Page Nav

HIDE

Grid

GRID_STYLE

বাঘজান কাণ্ডৰ এবছৰঃ বাঘজান-মটাপুঙত আজিও জ্বলি থকা অদৃশ্য জুইকুৰা

'জল-জংগল-জমীন'ত খিলঞ্জীয়াৰ মানৱ অধিকাৰ সুৰক্ষিত হৈ ৰ'ল নে? .. .আজি  বিলৰ পাৰত আকৌ গঢ়ি উঠিছে তৈল খাদ৷ খিলঞ্জীয়া জনতা প্ৰতিবাদক আও...


'জল-জংগল-জমীন'ত খিলঞ্জীয়াৰ মানৱ অধিকাৰ সুৰক্ষিত হৈ ৰ'ল নে?


...আজি বিলৰ পাৰত আকৌ গঢ়ি উঠিছে তৈল খাদ৷ খিলঞ্জীয়া জনতা প্ৰতিবাদক আওকান কৰি আকৌ কাঢ়ি নিবলৈ সাজু খিলঞ্জীয়াৰ অধিকাৰ। নৈ-অৰন্য-মাটি-ভেটিত গঢ়ি উঠছে পূজিবাদৰ নিৰ্মম গম্বূজ...

   দিগন্ত শৰ্মা

[অনুসন্ধানমূলক-স্বতন্ত্ৰ-মুক্ত সাংবাদিকতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ versatilestory.com-ক প্ৰয়োজন আপোনাৰ সহযোগিতা, পৰামৰ্শ আৰু আৰ্থিক সহায়ৰ। আমাৰ যাত্ৰাক  সহায় কৰিবলৈ মবাইল নম্বৰ ৮৬৩৮৬৯৮৪৫০-ত যোগাযোগ কৰক। আপুনি যি কোনো পৰামৰ্শ  বা যি কোনো পৰিমানৰ আৰ্থিক বৰঙণি আগবঢ়াব পাৰে। ]

অকালতে স্বামীক হেৰুৱাই বাঘজান গাঁৱৰ লাৱণ্য শইকীয়া নামৰ মহিলাগৰাকীয়ে তিনি সন্তান আৰু বৃদ্ধ শহুৰ-শাহুৰ সকলোৰে দায়িত্ব মূৰ পাতি লবলগীয়া হৈছিল৷ উপাৰ্জনৰ বাবে লাৱণ্য শইকীয়াই  পদূলিমুৰত সৰু পান দোকান এখন দিছিল৷ দোকানখনৰ উপৰিও মহিলাগৰাকীয়ে এডৰা মাটিত খেতি কৰিছিল, বাৰীখনৰ তামোল- পান,শাকপাচলি উৎপাদন কৰি বিক্ৰী কৰিছিল৷ গিৰিয়েকে পাতি থৈ যোৱা সৰু চাহবাগানখনৰ  যতন লৈছিল আৰু প্ৰায়ে নিজহাতেৰে কেঁচাচাহপাত ছিঙি  বিক্ৰী কৰিছিল৷ তেওঁৰ শহুৰ লম্বেশ্বৰ শইকীয়াৰ বয়স প্ৰায় আশী বছৰ আৰু শাহু মিলেশ্বৰী শইকীয়াৰ বয়স প্ৰায় সত্তৰ বছৰ৷ লাৱণ্যৰ প্ৰথমগৰাকী কন্যা কৰবীৰেখা  দশম শ্ৰেণীৰ ছাত্ৰী, দ্বিতীয় কন্যা বৰ্ণালী  অষ্টম শ্ৰেণীৰ ছাত্ৰী আৰু পুত্ৰ অসীম  পঞ্চম শ্ৰেণীৰ ছাত্ৰ৷ যোৱা ২৭ মে’ত বাঘজান গাঁৱৰ ৫নং তৈলখাদৰ পৰা গেছ নিৰ্গত হোৱা ঘটনাৰ পিছত ঘৰবাৰী এৰি পৰিয়ালটোৱে আশ্ৰয় লবলগীয়া হৈছিল স্থানীয় অস্থায়ী শিবিৰত৷ স্বামীৰ অনুপস্থিতিতো লাহে লাহে, অথচ কঠোৰ শ্ৰমেৰে লাৱণ্যই আটোমটোকাৰীকৈ ৰখা বাৰীখন,চাহগছ কেইজোপা, শাকনিডৰাৰে, গৰু-ছাগলীকেইটাৰে গঢ়িতোলা ঘৰখনো হৈ পৰিছিল লাৱণ্যময়ী৷ বৃদ্ধ শহুৰ-শাহু, তিনিসন্তানকে ধৰি ভিতৰুৱা গ্ৰামাঞ্চলত এখন ঘৰ এগৰাকী  মহিলাই সুন্দৰভাৱে পৰিচালনা কৰা আৰু সমান্তৰালভাৱে সৰুকৈ হ’লেও ব্যৱসায় চম্ভালি থকাটো নাৰী সৱলীকৰণৰ এক অন্যতম নিদৰ্শন৷ হয়তো সেই অঞ্চলটোৰ ভিতৰতেই মহিলাৰ দ্বাৰা পৰিচালিত এখন "ৰূপ-লাৱণ্যপূৰ্ণ" শুৱনি ঘৰ আছিল লাৱণ্য শইকীয়াৰ ঘৰখন৷ যোৱা ৯ জুন,২০২০ তাৰিখে বাঘজানৰ তেল-গেছ নিৰ্গত খাদটো যেতিয়া জ্বলি উঠিছিল আৰু তাৰ পিছত বাঘজান গাঁৱৰ ইখনৰ পিছত সিখন ঘৰ গ্ৰাস কৰিছিল, সেই জুইত চিৰদিনৰ বাবে হেৰাই গৈছিল লাৱণ্যৰ ঘৰখনো৷ জীৱনৰ বহু প্ৰত্যাহ্বান নেওচি তেজ ঘামেৰে এগৰাকী  মহিলাই অতদিনে গঢ়া ঘৰখন  পূঁজিপতি তেল কোম্পানীৰ অবিবেচকী কাণ্ডই নিঃশেষ কৰি দিছিল …..৷

