অৰ্থৰ অভাৱত বঞ্চিত পুষ্টিদায়ক খাদ্যৰ পৰা : ৰক্তহীনতা - অপুষ্টিত আক্ৰান্ত ৰাজ্যৰ বহু নাৰী- শিশুৰ স্বাস্থ্য সংকটাপন্ন …দৈহক আৰু মানসিক স্ব...
অৰ্থৰ অভাৱত বঞ্চিত পুষ্টিদায়ক খাদ্যৰ পৰা : ৰক্তহীনতা - অপুষ্টিত আক্ৰান্ত ৰাজ্যৰ বহু নাৰী- শিশুৰ স্বাস্থ্য সংকটাপন্ন
…দৈহক আৰু মানসিক স্বাস্থ্য জনিত সমস্যাই ক্ৰমশঃ কাঢ়ি নিছে বহুজনৰ দৈনন্দিন গতিশীলতা তথা কৰ্মমুখী জীৱন...
দিগন্ত শৰ্মা :
(ক্ষেত্ৰভিত্তিক প্ৰতিবেদন )
ৰাজ্যৰ বিভিন্ন প্ৰান্তীয় অঞ্চলত শিশু- কিশোৰী আৰু প্ৰসুতি মাতৃ-গৰ্ভৱতী মহিলা ৰক্তহীনতা আৰু পুষ্টিহীনতাত ভুগি আহিছে৷ পুষ্টিকৰ আহাৰৰ অভাৱে শিশুকালত বা কৈশোৰ কালত লৰা বা ছোৱালীৰ দৈহিক আৰু মানসিক বিকাশত বাধাৰ সৃষ্টি কৰি আহিছে ৷ আক্ৰান্ত হৈ আহিছে ভিন্ন ৰোগত ৷ ৰক্তহীনতাত আক্ৰান্ত মহিলাই জন্ম দিয়া সন্তানেও৷ ভোগিছে পুষ্টিহীনবতাত৷ বহু সময়ত জন্মৰ পিছতে মৃত্যু হৈছে সন্তানৰ৷ আনহাতে নিসকটীয়া সন্তানেও নানা ধৰণে আক্ৰান্ত হৈ নানা ৰোগত বা পিছত দৈহিক বিকাশত প্ৰত্যাহ্বানৰ সন্মুখীন৷ হৈছে৷ তেনে মাতৃৰ কণ্যা সন্তানে কিশোৰী কালত পুষ্টিহীনতাত ভোগি আহিছে৷ অসমত বিশেষভাৱে ৰক্তহীনতাত আক্ৰান্ত কিশোৰীৰ হাৰে প্ৰতিফলিত কৰে ৰাজ্যৰ সাধাৰণ জনতাৰ স্বাস্থ্যৰ অৱস্থা৷ এক নিৰোগী বা সুস্বাস্থ্যৰ অধিকাৰী নৱ প্ৰজন্ম অসমৰ পৰা ক্ৰমশ হেৰাই যাবলৈ ধৰিছে৷
সমগ্ৰ অসমৰ এক ভয়াবহ ছবি দেখা যায় ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৫' - ৰ তথ্য চালে৷ এই তথ্যমতে, ৰাজ্যখনৰ ১৫ ৰ পৰা ১৯ বছৰ বয়সৰ ৬৭ শতাংশ কিশোৰী - যুৱতী ৰক্তহীনতা (এনিমিয়াত ) ৰোগত আক্ৰান্ত৷ একেদৰে ১৫ ৰ পৰা ১৯ বছৰ বয়সৰ ১১.৭ শতাংশ মহিলাই সন্তানৰ মাতৃ হৈছে বা গৰ্ভৱতী হৈছে৷ আনহাতে ৰাজ্যখনৰ ৬ মাহ বয়সৰ পৰা ৫৯ মাহ বয়সৰ ৬৮ শতাংশ শিশু ( ৬৬.৪ শতাংশ নগৰ অঞ্চলৰ, ৬৮.৬ শতাংশ গাওঁ অঞ্চলৰ) ৰক্তহীনতা ৰোগত ( এনিমিয়াত) আক্ৰান্ত৷
