জাতীয় অস্তিত্ব ৰক্ষাৰ নামত বৰ্বৰতম্ হিংস্ৰতাৰে খৰ্ব কৰিছিল মানৱ অধিকাৰ ...পঁয়ত্ৰিশ বছৰীয়া মহিলাগৰাকী তেতিয়া আছিল গৰ্ভৱতী...ৰূপভান নেছাৰ মৃ...
মানৱ অধিকাৰ
...পঁয়ত্ৰিশ বছৰীয়া মহিলাগৰাকী তেতিয়া আছিল গৰ্ভৱতী...ৰূপভান নেছাৰ মৃতদেহৰ ওচৰতে নিথৰ হৈ পৰি আছিল গৰ্ভৰ সন্তানটি...
দিগন্ত শৰ্মা:
ফেব্ৰুৱাৰী, ১৯৮৩। অসমৰ অস্তিত্ব ৰক্ষাৰ নামত আন্দোলনে গোষ্ঠী বিদ্বেষ-সাম্প্ৰদায়িক চৰিত্ৰ বহন কৰিবলৈ লয়। আৰম্ভণি হয় উত্তৰ পূব ভাৰতৰ অন্যতম ৰাজ্য অসমৰ ইতিহাসত এক কলংকিত আৰু ৰক্তাক্ত অধ্যায়ৰ৷ মঙলদৈ মহকুমাত আন্দোলনকাৰীয়ে বিভিন্ন অস্ত্ৰ-শস্ত্ৰৰে, গোপনে বিৰাট আয়োজনৰে ১৪ ফেব্ৰুৱাৰীৰ নিশা ছপাঝাৰৰ নিকটৱৰ্তী অপৰীয়া, ধলপুৰ চাপৰি আদিত আক্ৰমণ চলাই কেইবাখনো গাঁও বিধবস্ত কৰি পুৱতি নিশা উভতি আহে৷ আৰু পিছদিনা, ১৫ ফেব্ৰুৱাৰীত ৰাতিপুৱা বিৰাট প্ৰস্তুতিৰে আন্দোলনকাৰীৰ কেইবা সহস্ৰলোকে ভয়াবহ আক্ৰমণ কৰে বৃহত্তৰ চাউলখোৱা চাপৰি এলেকাত। আক্ৰমণ কৰে চাউলখোৱাৰ তিনি নং বৰলাখাইতী গাঁৱত...এই ঘটনাৰ ক্ষেত্ৰভিত্তিক অধ্যয়নেৰে যুগুত কৰা হৈছে এই প্ৰতিবেদন:
প্ৰতিবেদন-৪
চাউলখোৱাৰ তিনি নং বৰলাখাইতী গাঁৱৰ বক্সা আলীয়ে কৈছিল–“ মানুহ যে ইমান হিংস্ৰ হ’ব পাৰে সেয়া মই ভাবিবই পৰা নাছিলো৷ কিন্তু সেয়াই ঘটিল মোৰ জীৱনত৷ সিদিনা আক্ৰমণকাৰীৰ কবলৰ পৰা গৰ্ভৱতী পত্নীক মই ৰক্ষা কৰিব নোৱাৰিলো৷ অসহায় হৈ মই চাই থাকিলো সেই নিষ্ঠুৰ কাৰ্য৷”...
বক্সা আলীৰ পত্নীৰ নাম আছিল ৰূপভান নেছা৷ পঁয়ত্ৰিশ বছৰীয়া মহিলাগৰাকী তেতিয়া আছিল গৰ্ভৱতী৷ যাৰ বাবে ৰূপভান সেইদিনা ঘৰতে থাকিবলগীয়া হৈছিল৷ গাঁৱৰ সকলোৱে ইতিমধ্যে জীৱন ৰক্ষাৰ বাবে দৌৰি দৌৰি পলাইছিল৷ ৰূপভানৰ স্বামী বক্সা আলীয়ে ল’ৰা-ছোৱালী দুটাক ইতিমধ্যে ঘৰৰ পৰা উলিয়াই গোমধানৰ খেতিৰ মাজে মাজে দৌৰি যাবলৈ কৈছিল৷ গাঁৱৰ আন মানুহৰ লগত সন্তানহালে নদীৰ পাৰলৈ পলাই গৈছিল৷ কিন্তু ৰূপভান ! বক্সা আলীয়ে অৱশেষত পত্নী ৰূপভানক হাতত ধৰি লাহে লাহে ঘৰৰ পৰা উলিয়াই লৈ গোম ধানৰ খেতিৰ মাজেৰে আগবাঢ়িছিল৷ ইফালে অজস্ৰ মানুহে আহি সিহঁতৰ গাঁৱত জুই দিলে৷ অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত মানুহবোৰত হাতৰ পৰা বাচিবলৈ উপায় এটাই আছিল– দৌৰি পলোৱা৷ কিন্তু ৰূপভান দৌৰিব কি দৰে? তথাপিও ৰূপভানে দৌৰিলে স্বামীৰ পিছে পিছে৷ কিন্তু অলপ দূৰ গৈয়েই ৰূপভান বাগৰি পৰিল৷ চিঞৰি দিলে ৰূপভানে৷ বক্সা আলীয়ে উভতি চাই দেখিলে এদল মানুহে সিহঁতৰ পিনে খেদি আহিছে৷ নিৰুপায় বক্সা আলীয়ে কিছু পিছুৱাই গৈ পুনৰ উভতি চাই দেখিলে– দা-যাঠি-জোং-বন্দুক লোৱা মানুহবোৰৰ কেইজনমানে আহি ৰূপভানৰ পৰি থকা দেহত অথালি-পথালিকৈ ঘপিয়ালে৷
...ৰূপভান নেছাৰ মৃতদেহৰ ওচৰতে নিথৰ হৈ পৰি আছিল গৰ্ভৰ সন্তানটিও৷ অস্ত্ৰৰ আঘাতৰ চিহ্ন আছিল ভূমিস্থ নোহোৱা মানৱ ভ্ৰূণটোৰ শৰীৰত...
