দিল্লীৰ পৰা শিক্ষা লওকঃ সামাজিক দূৰত্ব কমাই নবঢ়াব মহামাৰী ...চৰকাৰে এ টা সময়ত হয়তো আৰু কৰিব নোৱাৰাৰ এটা অৱস্থা আহি পৰিবও পাৰে ।গতিকে সকল...
দিল্লীৰ পৰা শিক্ষা লওকঃ সামাজিক দূৰত্ব কমাই নবঢ়াব মহামাৰী
...চৰকাৰে এটা সময়ত হয়তো আৰু কৰিব নোৱাৰাৰ এটা অৱস্থা আহি পৰিবও পাৰে ।গতিকে সকলোৱে বেমাৰ হোৱাৰ পিছত ঔষধ খোৱাতকৈ বেমাৰ নহবৰ কাৰণে কিদৰে আমি সজাগ আৰু সচেতনতা গ্ৰহণ কৰিব পৰা যায়...
পিংকু ডেকাঃ
মোৰ এই লিখনিৰ জৰিয়তে ক'ভিড-১৯ বা নভেল কৰোনা ভাইৰাচ সংক্ৰমিত অতিমাৰীক ভয় খোৱাৰ পৰিবৰ্তে সাৱধানতা অৱলম্বন কৰাবহে বিচাৰিছো।কৰোণা ভাইৰাছৰ দ্বিতীয়টো ঢৌ দেশত অতি দ্ৰুত গতি হাৰত বৃদ্ধি পাই আহিছে যাৰ ফলত দেশৰ বিভিন্ন ৰাজ্যত অতি কম সময়ৰ ভিতৰত প্ৰতিদিনে হাজাৰ হাজাৰ লোক এই ভাইৰাছৰ জড়িয়তে আক্রান্ত হব লগা হৈছে।আকৌ সেই আক্রান্ত লোকসকলৰ ভিতৰতে কিছুমানে মৃত্যুক আঁকোৱালি লব লগা হৈছে।আমি ইতিমধ্যে মহাৰাষ্ট্ৰৰ মুম্বাই,উত্তৰ প্ৰদেশ,কেৰেলা,দিল্লী, মধ্যপ্ৰদেশ,ৰাজস্থান,গুজৰাট আৰু অন্যান্য ৰাজ্য সমূহৰ বাতৰি পাই আছো যি নেকি দেশৰ কৰোণা ভাইৰাছৰ উপত্যকাত পৰিণত হোৱা পৰিগণিত হৈছে।দেশৰ প্ৰায়বোৰ ৰাজ্যত যোৱাবাৰৰ তুলনাত এইবেলি বহুত বেছি হাৰত এই ৰোগ সংক্ৰমিত হব ধৰিছে।আমি অলপ ভালকে মন কৰিলে দেখিব পাৰো যে ইয়াৰ আগত অৰ্থাৎ যোৱাবাৰ কৰোণা ভাইৰাছৰ সময়ত আমেৰিকা,ইটালী ,ফ্ৰান্সৰ দৰে দেশ সমূহত সৰ্বাধিক কৰোণা আক্রান্ত লোক দেখিব পোৱা গৈছিল কিন্তু তাৰ বিপৰীতে অতি কম দিনৰ ভিতৰতে এইবাৰ আমাৰ দেশত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক হোৱা বুলি বিভিন্ন সংবাদ মাধ্যমৰ পৰা জানিব পৰা গৈছে আৰু ইয়াৰ লগে লগে দেখা দিছে অক্সিজেন ৰপ্তানিকাৰী খুদ ভাৰতবৰ্ষতেই অক্সিজেনৰ অভাৱ।উন্নয়নশীল দেশ ভাৰতবৰ্ষত এনেদৰে হঠাৎ বাঢ়ি অহা এই মহামাৰীৰ কাৰ্যকলাপ এক অতি স্পৰ্শকাতৰ বিষয়।যিখন দেশ বিশ্বৰ ভিতৰতে উচ্চ জনসংখ্যাৰ ক্ষেত্ৰত দুই নম্বৰ আছে সেইখন দেশতে আকৌ প্ৰতিদিনে মহামাৰিত আক্রান্ত হোৱা ৰোগীৰ সংখ্যাও বিশ্বৰ ভিতৰতেই সৰ্বাধিক এই বিষয়তো অতি গুৰুত্বপূৰ্ণ।কিয়নো এইবাৰৰ কৰোণা ভাইৰাছ দুই তিনিখন দেশৰ ভাইৰাছৰ সংযোজন বুলি ইতিমধ্যে কোৱা হৈছে।যি বতাহত বেছি সময় ভাঁহি থাকিব পাৰে আৰু যাৰ কাৰনে জনবসতি ঘনত্ব অঞ্চলত কম সময়ৰ ভিতৰত অতি সহজে বিয়পি পৰিব পাৰে।