৫ বছৰ বয়সৰ তলৰ ৩৫.৩ শতাংশ শিশুৰ বয়স অনুপাতে উচ্ছতা কম আৰু ৩২.০ শতাংশ শিশুৰ বয়স অনুপাতে ওজন অত্যাধিক হাৰত কম ৷ ইয়াৰে গ্ৰামাঞ্চলৰ ৩৩.৬ শতাংশ শিশু আৰু ২৫.৯ শতাংশ শিশু নগৰাঞ্চলৰ৷ পুষ্টিহীনতাত আক্ৰান্ত হোৱাৰ এয়া ভয়ংকৰ পৰিণতি৷সাধাৰণভাৱে ৰাজ্যখনৰ ২১.৭ শতাংশ শিশুৰ ওজন বয়স অনুপাতে কম৷
কেইদিনমান পূৰ্বে দৰং জিলাৰ এক বিশেষ অঞ্চলত চলোৱ এক ক্ষেত্ৰ ভিত্তিক অধ্যয়ন চলাইছিলো৷
দৰং জিলাৰ মোৱামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত এই চেৰেং চাপৰি নামৰ অঞ্চলটি জিলাৰ সদৰ মঙলদৈৰ পৰা দক্ষিণে প্ৰায় কুৰি কিলোমিটাৰ নিলগত অৱস্থিত৷ এই অঞ্চললৈ যাবলৈ পাৰ হব লাগে ‘বেগা’ নামৰ নৈখন৷ আনহাতে অঞ্চলটোৰ এফালে আছে এই নৈখন, আনফালে আছে ব্ৰহ্মপুত্ৰৰ এটি বহল সুঁতি৷ মুঠতে নৌকা অবিহনে দক্ষিণ মোৱামাৰী চেৰেং চাপৰি গাঁৱৰ জনতাৰ জীৱন অচল৷ অঞ্চলটিৰ নৈৰ দাঁতিত এচলীয়া টিনৰ ঘৰ এটিত দুটি কণমাণি কন্যা সন্তানৰ সৈতে বাস কৰে সঞ্জয় বিশ্বাস আৰু লক্ষ্মী বিশ্বাস৷ সঞ্জয় বিশ্বাসে (৩২)প্ৰায় প্ৰতিদিনেই ৰাতিপুৱা দিন মজুৰি কৰিবলৈ ওলাই যায় আৰু তেওঁৰ পত্নী লক্ষ্মী বিশ্বাসে (২৫) দিনটো ভগ্নপ্ৰায় ঘৰখনতে দুই কন্যাৰ সতে থাকে৷ পৰিয়ালটিৰ চৌহদত নাই কোনো খোৱাপানীৰ উৎস৷ নাই কোনো বিজ্ঞান সন্মত অনাময় ব্যৱস্থা৷ বিদ্যুৎ সংযোগ লক্ষ্মীৰ ঘৰখনতেই নহয়, সমগ্ৰ গ্ৰামাঞ্চলটোতেই নাই৷ এটি সৰু সৌৰ চাকি আৰু এটি কেৰাচিন তেলৰ টিপ চাকিয়েই সন্ধিয়াৰ পোহৰৰ উৎস লক্ষ্মীৰ ঘৰখনত৷ লক্ষ্মীৰ এজনী কন্যাৰ বয়স ছবছৰ আৰু এজনীৰ দুবছৰ৷ ডাঙৰজনীয়ে ঘৰৰ পৰা কিছু দূৰৈৰ স্কুললৈ যায়৷ কিন্তু সৰুজনী দিনটো ঘৰতেই থাকে৷ অঞ্চলটত নাই কোনো অংগনৱাডী কেন্দ্ৰ৷ লক্ষ্মীয়ে কৈছিল– ‘গাঁৱত অংগনৱাড়ী কেন্দ্ৰই নাই৷ সৰু লৰা ছোৱালীৰ ঘৰতে থাকে৷ যদি অংগনৱাড়ী কেন্দ্ৰলৈ যাব লাগে তেন্তে ঘৰৰ পিছফালে থকা ভৰা নৈখন পাৰ হৈ আন এখন গাঁৱৰ স্কুলৰ সৈতে থকা কেন্দ্ৰটোলৈ যাব লাগিব৷ আমাৰ কাৰণে সেয়া অসম্ভৱ৷’
