Page Nav

HIDE

Grid

GRID_STYLE

যুগে যুগে হিংসা আৰু জিঘাংসাৰ বলি হোৱা এটা অভিশপ্ত গোষ্ঠী — মিঞা

কৰ্মব্যস্ত দৰঙৰ কিৰাকাৰাৰ একাংশ লোক ৷ ফটো: শাহাৰ আলী অৱহেলিত, অনাদৃত হৈয়ো যাৰ ৰক্তত নিহিত হৈ আছে কৰ্ম সংস্কৃতি ...বানপানী আৰু গৰাখহনীয়াই সৰ্...

কৰ্মব্যস্ত দৰঙৰ কিৰাকাৰাৰ একাংশ লোক ৷ ফটো: শাহাৰ আলী

অৱহেলিত, অনাদৃত হৈয়ো যাৰ ৰক্তত নিহিত হৈ আছে কৰ্ম সংস্কৃতি




...বানপানী আৰু গৰাখহনীয়াই সৰ্বশ্ৰান্ত কৰি অহা এই মানুহ খিনিয়ে যুগ যুগ ধৰি ৰাজনৈতিক হিংসা আৰু জিঘাংসাৰ বলি হৈ আহিছে...




চৈয়দ মেহবুব দেৱান


সাধাৰণতে  মিঞা বুলি ক’লে আমি এটা নিৰ্দিষ্ট শ্ৰেণীৰ মানুহক বুজোঁ ৷

 মিঞা বুলি কোনো এটা জাতি,জনগোষ্ঠী,ধৰ্ম অথবা সম্প্ৰদায় নাই ৷ যদিওঁ “মিঞা”এটা সন্মান সুচক শব্দহে মাত্ৰ ৷ তথাপিও মিঞা বুলি ক’লে আমি সকলোৱে বঙ্গীয় মুলৰ  মুছলমান সম্প্ৰদায়ৰ মানুহ খিনিকে বুজি পাও অথবা ধাৰণা কৰি লওঁ ৷ ভাৰতবৰ্ষ তথা অসমত মুছলমান সম্প্ৰদায়টো এটা সংখ্যালঘু সম্প্ৰদায় ৷ অৰ্থাৎ ভাৰত তথা অসমত মুছলমান মানুহৰ সংখ্যা বহুত কম ৷ এই সংখ্যালঘু সম্প্ৰদায়টোৰ মাজৰে এটা অংশ বঙ্গীয় মুলৰ মানুহ খিনি,যাক আমি সকলোৱে মিঞা বুলি কওঁ ৷ 

   আমি সকলোৱে মিঞা বুলি কোৱা এই মানুহ খিনিৰ মাজত শিক্ষিতৰ হাৰ কম আৰু দৰিদ্ৰতাৰ হাৰ খুবেই বেছি ৷  কিন্তু এটা কথা স্বীকাৰ্য যে এই মিঞা মানুহ খিনি সাংঘাটিক পৰিশ্ৰমী ৷ এই মানুহ খিনিৰ  ৰক্তত নিহিত হৈ আছে কৰ্ম সংস্কৃতি ৷ কৃষিকাৰ্য্য,বনুৱা,কল-কাৰখানাৰ শ্ৰমিক,ঠেলা-ৰিক্সাকে ধৰি বিভিন্ন যান-বাহনৰ চলক-হেণ্ডিমেন,ৰাজমিস্ত্ৰী,কাঠমিস্ত্ৰী,দিনহাজিৰা,সাধাৰণ ব্যৱসায়-বাণিজ্য আদি সকলো ক্ষেত্ৰতে এই মিঞা মানুহ খিনিৰ পাৰ্গতালি  সচা অৰ্থত লক্ষণীয় ৷ 

