Page Nav

HIDE

Grid

GRID_STYLE

'৮৩-ৰ আক্ৰান্ত বাঙালী হিন্দুঃ চাউলখোৱা ঘৰ-মাটি-ভেটি এৰি চিৰদিনলৈ আতৰি গৈছিল বহু পৰিয়াল

ফেব্ৰুৱাৰী আহিলে আজিও কপি উঠে অমূল্য সৰকাৰহ'ত... ...উন্মাদ মানুহৰ  আক্ৰমণ ৰ   পৰা প্ৰাণ বচাবলৈ চাইলখোৱা অজস্ৰ মানুহে উপায়হীন হৈ কি দৰে গ...


ফেব্ৰুৱাৰী আহিলে আজিও কপি উঠে অমূল্য সৰকাৰহ'ত...

...উন্মাদ মানুহৰ আক্ৰমণ পৰা প্ৰাণ বচাবলৈ চাইলখোৱা অজস্ৰ মানুহে উপায়হীন হৈ কি দৰে গভীৰ নৈৰ বুকুত জাঁপ দিছিল... নৈৰ  সোঁতত ডুবি তেওঁলোকৰ তিল তিলকৈ মৃত্যু হৈছিল ...

দিগন্ত শৰ্মা: 

ফেব্ৰুৱাৰী, ১৯৮৩। ১ ফেব্ৰুৱাৰীৰ পৰা ১০ তাৰিখ পৰ্যন্ত আন্দোলনৰ সমৰ্থক আৰু আৰক্ষী-প্ৰশাসনৰ মাজত সংঘাত অব্যাহত আছিল। ১১ তাৰিখৰ পৰা আন্দোলনে গোষ্ঠী বিদ্বেষ-সাম্প্ৰদায়িক চৰিত্ৰ বহন কৰিবলৈ  লয়। আৰম্ভণি হয় উত্তৰ পূব ভাৰতৰ অন্যতম ৰাজ্য অসমৰ ইতিহাসত এক কলংকিত আৰু ৰক্তাক্ত অধ্যায়ৰ৷ মঙলদৈ মহকুমাত আন্দোলনকাৰীয়ে পূৰ্বেই সাজু ৰখা বিভিন্ন অস্ত্ৰ-শস্ত্ৰৰে, গোপনে বিৰাট আয়োজনৰে ১৪ ফেব্ৰুৱাৰীৰ নিশা ছপাঝাৰৰ নিকটৱৰ্তী অপৰীয়া, ধলপুৰ চাপৰি আদিত আক্ৰমণ চলাই কেইবাখনো গাঁও বিধবস্ত কৰি পুৱতি নিশা উভতি আহে৷ আৰু পিছদিনা, ১৫ ফেব্ৰুৱাৰীত ৰাতিপুৱা বিৰাট প্ৰস্তুতিৰে আন্দোলনকাৰীৰ কেইবা সহস্ৰলোকে অসমৰ অস্তিত্ব ৰক্ষাৰ নামত ভয়াবহ আক্ৰমণ কৰে বৃহত্তৰ চাউলখোৱা চাপৰি এলেকাত। আক্ৰমণ কৰে ২ নং চাউলখোৱাত, আক্ৰান্ত হয় বাঙালী হিন্দু ...এই ঘটনাৰ ক্ষেত্ৰভিত্তিক অধ্যয়নেৰে যুগুত কৰা হৈছে এই প্ৰতিবেদন।  

প্ৰতিবেদন-৩

“আমাৰ ঘৰ আছিল ২ নং চাউলখোৱাত৷ মোৰ পিতৃৰ নাম আছিল ইন্দ্ৰমোহন সৰকাৰ৷ ১৯৮৩ চনত মোৰ বয়স ১২ বছৰ৷ ১৫ ফেব্ৰুৱাৰীৰ দিনা মোৰ চকুৰ সন্মুখতে যিবোৰ ঘটিছিল সেইবোৰ মনত পৰিলে আজিও কঁপি উঠো৷ মানুহে মানুহক এনেদৰে মুকলিকৈয়ে উৎপীড়ন চলাব পাৰে ভাবিলে সপোনৰ দৰে লাগে অথচ সেই বিভৎসতাৰ আমি আছিলো প্ৰত্যক্ষদৰ্শীজ্ব ভুক্তভোগী৷ উন্মাদ মানুহৰ হাতৰ পৰা প্ৰাণ বচাবলৈ চাইলখোৱা অজস্ৰ মানুহে উপায়হীন হৈ কি দৰে গভীৰ নৈৰ বুকুত জাঁপ দিছিল অথচ নৈৰ কোৱাল সোঁতত ডুবি তেওঁলোকৰ তিল তিলকৈ মৃত্যু হৈছিল সেই দৃশ্য ভাবিবলৈ ভয় লাগে! ১২ বছৰ বয়সতে আমি সেয়াই প্ৰত্যক্ষ কৰিছিলো৷...’

