Page Nav

HIDE

Grid

GRID_STYLE

নিয়ন্ত্ৰিত বজাৰত অধিকাৰ বঞ্চিত কৃষক: কৃষি ভিত্তিক গ্ৰাম্য অৰ্থনীতিলৈ সংকট

দৰঙৰ আন্তঃৰাজ্যিক পাচলি বজাৰত উপযুক্ত দাম নাই সামগ্ৰীৰ  ...কৃষিজ সামগ্ৰী ৰাখিবৰ বাবে যি শীতল ভড়ালৰ ব্যৱস্থা থাকিব লাগে দৰং জিলাত সেয়া পৰ্যাপ...



দৰঙৰ আন্তঃৰাজ্যিক পাচলি বজাৰত উপযুক্ত দাম নাই সামগ্ৰীৰ 


...কৃষিজ সামগ্ৰী ৰাখিবৰ বাবে যি শীতল ভড়ালৰ ব্যৱস্থা থাকিব লাগে দৰং জিলাত সেয়া পৰ্যাপ্ত নহয়। বহু কৃষকৰ বাবে সেই ব্যৱস্থা ঢুকি পোৱাটো সম্ভৱ নহয়...


দিগন্ত শৰ্মাঃ 

"পুৱা সাত বজাতে ষাঠি কেজি ভেণ্ডী, বিশ কেজি বেঙেনা লৈ আহিছিলো। এতিয়া এঘাৰটা বাজি গ'ল। ভেণ্ডীখিনি বিক্ৰী কৰিব পৰা নাই। বেঙেনা বেচিলো কেজিত ছ টকা দিমত। লোকচান হৈছে। ভেণ্ডীৰো দাম নাই, কেজিত  চাৰি টকা দিব বিছাৰিছিল নটা বজাত। এতিয়া কিনোতা মিনুহে নাই। মই এজন বি এ পাচ লৰা। চাকৰি নাই। পঞ্চাচ হাজাৰ টকা ধাৰ লৈ খেতি কৰিছিলো। এতিয়া দেখিছো খেতি কৰাৰ খৰচৰ ধনকেইটাই নাপাম। ১২ বজাত বজাৰৰ পৰা নগ'লে পুলিচে আহি কোবাব। কি কৰিম আমি?''--খাৰুপেটীয়াৰ বালুগাঁও পাচলি বজাৰত এনেদৰে ক'লে এজন যুৱ কৃষকে। যুৱক জনৰ উপৰিও অজস্ৰ জন কষকে সমুখত পাচলি ভৰ্তি বস্তা লৈ অপেক্ষা কৰি আছিল গ্ৰাহকৰ বাবে। গ্ৰাহক নাছিল ১২ বজা পৰ্যন্ত। সান্ধ্য আইনৰ সময় ছাপি আহিছিল।...এচামে বিক্ৰী নোহোৱা পাচলি দূখমনে ওভতাই নিবলৈ সাজু হৈছিল। দৰং জিলাৰ পাচলি কৃষকৰ অৱস্থা এয়া। অাংশিক লকদাউনৰ পৰিণতিএয়া। পাচলিৰ বজাৰত উপযুক্ত দাম নাই৷ পৰ্যাপ্ত ক্ৰেতা নাই ।ইফালে আৰক্ষীৰ লাঠীৰ ভয়ত উৎপাদিত পাচলি বিক্ৰী কৰিব নোৱাৰি হতাশাত ভাগি পৰিছে খাৰুপেটীয়াৰ কৃষকসকল। আংশিক লক ডাউন আৰু সান্ধ্য আইনত আটাইতকৈ বেছি লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে দৰং জিলাৰ খাৰুপেটীয়া, বেছিমাৰী, দলগাঁৱৰ কৃষকসকল ।

নিয়ন্ত্ৰিত বজাৰত কৃষিজ সামগ্ৰীৰ সঠিক মূল্য প্ৰাপ্তি হ'ল কৃষকৰ অন্যতম অধিকাৰ। সাম্প্ৰতিক সময়ত সেই সকলোবোৰৰ পৰা বঞ্চিত কৃষকশ্ৰেনী। কৃষকে হাৰভঙা শ্ৰমৰ উপযুক্ত বিনিময় লাভ নকৰাটো ৰাজ্যৰ অৰ্থনীতি নিম্নগামী হোৱাৰ ইংগিত। 

