পৰিকল্পিতভাৱে চৌদিশৰ পৰা মানুহে আহি আক্ৰমণ কৰিছিল চাউলখোৱা চাপৰি . ..তেজলগা দা নচুৱাই নচুৱাই ঘাতকৰ দলটো ঘৰখনৰ পৰা ওলাই গৈ আন এঘৰত আক্ৰমণ কৰ...
পৰিকল্পিতভাৱে চৌদিশৰ পৰা মানুহে আহি আক্ৰমণ কৰিছিল চাউলখোৱা চাপৰি
...তেজলগা দা নচুৱাই নচুৱাই ঘাতকৰ দলটো ঘৰখনৰ পৰা ওলাই গৈ আন এঘৰত আক্ৰমণ কৰিলে গৈ...চোতালত তেজৰ নিজৰা বৈছিল...অতি নিষ্ঠুৰভাৱে তেওঁৰ দুয়োখন হাত কাটিছিল...
দিগন্ত শৰ্মা:
ফেব্ৰুৱাৰী, ১৯৮৩। ১ ফেব্ৰুৱাৰীৰ পৰা ১০ তাৰিখ পৰ্যন্ত আন্দোলনৰ সমৰ্থক আৰু আৰক্ষী-প্ৰশাসনৰ মাজত সংঘাত অব্যাহত আছিল। ১১ তাৰিখৰ পৰা আন্দোলনে গোষ্ঠী বিদ্বেষ-সাম্প্ৰদায়িক চৰিত্ৰ বহন কৰিবলৈ লয়। আৰম্ভণি হয় উত্তৰ পূব ভাৰতৰ অন্যতম ৰাজ্য অসমৰ ইতিহাসত এক কলংকিত আৰু ৰক্তাক্ত অধ্যায়ৰ৷ ১১ আৰু ১২ ফেব্ৰুৱাৰীত দৰং জিলাৰ[তেতিয়াৰ, বৰ্তমানৰ বিশ্বনাথ] গহপুৰত নিৰ্বাচনৰ সমৰ্থক বুলি চিহ্নিত কৰি জনজাতীয় লোকৰ ওপৰত আক্ৰমণ কৰে আন্দোলনকাৰীয়ে৷ ইয়াৰ পিছদিনাই একেই আৰ্হিত অক্ৰমণৰ বাবে মঙলদৈ মহকুমাত আন্দোলনকাৰীয়ে গোপনে বিৰাট আয়োজন কৰে৷ পূৰ্বেই বিভিন্ন অস্ত্ৰ-শস্ত্ৰ সাজু ৰখা হৈছিল৷ সেই অনুসৰি অজস্ৰ জনে ১৪ ফেব্ৰুৱাৰীৰ নিশা ছপাঝাৰৰ নিকটৱৰ্তী অপৰীয়া, ধলপুৰ চাপৰি আদিত আক্ৰমণ চলাই কেইবাখনো গাঁও বিধবস্ত কৰি পুৱতি নিশা উভতি আহে৷ আৰু পিছদিনা, ১৫ ফেব্ৰুৱাৰীত ৰাতিপুৱা বিৰাট প্ৰস্তুতিৰে আন্দোলনকাৰীৰ কেইবা সহস্ৰলোকে অসমৰ অস্তিত্ব ৰক্ষাৰ নামত ভয়াবহ আক্ৰমণ কৰে বৃহত্তৰ চাউলখোৱা চাপৰি এলেকাত।...এই ঘটনাৰ ক্ষেত্ৰভিত্তিক অধ্যয়নেৰে যুগুত কৰা হৈছে এই প্ৰতিবেদন।
প্ৰতিবেদন-২
দুদিন পূৰ্বে জন্ম হোৱা কেঁচুৱাটিক কোলাত লৈ ঘৰৰ ভিতৰত মজিয়াতে বহি আছিল কদভানু৷ সময় তেতিয়া দিনৰ প্ৰায় ১২ মান বাজিছিল৷ ইতিমধ্যে সিহঁতৰ গাঁওখনৰ চাৰিওফালে হুলস্থূল চিঞৰ-বাখৰ আৰম্ভ হৈ গৈছে৷ আতংকিত সকলো মানুহ৷ কদভানুৰ আন দুটি সন্তান কবজ আৰু শ্বাহিদেও ভয়তে আহি ঘৰৰ ভিতৰতে জুপুকা লাগি বহি আছিল৷ এনেতে কোনোবাই আহি ধাম ধামকৈ কদভানু থকা ঘৰটোৰ বেৰতে