     যদিও এই মানুহ খিনিক কোনো দিনেই স্বীকৃতি দিয়া নহয় আদৰ্শ খেতিয়কৰ,তথাপিও কিন্তু সচা কথা ক’বলৈ হ’লে এই মানুহ খিনিয়ে অসমত এক কৃষি বিপ্লৱৰ সুচনা কৰি আহিছে ৷ এই মানুহ খিনিৰ মাজৰ সৰহ সংখ্যক পৰিয়ালৰেই নিজৰ কৃষিভূমি নাই যদিও,বন্ধকী মাটি,আধিয়া মাটি,অব্যৱহৃত চৰকাৰী মাটি,চৰ-চাপৰি তথা বিভিন্ন দুৰ্গম ঠাইত কৃষিকাৰ্য কৰি জীৱন নিৰ্বাহ কৰি অহাৰ লগতে অসমৰ বজাৰ কৃষি জাত সামগ্ৰীৰে উভৈনদী কৰি আহিছে এই মানুহ খিনিয়ে ৷ আনহাতে মৰাপাট ,মাকৈ,মচুৰ,আদি শস্য সমুহৰ খেতিও মিঞা মানুহ খিনিয়ে বেছিকৈ কৰে ৷ অসমৰ আন আন মানুহবোৰে যে কৃষিকাৰ্য নকৰে সেয়া নহয় ৷ কিন্তু আন আন মানুহবোৰৰ বেছিভাগেই  নিজৰ কৃষিজাত সামাগ্ৰীৰ চাহিদা পুৰণৰ বাবেহে কৃষিকাৰ্য কৰে ৷ কিন্তু মিঞা মানুহ খিনি এই ক্ষেত্ৰত সম্পুৰ্ণ ব্যতিক্ৰম ৷ মিঞা মানুহ খিনিৰ গৰিষ্ঠ সংখ্যকেই ব্যৱসায়িক লক্ষ্যৰে কৃষিকাৰ্য কৰে ৷ ব্যৱসায়িক লক্ষ্যৰে কৃষিকাৰ্য কৰি মিঞাৰ বাহিৰে আন কেইজনে সফল হ’ব পাৰিছে ? উদাহৰণ স্বৰূপে ধলপুৰৰ কৃষি প্ৰকল্পৰ কথা উল্লেখ কৰিব পাৰি ৷ ধলপুৰত মিঞাক উচ্চেদ কৰি অসম চৰকাৰৰ পৃষ্ঠপোষকতাত কোটি কোটি টকা ব্যয় কৰি কৃষিকাৰ্য চলাই    কিমানদুৰ সফল হ’ব পাৰিলে,কিমান টকা লাভবান হ’ব পাৰিলে সেই কথা সৰ্বজনবিদিত ৷ কিন্তু সেই একেখিনি মাটিতে তাত থকা দৰিদ্ৰ মিঞা মানুহ খিনিয়ে ব্যক্তিগত ভাৱে সামান্য ধন ব্যয় কৰি নিজস্ব পদ্ধতিত কৃষিকাৰ্য কৰি যুগ যুগ ধৰি নিজৰ পৰিয়ালক পোহ-পাল দি আহিছিল ৷ অৰ্থাৎ মিঞা মানুহ খিনিয়ে সেই একে ডৰা মাটিতেই কৃষিকাৰ্য কৰি সফল হৈ আছিল ৷ কিন্তু “আদাক দেখি উঠিল গা,কেতুৰিয়ে বোলে মোকো খা,”এনে মানসিকতাৰ বশৱৰ্তী হৈ চৰকাৰে কৃষিজীৱী মানুহ খিনিক  নিৰ্মম ভাৱে সেই ঠাইৰ পৰা উচ্ছেদ কৰি সেই ঠাইত কৃষি প্ৰকল্প আৰম্ভ কৰিলে ৷ আৰু প্ৰথমটো বছৰতে পুতৌ জনক ভাৱে বৃহৎ লোকচানৰ সন্মুখীন হ’ল  ৷ আৰু এই কৃষি প্ৰকল্পৰ বৃহৎ লোকচানেই প্ৰমাণ কৰি দিলে যে, মিঞাই যিবোৰ কৰিব পাৰে সেইবোৰ সকলোৱে কৰি দেখুৱাব নোৱাৰে ৷ 

