নাগৰিকত্বৰ নামত মানৱ অধিকাৰ হৰণৰ কাহিনী... ---বিদেশীৰ নামত মোৰ ওপৰত যি হাৰাশাস্তি হ'ল, সেয়াই মোৰ পৰিয়ালটোকেই ধ্বংসৰ দিশে ঠেলি দিলে। একমা...
নাগৰিকত্বৰ নামত মানৱ অধিকাৰ হৰণৰ কাহিনী...
---বিদেশীৰ নামত মোৰ ওপৰত যি হাৰাশাস্তি হ'ল, সেয়াই মোৰ পৰিয়ালটোকেই ধ্বংসৰ দিশে ঠেলি দিলে। একমাত্ৰ পুত্ৰৰ পঢ়া-শুনাত ব্যাঘাত জন্মিল। টিউচন দিবলৈ, কিতাপ কিনিবলৈ থোৱা টকাবোৰ কেছ কৰোঁতে খৰচ হ'ল
দিগন্ত শৰ্মাঃ
V. STORY/ 24 JULY,2021
[প্ৰতিবেদন: এক]
আমাৰ একমাত্ৰ লৰাটোৱেযোৱবছৰ মেট্ৰিক পৰীক্ষা দিবলৈসাজু হৈছিল। লৰাটোক কিতাপ-বহী কিনি দিম, টিউচন দিম বুলি দেউতাকে দিন-মজুৰি কৰি টকা কেইটামান গোটাইছল। পিছে তাৰ দেউতাককে চৰকাৰে ধৰি নি ডিটেনশ্বন কেম্পত ৰাখি থ'লে। তাৰ পাছত লৰাটোৰ পঢ়া-শুনাতো মন নবহা হ'ল। টিউচন দিবলৈ, কিতাপ বহি কিনিবলৈ থোৱা টকাকেইটা উকীলক দিওঁতেই শেষ হ'ল। গুৱাহাটী হাইকোৰ্টত কেছ কৰোঁতে বহুত টকা ধাৰ কৰিবলগা হ'ল। ককা আজোককাৰ দিনৰ পৰা ইয়াতে থকা আমাৰ দৰে মানুহকো বিদেশী সজালে, নিৰ্যাতন চলালে। এয়া অন্যায় নহয়নো কি আছিল?•••'-- ভগ্নপ্ৰায় ঘৰটোৰ পিৰালিত বহি এনেদৰে কৈছিল ভাগবতী বৰ্মন নামৰ মহিলাগৰাকীয়ে। ওদালগুৰি জিলাৰ ধোপগুৰি গাঁৱৰ বাসিন্দা নবীন বৰ্মন নামৰ লোকজনৰ পত্নী ভাগৱতী বৰ্মনে প্ৰকাশ কৰিছিল নাগৰিকত্বৰ নামত তেওঁলোকে ভোগ কৰিবলগীয়া হোৱা চৰম হাৰাশাস্তিৰ কথা।
উল্লেখ্য যে অসমৰ থলুৱা জনগোষ্ঠীসমূহৰ ভিতৰত অন্যতম বৰ্মন কছাৰী জনগোষ্ঠীৰ লোক ধোপগুৰি গাঁৱৰ বাসিন্দা ৫৫ বছৰ বয়সীয়া নবীন বৰ্মনক যোৱা ২০১৯ চনৰ ৭ মে'ৰ নিশা সীমান্ত আৰক্ষীয়ে আটক কৰি নিছিল আৰু তেজপুৰস্থিত ডিটেনশ্বন কেন্দ্ৰলৈ প্ৰেৰণ কৰিছিল ।