সাংবাদিকতা আৰু মোৰ কিছু অনুভৱ --এগৰাকী স্থানীয় সংবাদ দাতাই নিজৰ এলেকাৰ কিছুমান দুৰ্নীতি পৰায়ণ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধ দুৰ্নীতিৰ বাতৰি প্ৰেৰণ...
সাংবাদিকতা আৰু মোৰ কিছু অনুভৱ
--এগৰাকী স্থানীয় সংবাদ দাতাই নিজৰ এলেকাৰ কিছুমান দুৰ্নীতি পৰায়ণ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধ দুৰ্নীতিৰ বাতৰি প্ৰেৰণ কৰিলে স্থানীয় বাতৰি সম্পাদনাৰ দ্বায়িত্বত থকা ব্যক্তিয়ে দুৰ্নীতিকাৰী বিষয়া অথবা কৰ্মচাৰী গৰাকীৰ লগত যোগাযোগ কৰি তেওঁৰ পৰা কৌশল গত ভাবে উৎকোচ সংগ্ৰহ কৰি বাতৰিটো প্ৰকাশৰ পৰা বিৰত থাকে
চৈয়দ মেহবুব দেৱান
বিগত ২০০০ চনৰ পৰা ২০১৫ চনলৈ প্ৰায় পোন্ধৰ বছৰ একাদিক্ৰমে অসমৰ কেইবাখনো অসমীয়া বাতৰি কাকতত স্থানীয় সংবাদ দাতা হিচাপে কাম কৰিছিলো ৷ উক্ত পোন্ধৰ বছৰীয়া অভিজ্ঞতাৰ কিছুমান উপলব্ধি আছিল এনে ধৰণৰ - ১/ অসমৰ গৰিষ্ঠ সংখ্যক বাতৰি কাকত কৰ্তৃপক্ষ এক নম্বৰ শ্ৰম শোষক ৷ কিয়নো গৰিষ্ঠ সংখ্যক কাকত কৰ্তৃপক্ষই স্থানীয় সংবাদ দাতা সকলক শ্ৰম অনুসাৰে পৰ্য্যাপ্ত মজুৰি নিদিয়ে ৷ গৰিষ্ঠ সংখ্যক কাকত কৰ্তৃপক্ষই একোগৰাকী স্থানীয় সংবাদ দাতাক ডেৰ-দুই বছৰ পৰ্য্যন্ত বিনা বেতনে কামত ব্যৱহাৰ কৰাই ৷ অৰ্থাৎ এগৰাকী সংবাদ দাতাই কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে নিয়মিত ভাবে বাতৰি পৰিবেষণ কৰি অহাৰ পাছতো কৰ্তৃপক্ষই তেওক সংবাদদাতা হিচাপে বিভাগীয় স্বীকৃতি নিদিয়ে ৷ তেওৰ চৰিত্ৰ আৰু যোগ্যতা পৰীক্ষা কৰাৰ নামত এই দৰে ডেৰ-দুই বছৰ অতিবাহিত কৰাই দিয়ে ৷ এগৰাকী সংবাদ দাতাই যোগান ধৰা প্ৰতিটো বাতৰি নিৰ্ভুল তথা সত্য প্ৰমাণিত হৈ অহাৰ পাছতো অৰ্থাৎ এগৰাকী সংবাদ দাতাই যোগান ধৰা প্ৰতিটো বাতৰি প্ৰকাশৰ যোগ্য হোৱাৰ পাছতো অথবা তেওঁৰ প্ৰতিটো বাতৰি নিয়মিত ভাবে কাকতত প্ৰকাশ হৈ অহাৰ পাছতো তেওৰ বিষয়ে এনে কি পৰীক্ষা কৰিবৰ বাবে কাকত কৰ্তৃপক্ষই ডেৰ-দুই