এখন চৰকাৰৰ পৃষ্ঠপোষকতাত কোটি কোটি টকা ব্যয় কৰি কৃষিকাৰ্য কৰিও  যদি সফল হ’ব নোৱাৰিলে আৰু সাধাৰণ কৃষকৰ কথা নকলোৱেই যেনিবা ৷ 

   বৰ্তমান অসমৰ নৱ-প্ৰজন্মৰ বেছিভাগেই নাজানে মৰাপট কাক কয় ,যাক আমি থলুৱা ভষাত পটা বুলি কওঁ ৷ কাৰণ মিঞাৰ বাহিৰে অসমৰ আন আন মানুহবোৰৰ প্ৰায় ভাগ কৃষকেই আজিকালি মৰাপাটৰ খেতি কৰিবলৈ এৰি দিছে ৷ কিন্তু মিঞা প্ৰধান ঠাইবোৰত অৰ্থাৎ চৰ-চাপৰি বোৰত আন আন খেতিৰ দৰে সমান্তৰাল গতিত আজিও কৰি আছে মৰাপাটৰ খেতি ৷ সম্ভৱতঃ অসমত মৰাপাটৰ চাহিদাৰ ৯০ শতাংশ মিঞা সকলেই পুৰণ কৰি আছে ৷           

             


ভিন্ন সময়ত ভিন্ন জনে অভিযোগ কৰি আহিছে যে মিঞাই অসমৰ বজাৰবোৰ দখল কৰিছে ৷ অসমৰ চ’ক-বজাৰ সমুহত মিঞাই খোপনি পুতিছে ৷ হয় ,অসমৰ সৰহ সংখ্যক বজাৰত মিঞা ব্যৱসায়ীৰ সংখ্যা বেছি আৰু মিঞাৰ তুলনাত আন মানুহৰ ব্যৱসায়ীৰ সংখ্যা কম ৷ বিশেষ কৈ বজাৰ সমুহত মিঞা পচলি ব্যসৱায়ীৰ সংখ্যা যথেষ্ঠ বেছি  ৷ আচলতে গ্ৰামাঞ্চলৰ বজাৰ সমুহত মিঞা সকলে বজাৰত ব্যৱসায় কৰিবলৈ  নহয় ,বৰং নিজ উৎপাদিত সামাগ্ৰী বিক্ৰী কৰিবলৈহে যায় ৷ মিঞা সকলে পাছলিৰ খেতি বেছিকৈ কৰে আৰু সেই উৎপাদিত পাচলি সমুহ নিজৰ খেতিৰ স্থলিতে পাইকাৰী দৰত বিক্ৰী কৰাৰ উপৰিও গ্ৰামাঞ্চলৰ বজাৰ সমুহলৈ লৈ গৈ পাইকাৰী দৰত বিক্ৰী কৰাৰ লগতে খুচুৰা দৰতো বিক্ৰী কৰে। মিঞাৰ বাহিৰে অন্য পাচলি ব্যবসায়ী সকলৰ বেছিভাগ ব্যৱসায়ীয়েই বজাৰ সমুহত পুৱাৰ ভাগতেই মিঞা ব্যৱসায়ী সকলৰ পৰা পাইকাৰী দৰত পাচলি কিনি সেই বজাতে খুচুৰা দৰত বিক্ৰী কৰাৰ উপৰি গ্ৰামাঞ্চলৰ চ’ক বোৰত অনুষ্ঠিত গুধুলি বজাৰ সমুহতো বিক্ৰী কৰে ৷ সেই বাবেই একেখন বজাৰতে একেই পাচলি অন্য ব্যৱসায়ী সকলৰ তুলনাত মিঞা সকলে  খুচুৰা দৰতো যথেষ্ট কম দামত বিক্ৰী কৰিব পাৰে আৰু বিক্ৰী কৰে ৷ 