২০০৫ চনৰ পৰাই বাঘজান-কলীয়াপানীৰ গৰ্ভৰ পৰা বহু সম্পদ লুট কৰা হল। এতিয়া অন্তুতঃ অঞ্চলটোৰ মানুহ-প্ৰকৃতি-ঐতিহ্যৰ কথা চিন্তা কৰক, অন্যায়ৰ পাঠ সামৰি ন্যায়, ন্যায্যতা আৰু মানৱ অধিকাৰৰ দুৱাৰ দলিত থিয় হওক। পূনৰ বিলৰ বুকূত স্থাপন কৰা তৈলখাদক লৈ জনতা নাৰাজ। জলি আছে অদৃশ্য একুৰা জুই।

যিখন ঘৰৰ ৰূপ লাৱণ্যই বহন কৰিছিল নাৰী সৱলীকৰণৰ অন্যতম স্বাক্ষৰ, সেই ঘৰখন কুৰি লক্ষ টকীয়া ক্ষতিপূৰণেও আজি আগৰ দৰে গঢ়ি তুলিব নোৱাৰিলেবাঘজানৰ এনে বহু পৰিয়াল আছে যিয়ে ক্ষতিপূৰণৰ ধনকেইটা ব্যৱহাৰ কৰিও হুমুনিয়াহ কাৰিছে নিজে গঢ়া বাৰীখন হেৰুৱাই, পোহনীয়া জীৱ জন্তুবোৰ হেৰুৱাই। পুৰনি মটাপুং গাঁৱৰ ভৱানন্দ মৰাণ নামৰ যুৱক জনে কেইদিনমান পূৰ্বে কৈছিল, 'বিলৰ তেল মিশ্ৰিত ঘাঁহ-পানী খাই আমাৰ পাঁচটি গৰু, দুটি ছাগলী মৰিছিল কৃষিজীৱী দৰিদ্ৰ আমাৰ পৰিয়ালটিলৈ সংকত আহিছিল গোহালি উদং হৈছিল পিছে ক্ষতিপূৰণ কোনে দিব আমাক? এইবোৰৰ খবৰ চৰকাৰেও নলয়, সংবাদ মাধ্যমেও নলয় আমাৰ মনৰ জুইকুৰা কোনে দেখিব?'  কেৱল ভবানন্দ মৰাণেই নহয়, বৃহত্তৰ অঞ্চলটোত  প্ৰত্যক্ষ-পৰোক্ষভাৱে ক্ষতিগ্ৰস্ত অজস্ৰ পৰিয়াল আছে যিয়ে চৰকাৰী ক্ষতিপূৰণৰ আওতাতে নাহিল একুৰা ক্ষোভৰ জুই লৈ জীয়াই আছে তেওঁলোক

