হৰেকৃষ্ণ ডেকাৰ কবিতা - --মোৰ কবিতাত ঘাঁহনিখন ঠন ধৰি উঠে/ শুকান নদীখন বৈ যায় / জোপোকা মাৰি থকা চৰাইজনী ডেউকা মেলি উৰি যায়/ নিমাত পথাৰখনে কথ...

হৰেকৃষ্ণ ডেকাৰ কবিতা

---মোৰ কবিতাত ঘাঁহনিখন ঠন ধৰি উঠে/ শুকান নদীখন বৈ যায় / জোপোকা মাৰি থকা চৰাইজনী
ডেউকা মেলি উৰি যায়/ নিমাত পথাৰখনে কথা কয়....
এইটো কবিতা নেকি?
কবি, তোমাৰ কবিতাত তুমি
শব্দবোৰ জোকাৰি দিয়া
আৰুনো কি ক’ৰা ?
একোৱেই নকৰোঁ, কিন্তু
মোৰ কবিতাত ঘাঁহনিখন ঠন ধৰি উঠে
শুকান নদীখন বৈ যায়
জোপোকা মাৰি থকা চৰাইজনী
ডেউকা মেলি উৰি যায়
নিমাত পথাৰখনে কথা কয়
নাৰকীয় পিশাচৰ দপদপনিৰ মাজত
শুই থকা বিবেকক সাৰ পোৱায় ৷
মোৰ কবিতাৰ আখৰবোৰ নিশ্চল
কিন্তু শব্দবোৰ তাত জী উঠে ৷
তুমি কাণেৰে শব্দবোৰ শুনা,
কিন্তু চকুৰে দেখা পোৱা,
কেতিয়াবা শব্দবোৰে তোমাক স্পর্শ কৰে,
আৰু তুমি শিহৰিত হোৱা,
কাৰণ সিহঁত ৰূপান্তৰিত হয়৷
------
ঈষাণ-কোণত কোন ?
ঈষাণ কোণৰ বিদ্যুৎ
উত্তৰাপথৰ পৰা আপুনি জানো
ভালকৈ দেখে ?
আপোনাৰ উত্তৰীয়ত উত্তৰীয়া বতাহৰ
জুৰণি ৷
সময়নো ক’ত শুনিবলৈ দূৰৰ নাকনি-কাননি !
গোবি মৰুত সিংহই গুজৰিলে
আপুনি সাৰ পায়, দেখে
দূৰৰ অশনি সংকেত ৷ তেতিয়া আপুনি ঈষাণ কোণলৈ চায়, কয়,
তোমালোক উটিলে আমিও উটিম
মাউখে ৷
আপুনি পলমকৈ গম পায়
এৰা-পৰলীয়া ঠাইত
আছে সহোদৰ ভাই ৷ তথাপিও দেখোন
সাৱটিবলৈ মন থেৰো-গেঁৰো হয় ৷
---------
টোকা : ঈষাণ কোণ: উত্তৰ-পূব কোণ ৷
উত্তৰাপথ: ভাৰতৰ উত্তৰ অঞ্চল ৷
গোবি মৰু: চীনৰ এক মৰু অঞ্চল ৷
No comments