আনহাতে মিঞাৰ বাহিৰে অন্য যি সামান্য সংখ্যক ব্যক্তিয়ে নিজৰ উৎপাদিত সামগ্ৰী বজাৰলৈ নিয়ে সেই খিনিৰে বজাৰ খনৰ পচিশ শতাংশ মানুহৰো চাহিদা পুৰণ নহয় ৷ আনহাতে সেই সকল ব্যৱসায়ীয়ে বজাৰলৈ বিক্ৰীৰ বাবে নিয়ে তেনেই সামান্য পৰিমাণৰ পাচলি আৰু  সেই সামান্য পাচলি খিনি বিক্ৰী কৰিয়ে অধিক ধন পাবলৈ আশা কৰে ৷ সেই সকল ব্যৱসায়ীয়ে সামান্য পৰিমাণৰ পাচলি খিনিকে  থলুৱা পাচলি বুলি আত্ম অহংকাৰত অধিক দামত বিক্ৰীৰ বাবে আশা পালি বহি থাকোতে সস্তা দৰত পাই গ্ৰাহকে মিঞাৰ পাচলি কিনি ঘৰলৈ গুছি যায় ৷ গতিকে এই ক্ষেত্ৰত মিঞাৰ অপৰাধ কোন খিনিত ? মিঞাই নিজে পৰিশ্ৰম কৰি খেতি কৰিছে আৰু নিজৰ উৎপাদিত সামগ্ৰী নিজে গৈ বজাৰত বিক্ৰী কৰিছে ,লগতে পাইকাৰী দৰত বিক্ৰী কৰি অন্য দহ জনকো ব্যৱসায় কৰাৰ সুযোগ দিছে ৷  আৰু আমি মিঞাৰ উপাৰ্জন দেখি মিঞাৰ প্ৰতি হিংসা কৰি থাকিলে ,মিঞাৰ বদনাম গাই থাকিলে জানো বজাৰ দখল কৰিবলৈ সক্ষম হম ? মিঞা নথকা অঞ্চল সমুহৰ ওচৰ-পাজৰৰ চ’কবোৰত আবেলি আৰু সন্ধিয়া সময়ত দুই-চাৰি খন পাচলিৰ দোকান বহে ৷ সেই দোকান সমুহৰ পাচলিৰ দাম আৰু বজাৰৰ মিঞা ব্যৱসায়ী সকলৰ পাচলিৰ দামৰ মাজত আমি যথেষ্ট তাৰতম্য দেখিবলৈ পাওঁ ৷ অৰ্থাৎ বজাৰত মিঞা ব্যৱসায়ীৰ পৰা যি বিধ পাচলি আমি প্ৰতি কিলোগ্ৰামত বিশ টকা দৰত কিনিবলৈ পাওঁ,সেই একে মানৰ একেবিধ পাচলি চ’কৰ সেই পাচলীৰ দোকানী কেইজনৰ পৰা প্ৰতি কিলোগ্ৰাম চল্লিশ টকা দৰত কিনিব লগীয়া হয়। ইয়াৰ পৰাই বুজা যায় মিঞা নহলে যে আমি দুগুণ দৰত পাচলি কিনি খাব লাগিব আৰু মিঞা নহ’লে যে অসমৰ উৎপাদিত পাচলিৰে গ্ৰাহকৰ চাহিদা পুৰণ নহ’ব ৷ 

     এতিয়া প্ৰশ্ন হৈছে ইমান কৰ্মথ মানুহ খিনি শৈক্ষিক,সামাজিক তথা আৰ্থিক ভাৱে ইমান পিছ পৰি আছে কিয় ? ইয়াৰ কেইবাটাও কাৰণ আছে ৷ তাৰ ভিতৰত প্ৰাকৃতিক , ৰাজনৈতিক আৰু সামাজিক ভাৱে সৃষ্ট সমস্যা সমুহ বিশেষ ভাৱে উল্লেখ যোগ্য ৷ 

