাই , ২০২৩ তাৰিখে শেষকৃত সমৰ্পণ কৰে ৷
বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰকে ধৰি বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত , অতিৰিক্ত আৰক্ষী অধীক্ষক , এছ ডি চি , বি ডি অ’ , কেইবাগৰাকী প্ৰশাসনিক বিষয়া/ কৰ্মচাৰী , কেইবাগৰাকীও আৰক্ষী বিষয়া আৰু বিহালী/ বিশ্বনাথ অঞ্চলৰ অগণন গুণমুগ্ধ , একাধিক দল-সংগঠন আৰু সংবাদকৰ্মী তথা বিহালী প্ৰেছ ক্লাবৰ বিষয়ববীয়া সকল উপস্থিত থাকি তেওঁৰ নশ্বৰদেহক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ বৰ্তমানৰ সময়ত এনে এগৰাকী মহান ব্যক্তি যি দেশখনৰ ভবিষ্যত সুনিশ্চিত কৰাৰ লগতে সমাজ জীৱনৰ লগত একাত্মভাবে থকা এক সম্বন্ধ ৷ তেওঁৰ মহান কৰ্ম আৰু ৰাষ্ট্ৰৰ প্ৰতি থকা তেওঁৰ নৈতিক দায়িত্ববোধে অসমৰ ৰাইজে চিৰদিন কৃতজ্ঞ হৈ ৰৱ ৷আহক আমি প্ৰতি প্ৰত্যেকেই তেওঁৰ আদৰ্শক মুৰ্তমান কৰোহঁক ৷
No comments