বছৰ সময় ল’ব লগীয়া হয় সেয়াও এক চিন্তনীয় বিষয় ৷ যদিহে সংবাদ দাতা গৰাকীক বিভাগীয় ভাবে স্বীকৃতি দিয়া হয় তেনেহ’লে তেওক প্ৰাপ্য মজুৰি অথবা মাননি দিব লগীয়া হ’ব ৷ সেয়ে হয়তো বিভিন্ন অজুহাত দেখুৱাই বিভাগীয় স্বীকৃতি প্ৰদানৰ পৰা সংবাদ দাতা গৰাকীক পাৰ্য্যমানে বঞ্চিত কৰি ৰাখে ৷ আনহাতে যিকোনো এটা বাতৰি তাৎক্ষণিক ভাবে সঠিক ভাবে যুগুত কৰি উলিয়াব পৰাৰ যোগ্যতা নথকা সংবাদ দাতা কিছুমানেও ৰহস্য জনক ভাবে কম দিনৰ ভিতৰতে বিভাগীয় ভাবে স্বীকৃতি অথবা নিযুক্তি লাভ কৰে ৷ তাৰোপৰি বিভাগীয় ভাবে স্বকৃতি অথবা নিযুক্তি লাভ কৰাৰ পাছতো গৰিষ্ঠ সংখ্যক কাকত কৰ্তৃপক্ষই সংবাদ দাতা সকলক ন্যূনতম পাৰিতোষিক খিনিও নিয়মিয়াকৈ প্ৰদান নকৰে ৷ ২/ বহু সময়ত এগৰাকী স্থানীয় সংবাদ দাতাই নিজৰ এলেকাৰ কিছুমান দুৰ্নীতি পৰায়ণ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধ দুৰ্নীতিৰ বাতৰি প্ৰেৰণ কৰিলে স্থানীয় বাতৰি সম্পাদনাৰ দ্বায়িত্বত থকা ব্যক্তিয়ে দুৰ্নীতিকাৰী বিষয়া অথবা কৰ্মচাৰী গৰাকীৰ লগত যোগাযোগ কৰি তেওঁৰ পৰা কৌশল গত ভাবে উৎকোচ সংগ্ৰহ কৰি বাতৰিটো প্ৰকাশৰ পৰা বিৰত থাকে ৷ তেনেস্থলত স্থানীয় সংবাদ দাতা গৰাকীয়ে অভিযুক্তৰ পৰা উৎকোচ লৈ বাতৰিটো কাকতৰ কাৰ্যালয়লৈ প্ৰেৰণ নকৰা বুলি বিষয়া অথবা কৰ্মচাৰী গৰাকীৰ দুৰ্নীতিৰ বিৰুদ্ধে সংবাদ দাতা গৰাকীক অভিযোগ দাখিল কৰা স্থানীয় লোক সকলৰ ওচৰত স্থানীয় সংবাদ দাতা গৰাকী সন্দেহৰ পাত্ৰ হ’বলগীয়া হয় আৰু তেনে ধৰণৰ একাধিক বাতৰি প্ৰকাশ নোহোৱাৰ ফলত সংবাদ দাতা গৰাকী ক্ৰমাৎ জন মানসত হেয় প্ৰতিপন্ন হ’বলগীয়া হয় ৷
স্থানীয় সংবাদ দাতাই কোনো দুৰ্নীতিৰ বাতৰি কাকতলৈ প্ৰেৰণ কৰিলে স্থানীয় বাতৰি সম্পাদনা কৰা একাংশ ব্যক্তিয়ে বিভিন্ন অজুহাত দেখুৱাই তেনে বোৰ বাতৰি প্ৰকাশৰ পৰা বিৰত থাকে ৷ ফলত স্থানীয় সংবাদ দাতা গৰাকী স্থানীয় লোকৰ ওচৰত লজ্জিত হ’বলগীয়া হয় ৷ আৰু