আলোকচিত্ৰৰে মটাপুঙৰ জীৱন-জীৱিকাৰ গদ্য দৈনন্দিনৰ জীৱিকাৰ পৰা জনগোষ্ঠীয় সংস্কৃতিলৈ... মাগুৰিবিলঃ মটাপুঙৰ সভ্যতাৰ আয়ুসৰেখা, আঢ়ৈশতাধিক ভিন্ন প...
আলোকচিত্ৰৰে মটাপুঙৰ জীৱন-জীৱিকাৰ গদ্য
দৈনন্দিনৰ জীৱিকাৰ পৰা জনগোষ্ঠীয় সংস্কৃতিলৈ...মাগুৰিবিলঃ মটাপুঙৰ সভ্যতাৰ আয়ুসৰেখা, আঢ়ৈশতাধিক ভিন্ন প্ৰজাতিৰ চৰাইৰ বিচৰণস্থলী ...
দিগন্ত শৰ্মাৰ আলোকচিত্ৰ : ছন্দমধুৰ মটাপুং গাঁৱৰ মৰাণ জনগোষ্ঠীয় পৰিয়ালৰ জীৱন...
ছন্দমধুৰ জীৱন--দৈনন্দিনৰ জীৱিকাৰ পৰা জনগোষ্ঠীয় সংস্কৃতিলৈ... তিনিচুকীয়া জিলাৰ পুৰণি মটাপুং গাঁৱৰ মৰাণ জনগোষ্ঠীয় পৰিয়ালৰ কোনো পুৰুষে থলুৱা মাছ ধৰা সজুলিৰে বিললৈ যায় আৰু ঘৰৰ মহিলাই ৰিহা-গামোচাত সোপান ৰচি ৰক্ষা কৰে অসমৰ সোণসেৰীয়া ঐতিহ্য-সংস্কৃতি-পৰম্পৰা...
------
মৰাণ জনগোষ্ঠীয় মহিলাই ৰিহা-গামোচাত সোপান ৰচি ৰক্ষা কৰে অসমৰ সোণসেৰীয়া ঐতিহ্য-সংস্কৃতি-পৰম্পৰা...
---------
এদিন মাছ নধৰিলেই স্থবিৰতা আহে যাৰ জীৱনৰ পদূলিলৈ...
মাগুৰি বিলত মাছ ধৰাটো বৃহত্তৰ বাৰেকুৰি-মটাপুং অঞ্চলৰ শত শত পৰিয়ালৰ প্ৰধান জীৱিকা। দিনটোত পোৱা মাছ বিক্ৰীৰ ওপৰতে নিৰ্ভৰ কৰে এই পৰিয়ালবোৰৰ অৰ্থনীতি-জীৱনৰ চালিকা শক্তি।
-------
নাও-বিল-জাল-মাছ...! মটাপুংবাসীৰ জীৱনৰ সাধনা।
-------------------
মাগুৰিবিলঃ মটাপুঙৰ সভ্যতাৰ আয়ুসৰেখা, আঢ়ৈশতাধিক ভিন্ন প্ৰজাতিৰ চৰাইৰ বিচৰণস্থলী আৰু অজস্ৰ জলচৰ প্ৰাণী থকা মাগুৰি বিলৰ পাৰত 'অইল ইণ্ডিয়া'ৰ তৈল খাদ। মনোৰম প্ৰকৃতি-সম্পদ সুৰক্ষিত থাকিবনে? শংকাগ্ৰস্ত জনতা।
বিলৰ পাৰত 'অইল ইণ্ডিয়া'ৰ তৈল খাদ
No comments