অৰ্থাৎ অংগনৱাড়ী কেন্দ্ৰৰ জৰিয়তে কণমাণি শিশুক যোগান ধৰা পুষ্টিকৰ খাদ্য দেখিয়েই পোৱা নাই লক্ষ্মীৰ দুই সন্তানে৷ কেৱল দুই সন্তানেই নহয়, গৰ্ভৱতী কালত বা প্ৰসূতিকালীন অৱস্থাতো মাতৃ লক্ষ্মীয়ে দেখাই নাপালে সমাজ কল্যান বিভাগৰ পৰা যোগান ধৰা পুষ্টিকৰ আহাৰ৷ সম্প্ৰতি লক্ষ্মীৰ দুই কণ্যাৰ বয়স অনুপাতে উচ্চতা আৰু ওজন কম৷ কিয় এনে হৈছে, সেয়া লক্ষ্মীয়ে বুজি নাপায়৷ দৰিদ্ৰতাই গ্ৰাস কৰা লক্ষ্মীৰ পৰিয়ালটোক., 'বিকাশৰ লক্ষ্মীয়'য়ে স্পৰ্শ নকৰাত কণ্যা শিশু দুটিৰ বিকাশো থমকিছে৷... . .
সেই অঞ্চলৰে এগৰাকী বাসিন্দা নিৰ্মল দাস(৩৭)৷ কৃষক আৰু গো-পালক নিৰ্মল দাসৰ পত্নীৰ প্ৰসৱকালীন যন্ত্ৰনাত বিগত বৰ্ষৰ জুলাই মাহৰ এদিন আবেলি পৰত জৰুৰী চিকিৎসাৰ প্ৰয়োজন হৈছিল৷ চিকিৎসালয়লৈ নিবলৈ নাৱেৰে নদীপাৰ কৰিব লাগিব৷ সন্ধিয়া মহিলাগৰাকী নাৱেৰে নিবলৈ সাজু কৰোতেই জন্ম দিলে সন্তান৷ নাই কোনো চিকিৎসক-নাৰ্চ৷
নিৰ্মল দাসে কৈছিল, ‘আমাৰ জীৱন বৰ দুৰ্বিসহ, বৰ যন্ত্ৰণাদায়ক৷ স্বাস্থ্য সেৱা নাই, বিদ্যুৎ নাই, বিশুদ্ধ খোৱাপানী নাই, অংগণৱাড়ী নাই৷ আমাৰ ল’ৰা-ছোৱালীয়ে প্ৰাথমিক বিদ্যালয়ৰ পিছত পঢ়িবলৈ হ’লে যাব লাগে নৈ পাৰ হৈ ছয়-সাত কিলোমিটাৰ দূৰৈৰ মোৱামাৰী এম. ই. স্কুললৈ৷ হাইস্কুল পঢ়িবলৈ যাব লাগে নদী পাৰ হৈ পোন্ধৰ কিলোমিটাৰ দূৰলৈ৷ সেয়ে বহু ছাত্ৰ-ছাত্ৰীয়ে আধাতে শিক্ষা সামৰিছে৷ আমাৰ অঞ্চলৰ বহু শিশুৱে প্ৰায়ে বিভিন্ন ৰোগত আক্ৰান্ত হয়৷ চিকিৎসকৰ ওচৰলৈ ৰোগাক্ৰান্ত শিশু - কিশোৰ -কিশোৰীক লৈ গলে কয় বয়স অনুপাতে ওজন কম , নাইবা পুষ্টিহীনতাত ভোগা বুলি কয়৷ ভাল খাদ্য খুৱাবলৈ কয়৷ আমি কত পাও ভাল খাদ্য? এইবোৰ চিন্তাই আমাৰ অঞ্চলৰ মানুহক মনোকষ্ট দিয়ে৷ '
একেদৰে জগত মুৰা নামৰ শ্ৰমজীৱী ব্যক্তি জনৰ পৰিয়ালটোৰ আটাইকেইটা সদস্যই আক্ৰান্ত ৰক্তহীনতাত৷ কনমানি শিশুটি আৰু কিশোৰী কণ্যাৰ শৰীৰ পিষ্ট পুষ্টিহীনতাত৷ জগত মুৰাই কৈছিল ' ভাল খাদ্য খাবলৈ কয় ডক্টৰে৷ কিন্তু ভাল খাদ্য আমাৰ বাবে এতিয়া সপোন হৈ পৰিছে৷'