অসম চৰকাৰে এই মহামাৰীৰ কাৰণে বৰ্তমান সময়ত কিছু আগতীয়া ভূমিকা গ্ৰহণ কৰিছে যদিও এটা সময়ত হয়তো আৰু কৰিব নোৱাৰাৰ এটা অৱস্থা আহি পৰিবও পাৰে ।গতিকে আমি সকলোৱে এটা কথা চিন্তা কৰা উচিত যে বেমাৰ হোৱাৰ পিছত ঔষধ খোৱাতকৈ বেমাৰ নহবৰ কাৰণে কিদৰে আমি সজাগ আৰু সচেতনতা গ্ৰহণ কৰিব পৰা যায়।
আমাৰ ৰাজ্য অসমত এই ভাইৰাছৰ প্ৰকোপ বৰ্তমান সময়ত কম বুলি কব পাৰো যদিহে অন্য বাঢ়ি থকা ৰাজ্যৰ লগত তুলনা কৰো।কিন্তু প্ৰতিদিনে বৃদ্ধি হৈ অহা দিশটোলৈ লক্ষ্য কৰিলে দেখা যায় যে অসমতো এই বৃদ্ধিৰ হাৰ যোৱাবাৰতকৈ বহু গুণে বেছি।এনেকৈ বৃদ্ধি হৈ থাকিলে আন আন বাঢ়ি অহা ৰাজ্যবোৰৰ দৰে একেই যে অৱস্থা হব তাত হয়তো সন্দেহ নাথাকিব।গতিকে এনে ভয়াবহ ৰূপ লোৱা আগতে সকলোৱে সজাগ সচেতন হোৱা অতিকে আৱশ্যক ।সেয়েহে মই কম "সজাগ সচেতন লোৱা জনগণ।নহলে কালধুমুহাই উৰুৱাই নি কৰিব মৰুভূমি অসম।" দেশৰ অন্য ৰাজ্য যিসকল ৰাজ্য পূৰ্বৰ পৰা চিকিৎসাৰ ক্ষেত্ৰত আগৰণুৱা হিচাপে থিয় দি আহিছিল কিন্তু হঠাৎ বাঢ়ি অহা মহামাৰী কৰোণা ঢৌৰ লহৰৰ আগত কিন্তু এই সকলোবোৰে সেও মানিবলৈ বাধ্য হৈ পৰিছে।কিয়নো দেশৰ আগশাৰী এই চিকিৎসালয় সমূহত এতিয়া অভাৱ হৈছে অতি প্ৰয়োজনীয় অক্সিজেন, পৰ্যাপ্ত পৰিমাণৰ বিচনা আৰু অন্যান্য চিকিৎসা কেন্দ্ৰিক সা সৰঞ্জামৰ যাৰ ফলস্বৰূপে চিকিৎসালয়ৰ বাহিৰত বা চিকিৎসালয়ৰ চৌহদত দেখা গৈছে এই মহামাৰীত আক্রান্ত লোকৰ অগণন ভিৰ যিয়ে এনিশাহ উশাহৰ বাবে অক্সিজেন চিলিণ্ডাৰৰ কাৰণে হাত পাতি ৰৈ থাকি অৱশেষত চকুলো বোৱাই জীৱন বাটত ভাগৰি পৰি পৰিয়ালৰ সকলোকে কন্দুুুৱই মহামাৰীৰ বানত বিলীন হৈ গৈছে ।ৰাজপথৰ কাষে কাষে কেৱল দেখা গৈছে কৰোনাতঙ্ক বানে নষ্ট কৰা মানৱসম্পদৰ দম।দেশৰ আগশাৰী ৰাজ্যৰ উন্নত চিকিৎসালয় সমূহত যদি এনে অৱস্থাৰ সন্মুখীন হয় তেনেহলে অসমৰ ক্ষেত্ৰত কৰোণাত আক্রান্ত ৰোগীৰ সংখ্যা এনেদৰে দিনক দিনে বাঢ়ি অহা অৱস্থাতোৰ কথা এবাৰ সকলোৱে ভাৱক আৰু এতিয়াৰ পৰাই সাৱধানতা অবলম্বন কৰক।অসমত চৰকাৰে এই মহামাৰীৰ কাৰণে বৰ্তমান সময়ত কিছু আগতীয়া ভূমিকা গ্ৰহণ কৰিছে যদিও এটা সময়ত হয়তো আৰু কৰিব নোৱাৰাৰ এটা অৱস্থা আহি পৰিবও পাৰে ।গতিকে আমি সকলোৱে এটা কথা চিন্তা কৰা উচিত যে বেমাৰ হোৱাৰ পিছত ঔষধ খোৱাতকৈ বেমাৰ নহবৰ কাৰণে কিদৰে আমি সজাগ আৰু সচেতনতা গ্ৰহণ কৰিব পৰা যায়।