Page Nav

HIDE

Grid

GRID_STYLE

কুড়মালি ভাষাক জগত সভালৈ নিয়া 'মুলুক চুমান' সুৰেশ কুড়মি

জাতীয় সংগীত 'অ মোৰ আপোনাৰ দেশ' কুড়মালি ভাষালৈ অনুবাদ কৰা ব্যক্তিগৰাকী ... সুৰেশ কুড়মিয়ে সমাজৰ বিভিন্ন বৈষম্যমূলক নীতি, শাসন শোষন-ব...


জাতীয় সংগীত 'অ মোৰ আপোনাৰ দেশ' কুড়মালি ভাষালৈ অনুবাদ কৰা ব্যক্তিগৰাকী






...সুৰেশ কুড়মিয়ে সমাজৰ বিভিন্ন বৈষম্যমূলক নীতি, শাসন শোষন-বঞ্চনাৰ বিৰুদ্ধে সবল ৰূপত জনমত সৃষ্টিৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ...


ৰমেশ চন্দ্ৰ চৰেণ

সাহিত্য হ’ল জাতিৰ মেৰুদণ্ড স্বৰূপ ৷ সাহিত্যৰ অবিহনে জাতিৰ উন্নয়ণ কোনোপধ্যে সম্ভৱপৰ নহয় ৷ সময়ৰ গৰ্ভত  সাহিত্যই ইতিহাসলৈ  পৰিৱৰ্তিত হোৱা জাতিৰ বাবে হৈ পৰে দলিলস্বৰূপ ৷ দৰাচলতে জাতিৰ বিভিন্ন দিশসমূহ পৰিচৰ্যা আৰু পৰিপুৰ্ণতাই প্ৰাণ পাই উঠে  জাতিৰ দাপোন স্বৰূপ সাহিত্য ৷ সাহিত্য  চৰ্চা  বহু কম লোকেহে কৰা পৰিলক্ষিত হয়  ৷ ইয়াক অনুধাবন কৰা আৰু চৰ্চা কৰাটো  আদিবাসী সমাজৰ  মাজত আঙুলি মুৰত গনিব পৰা বুলি বুলি কব পাৰি     ৷ এক কথাত সাহিত্য চৰ্চা কৰা মানে জ্ঞানৰ সাধনা কৰা বুলি ক’লেও ভুল কোৱা নহ’ব ৷ টকা পইছাতো পোৱা নাযায় ৷ গতিকে বিষয়টোক এৰাই চলে আদিবাসী সমাজে ৷ পৰিণাম স্বৰূপ আজি আদিবাসী সমাজে নিজৰ অস্তিত্বৰ কথা টেটুফালি জাহিৰ কৰিবলগা হৈছে ৷ যদিও লিখিত ৰূপত পৰ্যাপ্ত  তথ্যৰ  অভাৱত হাহাকাৰ কৰিবলগা অৱস্থা সন্মুখিন হ’বলগা অৱস্থা ৷ বৰ্তমানৰ সময়ত তথ্যৰ প্ৰয়োজন ৷ এক কথাত আদিবাসী সমাজৰ লিখিত তথ্যৰ  অভাৱত  অস্তিত্বৰ বিপদাপন্ন ঘটিছে ৷ এনেবোৰ  বিষয় সংকটকালীন ভাবে আহি পৰিব সেয়া  কিন্তু মৰ্মে মৰ্মে উপলব্ধি কৰিছিল অসমৰ এগৰাকী অখ্যাত প্ৰচাৰবিমুখ সাহিত্যিক সুৰেশ কুড়মি ৷ ইয়াৰে যেন এক জীৱন্ত প্ৰতিফলন সুৰেশ কুড়মিৰ জীবনগাঁথা ৷ চৰাইদেউ জিলাৰ ৰাঙলী গাঁওত জন্মগ্ৰহণ কৰা পিতৃৰ নাম ফাগু কুড়মি আৰু মাতৃৰ নাম ৰুনো কুড়মিৰ কনিষ্ঠ সন্তান সুৰেশ কুড়মি ৷ তিনি মাহৰ পানী কেঁচুৱাতে মাতৃ ঢুকায়৷  এসময়ত আৰ্থিক দৈন্যতাত ভোগা পিতৃয়ে  শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথা উপলব্ধি কৰিব পাৰিছিল  ৷ সেয়েহে তেওঁক স্থানীয় ৰাঙলী প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰাই দিছিল ৷ প্ৰাথমিক বিদ্যালয়ৰ দেউনা পাৰ হোৱাৰ পাছত  দিৰৈ ৰাঙলী মধ্য ইংৰাজী বিদ্যালয় আৰু দিৰৈ ৰাঙলী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয় ৷ পিছলৈ মৰাণ মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ খোৱাং মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অসমীয়া বিভাগত স্নাতকোত্তৰত নামভৰ্তি কৰে যদিও আৰ্থিক নাটনিৰ বাবে শিক্ষা অসম্পূৰ্ণ অৱস্থাতেই এৰিব লগীয়া হয়৷  শেষত চাহ পাতৰ ব্যৱসায়ত   ব্যস্ত হৈ পৰে ৷ ব্যৱসায়ৰ লগতে সামাজিক কামত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰা কুড়মিয়ে শিক্ষা দিশটো কিন্তু এৰি দিয়া নাছিল৷ 