২৭ মে কিম্বা ৯জুন-- পূঁজিবাদ নামৰ বাঘটোৱে বাঘজানৰ মানুহ প্ৰকৃতি ইতিহাসক বখলিয়াই পেলোৱা ভয়াৱহ দিন৷ যি কাণ্ডৰ আৰম্ভণি , সি আজিও শেষ নহল৷ নহয়কিয়নো --লাৱণ্য শইকীয়া, ভবানন্দ মৰানৰ পৰিয়াল দুটি উদাহৰণহে মাত্ৰ এনেদৰে অজস্ৰ মানুহৰ বুকুত জ্বলা জুইকুৰা আৰু কেতিয়াও নুনুমায়!! মানৱ চুতীয়া সেই অঞ্চলৰ এগৰাকী মানৱতাবাদী যুৱকেই নহয়, তেওঁ এগৰাকী পৰিৱেশ কৰ্মীও৷ বন্যপ্ৰাণী আৰু পৰিৱেশ সংৰক্ষণ সংস্থা(WECO) নামৰ প্ৰকৃতিসেৱী সংগঠনটোৰ সম্পাদক তেওঁ৷ মানৱ চুতীয়া, ডম্বৰু চুতীয়াৰ দৰে ব্যক্তিৰ নেতৃত্বত মাগুৰি মতাপুং বিলৰ বন্যপ্ৰাণী সংৰক্ষণ আন্দোলন আৰু গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ গঢ়ি উঠিছিল৷ ' নিয়োযিত হৈছিল অঞ্চলটোৰ বহু যুৱক যুৱতী বিল খনলৈ আহিছিল বিভিন্ন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী-- গৱেষণাৰ বাবে আহিছিল পৰ্যটক, বন্যপ্ৰাণী ফটোগ্ৰাফাৰ

কিন্তু তেল কোম্পানীৰ অবিবেচকী কাণ্ডই নিঃশেষ কৰি দিলে সকলো৷ ঐতিহ্যমণ্ডিত বিলৰ বুকুৰ  নিৰ্মল জলৰাশি মিলি তৈল পদাৰ্থৰ লগত৷  আক্ৰান্ত হল জলচৰ প্ৰাণীকুল, বিলখনৰ পক্ষীকুল৷ ২০৯ বিধতকৈয়ো অধিক প্ৰজাতিৰ পক্ষীকুলৰ বিচৰণ স্থলী , ৬টি প্ৰজাতিৰ দুস্প্ৰাপ্য কাছ আৰু অগনন জলজ উদ্ভিদ-প্ৰাণী থকা এই বিলখন ইতিমধ্যেই গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ বা ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া বুলি স্বীকৃত হৈছিল৷ কিন্তু বিগত সময়ত সেই বিলখনক বা বিলখনৰ সৈতে সংলগ্ন, ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰতে থকা তৈলখাদে বিপদ ঘটাব পাৰে বুলি মানৱ চুতীয়াৰ দৰে বহু প্ৰকৃতি প্ৰেমী,পৰিৱেশ কৰ্মীয়ে সকিয়নী দিছিল৷ বাঘজানৰ পৰা বিলৰ মাজেৰে, নৈৰ মাজেৰে তেল পৰিবাহী পাইপ স্থাপনৰ বিৰোধিতা কৰিছিল৷ কিয়নো তেল পাইপ ফুটি ইতিপূৰ্বে( ১৪//২০১৮ তাৰিখে) বিল- নৈৰ যথেষ্ট ক্ষতিসাধন হৈছিল৷ কিন্তুঅইলকতৃপক্ষই স্থানীয় জনতা, পৰিৱেশ কৰ্মীৰ কথাক আওকাণ কৰি সম্পদ লুণ্ঠন অব্যাহত ৰাখিলে৷ অতি বেপৰোৱাভাৱে সম্পদ লুণ্ঠন চলাই জনসাধাৰণ, স্থানীয় পৰিৱেশ, প্ৰকৃতি, ঐতিহ্য, ইতিহাসৰ ভৱিষ্যত সুৰক্ষাৰ বিষয়টোক অৱজ্ঞা কৰিলে৷ তাৰ পৰিনতি?---আজিৰ এই নিৰ্মম বাস্তৱ! তেল-গেছ-জুই সেই জুইয়ে বাঘজান গাঁৱৰ কেইবাখনো ঘৰ -বাৰী, অৰন্য নিঃশেষ কৰি দিলে৷নিঃশেষ হৈছিল লাৱণ্য শইকীয়া, দীপ শইকীয়া, অমল শইকীয়া, বিকাশ শইকীয়া , লখিন মৰান, সহদেৱ মৰান, ৰীতু মৰিন, পাপুল মৰান, হেমন্ত মৰান আদিৰ ঘৰবোৰ৷  ২৭ মে' পৰা বাঘজান অঞ্চলটোৰ লোক সকলে থাকিবলগীয়া আশ্ৰয় শিবিৰত৷ প্ৰায় দহহাজাৰ লোকে আশ্ৰয় লবলগীয়া হৈছিল শিবিৰত৷ 