এই বিষয়টোত গুৰুত্ব প্ৰদান কৰি চৰকাৰে বান্ধি দিয়া নিয়মবোৰ আমি সকলোৱে মানি চলিব লাগে। ৰাজ্যত বহু ঠাইত এতিয়াও কৰোণা মহামাৰীৰ বিষয়ে জনসাধৰনৰ মাজত সচেতনতাৰ ভাব জাগি উঠা নাই। এতিয়াও বহু লোকে মুখাবৰণ বা মাষ্ক খনৰে নাক আৰু মুখ খন ঢাকি ৰখাৰ পৰিবৰ্তে থুতুৰীটোহে ঢাকি ৰখা দেখা যায়।অন্যহাতে গাঁৱৰ বজাৰ বোৰত কভিড প্ৰতিৰোধী বাবে লবলগীয়া প্ৰাথমিক বিধিবোৰ মানি চলা দেখা নাই বা হয়তো নাজানে।ৰেল বা বাছেৰে বাহিৰৰ পৰা অসমলৈ অহা যাত্ৰীসকলক কোনো কোনো ঠাইত কৰোনা ভাইৰাছৰ সংক্ৰমনৰ পৰীক্ষা কৰা ক্ষেত্ৰত হীনদেৰি হোৱা দেখা গৈছে। ইয়াৰ লগতে বৰ্তমান সময়ত ৰাজ্য চৰকাৰ ফালৰ পৰা যি ভেকচিন প্ৰদান কৰি আছে তেনে কিছু ঠাইত বা চিকিৎসালয় সমূহতো জনসাধৰণৰ মাজত দূৰত্ব বজাই ৰাখি সতৰ্কতা অৱলম্বন কৰা দেখা যোৱা নাই।আকৌ এক মে' ৰ পিছত বা পৰৱৰ্তী সময়ত অসম চৰকাৰৰ দ্বাৰা ওঠৰ বছৰ উৰ্ধৰ সকলো যুৱক যুৱতীক কৰোনা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি যি ভেকচিন প্ৰদান কৰিব বুলি কোৱা হৈছে যিটো নেকি আমাৰ সকলোৰে বাবে ভাল খবৰ কিন্তু তাত কিমান সচেতনতাৰে জসাধাৰণৰ মাজত নিৰ্দিষ্ট সামাজিক দূৰত্ব বজাই ৰাখি ভেকচিন গ্ৰহণৰ কাম সম্পন্ন কৰিব সময়ত সকলোবোৰ লক্ষণীয় হব। কিয়নো জনসাধৰণৰ মাজত নিৰ্দিষ্ট দূৰত্ব বজাই নাৰাখি মহামাৰীৰ ভেকচিন লবলৈ যোৱা আৰু মোনা ভৰাই কৰোনা ভাইৰাছ ঘৰলৈ অনা একেই কথা ।
বেমাৰ হোৱাৰ পিছত ঔষধ খোৱাতকৈ বেমাৰ নহবলে সাৱধানে থাকক
গতিকে এই ক্ষেত্ৰত আমাৰ সাধাৰণ জনসাধাৰণৰ দায়িত্ব থকাৰ উপৰিও পুলিচ প্ৰশাসনৰ দায়িত্ব হব গভীৰ।ৰাজ্যৰ বৰ্তমান অৱস্থাটোৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ চহৰৰ পৰা গাঁওৰ প্ৰতি খন চিকিৎসালয় ক্ষেত্ৰলৈ বা বজাৰ বা অন্যান্য জনসংগম অঞ্চল সমূহলৈ উপযুক্ত পুলিচ প্ৰশাসনৰ ব্যৱস্থা কৰিব লাগে।যাৰ জৰিয়তে মহামাৰী কঁৰোনাৰ নীতি নিয়ম সমূহ বৰ্তাই ৰখাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰে।এই ক্ষেত্ৰত পুলিচৰ ভূমিকা আমি কেতিয়াও নুই কৰিব নোৱাৰো ।আমি জানো যে অসম আৰক্ষীৰ সংখ্যা ৰাজ্যৰ জনসংখ্যা অনুুুপাতে বহু কম।