আংশিক লক ডাউনৰ ফলত  কৃষকসকলৰ উৎপাদিত পাচলি চৰকাৰে বান্ধি দিয়া নিৰ্দিষ্ট সময়ৰ ভিতৰত বজাৰত বিক্ৰী কৰিব নোৱাৰি আৰু বিক্ৰী কৰিলেও উপযুক্ত দাম নাপাই কৃষকসকলে মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। বজাৰত প্ৰতি কেজিত দহটকাতকৈয়ো কম দামত বিক্ৰী হৈছে  বিলাহী, জিকা, ভোল, তিঁয়হ, ভেন্দী, বেঙেনা, কেৰেলা, জলকীয়া, স্কোৱাচ আদি৷  দৰং জিলাৰ খাৰুপেটীয়া, বেচিমাৰি,দলগাওঁ আদি বৃহত্তৰ অঞ্চলৰ কষকৰ উৎপাদিত শাক-পাঁচলি অসমৰ বিভিন্ন ঠাইলৈ যোগান ধৰে। বহিঃৰাজ্যলৈয়ো যায় এই অঞ্চলৰ পাচলি। কিন্তু শেহতীয়া  ক'ভিড কেন্দ্ৰিক পৰিস্থিতিৰ গ্ৰাসত পৰি কৃষক সকল দিশহাৰা হৈ পৰিছে। সাপ্তাহিক বজাৰ বন্ধ, যাতায়াত বন্ধ আদিৰ  ফলত কৃষক সকলৰ কষ্ট উৎপাদিত ফচলসমূহ অতি নিম্ন দৰত বিক্ৰী কৰিব লগা হৈছে।এই শোচনীয় সময়ত কৃষকে নিজৰ উৎপাদিত সামগ্ৰীৰ  উৎপাদন খৰছো লাভ কৰা নাই৷ বজাৰত প্ৰতি কিলোঁ বেঙেনা, বিলাহী, ভেন্দি, দাংবডি ৪ টকাৰ পৰা ৭ টকা, কেঁচা জলকীয়া ১০ৰ পৰা ১৪, ৰঙালাও ৩/৪ টকা কিলোকৈ বিক্ৰী কৰিব লগীয়া হৈছে। কিছুমানৰ পাঁচলি  পথাৰতেই গেলি-পচি গৈছে। ইফালে এচাম মধ্যভোগীয়ে সুযোগ লৈ কম দামত কিনি নি চুবুৰীয়া জিলা সমূহত অত্যাধিক দামত বিক্ৰী কৰিছে।  অসমৰ ভিতৰতে বৃহৎ পাচলি বজাৰ হ'ল দৰং জিলাৰ খাৰুপেটীয়া,  বেচিমাৰি বজাৰ। ক’ভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত আংশিক লকডাউনৰ সমান্তৰালকৈ সান্ধ্য আইন বলবৎ হোৱাত নেতিবাচক প্ৰভাৱ পৰিছে কৃষি ক্ষেত্ৰত। তাৎপৰ্যপূৰ্ণ যে অসমৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল কৰাত প্ৰধান ভূমিকা লৈ আহিছে কৃষক সকলে। পিছে বৰ্তমানৰ কৃষকৰ দূৰৱস্থাই কৃষিকেন্দ্ৰিক গ্ৰাম্য অৰ্থনীতিলৈয়ো সংকট নমাই আনিছে। আনহাতে কৃষিজ সামগ্ৰী ৰাখিবৰ বাবে যি শীতল ভড়ালৰ ব্যৱস্থা থাকিব লাগে দৰং জিলাত সেয়া পৰ্যাপ্ত নহয়। বহু কৃষকৰ বাবে সেই ব্যৱস্থা ঢুকি পোৱাটো সম্ভৱ নহয়। আনহাতে নিয়ন্ত্ৰিত বজাৰত কৃষিজ সামগ্ৰীৰ সঠিক মূল্য প্ৰাপ্তি হ'ল কৃষকৰ অন্যতম অধিকাৰ। সাম্প্ৰতিক সময়ত সেই সকলোবোৰৰ পৰা বঞ্চিত কৃষকশ্ৰেনী। কৃষকে হাৰভঙা শ্ৰমৰ উপযুক্ত বিনিময় লাভ নকৰাটো ৰাজ্যৰ অৰ্থনীতি নিম্নগামী হোৱাৰ ইংগিত। 

No comments