সখলোৱে দেখা বাঘজানৰ জুই নুমুৱাৰতপাছত ক্ষতিপূৰণকলৈ "খেল" চলিছিল তাৰ মাজতে অঞ্চলটোৰ ৰাইজে পুনৰ প্ৰতিবাদ কৰিব লগীয়া হৈছিল তেওঁলোকৰ দাবী,অতিশীঘ্ৰেই উপযুক্ত ক্ষতিপূৰণ দিয়ক৷  বিলখনকে ধৰি প্ৰকৃতিৰ সুৰক্ষাৰ ব্যৱস্থা লওক৷ প্ৰত্যক্ষ আৰু?পৰোক্ষভাৱে ক্ষতিগ্ৰস্ত সকলোৰে ক্ষতিপূৰণ প্ৰাপ্নিৰ অধিকাৰ আছে ন্যাৰ্যপ্ৰাপ্তি ক্ষতিগ্ৰস্ত বাঘজান তথা অঞ্চলবাসীৰ মানৱ অধিকাৰ সেই জলাধাৰৰ ওপৰত, অৰন্য-জংঘলৰ ওপৰত, সেই মাটি-জমীৰ ওপৰত অাছে অঞ্চলটোৰ জনগোষ্ঠীয় জনতাৰ অধিকাৰ আছে আছে সম্পদৰ ওপৰত অধিকাৰ আৰু আছে সংবিধান প্ৰদত্ত মৌলিক অধিকাৰকিন্তু সেই অধিকাৰকো আজি ৰাষ্ট্ৰযন্ত্ৰই উলংঘা কৰিছে ধন দিলেই কি মানুহৰ-প্ৰকৃতিৰ জীৱকূলৰ জীয়াই থকাৰ অধিকাৰ কাঢ়ি লব পাৰি?বাঘজানবাসীৰ মৌলিক অধিকাৰ আজি সুৰক্ষিত হৈ আছেনে? কিয় ক্ষোভ প্ৰকাশ কৰিব লগীয়া হৈছে আজিও? জনগোষ্ঠীয় মানুহৰ অধিকাৰৰ প্ৰশ্নত ৰাষ্ট্ৰৰ ভূমিকা কিয় সন্তোষজনক নহয়? তাৎপৰ্যপূৰ্ণ যে সেই অঞ্চলৰ প্ৰায় দহসহস্ৰাধিক পৰিয়ালৰ জীৱন-জীৱিকা নিৰ্ভৰ কৰে মাগুৰি মতাপুং বিল আৰু স্থানীয় নৈ খনৰ ওপৰত৷ ডাঙৰী নৈ,ডিব্ৰু নৈ আৰু মাগুৰি মতাপুং বিলখনেই সেই অঞ্চলৰ মানুহৰ জীৱনৰ আয়ুসৰেখা সেই  বননিখন, নৈখনবিলখনক কেন্দ্ৰ কৰিয়েইতো গঢ়ি উঠিছে সভ্যতা - ইতিহাস বৰ্তি আছিল ঐতিহ্য-সংস্কৃতি-আপুৰুগীয়া বৃত্তি মতাপুং বিলৰ মাছ নামাৰিলে বহু পৰিয়ালৰ আখলত জুই নজ্বলে৷ "জল-জংগল-জমীন" অবিহনে তাত জীৱন অচল, আদিকালৰ পৰাই সেয়া ভোগ কৰি জীৱন জাপন কৰি আহিছে তেওলোকে সেয়া তেওলোকৰ অধিকাৰ আজি মাগুৰি-মতাপু বিলৰ পাৰত আকৌ গঢ়ি উঠিছে তৈল খাদ খিলঞ্জীয়া জনতা প্ৰতিবাদক আওকান কৰিছে আকৌ কাঢ়ি নিবলৈ সাজু খিলঞ্জীয়াৰ অধিকাৰ নৈ-অৰন্য-মাটি-ভেটিত গঢ়ি উঠছে পূজিবাদৰ নিৰ্মম গম্বূজ