কোবাবলৈ ধৰিলে৷ চিঞৰি দিলে কদভানুয়ে৷ লগে লগে আন এটা ঘৰৰ পৰা কি হৈছে বুলি দৌৰি আহিল কদভানুৰ শাহুৱেক ৰহিতন নেছা৷ ষাঠি বছৰীয়া ৰহিতনে আহি কদভানু থকা ঘৰটো নাপালেই–চোতালৰ মাজতে উপস্থিত হ’ল হাতে হাতে অস্ত্ৰ-শস্ত্ৰ লোৱা এদল উন্মাদ মানুহ৷ আহিয়েই সিহঁতৰ কেইজনমানে বৃদ্ধা ৰহিতনক অথালি-পথালিকৈ দাৰে ঘপিয়ালে৷ বিকট চিঞৰ মাৰি ৰহিতন বাগৰি পৰিল৷ লগে লগে ঘৰৰ আটাইবোৰে চিঞৰিবলৈ ধৰিলে৷ উন্মাদ মানুহজাকে গোটেইকেইটা ঘৰতে সোমাল আৰু যাকে য’তে পালে ধৰি আনি চোতালৰ মাজত হত্যা কৰিলে৷ বাচি নগল দুুদিনীয়া সন্তানটোসহ কদভানু বেগমো৷ তাৰ পিছত কদভানুৰ আন দুটি সন্তান কবজ আৰু শ্বাহিদ৷ সেই উন্মাদ ঘাতকে ঘপিয়াই হত্যা কৰিলে৷ লগতে কদভানুহঁতৰ ঘৰত আশ্ৰয় লৈ থকা আন চাৰিটা শিশুকো টুকুৰা টুকুৰ কৰি চোতালতে পেলাই দিলে৷ ঘৰখনত আছিল আটাইতকৈ বৃদ্ধ ১০১ বছৰীয়া মহিলা এগৰাকীও৷ তেওঁকো ঘাতক দলৰ এজনে গুলীয়ালে৷ সেই বৃদ্ধাগৰাকীৰ ৭০ বছৰীয়া পুত্ৰ জিল হককো গুলীয়ালে৷ সেই হত্যালীলা সংঘটিত কৰি হাতে হাতে তেজলগা দা নচুৱাই নচুৱাই ঘাতকৰ দলটো ঘৰখনৰ পৰা ওলাই গৈ আন এঘৰত আক্ৰমণ কৰিলে গৈ৷ ... কিন্তু এই সমস্ত ঘটনাৰ সাক্ষী হৈ ৰ’ল সেই ঘৰখনৰে এজন ব্যক্তি চামচুল হক৷ আহত হৈয়ো কোনোমতে তেওঁ সেইদিনা ঘাতকৰ হাতৰ পৰা প্ৰাণ বচাবলৈ সক্ষম হৈছিল৷ চাউলখোৱাৰ ২ নং ধৰীয়াখাইতি গাঁৱৰ বাসিন্দা চামচুল হকৰ জীৱন ৰক্ষা পৰিছিল যদিও তেওঁৰ ঘৰৰ চোতালত তেজৰ নিজৰা বৈছিল৷
১৯৮৩ চনৰ ফেব্ৰুৱাৰীত পৰিকল্পিতভাৱে চৌদিশৰ পৰা আক্ৰমণ কৰিছিল অজস্ৰ নিৰীহ মানুহক৷ সেই ভয়াৱহ দিনটোৰসাক্ষী হৈ অজস্ৰজন এতিয়াও আছে চাউলখোৱা চাপৰিত৷
২ নং চাউলখোৱাৰ বাসিন্দা নজিমুদ্দিন ৷ চাউলখোৱাৰ বালি চাপৰিৰ এটি ভগ্ন পঁজাত বাসকৰে তেওঁ৷ বৰ্তমান তেওঁ থকা জুঁপুৰিটো ব্ৰহ্মপুত্ৰৰ বুকুত জাহ জাবলৈ মাত্ৰ বিশ ফুটমানহে বাকী আছে৷ এই কুৰিফুট খহালেই তেওঁৰ একমাত্ৰ ঘৰটো মহাবাহুৰ বুকুত বিলীন হৈ যাব আৰু তেওঁ হৈ পৰিব গৃহহীন-ভূমিহীন নাগৰিক৷ ‘‘আমি জীৱনত কেৱল হেৰুৱাইছো, আৰু হেৰুৱাইছো৷ এতিয়ালৈকে