এই ধৰণৰ কথা -কাণ্ডৰ বিৰুদ্ধে কাকতৰ কাৰ্যালয়ত প্ৰতিবাদ অথবা অভিযোগ উথ্থাপন কৰিলে সংবাদদাঁতা গৰাকীয়ে বহু সময়ত নিজৰ কৰ্ম হেৰুৱাব লগীয়া হয় ৷ একাংশ সংবাদ প্ৰতিষ্ঠানৰ এই ধৰণৰ কাৰ্য্যই একাংশ স্থানীয় সংবাদ দাতাক বিভিন্ন দুৰ্নীতি মুলক কাৰ্য্যত লিপ্ত হোৱাৰ ক্ষেত্ৰত উদগনি যোগাই আহিছে
৩/ গৰিষ্ঠ সংখ্যক বাতৰি কাকতৰ গৰাকীয়ে একো একোটা ৰাজনৈতিক দলৰ পক্ষত থাকে ৷ফলত গৰাকীৰ নিৰ্দেশ মৰ্মে সেই কাকত বোৰত জড়িত হৈ থকা সম্পাদক তথা সাংবাদিক সকলো সেই নিৰ্দিষ্ট ৰাজনৈতিক দলটোৰ পক্ষত থাকিবলৈ বাধ্য হয় ৷ অন্যথা তেওঁলোকৰ চাকৰি টিকি নাথাকে ৷ ফলত সেই ৰাজনৈতিক দল বোৰৰ সপক্ষে থকা গাওঁ পঞ্চয়ত, উন্নয়ন খণ্ড, আঞ্চলিক পঞ্চায়ত অথবা জিলা পৰিষদৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে স্থানীয় সংবাদ দাতাই কোনো দুৰ্নীতিৰ বাতৰি কাকতলৈ প্ৰেৰণ কৰিলে স্থানীয় বাতৰি সম্পাদনা কৰা একাংশ ব্যক্তিয়ে বিভিন্ন অজুহাত দেখুৱাই তেনে বোৰ বাতৰি প্ৰকাশৰ পৰা বিৰত থাকে ৷ ফলত স্থানীয় সংবাদ দাতা গৰাকী স্থানীয় লোকৰ ওচৰত লজ্জিত হ’বলগীয়া হয় ৷ আৰু এই ধৰণৰ কথা -কাণ্ডৰ বিৰুদ্ধে কাকতৰ কাৰ্যালয়ত প্ৰতিবাদ অথবা অভিযোগ উথ্থাপন কৰিলে সংবাদদাঁতা গৰাকীয়ে বহু সময়ত নিজৰ কৰ্ম হেৰুৱাব লগীয়া হয় ৷ একাংশ সংবাদ প্ৰতিষ্ঠানৰ এই ধৰণৰ কাৰ্য্যই একাংশ স্থানীয় সংবাদ দাতাক বিভিন্ন দুৰ্নীতি মুলক কাৰ্য্যত লিপ্ত হোৱাৰ ক্ষেত্ৰত উদগনি যোগাই আহিছে ৷সম্প্ৰতি গ্ৰামাঞ্চলৰ একাংশ স্থানীয় সংবাদ দাতাই ধন ঘটিবৰ বাবে সাংবাদিক চৰিত্ৰ পৰিহাৰ কৰি বহু তললৈ গৈ একো একোটা ৰাজনৈতিক দলৰ এজেণ্টত পৰিণত হোৱাও পৰিলক্ষিত হৈছে ৷ সেই শ্ৰেণীৰ সংবাদ দাঁতা এচামে ইতিমধ্যে জন মানসত কেৱল বিশ্বাস যোগ্যতা হেৰুৱাই নহয়, বৰং ঘৃণনীও হৈ পৰিছে ৷ আনহাতে, একাংশ সংবাদগোষ্ঠীয়ে সংবাদকৰ্মীক প্ৰাপ্য আদায় নিদিও শ্ৰম শোষণ কৰি সংবাদ জগত কলুষিত কৰি আহিছে৷
No comments