তথাপিও এনে মহামাৰীৰ সময়ত পুলিচ প্ৰশাসনে জনহীত জনসেৱাৰ্থে সেৱা আগবঢ়োৱাটো অত্যন্ত আৱশ্যক। হয়তো এই পুলিচৰ অভাৱ পূৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে পৰৱৰ্তী সময়ত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব। এই পুলিচৰ অভাৱ পূৰণৰ ক্ষেত্ৰত অসম পুলিচৰ বৰ্তমানৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত ছাৰেও বহুতো ভূমিকা গ্ৰহণ কৰি আহিছে।কিন্তু বৰ্তমান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশিক্ষণ শিবিৰত থকা আৰক্ষী সমূহৰ জৰিয়তেও অন্য এক সফলতা অর্জন কৰিব পাৰিলে হয় যেন মোৰ অনুভৱ হয়।কাৰণ সজাগতা সৃষ্টিৰ ক্ষেত্ৰত অসম আৰক্ষীৰ ভূমিকা তাহানিৰ পৰাই অনবদ্য।ইয়াৰ ওপৰিও অলপতে হৈ যোৱা অসম আৰক্ষীৰ এছ আই পৰীক্ষাৰ সকলোবোৰ স্তৰ উত্তীৰ্ন আমাৰ প্ৰায়বোৰ প্ৰাৰ্থীয়ে নিজ নিজ জিলাৰ অন্তৰ্গত জনবসতি পূৰ্ণ ঠাই সমূহত কঁৰোনা ভাইৰাছৰ কাৰণে সজাগ সচেতনতাৰ বাবে প্ৰায় প্ৰতিদিনে উদগনিমূলক ব্যৱস্থা গ্ৰহণ কৰি আহিছো।ইয়াৰ বাহিৰেও প্ৰয়োজন সাপেক্ষে মহামাৰী কঁৰোনাক প্ৰতিহত কৰিবৰ বাবে অন্যান্য ভূমিকা লবলৈও আমি সাজু হৈ আছো। মহামাৰীক প্ৰতিহত কৰিবলৈ সজাগ সচেতনতা অনিবাৰ্য।সজাগতাই এতিয়া এই মহামাৰীৰ বাবে এক প্ৰকাৰৰ ভেকচিন।এই ক্ষেত্ৰত আমি প্ৰত্যেকে সজাগ সচেতনতা নিজে হোৱাৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ লোকক কৰাব লাগিব।যিমানেই সজাগতা অৱলম্বন কৰা যাব সিমানেই সোনকালে কঁৰোনা মহামাৰীয়ে আমাৰ মাজৰ পৰা বিদায় লব।তেতিয়াই আমাৰ ৰাজ্য এই মহামাৰীৰ মহাসংক্ৰমনৰ পৰা মুক্ত হৈ আকৌ শান্তিৰ ৰম্যভূমিত খোজ দিব পাৰিব।এই ক্ষেত্ৰত আপোনাৰ মোৰ পুলিচ প্ৰশাসন তথা প্ৰতিজন নাগৰিকৰ ভূমিকা অনবদ্য।গতিকে শেষত একাংশ লোকক অনুৰোধ জনাও যে সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীনৰ ভয়ত বা পুলিচক হাজাৰ টকা দিব লগা ভয়ত মুখত মাৰ্কছ পিন্ধাৰ পৰিবৰ্তে মহামাৰী কঁৰোনাৰ ভয়তহে মুখ আৰু নাক ধাক খাই থকাকৈ মাৰ্কছ পিন্ধক।কিন্তু থুতুৰীত নহয়।নিজৰ লগতে পৰিয়ালক ৰক্ষা কৰিবলৈ মুখাবৰণ (মাষ্ক) পৰিধান কৰক ।সামাজিক দূৰত্ব বজাই ৰাখক ।চেনিটাইজাৰ ব্যৱহাৰ কৰক,চাবোনেৰে হাত ধোৱক।প্ৰয়োজন নহলে ওলাই নগৈ ঘৰত থাকক।সাৱধানে থাকক।তেতিয়া হয়তো মহামাৰী কঁৰোনাই আমাক ধ্বংস কৰা আগতে আমিহে অতিমাৰী কঁৰোনাক ধ্বংস কৰিব পাৰিম। আকৌ এবাৰ কব বিচাৰিছো,বেমাৰ হোৱাৰ পিছত ঔষধ খোৱাতকৈ বেমাৰ নহবলে সাৱধানে থাকক।
No comments