সমগ্ৰ ধোপগুৰি অঞ্চলৰ লোকসকলক আচৰিত কৰি সেইদিনা নিশা সীমান্ত আৰক্ষীয়ে অপহৰণ কৰা'ৰ দৰে ধৰি নি তেজপুৰ তেজপুৰৰ ডিটেনশ্বন কেন্দ্ৰত নবীন বৰ্মনক আবদ্ধ কৰি থৈছিল । নবীন বৰ্মনৰ বিৰুদ্ধে অভিযোগ হ'ল- তেওঁ বাংলাদেশৰ পৰা ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিচত কোনো গোপন পথেৰে আহি অসমত প্ৰৱেশ কৰিছিল। ওদালগুৰিস্থিত বিদেশী ন্যায়ধীকৰণে একপক্ষীয়ভাৱে নবীন বৰ্মনক বিদেশী বুলি সেই ৰায়দান কৰিছিল। যি ৰায়ৰ বিষয়ে নবীন বৰ্মনে গমেই পোৱা নাছিল। ধোপগুৰি গাৱৰ বৰ্মন কছাৰী জনগোষ্ঠীৰ ব্যক্তি নদীৰাম বৰ্মনৰ পুত্ৰ নবীন বৰ্মনে স্থানীয় ধোপগুৰি হাইস্কুলত নৱম শ্ৰেণীলৈকে পঢ়িছিল। নবীন বৰ্মনৰ ককাকৰ দিনৰ মাটি-বাৰীৰ সম্পূৰ্ণ নথি-পত্ৰ থকাৰ পিচতো থলুৱা জনগোষ্ঠীৰ লোকজনৰ বিৰুদ্ধে কেইবাবছৰপূৰ্বে সীমান্ত আৰক্ষীয়ে বিদেশী সন্দেহত জাননী দিছিল । নবীন বৰ্মনৰ দৰে লোকজনক সীমান্ত আৰক্ষীয়ে বিদেশীৰ জাননী দিয়া কাৰ্যত স্থানীয় সকলো লোকেই স্তম্ভিত হৈছিল । তথাপিও নবীন বৰ্মনে স্থায়ী বাসিন্দাৰ প্ৰমানসহ সকলো নথি-পত্ৰ বিদেশী ন্যায়ধীকৰণত জমা দিয়াৰ পিছতো একপক্ষীয়ভাৱে ৰায়দান কৰি নবীন বৰ্মনক বিদেশী ঘোষণা কৰি ডিটেনশ্বন কেন্দ্ৰত আবদ্ধ কৰিবলৈ নিৰ্দেশ দিছিল । সেই অনুসৰি সীমান্ত আৰক্ষীয়ে যোৱা ২০১৯চনৰ ৭ মে'ৰ দিনা নিশা প্ৰায় ১২ বজাত এদল আৰক্ষীয়ে আহি নবীন বৰ্মনক আটক কৰি নিছিল।
বিদেশীৰ নামত মোৰ দৰে থলুৱা জনগোষ্ঠীৰ ওপৰত যি হাৰাশাস্তি হ'ল, সেয়াই মোৰ পৰিয়ালটোকেই ধ্বংসৰ দিশে ঠেলি দিলে। একমাত্ৰ পুত্ৰৰ পঢ়া-শুনাত ব্যাঘাত জন্মিল। টিউচন দিবলৈ, কিতাপ কিনিবলৈ থোৱা টকাবোৰ কেছ কৰোঁতে খৰচ হ'ল। আনহাতে বহু টকা ধাৰলৈ লোৱা লোৱা হ'ল। এইবোৰ ধন ওভটাই দিবলৈ মই কিমান বছৰ দিন-মজুৰি কৰিব লাগিব তাৰো কোনো ঠিক নাই। মোৰ দৰে থলুৱা লোক এজনে বিদেশীৰ নামত কাৰাবাসত কটোৱা দিনবোৰৰ ক্ষতিপূৰণ কোনে দিব? এই অন্যায়ৰ বিচাৰ কোনে কৰিব? মোক ন্যায় লাগে।'