দৰং জিলাৰ বাজনাপথাৰ গাঁও পঞ্চায়তৰ ধানবাৰী কিৰাকাটা গাঁৱৰ বাসিন্দা শাহাৰ আলী (৩০)ৰ গৰ্ভৱতী পত্নী জাহানাৰা বেগমৰ (২৪) বিগত ২০২২ চনৰ জুন মাহৰ এদিন সন্ধিয়া প্ৰসৱ যন্ত্ৰনা আৰম্ভ হৈছিল৷ বিপদত পৰিছিল শাহাৰ আলীৰ পৰিয়ালটি৷ কিৰাকাটা গাঁৱৰ পৰা মূল পথলৈ আহিবলৈকে অতিক্ৰম কৰিব লাগে দুখন নদী৷ এখন নৈ অতিক্ৰম কৰবি লাগে নাৱেৰে, আনখন নৈ বাহৰ সাকোৰে৷ তাৰ পিছত তিনি কিলোমিটাৰ কেঁচা পথ৷ তেনেস্থলত যন্ত্ৰণাকাতৰ এগৰাকী মহিলাক সেই দুৰ্গম অঞ্চলৰ পৰা চিকিৎসালয়লৈ অনাটো সম্ভৱ নাছিল৷ পিছে তেনেকৈয়ে জাহানাৰা বেগমৰ নিশা এটি সন্তান জন্ম হৈছিল৷ ‘আশা’ কৰ্মীও আহিছিল যদিও জন্মৰ প্ৰায় দুঘণ্টা পিছতে সদ্যজাত শিশুটিৰ মৃত্যু হৈছিল৷ অঞ্চলটিৰ সচেতন ব্যক্তি শাহাৰ আলীয়ে ক’লে, ‘ পত্নীৰ হিমগ্ল বিনৰ পৰামান বহু কম আছিল বুলি চিকিৎসকে কৈছিল৷ যাৰ বাবে এনে হ’ল৷ এনে ঘটনা আমাৰ ইয়াত প্ৰায়েই সংঘটিত হয়৷ কাৰণ অধিকাংশ মহিলাই ৰক্তহীনতাত আক্ৰান্ত, শিশুবোৰ পুষ্টিকৰ আহাৰৰ পৰা বঞ্চিত৷ বয়স অনুপাতে ওজন কম, উচ্চতা কম৷ কিশোৰী বোৰৰ অধিকাংশই বিভিন্ন ৰোগত আক্ৰান্ত হয়৷'
স্থানীয় লোকে কলে, ‘এই অঞ্চলত শিশু আৰু মহিলা সকল প্ৰায়েই গ্ৰহণীজাতীয় ৰোগত আক্ৰান্ত হয় ৷ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰোৱাবলৈ সুযোগ নোপোৱা বাবে এই অঞ্চলৰ লোকে স্থানীয় এচাম ঔষধ বিক্ৰেতাৰ পৰা দৰৱ ক্ৰয় কৰি খায়৷ আনকি চিকিৎসা বিজ্ঞানৰ কোনো ডিগ্ৰী বা ডিপ্লমা নথকা এই ‘গাৱলীয়া ডাক্টৰ সকলেই চিকিৎসা কৰে৷’
ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৫' মতে, দৰং জিলাৰ ১৫ ৰ পৰা ১৯ বছৰ বয়সৰ ৬৯.৯ শতাংশ কিশোৰী ৰক্তহীনতাত ৰোগত ( এনিমিয়াত) আক্ৰান্ত৷ সেইদৰে ৬ মাহৰ পৰা ৫৯ মাহ বয়সৰ ৬৬.৮ শতাংশ শিশু ৰক্তহীনতাত আক্ৰান্ত৷ আনহাতে ১৫ ৰ পৰা ৪৯ বছৰ বয়সৰ ৭০.৪ শতাংশ মহিলা এনিমিয়াত আক্ৰান্ত৷ একেদৰে ৫ বছৰ বয়সৰ তলৰ ৪২.০ শতাংশ শিশুৰ বয়স অনুপাতে উচ্ছতা কম আৰু ২৭.০ শতাংশ শিশুৰ উচ্ছতা অনুপাতে ওজন কম৷ জিলাখনৰ ৫১.৬ শতাংশ মহিলা গৰ্ভৱতী কালত ৰক্তহীনতাত আক্ৰান্ত হয়৷