প্ৰথম কথা হ’ল এই মানুহ খিনিৰ সৰহ সংখ্যকেই চৰ-চাপৰি অঞ্চলত বসতি কৰে ৷ এই মানুহ খিনিৰ সৰহ  সংখ্যকৰেই যিহেতু ব্যৱসায়ীক ভিত্তিত কৃষিকাৰ্য কৰিবৰ জোখেৰে নিজস্ব কৃষি ভুমি নাই আৰু অধিক ধন ব্যয় কৰি কৃষিভূমি ক্ৰয় কৰাৰ সক্ষমতাও নাই ,সেয়ে তেওঁলোকে সাধাৰণতে মানুহৰ বস-বাসৰ অনুপযোগী ঠাই কিছুমানত কম মুল্যত মাটি কিনি প্ৰতিকুল পৰিৱেশত কথমপি বসবাস কৰাৰ লগতে সেই ঠাইৰ ওচৰ-পাজৰৰ চন পৰা পথাৰ কিছুমান বন্ধকত লৈ অথবা অব্যৱহৃত হৈ থকা চৰকাৰী মাটি কিছুমানত আৰু নদীৰ চৰ-চাপৰি সমুহত কৃষিকাৰ্য কৰি বহু কষ্টৰে জীৱন নিৰ্বাহ কৰে। কিন্তু  বহু সময়ত নদীৰ প্ৰচণ্ড খহনীয়াৰ কৱলত পৰি চৰ-চাপৰি অঞ্চলত বসতি কৰা এই মিঞা মানুহ খিনিয়ে নিজৰ ঘৰ-বাৰী আৰু ভেটি মাটিৰ লগতে তেওলোকৰ কষ্টোপাৰ্জিত সকলো ধন-সম্পদ  হেৰুৱাবলগীয়া হয় ৷ এই দৰে বহু পৰিয়ালে ঘৰ-বাৰী হেৰুৱাই গৃহহীন,আশ্ৰয়হীন তথা নিৰুপায়-নিঃসহায় হৈ পুণৰ অন্য এঠাইত থিতাপি লৈ জীৱন যুদ্ধত অৱতীৰ্ণ হয় ৷ এনে পৰিস্থিতিত তেওঁলোকে কোনোমতে চৰ-চাপৰিৰ কোনো এখন ঠাইত জুপুৰী এটা সাজি ধাৰ-ঋণ লৈ হ’লেও বহুত ধৈৰ্য্য আৰু কষ্টৰে পত্নী,সন্তানৰ সৈতে মিলি পুণৰ কৃষিকাৰ্যত জড়িত হৈ পৰে ৷ এইদৰে কেৱল অন্ন,বস্ত্ৰ আৰু বাসস্থানৰ বাবে জীৱন সংগ্ৰাম কৰি থাকোতে ল’ৰা-ছোৱালীক বিদ্যালয়লৈ যোৱাৰ সুবিধা কৰি দিব নোৱাৰে ৷ আনহাতে তেওলোকৰ অতি দৰিদ্ৰতাৰ বাবে ঘৰতো নাথাকে শৈক্ষিক পৰিৱেশ ৷ 

   ইফালে বছৰ বছৰ ধৰি বানপানী আৰু গৰাখহনীয়াই সৰ্বশ্ৰান্ত কৰি অহা এই মানুহ খিনিয়ে যুগ যুগ ধৰি ৰাজনৈতিক হিংসা আৰু জিঘাংসাৰ বলি হৈ আহিছে ৷ কেৱল ৰাজনৈতিক স্বাৰ্থতেই অসমৰ প্ৰতিটো ৰাজনৈতিক দলেই, প্ৰতি খন চৰকাৰেই মিঞা মানুহ খিনিক নিজৰ ইচ্ছা অনুযায়ী ব্যৱহাৰ কৰি আহিছে ৷ হকে বিহকে এই লোক সকলৰ ওপৰত বিভিন্ন সময়ত বিভিন্ন অপযশ,অপবাদ জাপি দি অহাৰ উপৰিও একাংশ ভোটাৰক সন্তুষ্ট কৰণৰ উদ্দেশ্যে মিঞা সকলৰ ওপৰত অমানৱীয় ভাৱে অত্যাচাৰ,উৎপীড়ন চলাই আহিছে ৷ কেৱল ৰাজনৈতিক অভিষন্ধি পুৰণৰ স্বাৰ্থতেই মিঞা সকলৰ প্ৰতি আন মানুহৰ মনত ঘৃণা আৰু হিংসা,বিদ্বেষৰ বীজ ৰোপন কৰি অহাৰ লগতে সম্পুৰ্ণ ভিত্তিহীন তথা অসাংবিধানিক ভাৱে মিঞা সকলক বিদেশী আখ্যা দি চৰম ভাৱে অপমান কৰি অহাৰ উপৰি সৰ্বতো প্ৰকাৰে মিঞা মানুহ খিনিৰ ওপৰত নিৰ্যাতন চলাই আহিছে । অসম আন্দোলনৰ সময়চোৱাৰ পৰা আৰম্ভ কৰি বি ট এ ডি ( বৰ্তমান বিটিআৰ) ত বিগত ২০০৮ , ২০১৪ চনত হোৱা সংঘাতেই প্ৰমান কৰে এই কথা৷