এই পৰ্যন্ত শিক্ষা জীৱনৰ অবিৰত প্ৰচেষ্টা অব্যাহত ৰখা কুড়মিয়ে ঝাড়খণ্ড ৰাজ্যৰ হাজৰিবাগৰ বিনোবা ভাৱে বিশ্ববিদ্যালয়ৰ পৰা কুড়মালি ভাষাত চাৰ্টিফিকেট কৰ্ছ আৰু ৰাঁচীৰ ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী বিশ্ববিদ্যালয়ৰ পৰা কুড়মালি বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ৷ উল্লেখ্য যে কুড়মালী বিভাগত অসমৰ প্ৰথম স্নাতকোত্তৰ ডিগ্ৰী লোৱা ব্যক্তি জনেই হ’ল সুৰেশ কুড়মি ৷ সাহিত্যৰ নিৰৱ সাধক এই গৰাকী সাহিত্যিকে সৰুকালৰে পৰা কবিতা অনুগল্প লেখামেলা কৰি আহিছে ৷ বিভিন্ন সময়ত হোৱা সাহিত্য প্ৰতিযোগিতা আদিত সক্ৰিয় অংশগ্ৰহণ কৰি আহিছে ৷ সময়ৰ লগে লগে সমাজখনৰ শৈক্ষিক উত্তৰণৰ দিশত কাম কৰিব লয় ৷ শিক্ষা বিস্তাৰৰ ক্ষেত্ৰত বিশেষকৈ কুড়মি সমাজত তেওঁৰ অবদান অতুলনীয় বুলি ক’ ব লাগিব ৷ সমান্তৰালকৈ সাহিত্যৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁৰ বিশেষ দুৰদৰ্শিতা আছিল ৷ বিভিন্ন সময়ত অসমৰ উচ্চস্তৰীয় কাকতত তেওঁৰ  গবেষণামুলক প্ৰবন্ধ প্ৰকাশ পাই  আহিছে ৷ কবিতাও ৰচনা কৰি এগৰাকী সুকবি হিচাবে সমাজৰ মাজত স্বীকৃত হৈছে ৷ 