অমূল্য সৰকাৰ নামৰ ব্যক্তিজনে কথাখিনি কৈ কিছু থমকি ৰৈছিল৷ কিছুসময় মৌন হৈ থকাৰ পিছত অমূল্য সৰকাৰে পুনৰ কৈছিল–“সেইদিনা হাজাৰ হাজাৰ মানুহে আহি যেতিয়া চাউলখোৱা চাপৰিৰ গাঁওবোৰ আক্ৰমণ কৰিছিল তেতিয়া চাপৰিৰ মানুহে প্ৰাণ বচাবলৈ দক্ষিণ দিশে থকা ব্ৰহ্মপুত্ৰৰ পাৰলৈ দৌৰিছিল৷ আমিও গৈছিলো৷ মানুহবোৰে নদী পাৰ হৈ জীৱন ৰক্ষা কৰিবলৈ বাধ্য হৈছিল৷ কিন্তু নদী পাৰ হ’ব কেনেকৈঞ্জ নদীত নাৱঁৰ সংখ্যা কম আছিল৷ ফলত বিশাল ব্ৰহ্মপুত্ৰত একাংশ মানুহে নামিছিল সাঁতুৰি পাৰ হ’বলৈ৷ পিছে সৰু সৰু ল’ৰা ছোৱালীবোৰ, মহিলাবোৰ আৰু বৃদ্ধলোকসকলৰ বাবে জীৱন বচোৱাতো টান হৈ পৰিছিল৷ ইফালে অক্ৰমণকাৰীয়ে ক্ৰমশঃ নদীৰ ফালে উন্মাদ হৈ দলে দলে আগুৱাই আহিছিল৷ সন্মুখত মৃত্যুদূত দেখি নাৱলৈ অপেক্ষা নকৰি মই নদীত নামিছিলো৷ কিন্তু থাকি গ’ল মোৰ ভাতৃ আৰু দুই ভনী৷ অৱশেষত মোৰ দহৰছৰীয়া ভাই প্ৰফুল্ল আৰু আঠ বছৰীয়া ভনী পদ্মবালাক দুই হাতে ধৰিলো৷ আনহাতে সৰুভনী ছবছৰীয়া আদ্যবালাক কান্ধত তুলি ললো আৰু পুনৰ নৈত নামিলো৷ ভাবিলো কিছুদূৰ এনেদৰে পানীৰ মাজলৈ যাওঁ–যাতে সিপাৰৰ পৰা অহা নাওখন সোনকালে ঢুকি পাওঁ৷ সেইদৰে মা-দেউতায়ো নদীৰ মাজলৈ নামি গ’ল৷ এনেদপে প্ৰায় এবুকু পানীলৈ নামি গৈ ৰৈ দিলো৷ নৈৰ দুয়োপাৰে আমাৰ অজস্ৰ মানুহৰ আৰ্তনাদ চিঞৰ-বাখৰ-কান্দোন৷ ইফালে নৈৰ মাজত ভাই-ভনীহঁতক ধৰি থিয় হৈ থাকোঁতে দেখিলো মোৰ দুয়োকাষে পানীৰে উটি গৈছে ইটোৰ পাছত সিটোলৈ মানুহ৷ কোনোবাজন জীয়াই আছিল৷ কোনোৱাজন হয়তো মৃত, ক্ষত-বিক্ষত মানুহৰ শৰীৰ৷ ইয়াৰ মাজত শিশুৰ পৰা বৃদ্ধলৈকে বিভিন্নজন আছিল৷ মৃত্যুৰ ভয়ত নদী পাৰ হ’বলৈ পানীত নামোতে সাঁতুৰিব নোৱাৰি এনেদৰে অজস্ৰজনেই সোঁতত উঠি গৈছিল৷ এইদৰে কিছু সময় নদীৰ মাজতে অপেক্ষা কৰাৰ পিছত গাঁৱৰে কোনোবাই এখন নাও লৈ আহিছিল আৰু আমি বহু মানুহেই কোনোমতে নৈ পাৰ হৈছিলো৷ আমাৰ গাঁৱৰ বহুতেই নাৱত আমাৰ দৰে সৰু ল’ৰা ছোৱালীবোৰক তুলি দি নাওখনৰ বাৰত ধৰি ধৰি নৈ পাৰ হৈছিল৷ এনেদৰে নৈ পাৰ হৈ আমি কালি চাপৰিত মুকলি আকাশৰ তলত অনাহাৰে দিন পাৰ কৰিছিলো৷ পিছত নগাঁও জিলাৰ কোনোবা আত্মীয়ৰ ঘৰলৈ আমাৰ মা-দেউতাই লৈ গৈছিল৷ তেতিয়াৰ পিছত আমি পঢ়া-শুনা কৰিব নোৱাৰিছিলো৷ অৰ্থৰ অভাবে আমাক এনেদৰে জুৰুলা কৰিছিল যে জ্বলি ছাই হৈ যোৱা ঘৰবোৰ পুনৰ সাজিবলৈ আমাৰ হাতত পইচা নাচিল৷ আমাক অৰ্থনৈতিকভাৱে দুৰ্বল কৰি পেলাইছিল সেই ঘটনাই৷ কেৱল আমাৰ পৰিয়ালটোকে নহয়, আমাৰ দৰে চাউলখোৱাৰ হাজাৰ হাজাৰ মানুহক অন্ধকাৰৰ মাজলৈ ঠেলি দিছিল সেই দিনটোৰ ঘটনাটোৱে৷’–অমূল্য সৰকাৰৰ দৰে অনেকজনেই  সেই বিভৎস নৰমেধ কাণ্ডৰ জীৱন্ত সাক্ষী৷