তিনিবাৰ ঘৰৰ ভেটি হেৰুৱাইছো৷ আৰু জীৱনৰ সৰ্বস্ব হেৰুৱাইছো ১৯৮৩ চনৰ ১৫ ফেব্ৰুৱাৰী দিনা৷” ... কথাখিনি কৈ নজিমুদ্দিনে ঘৰৰ পিছফালৰ নৈখনৰ পিনে চাই ৰ’ল খন্তেক৷ কিছু সময় পিছত তেওঁ ক’লে ‘সেইদিনা আছিল মঙলবাৰ৷ ইতিমধ্যে অগদিনা অৰ্থাৎ ৰাতিয়েই ধলপুৰ বজাৰ, ভোকেলীকান্দা, অপৰীয়া আদিৰ কি¸ছুমান ঠাইত আন্দোলকাৰীয়ে আক্ৰমণ কৰিছে বুলি শুনিছিলো৷ ৰাতি সেই গাঁৱত ঘৰবোৰ জ্বলাই দিয়াত জুইৰ শিখাবোৰ ইয়াৰ পৰাই দেখিছিলো৷ সেইবাবে আমাৰ গাঁৱৰ কিছুমান মানুহে ল’ৰা-ছোৱালীবোৰক ৰাতিয়েই ব্ৰহ্মপুত্ৰ নৈৰ দাঁতিত থৈ আহিছিলগৈ৷ মোৰ ল’ৰা-ছোৱালীকেইটাও থৈ আহিছিলো৷ তেতিয়া ব্ৰহ্মপুত্ৰখন বহু দূৰৈত আছিল৷ খহনীয়া হোৱা নাছিল৷ সেইদিনা ডাঙৰ-মানুহবোৰ ঘৰতে আছিলো৷ ভাবিছিলো দিনত কোনো আহি আক্ৰমণ নকৰিব৷ কিন্তু মঙ্গলবাৰৰ দিনা দিনৰ প্ৰায় ১১ মান বজাত হাজাৰ হাজাৰ মানুহে আহি আমাৰ গাঁও ঘেৰি ধৰিলে৷ তৰোৱাল, যাঠি-জোং লৈ এচাম মানুহে কটা-মৰা আৰম্ভ কৰিলে৷ এচামে আকৌ বন্দুকেৰে গুলীয়াই গ’ল৷ আৰু পিছত অহা এচামে এফালৰ পৰা ঘৰবোৰত জুই জ্বলাই আহিল৷ তেতিয়া মোৰ দেউতাৰ বয়স প্ৰায় সত্তৰ বছৰ, মাৰ বয়স ষাঠি বছৰ আছিল৷ আমি ঘৰতে আছিলো৷ গাঁৱৰ সিটো মূৰে যেতিয়া মানুহবোৰে আহি অক্ৰমণ কৰিলে তেতিয়া আমি পলাবলৈ আৰম্ভ কৰিলো৷ কিন্তু মা-দেউতা আৰু মোৰ পত্নীয়ে দৌৰিব নোৱাৰিলে৷ মোৰ পাঁচ বছৰীয়া ছোৱালী এজনীও আছিল মাকৰ সতে তায়ো দৌৰিব নোৱাৰিলে৷ মই কিছু আগবঢ়াই নিছিলো যদিও দৌৰি থাকোতেই আক্ৰমণকাৰীদলৰ কোনোবাই মাৰি পঠিওৱা ধনুকাঁড় এডাল আহি মোৰ পেটত লাগিল৷ উপায় নাপায় মই সেই আহত দেহাৰেই দৌৰি পলাওঁ৷ কিন্তু মোৰ দেউতা-বিচু শ্বেখ, মা-তাচিৰণ নেচা, পত্নী-নিলজান বিবি আৰু কন্যা মবিৰুন নেচাক আগুৰি ধৰি হত্যা কৰে আক্ৰমণকাৰী দলটোৱে৷ পিছত দেউতাৰ দুটুকুৰা হোৱা শৰীৰটো নৈৰ দাঁতিত পাইছিলো৷ সেইদিনা মোৰ পৰিয়ালটো নিঃশেষ হৈ গ’ল৷ তাৰ পিছত মাতৃহাৰা আন দুটি সন্তানক মই বহুত কষ্টৰে ডাঙৰ কৰিছো৷ পিতৃ-মাতৃ, পত্নী-কন্যাক হেৰুৱাৰ পিছত এতিয়া ঘৰৰ ভেঁটিটোও যাবগৈ৷ আমি আৰু হেৰুৱাবলৈ কি বাকী আছে৷ কিমান হেৰুৱালো তাৰ হিচাপ কৰিবলৈ এতিয়া এৰি দিছো৷”