নিশা আৰক্ষীয়ে আহি নবীন বৰ্মনক শুই থকা অৱস্থাত মাতে আৰু স্থানীয় এজন মানুহৰ ঘৰ দেখুৱাই দিব লাগে বুলি ৰাস্তালৈ লৈ আহে! তাৰ পৰাই গাড়ীত তুলি নি ওদালগুৰি থানাত আবদ্ধ কৰি ৰাখে। নিশা আৰক্ষীৰ লগত গৈ উভটি নহাত পত্নী-পুত্ৰৰ মাজত হাহাকাৰ লাগে । পিচদিনা কোনো লোকে খৱৰ দিয়ে যে, নবীন বৰ্মনক বিদেশী বুলি ধৰি নিয়ে আৰু তেজপুৰ ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ কৰিছে। ইয়াৰ পিছতে দৰিদ্ৰ পৰিয়ালটোৱে স্থানীয় একাংশ লোকৰ সহায়ত গুৱাহাটী উচ্চ ন্যায়লয়ত লেখ আবেদন জনায়। সম্পূৰ্ণ চাৰি মাহ সাত দিন ডিটেনশ্বন কেম্পত আবদ্ধ হৈ থকাৰ পিচত নবীন বৰ্মনক জামিনত মুকলি কৰি দিবলৈ উচ্চ ন্যায়লয়ে নিৰ্দেশ দিয়ে। কিন্তু এই পৰ্যন্তও নবীন বৰ্মনৰ দৰে খিলঞ্জীয়া লোকজন স্বদেশী বুলি ৰায়দান হোৱা নাই। কেইদিনমান পূৰ্বে নবীন বৰ্মনে ধোপগুৰি বাসগৃহত কৈছিল -' বিদেশীৰ নামত মোৰ দৰে থলুৱা জনগোষ্ঠীৰ ওপৰত যি হাৰাশাস্তি হ'ল, সেয়াই মোৰ পৰিয়ালটোকেই ধ্বংসৰ দিশে ঠেলি দিলে। একমাত্ৰ পুত্ৰৰ পঢ়া-শুনাত ব্যাঘাত জন্মিল। টিউচন দিবলৈ, কিতাপ কিনিবলৈ থোৱা টকাবোৰ কেছ কৰোঁতে খৰচ হ'ল। আনহাতে বহু টকা ধাৰলৈ লোৱা লোৱা হ'ল। এইবোৰ ধন ওভটাই দিবলৈ মই কিমান বছৰ দিন-মজুৰি কৰিব লাগিব তাৰো কোনো ঠিক নাই। মোৰ দৰে থলুৱা লোক এজনে বিদেশীৰ নামত কাৰাবাসত কটোৱা দিনবোৰৰ ক্ষতিপূৰণ কোনে দিব? এই অন্যায়ৰ বিচাৰ কোনে কৰিব? মোক ন্যায় লাগে।'
উল্লেখ্য যে বিনা দোষত কোনো লোকক কাৰাগাৰলৈ নিক্ষেপ কৰাটো হ’লমানৱ অধিকাৰ উলংঘন৷ ডিটেনশ্বন কেম্প সমূহ কাৰাগাৰৰ পৰা পৃঠক নহয়৷ আন অপৰাধীৰ লগতে কেম্পৰ লোক সকলকো ৰাখি এফালে ৰাষ্ট্ৰযন্ত্ৰই এজন লোকৰ মৰ্যাদা হানি কৰিছে, আনফালে কাঢ়ি নিছে মানৱ অধিকাৰ৷
নবীন বৰ্মনৰ দৰে এজন থলুৱা লোকৰ ওপৰত বিদেশীৰ নামত, নাগৰীকত্বৰ নামত কৰা চৰম নিৰ্যাতন চলোৱা হৈছে বুলি স্থানীয় এচাম সচেতন লোকেও মন্তব্য কৰিছে। সীমান্ত আৰক্ষীয়ে বিদেশী চিনাক্তকৰণৰ নামত খিলঞ্জীয়া লোকৰ ওপৰতো হাৰাশাস্তি কৰি অহা বা মানৱ অধিকাৰ হৰণৰ যি অভিযোগ, তাৰ অন্যতম এক প্ৰমাণ এই নবীন বৰ্মন। তেওঁ ন্যায় পাব কেতিয়া?
(আগলৈ)
No comments