সুৰেশ কুড়মি  আদৰ্শ সংগ্ৰামীসত্বাৰ এক  ব্যক্তিত্ব সম্পন্ন লোক৷ তেওঁৰ সমাজৰ বিভিন্ন বৈষম্যমূলক নীতি , শাসন শোষনৰ বঞ্চনাৰ বিৰুদ্ধে সবল ৰূপত উপস্থাপন কৰি জনমত সৃষ্টিৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে  ৷ সমাজখন আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আপোচবিহীনভাবে কাম কৰি গৈছে ৷ যাৰ উদাহৰণ আজি কিন্তু পাবলৈ নাই ৷ তীক্ষ্ণবুদ্ধি সম্পন্ন  কুড়মিয়ে সংগ্ৰামী সত্বাৰ মাজেৰে কাম কৰা এগৰাকী সমাজ সংস্কাৰক আৰু  সুসংগঠক ৷ কুৰ্মী সমাজক বৰ্তমানৰ সময়ত প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ ইচ্ছাক  লৈ সাহিত্যৰ লগতে   সমাজহিতৈষী কাম কৰা  কুড়মিয়ে  বিভিন্ন সমাজ সংগঠনৰ লগত জড়িত ৷ তেওঁ প্ৰথমে ২০০৩ চনৰ পৰা ২০১২ চন পৰ্যন্ত ৰাঙলী কিৰনজ্যোতি যুৱ সংঘৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল ৷ ২০০৫ চনৰ পৰা ২০১২ চনলৈ অবিভক্ত  শিৱসাগৰ জিলা কুৰ্মী ছাত্ৰ কল্যাণ পৰিষদৰ সহকাৰী সম্পাদক হিচাবে সমাজৰ সৰ্বাংগীণ স্বাৰ্থত কাম কৰি  গৈছিল ৷ পিছলৈ আৰু ঘুৰি চাবলগা নহ’ল ৷ ক্ৰমাগত সামাজিকভাবে বৌদ্ধিক চেতনাৰে কাম কৰিব ল’লে ৷ ২০০৮-২০১২ চন পৰ্যন্ত অসম কুৰ্মী যুৱ ছাত্ৰ পৰিষদৰ সাংগঠনিক সম্পাদক ৰূপে কেন্দ্ৰীয় সমিতিৰ বিষয়বাবত থাকি সমাজৰ হকে নিস্বাৰ্থ ভাবনাৰে জনসেৱা কৰি যোৱা এসময়ত অবিভক্ত শিৱসাগৰ জিলা কুৰ্মী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদকৰ পদত কাৰ্যনিৰ্বাহ কৰিবলৈ সক্ষম হৈছিল ৷ বৰ্তমান তেওঁ কুড়মালি সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক তথা আন্তঃৰাষ্ট্ৰীয় কুড়মালি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব পালন কৰি আছে ৷ 

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ৰচিত অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ কুড়মালি ভাষাত অনুবাদ কৰি বিজ্ঞসমাজৰ মাজত চৰ্চিত হয়

সমাজ সংগঠনৰ লগতে সাহিত্যৰ ক্ষেত্ৰতো তেওঁৰ অৱদান লেখত ল’বলগীয়া ৷ কুৰ্মী সমাজৰ বৌদ্ধিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কুড়মি স্বজাতিৰ একমাত্ৰ “জ্যোতি” নামৰ  তিনিমহীয়া পত্ৰিকাখন তেওঁৰ একক প্ৰচেষ্টাতে সম্পাদনা কৰি আহিছে ৷ তেওঁ “জ্যোতি” পত্ৰিকাখনৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক ৷ আনহাতে “সগঅড়” নামৰ কুড়মালি ভাষাৰ ছমহীয়া পত্ৰিকাখনৰো প্ৰতিষ্ঠাপক মুখ্য সম্পাদক লগতে অসমৰ আদিবাসী চাহ শ্ৰমিক লোক সকলৰ ইতিহাস বিচাৰি “শিপাৰ সন্ধান” নামৰ তিনিমহীয়া আলোচনীখনো তেওঁ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক ৰূপে বৰ্তমানো সম্পাদনাৰ কাৰ্যত জড়িত হৈ আছে ৷ ইয়াৰ উপৰিও কেইবাখনো মুল্যবান  গ্ৰন্থ প্ৰকাশ কৰি আহিছে ৷ ইয়াৰে ভিতৰত “কুড়মালি গিতহালা” কৰম পৰঅবেক কহনি [কুড়মালি ভাষাত], চুহাড় বিদ্ৰোহৰ মহানায়ক ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ ক্ৰান্তিবীৰ ৰঘুনাথ মাহাতো, চাসিক হাল, কৰম পৰৱৰ ইতিহাস ,কুড়মালি লোক উৎসৱ, অসম মে কুড়মালি ভাষা অ’ৰ সংস্কৃতি কী বৰ্তমান স্থিতি [হিন্দী ভাষাত] ইয়াৰ উপৰিও কুড়মালি ভাষাত পাছ খন প্ৰাথমিক শিক্ষাৰ পুথি ৰচনা কৰিছে ৷ 