ৰক্তহীনতাত আক্ৰান্ত শিশু-মহিলাৰ এই হাৰে স্পষ্ট কৰিছে, বিভাগীয়ভাৱে উপযুক্ত সেৱা লাভ নকৰা, দৰিদ্ৰতা আৰু সজাগতা অভাৱ অন্যতম কাৰক৷ তাৎপৰ্যপূৰ্ণ যে চৰকাৰীভাৱে পোষণ অভিযান, পোষণ মাহ পালন আদিকে ধৰি অগনন আচনি প্ৰৱৰ্তন হৈ আছে৷ অংগনৱাডী কেন্দ্ৰৰ জৰিয়তে পুষ্টি যোগানৰ নামত কোটি কোটি টকা ব্যয় হৈ আছে৷ কিন্তু তাৰ পিছতো ৰাজ্যৰ অধিক সংখ্যক শিশু, আলু প্ৰধানকৈ কিশোৰীৰ পুষ্টিহীনতা দূৰীকৰণ সম্ভৱ হোৱা নাই৷ এগৰাকী কণ্যাই শিশু কালৰ পৰা কিশোৰী কাল পৰ্যন্ত যেতিয়া উপযুক্ত পৰিপুষ্টিৰ পৰা বঞ্চিত হয়, বয়স বৃদ্ধিৰ লগে লগে আক্ৰান্ত হয় ৰক্তহীনতাৰ দৰে ৰোগত, ফলত স্তিমিত হয় দৈহিক আৰু বৌদ্ধিক তথা মানসিক বিকাশ৷
পূৰ্বতে উল্লেখ কৰা লক্ষ্মী বিশ্বাস বা অলকা দাস নামৰ মহিলা দুগৰাকীয়ে যিদৰে গৰ্ভৱতী কালত বা প্ৰসূতি কালীন অৱস্থাত চৰকাৰী পুষ্টিকৰ আহাৰৰ পৰা বঞ্চিত হ’ল বা দৰিদ্ৰতাৰ বাবে পুষ্টিকএৰ খাদ্যৰ পৰা বঞ্চিত হ’ল, একেদৰে সেই দুই মহিলাৰ সন্তানেও বৰ্তমান পুষ্টিহীনতাত ভোগিছে৷ ৰাজ্যৰ যেতিয়া ১৫ বছৰ বয়সৰ পৰা ১৯ বছৰ বয়সৰ ৬৭ শতাংশ কিশোৰী — যুৱতীয়ে আজি ৰক্তহীনতাত আক্ৰান্ত হৈছে তাৰ পৰা সহজেই অনুমান কৰিব পাৰি আজিৰ নৱ প্ৰজন্ম কিদৰে সুসম খাদ্যৰ অভাৱত ভুগি এক নিৰৱ ব্যাধিত আক্ৰান্ত হৈ আছে৷ ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব এই নতুন প্ৰজন্মৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰতো৷