এফাজ আকন্দৰ দুয়োখন হাত কাটিছিল , হৈ পৰিছিল অসহায়
এফাজ আকন্দ নামৰ ব্যক্তিজনৰ ঘৰ আছিল চাউলখোৱাৰ গহীনভেটি চুবুৰীত৷ ১৯৮৩ চনত তেওঁৰ বয়স আছিল ৫০ বছৰ৷ ১৫ ফেব্ৰুৱাৰীৰ দিনটো কেৱল তেওঁৰ বাবেই নহয়, তেওঁৰ আত্মীয়, শুভাকংক্ষী, গাঁওবাসী সকলোৰে বাবে যে ভয়ংকৰ দিন আছিল সেয়া বাৰে বাৰে সোঁৱৰাই দিয়ে এফাজ আকন্দৰ হাত দুখনে৷ সেইদিনা দুষ্কৃতিকাৰীয়ে অতি নিষ্ঠুৰভাৱে তেওঁৰ দুয়োখন হাত কাটিছিল৷ ফলত সেইদিনাৰ পৰা তেওঁ হৈ পৰিছিল অসহায়৷ দৈনন্দিন সকলো নিজে কৰিব নোৱাৰা হৈছিল আনৰ সহায়ত৷ চিৰদিনৰ বাবে তেওঁ হৈ পৰিছিল পৰনিৰ্ভৰশীল৷ সেই নৃশংস ঘটনাত তেওঁৰ আশ্ৰয় গৃহও জ্বলি ছাই হৈ গৈছিল৷ তাৰ পিছত তেওঁ গহীনভেটিৰ পৰা আঁতৰি আহি খৈৰাতলী চুবুৰীৰ এটি জুপুৰী ঘৰত বাস কৰিছিল৷
এইজন এফাজ আকন্দৰ বৰ পুত্ৰৰ নাম হুছেইন আলী৷ সংঘৰ্ষৰ সময়ত হুছেইন আছিল সাত বছৰীয়া এটি কিশোৰ৷ হুছেইনে সেইদিনা কোনোমতে নদীৰ দাঁতিয়ে দাঁতিয়ে দৌৰি প্ৰাণ বচাইছিল৷ সেইদিনা মাতৃক হেৰুৱা হুছেইনৰ জীৱনৰ একমাত্ৰ আত্মীয় হিচাপে ৰৈছিলগৈ আহত পিতৃ৷ পিচে সাতবছৰীয়া হুছেইনেই পিছত পিতৃৰ সকলো সময়ৰ সাৰথি হৈছিল৷ যাৰ বাবে হুছেইনে স্কুলীয়া উচ্ছ শিক্ষাও ল’ব নোৱাৰিলে৷ ১৫ ফেব্ৰুৱাৰীৰ নৃশংসতাই হৈ থাকিল হুছেইনহঁতৰ জীৱনৰ প্ৰতিটো মুহূৰ্তৰ লগৰী৷ লগতে হুছেইনহঁতৰ জীৱনৰ শৈক্ষিক-অৰ্থনৈতিক প্ৰগতিত এক বিশাল বাধাৰ প্ৰাচীৰ হিচাপে চিহ্নিত হৈ ৰ’ল ‘অসম আন্দোল’৷
[ অনুসন্ধানমূলক-স্বতন্ত্ৰ-মুক্ত সাংবাদিকতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ versatilestory.com-ক প্ৰয়োজন আপোনাৰ সহযোগিতা, পৰামৰ্শ আৰু আৰ্থিক সহায়ৰ। আমাৰ যাত্ৰাক আৰ্থিকভাৱে সহায় কৰিবলৈ মবাইল নম্বৰ ৮৬৩৮৬৯৮৪৫০-ত যোগাযোগ কৰক। আপুনি যি কোনো পৰিমানৰ আৰ্থিক বৰঙণি আগবঢ়াব পাৰে। ]
[প্ৰতিবেদন-১:https://www.versatilestory.com/2021/02/Chaulkhoa-massacre-Assam-Movement-983-Minority-Victims.html]
No comments