স্মৃতিগ্ৰন্থ সম্পাদনাৰ ক্ষেত্ৰতো সমানে অৱদান থকা কুড়মিয়ে ৰাঙলী কৰম সন্মিলনৰ উপলক্ষে প্ৰকাশ কৰা “প্ৰতিবিম্ব” নামৰ স্মৃতিগ্ৰন্থত সম্পাদনা সমিতিৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিল ৷ একেদৰে ৰাঙলী গাঁওৰ সাত গৰাকী ব্যক্তিৰ স্মৃতিত “স্মৰণিকা  ” সম্পাদনা কৰিছিল ৷ “ৰাঢ়ুআ” কুড়মালি সাহিত্য সভাৰ মুখপত্ৰৰ সম্পাদক হিচাবে আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ মৰিগাঁও অধিবেশনৰ “আখড়া” নামৰ স্মৃতিগ্ৰন্থৰ সম্পাদক আছিল নবীন সাহিত্যিক সুৰেশ কুড়মি ৷ তদুপৰি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ৰচিত অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ কুড়মালি ভাষাত অনুবাদ কৰি বিজ্ঞসমাজৰ মাজত চৰ্চিত হয়৷ সম্প্ৰতি বিভিন্ন কাকত আলোচনী আদিত তেওঁৰ লেখা নিয়মিত ভাবে প্ৰকাশ পাই আহিছে ৷ সমাজৰ তথা দেশ দহৰ  হকে নিৰৱে কাম কৰা তেওঁৰ অৱদানক  গণ্য কৰি লেখকৰ স্বীকৃতি প্ৰদান কৰিছে অসম চৰকাৰে ৷ পশ্চিমবংগৰ মুলকি কুড়মালি ভাখি বাইচি “মুলুক চুমান” সন্মান লাভ কৰে ৷ একেদৰে অসম সাহিত্য সভাৰ সন্মানীয় আজীৱন সদস্যপদ লাভ কৰে৷ ক্ৰমানুসাৰে কুড়মালি সাহিত্য সভা অসম, অসম চাহ জনগোষ্ঠী সাহিত্য সভা ,আদিবাসী সাহিত্য সভা অসম আৰু আদিবাসী কুড়মি সমাজৰ আজীৱন সদস্যপদৰ দ্বাৰা সন্মানিত হয়৷ কুড়মালি ভাষাত অসমৰ প্ৰথম গৰাকী স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰা  ব্যক্তি হিচাবে বিভিন্ন সামাজিক সংগঠনে বিশেষভাবে সম্বৰ্ধনা জনাইছে ৷ 

এক উচ্চস্তৰীয় ধ্যান ধাৰনাৰে  কৰ্মক্ষেত্ৰ নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা কুড়মিয়ে পুৰুলীয়াৰ সিধু-কানহু বিৰ্চা বিশ্ববিদ্যালয়ৰ কুড়মালি ডিপ্লোমা পাঠ্যক্ৰমৰ প্ৰাক্তন অতিথি শিক্ষক হিচাবে কাৰ্যনিৰ্বাহ কৰি বৰ্তমান  ঝাড়গ্ৰামৰ সাধু ৰামচাঁদ মুৰ্মু বিশ্ববিদ্যালয়ত কুড়মালি বিভাগৰ অতিথি সহ- অধ্যাপক হিচাবে কৰ্মৰত হৈ আছে ৷ তেওঁৰ আদৰ্শগত চিন্তা চৰ্চা বৰ্তমানৰ সময়ত সময়োপযোগী হৈ পৰিছে  ৷ তেওঁৰ সংগ্ৰামৰ মাজত কৰা আহ্বানক  কুৰ্মী সমাজে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে এই প্ৰতিবেদকে ৷


 

No comments