তাৎপৰ্যপূৰ্ণ যে দৰিদ্ৰতাই হৈছে পুষ্টিহীনতাৰ প্ৰধান কাৰক৷ সন্তানক পুষ্টিক ৰ আহাৰ খুৱাব লাগে বুলি জানিলেও অধিকাংশ লোকে তেনে খাদ্য ক্ৰয় কৰাৰ ক্ষমতা নাথাকে৷ সেয়ে সমাজৰ সৰ্বস্তৰৰ জনগনে লাভ কৰিবলগীয়া যি নুন্যতম অধিকাৰ তথা পাবলগীয়া চৰকাৰী সুবিধা— সমাজকল্যান বিভাগৰ জৰিয়তে দৰিদ্ৰ মানুহে পাবলগীয়া পুষ্টিদায়ক খাদ্য, চিকিৎসা-স্বাস্থ্য সেৱা, বিশুদ্ধ খোৱাপানী, বিজ্ঞান সন্মত অনাময় ব্যৱস্থা, চৰকাৰী সচেতনতা সৃষ্টিৰ কৰ্মসূচী আদি ন্যাৰ্য অধিকাৰৰ পৰা প্ৰান্তীয় অঞ্চলৰ বহু লোক বঞ্চিত হৈ আছে৷ আনকি এই সমূহ মৌলিক অধিকাৰ হোৱাৰ পিছতো ৰাজ্যৰ বহু শিশু - কিশোৰ - কিশোৰীৰ জীৱন অন্ধকাৰমুখী হৈছে৷ বিদ্যালয়ত আইৰণ টেবলেট যোগানেই একমাত্ৰ ৰক্তহীনতা দূৰীকৰণৰ যে উপায় নহয় সেয়া ইতিমধ্যে প্ৰমাণিত হৈছে৷ খাদ্যৰ অধিকাৰ প্ৰদানৰ নামত কেৱল বিনামূলীয়া চাউলে নৱ প্ৰজন্মৰ পুষ্টিসাধন নকৰে৷ বিদ্যালয়ত মধ্যাহ্ন ভোজনত কিমান পুষ্টিদায়ক উপাদান সেয়া ব্যাখ্যাৰ প্ৰয়োজন নাই৷ বহু বিদ্যালয়ত এটা কণী দুফাল বা চাৰিফাল কৰি দিয়াৰো উদাহৰণ আছে৷ অৱশ্যে তাৰ মাজত ব্যতিক্ৰমো আছে৷ কিন্তু সেয়া যথেষ্ট নহয়৷ কিয়নো তৃপ্তিদায়ক আৰু পৰিপুষ্টি পূৰ্ণ খাদ্য গ্ৰহনৰ প্ৰধান ঠাই ঘৰখন৷ অথচ সেই ঘৰবোৰেই দৰিদ্ৰতাৰ গ্ৰাসত৷ সকলোৱে বুজা উচিত যে এখন ৰাজ্যৰ মহিলা আৰু নৱপ্ৰজন্মৰ অধিকাংশই পুষ্টিহীনতাৰ গ্ৰাসত পৰি থাকিলে সমাজৰ মানৱ সম্পদৰ ভৱিষ্যত অন্ধকাৰমুখী হোৱাৰ পৰা ততালিকে কোনেও উদ্ধাৰ কৰিব নোৱাৰে৷ ৰক্তহীনতা আৰু পুষ্টিহীনতাৰ ফলত ৰাজ্যৰ শিশু - কিশোৰী আৰু মহিলাৰ জীৱন প্ৰতিনিয়ত সংকটাপন্ন হৈ পৰিছে আৰু জীৱনযাত্ৰা হৈ পৰিছে চৰম প্ৰত্যাহ্বান পূৰ্ণ৷ কিয়নো এই দৈহক আৰু মানসিক স্বাস্থ্য জনিত সমস্যাই এগৰাকী ব্যক্তিৰ পৰা ক্ৰমশঃ কাঢ়ি নিয়ে দৈনন্দিন গতিশীলতা তথা কৰ্মমুখী জীৱন৷ ভুক্ত ভোগী লোকসকলৰ মানসিক স্বাস্থ্যৰো অৱনতি ঘটিছে৷ মানসিক চাপ, হতাশা, নিদ্ৰাহীনতা, গাৰ্হস্থ্যবিবাদ আদিত এইলোকসকল আক্ৰান্ত হৈ পৰিছে৷ প্ৰত্যাহ্বান হৈ পৰে সোনসেৰীয়া শৈশৱ, আৰু শৈক্ষক জীৱনৰ বাবে ৷ পুষ্টিহীনতাই আমাৰ সমাজৰ পৰা কাঢ়ি নিছে বহু বিকাশমুখী মানৱ সম্পদ ৷
=================
মবাইল: ৮৬৩৮৬৯৮৪৫০
——
No comments