নিৰ্বাচনৰ আগত ৰাজনৈতিক নেতা সকলে মিঞা তুষ্টি কৰণত উঠিপৰি লাগে যদিও নিৰ্বাচন শেষহোৱাৰ পাছত মিঞা সকলক উদ্যেশ্যি তুচ্ছ তাচ্ছিল্য আৰম্ভ কৰি দিয়ে ৷ মিঞা বসতিপুৰ্ণ অঞ্চল সমুহৰ শৈক্ষিক,সামজিক,স্বাস্থ্য আদি সকলো দিশৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰতিখন চৰকাৰেই চৰম অৱহেলা কৰি আহিছে ।  

     একাংশ ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত অসমৰ গৰিষ্ঠ সংখ্যক মানুহেই এতিয়া একাংশ 'মিঞা মানুহ'ক কেৱল অপৰাধী,বহিৰাগত আৰু অসমৰ সকলো সমস্যাৰ মূল কাৰক বুলি দেখুৱাব বিছাৰিছে৷  বহুতে মিঞা এচামক অস্পৃশ্য হিচাপেও গণ্য কৰিবলৈ লৈছে ৷ 

        এই ধৰণৰ সকলো সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে মিঞা সকলে প্ৰত্যেকেই নিজৰ সন্তানক শিক্ষিত কৰাৰ সংকল্প লোৱা উচিত  ৷ মিঞা সকলৰ মাজত যেতিয়া উচ্চ শিক্ষিতৰ হাৰ বাঢ়িব,মিঞা সকলৰ মাজৰ পৰা যেতিয়া যথেষ্ট পৰিমাণে উচ্চ পদস্থ বিষয়াৰ সৃষ্টি হ’ব,মিঞা সকলৰ মাজৰ পৰা যেতিয়া সাহসী তথা দক্ষ ৰাজনৈতিক নেতা বেছি বেছিকৈ ওলাব তেতিয়া মিঞা সকলৰ ওপৰত চলাই অহা অত্যাচাৰ ,উৎপীড়নৰ বিৰুদ্ধে মিঞা সকলে সদনৰ বাহিৰে ভিতৰে সজোৰে প্ৰতিবাদ কৰিবলৈ সক্ষম হ’ব ৷ সিংহৰ সংখ্যা তাকৰ যদিও বনত সিংহইহে সদায় ৰজাৰ দৰে জীয়াই থাকে ৷ কাৰণ সিংহৰ  সাহসৰ সমানে সমানে বুদ্ধিমত্তাও আছে ৷ মনুহৰ সাহস আৰু বুদ্ধিমত্তা বৃদ্ধি কৰে শিক্ষাই ৷ গতিকে জীৱন যুঁজত জয়ী হ’বলৈ মানুহৰ অন্যতম শক্তিশালী হাতিয়াৰ হৈছে  শিক্ষা৷ #

(লেখকৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত আৰু মন্তব্য নিজা)

No comments