...মোৰ দুয়োকাষে পানীৰে উটি গৈছে ইটোৰ পাছত সিটোলৈ মানুহ৷ কোনোবাজন জীয়াই আছিল৷ কোনোৱাজন হয়তো মৃত, ক্ষত-বিক্ষত মানুহৰ শৰীৰ৷ ইয়াৰ মাজত শিশুৰ পৰা বৃদ্ধলৈকে বিভিন্নজন আছিল৷ মৃত্যুৰ ভয়ত নদী পাৰ হ’বলৈ পানীত নামোতে সাঁতুৰিব নোৱাৰি এনেদৰে অজস্ৰজনেই সোঁতত উঠি গৈছিল...

 উল্লেখ্য যে অমূল্য সৰকাৰ এতিয়া দুকুৰি বছৰ অতিক্ৰম কৰা এজন ব্যক্তি যিজন সম্প্ৰতি চাউলখোৱাত নাই৷ চাউলখোৱা এৰি কেৱল অমূল্যহতৰ পৰিয়ালেই নহয়, গাঁওখনৰ অজস্ৰ লোকেই ৰাজ্যৰ অন্য প্ৰান্তলৈ গুচি গৈছে৷ কাৰণ এই ঘটনাৰ কিছু বছৰ পিছত ২ নং চাউলখোৱা গাঁওখন গৰাগহনীয়াত জাঁহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত৷ বাক্সা জিলাৰ কুমাৰীকাটা, তামুলপুৰ, নগাঁও জিলাৰ চাপৰমুখ, পুঠিমাৰী, তেজপুৰ আৰু মঙলদৈলৈ বহুলোকেই গুচি গ’ল৷ এই কথা প্ৰকাশ কৰিবলৈ গৈ অমূল্য সৰকাৰে কৈছিল যে সেই দিনৰ কথাবোৰ ক’বলৈ সততে তেওঁ ইচ্চুক নহয়৷ ঘটনাটো মনলৈ আহিলেই অজান আতংকত শিহৰিত হয়৷ আনহাতে বিগত দিনত চাউলখোৱা অঞ্চলৰ ভাষিক সংখ্যালঘু সকলে যিদৰে নিৰ্যাতিত হ’ল তাৰ ন্যায় তেওঁলোকে লাভ নকৰিলে৷ সেয়ে সেই ঘটনাৰ ভুক্তভোগী বুলি চিনাকি দিবলৈয়েই তেওঁৰ বেয়া লাগে৷

[ অনুসন্ধানমূলক-স্বতন্ত্ৰ-মুক্ত সাংবাদিকতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ versatilestory.com-ক প্ৰয়োজন আপোনাৰ সহযোগিতা, পৰামৰ্শ আৰু আৰ্থিক সহায়ৰ। আমাৰ যাত্ৰাক আৰ্থিকভাৱে সহায় কৰিবলৈ মবাইল নম্বৰ ৮৬৩৮৬৯৮৪৫০-ত যোগাযোগ কৰক। আপুনি যি কোনো পৰিমানৰ আৰ্থিক বৰঙণি আগবঢ়াব পাৰে। ]


No comments