 

যি বাঘজান,কলীয়াপানী, মটাপুং গাঁৱৰ ৰাইজ সম্পদ-ঐতিহ্য-প্ৰাকৃতিক সম্ভাৰেৰে চহকী আছিল, যি বাঘজানত মহিলাই অৰ্থনৈতিক স্বাবলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছিল, যি গঞাই এই ভৰ বাৰিষাত পথাৰত খেতিত ব্যস্ত থাকিব লাগে সেই সকল কৃষিজীৱীলোকে ভয়াৱহ ভৱিষ্যতৰ কথা ভাৱি বিনিদ্ৰ ৰজনী কটাব লাগেশংকাত দিন কটাব লাগে- আকৌ ' নেকি বাঘজান কাণ্ডৰ পূণৰাবৃত্তি? ঘৰৰ পোহনীয়া পশু-পক্ষীবোৰো বহুতৰ হেৰাই গৈছিল তেলৰ প্ৰকোপত পানীতেই যেতিয়া জুই লাগিছে, জীৱীকাৰ প্ৰশ্নই বা কত? তেল কোম্পানীয়ে যিকুৰা জুই জ্বলাইছিল সেই জুই তৈলখাদত নুমুৱাৰ পিচতো ৰাইজৰ বুকুত আজিও জ্বলি থাকিল আন একুৰা অদৃশ্য জুই 

ক্ষতিপূৰণৰ ধনেৰে অঞ্চলটোৰ ৰাইজে প্ৰকৃতি-ঐতিহ্য-ইতিহাসক ঘূৰাই পালেনে? বছৰ বছৰ এপদ এপদকৈ সামগ্ৰী গোটাই, এজোপা দুজোপাকৈ গছ ৰুই, এচপৰা দুচপৰাকৈ মাটি আনি গঢ়া ভেটিত ইমান দিনে যিদৰে সপোনৰ আপোন ঘৰ স্থিতি লৈছিলসেয়া ওভতাই পাবই বা কেনেকৈ? ইফালে কৰনা ভাইৰাছ কেন্দ্ৰিক পৰিস্থিতিয়ে প্ৰতিটো পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা অৱনমিত কৰিছে দুৰ্যোগাক্ৰান্ত হোৱাৰ ভয় বুকুতসাৱটি জীয়াই থকা বাঘজানৰ জনতাৰ মানৱ অধিকাৰক ন্যায্যতা দিয়ক, ন্যায় দিয়ক, সুৰক্ষা নিশ্চিত কৰক অঞ্চলটোৰ প্ৰকৃতি-পৰ্যটন-ঐতিহ্য৷ মাগুৰি- মতাপুং বিলক কেন্দ্ৰ কৰি গঢ়ি উঠা মানুহৰ জীৱন জীৱিকা অধিকাৰ দিয়ক পক্ষীকুল জলচৰ জীৱকুলক৷ ২০০৫ চনৰ পৰাই বাঘজান-কলীয়াপানীৰ গৰ্ভৰ পৰা বহু সম্পদ লুট কৰা হল এতিয়া অন্তুতঃ অঞ্চলটোৰ মানুহ-প্ৰকৃতি-ঐতিহ্যৰ কথা চিন্তা কৰক, অন্যায়ৰ পাঠ সামৰি ন্যায়, ন্যায্যতা আৰু মানৱ অধিকাৰৰ দুৱাৰ দলিত থিয় হওক পূণৰ বিলৰ পাৰত স্থাপন কৰা তৈলখাদক লৈ জনতা নাৰাজ প্ৰতিবাদ কৰিছে, ধৰ্না দিছে জ্বলি আছে অদৃশ্য একুৰা জুই

মাগুৰিবিলৰ পাৰৰ জনতাৰ জীৱনক বাজি ৰাখি বাঘজান এলেকাৰ খাদৰ তেল নহ'লেওতো ঘূৰি থাকিব পৃথিৱীৰ চকা৷

 


No comments