Page Nav

HIDE

Grid

GRID_STYLE

'কণমানিটোক কেনেকৈ বুজাওঁ--ওৰেৰাতি বুলডজাৰ মোৰ বুকুৰেই চলিছিল'

'ভাব জোঁটনি'ৰে বিভাৰাণী তালুকদাৰৰ নিজৰ আৰু বাস্তৱ সমাজৰ ভাব-ছবিৰ মনোমোহা প্ৰকাশ ...দুৱাৰ-খিৰিকী জপাই মানি লৈছোঁ বন্দিত্ব/ মানি লৈছোঁ...


'ভাব জোঁটনি'ৰে বিভাৰাণী তালুকদাৰৰ নিজৰ আৰু বাস্তৱ সমাজৰ ভাব-ছবিৰ মনোমোহা প্ৰকাশ


...দুৱাৰ-খিৰিকী জপাই মানি লৈছোঁ বন্দিত্ব/ মানি লৈছোঁ দূৰে দূৰে থকাৰ নিষ্ঠুৰ চৰ্ত/ ফুলবোৰৰ বাবে চোতালখন এৰিছোঁ/ চৰাইৰ বাবে আকাশখন...


দিগন্ত শৰ্মা,

versatilestory.com

কবিতাসমূহৰ বিষয়-বৈচিত্ৰ্য মনপৰষাকৈ আকৰ্ষণীয় । একোটা বিশেষ অঞ্চলৰ লোক-অনুষ্ঠান হুদুমদেওৰ  পৰা আজিৰ সংহাৰী ক'ৰনা আৰু বিষাদগধূৰ লকডাউনৰ দৰে সাম্প্ৰতিক বিষয়ো অন্তৰ্ভূক্ত কৰছে কবিতাত। বানাক্ৰান্তৰ দূৰ্দশা কিম্বা উচ্ছেদিত, বুলদজাৰপিষ্ট মানুহৰ আৰাও---এই সমূহ 'ভাব জোঁটনি'ৰ কবিতাই সামৰি লৈছে। কবিৰ সমাজ চেতনা আৰু সামাজিক দায়বদ্ধতাৰ অনবদ্য সমাহাৰৰ ফচল এই কাব্য গ্ৰন্থ 'ভাব জোঁটনি'। কবি বিভাৰাণী তালুকদাৰৰ কাব্য সংকলন 'ভাব জোঁটনি' হ'ল নিজৰ আৰু বাস্তৱ সমাজৰ  ভাব-ছবিৰ মনোমোহা প্ৰকাশ।

কবিয়ে ক'ৰনা কালৰ বাস্তৱক ৰূপ দিছে এনেদৰে--

"ইমানৰ পাছতো,

দুৱাৰ-খিৰিকী জপাই মানি লৈছোঁ বন্দিত্ব

মানি লৈছোঁ দূৰে দূৰে থকাৰ নিষ্ঠুৰ চৰ্ত

ফুলবোৰৰ বাবে চোতালখন এৰিছোঁ

চৰাইৰ বাবে আকাশখন...। "

তেওঁ কিছুমান কবিতাৰে জীৱন-কাহিনী কয়। যেনে---

"সেই ঘৰ পিতাইৰ

যি ঘৰৰ মজিয়াত আয়ে মাটি-জোন আঁকিছিল

পানীপোতাত আমাৰ কাগজৰ নাও ভাহিছিল

ওখ হৈ আহিছিল বাৰীৰ এচুকৰ কলপুলি

এদিন সহোদৰৰ বাবে সেই ঘৰ এৰি থৈ আহিলোঁ "

আন্ধাৰ ঘননীলা বিষাদত....ওৰেটো ৰাতি উচুপি থাকিলোঁ....

---তুমি ভাবিলা বৰষুণ


কেতিয়াবা কবিগৰাকীৰ মনোগ্ৰাহী ছন্দই কবিতাক গীতৰ দৰে সাজ পিন্ধায়--

"তোমাৰ আঙুলিত আৰোহণ-অৱৰোহণৰ

ছন্দময় ঢৌ

মোৰ বুকুৰ শূন্যতাত তাৰেই এটোপাল প্ৰাণৱন্ত মৌ "

কবিতাসমূহৰ অান এক শৈলী অতি চমৎকাৰ, যিয়ে বহূ পৰলৈ মনত দোলা দি থাকে। এটি কবিতাত আছে---

"আন্ধাৰ ঘননীলা বিষাদত

ওৰেটো ৰাতি উচুপি থাকিলোঁ

---তুমি ভাবিলা বৰষুণ। "


   তেওঁৰ কবিতাত আছে স্মৃতিকাতৰ ব্যঞ্জনা ---

"থৰ লগা চকুৰ পাহিত

জলকুঁৱৰীৰ নিমজ ফিছাই তোলা

অলেখ সৰু-বৰ ঢৌ

কাকনো কোৱা যায়

দাঁতিৰ শিলছটাত কলিজা আচাৰোঁতে

কিদৰে জঁট ছিগে সোঁৱৰণিৰো "

তেওঁৰ ব্যক্তিগত জীৱনৰ ছবি হয়তো সংপৃক্ত হৈছে কবিতাত। বিষাদময় ভাবৰ জোঁট বন্ধা ৰসেৰে অনুপম এটি কবিতা সৃষ্টি হৈছে এইদৰে---

"দাগ কাটিবলৈ কেতিয়াবা এটা শব্দই সমস্ত

ফেঁকুৰি উঠা আকাশ এখনৰ দৰে

চকুৰ কোটৰত কোঠ মৰা

বাষ্পৰ কুণ্ডলীৰ হিচাপ কোনে ৰাখে! সময়ে? "


আনহাতে কবিৰ সমাজসচেতন ভাবটো প্ৰতিফলিত হৈছে একাংশ বিতাত। তেওঁৰ ামাজিক দায়বদ্ধতাৰে অংকণ কৰিছে সমাজৰ শোষিত-নিপীড়িত-নিঃস্ব মানুহৰ যন্ত্ৰণাগধূৰ জীৱনগাথা। "পানীয়ে খেদা মানুহৰ কথা"ৰ মিজেৰে ৰাজ্যৰ সমস্যা পীড়িত মানুহৰ জীৱন কাহিনী লিখিছে---

"এজাক মানুহ খৰখেদাকৈ পাহাৰলৈ উজায়

উজুটিত ছিগা নখবোৰৰ চেকচেকনিত মচ নাখায়

পথাৰখন ঘৰখন নদী হোৱাৰ দৃশ্য

...

চিঞৰ আৰু কান্দোনে শালি ধৰা ৰাতিটোৰ শেষত

নিথৰ ফেঁহুজালিটো সাবটি শুই ৰোৱা কণমানিটোক কেনেকৈ বুজাওঁ---

ওৰেৰাতি বুলডজাৰ মোৰ বুকুৰেই চলিছিল। "


সামাজিক ক্ৰমাগত পৰিৱৰ্তনৰ জীৱন্ত ছবি বিভাৰাণী তালুকদাৰে কবিতাত শিল্প ৰূপত অংকিত কৰিছে। 'ভাব জোঁটনি'ৰ কবিতা বোৰে পঢ়ুৱৈক অনন্য সুখ দিব। অসমীয়া সাহিত্যলৈ এয়া এক অনবদ্য অৱদান।


"ভাব জোঁটনি"। কবি : বিভাৰাণী তালুকদাৰ

প্ৰকাশক: পূৰ্বায়ণ প্ৰকাশন, গুৱাহাটী।

দাম ১২০ টকা

No comments