তাৰ পিছত ঘাতকৰ দলটোৱে বক্সা আলীৰ পিনেও খেদি গ’ল৷ যদিও তেওঁ দৌৰি দৌৰি প্ৰাণ বচালে৷ পিছ দিনা যেতিয়া পলাই যোৱা গাঁৱৰ মানুহবোৰৰ কিছুমানে বিধ্বস্ত গাঁওখনলৈ আহিছিল তেতিয়া দেখিছিল ৰূপভান নেছাৰ মৃতদেহৰ ওচৰতে নিথৰ হৈ পৰি আছিল গৰ্ভৰ সন্তানটিও৷ অস্ত্ৰৰ আঘাতৰ চিহ্ন আছিল ভূমিস্থ নোহোৱা মানৱ ভ্ৰূণটোৰ শৰীৰত৷
মোৰ পত্নীৰ অপৰাধ কি আছিল যাৰ বাবে এই নিৰ্মম শাস্তি বিহিলে আমাক–বক্সা আলীয়ে আজিও প্ৰতিবাদ কৰে৷ আন্দোলনকাৰীৰ এই হিংস্ৰতাই নিৰ্যাতিত অজস্ৰ মানুহৰ মাজত ৰোপণ কৰিলে বিেদ্বষ আৰু অবিশ্বাসৰ ভাব৷ আন্দোলনকাৰীয়ে সেই দিনা এনেদৰে সন্ত্ৰাস চলাইছিল যে চাউলখোৱা চাপৰিক মানৱতাৰ বধ্যভূমিলৈ ৰূপান্তৰিত কৰিছিল৷ ১৪ ফেব্ৰুুৱাৰীৰ নিশা যিদৰে ভোকেলীকান্দা, ধলপুৰ, অপৰীয়া আদিত আন্দোলনকাৰীয়ে আক্ৰমণ কৰিছিল, তাতকৈয়ো বৃহৎৰূপত সুপৰিকল্পিতভাৱে তিনিওফালৰ পৰা চাউলখোৱা চাপৰিৰ গাঁওবোৰত আক্ৰমণ কৰিছিল পিছদিনা, অৰ্থাৎ ১৫ ফেব্ৰুুৱাৰীৰ দিনা দিনত৷ দিনৰ প্ৰায় ন-দহমান বজাৰ পৰা আৰম্ভ হোৱা এই আক্ৰমণত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছিল এক নং অপৰীয়া, ভোকেলীকান্দা, ধলপুৰ, তিনি নং বৰলাখাইতী, এক নং চাউলখোৱা, দুই নং চাউলখোৱা, এক নং ধৰীয়াখাইতী, দুই নং ধৰীয়াখাইতী, বনটাবু, খৈৰাতলী, পাতুলী, বাঙালপোটা, গহীন ভেটি আদি৷ ইয়াৰ ভিতৰত সৰ্বাধিক মানুহৰ মৃত্যু হৈছিল ধৰীয়াখাইতিত৷ উল্লেখ্য যে ১৫ তাৰিখৰ দিনা তিনিটা দলে তিনিফালৰ পৰা একে সময়তে আহি একেধৰণেৰে আক্ৰমণ কৰিছিল৷ অক্ৰমণকাৰীৰ এটা দলে ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত গৰুখুঁটিৰ দিশৰ পৰা ভোকেলীকান্দা গাঁৱৰ মাজেৰে আহি ধলপুৰ, অপৰীয়া আদি গাঁওত অক্ৰমণ আৰম্ভ কৰিছিল৷ িদ্বতীয়টো দল বৰাচুৱা হাজৰিকাপাৰা সাতখলীৰ দিশৰ পৰা নদীৰ সুঁতি পাৰ হৈ আহি বৰলাইখাইতীৰ নিকটৱৰ্তী-চুবুৰীত আক্ৰমণ চলাইছিল৷ আৰু তৃতীয়টো আক্ৰমণকাৰী দলে ঠেকেৰাবাৰী, ৰঙামাটিৰ দিশৰ পৰা আহি প্ৰথম আৰু িদ্বতীয় দলটোৰ সৈতে চাউলখোৱাৰ দক্ষিণ দিশে একগোট হৈছিল৷ আৰু তাৰ পিছত ধৰীয়াখাইতী, চাউলখোৱা, খৈৰাতলী, বনটাবু, বঙালপোটা আদি চুবুৰীবোৰত অক্ৰমণ চলাইছিল৷ এনেদৰে চাউলখোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত দহখন গাঁও আৰু ৰৌমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত তিনিখন গাঁও পূৰ্ণপূৰত ধ্বংসস্তুপত পৰিণত কৰিছিল৷ বিদেশী বহিষ্কাৰ আন্দোলনৰ নেতৃত্ব লোৱা সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ একাংশ কৰ্মী-তথা ‘আছু’ৰ এচাম নেতাৰ গোপন নিৰ্দেশনা আৰু পৰিকল্পনাতে এই ভয়াৱহ গণ নিধন আৰু ধ্বংসযজ্ঞ সংঘটিত হৈছিল৷ আনকি চাউলখোৱাৰ অজস্ৰজন সচেতন ব্যক্তিৰ চিৰপৰিচিত ব্যক্তিও আছিল সেই ঘাতক বাহিনীৰ দলত৷
আন্দোলনকাৰীৰ একাংশ নেতাই সমগ্ৰ আন্দোলনটোক বৰ্বৰতম্ স্তৰত উপনীত কৰাইছিল৷ জাতি প্ৰেমৰ নামত মানৱতা ভূ-লুণ্ঠিত কৰিছিল৷ হিংস্ৰ আচৰণেৰে খৰ্ব কৰিছিল মানৱ অধিকাৰ৷ আন্দোলনকাৰীয়ে ‘জাতীয় অস্তিত্ব ৰক্ষা’ৰ নামত অসমবাসীক অতি বিভৎসভাৱে যে উপহাৰ দিছিল কেইটামান কালিমা সনা দিন তাৰেই জলন্ত প্ৰমাণ চাউলখোৱাৰ ঘটনা৷
অসমীয়া জাতীয়বাদৰ ধাৰাক যে কেৱল উগ্ৰজাতীয়তাবাদৰ পৰ্যায়লৈকে লৈ গৈছিল এনে নহয়, আন্দোলনকাৰীৰ একাংশ নেতাই সমগ্ৰ আন্দোলনটোক বৰ্বৰতম্ স্তৰত উপনীত কৰাইছিল৷ জাতি প্ৰেমৰ নামত মানৱতা ভূ-লুণ্ঠিত কৰিছিল৷ হিংস্ৰ আচৰণেৰে খৰ্ব কৰিছিল মানৱ অধিকাৰ৷ আন্দোলনকাৰীয়ে ‘জাতীয় অস্তিত্ব ৰক্ষা’ৰ নামত অসমবাসীক অতি বিভৎসভাৱে যে উপহাৰ দিছিল কেইটামান কালিমা সনা দিন তাৰেই জলন্ত প্ৰমাণ চাউলখোৱাৰ ঘটনা৷ য’ত শ শ লোকে প্ৰাণ হেৰুৱাইছিল৷ পিছে এই অক্ৰমণ সংঘটিত কৰিবলৈ যাওঁতে আক্ৰমণকাৰী পক্ষ অৰ্থাৎ আন্দোলনকাৰী শিবিৰে চাউলখোৱাৰ একাংশ সাহসী মানুহৰ প্ৰতিৰোধী কাৰ্যৰ সন্মুখীন হৈছিল৷ আক্ৰমণ কৰিবলৈ গৈ, চাউলখোৱাৰ আবাসীক মাৰিবলৈ গৈ বহু আক্ৰমণকাৰীৰ মৃত্যু হৈছিল চাউলখোৱাৰ একাংশ লোকৰ প্ৰত্যাক্ৰমণত৷
[ অনুসন্ধানমূলক-স্বতন্ত্ৰ-মুক্ত সাংবাদিকতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ versatilestory.com-ক প্ৰয়োজন আপোনাৰ সহযোগিতা, পৰামৰ্শ আৰু আৰ্থিক সহায়ৰ। আমাৰ যাত্ৰাক আৰ্থিকভাৱে সহায় কৰিবলৈ মবাইল নম্বৰ ৮৬৩৮৬৯৮৪৫০-ত যোগাযোগ কৰক। আপুনি যি কোনো পৰিমানৰ আৰ্থিক বৰঙণি আগবঢ়াব পাৰে। ]
. Bohud val lagil pori. Bt kitap khon moi kinibo bisaro.. Kot pam
ReplyDelete