কঠিন বাস্তৱৰ হাবুডুবু খোৱা কোমল মনৰ জীৱন গাথা চুমনজ্যোতি গড়ৰ ...কিশোৰ গৰাকীৰ চকুহালে পোৱা -নোপোৱা, আশা -নিৰাশা তথা অবুজ বেদনাৰ বহু কথাই...
কঠিন বাস্তৱৰ হাবুডুবু খোৱা কোমল মনৰ জীৱন গাথা চুমনজ্যোতি গড়ৰ
...কিশোৰ গৰাকীৰ চকুহালে পোৱা -নোপোৱা, আশা -নিৰাশা তথা অবুজ বেদনাৰ বহু কথাই বুজায়,...
ৰমেশ চন্দ্ৰ চৰেণ
দৰিদ্ৰতাৰ সৈতে যুজ দি জীৱন সংগ্ৰাম কৰিবলগীয়া হোৱা এটি কিশোৰৰ এক কৰুণ বাস্তৱ৷ ঘৰ চলোৱাৰ বোজা বহন কৰিবলগা হোৱা এগৰাকী কনমানি কিশোৰ ৷ কিশোৰমনৰ উমলিজামলি ফুৰা পখিলা খেদা বয়সত হাতত জোলোঙা এটি লৈ ভিক্ষা কৰিবলগা হৈছে কিশোৰ গৰাকীয়ে ৷ ৯ বছৰীয়া কনমানিটোৱে পেটৰ তাড়নাত দৃষ্টিহীন পিতৃৰ হাতত ধৰি ভীক্ষা মাগি ফুৰিবলগা হৈছে ৷ ঘৰে ঘৰে ভীক্ষা মাগি পোৱা চাউলমুঠিয়ে সেই দুৰ্ভগীয়া পৰিয়ালটো চলি আছে ৷ কিশোৰ গৰাকীৰ চকুহাল চলচলীয়া ৷ কিশোৰ গৰাকীৰ চকুহালে পোৱা , নোপোৱা , আশা নিৰাশা তথা অবুজ বেদনাৰ বহু কথাই বুজাই দিয়ে৷ কিবা এটা দিব , সহায় কৰিব নেকি কোনোবাই , এনে এটা আশাত বন্দী কিশোৰ গৰাকী ৷ পেটৰ ভাতমুঠিৰ তাড়নাত কনমানিটোৱে অহৰহ কঢ়িয়াই লৈ ফুৰে এটি জোলোঙা ৷ সংসাৰৰ বেদনা কনমানিটোৱে অহৰহ বহন কৰিব লগা হৈছে ৷ সহায়ৰ বাবে হাহাকাৰ কৰি ফুৰিব লগা হৈছে কনমানিটোৱে ৷ তেওঁৰ যেন এটাই চিন্তা পিতৃক কোনো মতে চকুৰ চিকিৎসা কৰাৰ ৷ বিভিন্ন জনৰ ওচৰত সহায়ৰ বাবে হাত বিচাৰিয়ো যেন থমকি ৰৱ লগা হৈছে ৷ এনে এক কঠিন পৰিস্থিতিৰ মাজত মোকাবিলা কৰিবলগা হৈছে বিশ্বনাথ জিলা ছেলাইখাতি গাওঁ পঞ্চায়তৰ অন্তৰ্গত মহজুলি বস্তি গাওঁৰ চুমনজ্যোতি গড় নামৰ ৯ বছৰীয়া কিশোৰে ৷ হাঁহি যেন তেওঁৰ মুখৰ পৰা হেৰাইছে ৷ কিশোৰ মনৰ হাজাৰ সপোন থানবান হৈ পৰিছে ৷ কঠিন বাস্তৱৰ হাবুডুবু খোৱা কোমল মনৰ জীৱন গাথা চুমনজ্যোতি গড়ৰ ৷ দাৰিদ্ৰতাৰ বোজা এতিয়াৰে পৰা লবলগা হৈছে কনমানিটোৱে ৷ পিতৃৰ নাম বীৰবল গড় ৷ আজিৰ পৰা প্ৰায় ৬ মাহ মানৰ পুৰ্বে মহালক্ষী চাহ বাগিছাৰ ফেক্টৰীত কাম কৰি বীৰবলে পৰিয়ালটিক পোহপাল দি আছিল ৷ দুভাগ্যবশত কাম কৰি থকা অৱস্থাতে উচ্চৰক্ত চাপ জনিত ৰোগত আক্ৰান্ত হব লগা হৈছিল তেওঁ ৷ যাৰ ফলত তেওঁৰ চকুহাল বিকল হৈ পৰে ৷ সম্পূৰ্ণ অন্ধ হৈ পৰিল বীৰবল গড় নামৰ লোকজন ৷ বিশ্বনাথ চাৰিআলিৰ চকু চিকিৎসালয় দেখুৱাই যদিও ফল নধৰিল ৷ হয়তো প্ৰয়োজন হব উন্নত চিকিৎসাৰ ৷ হাতত নাই ফুটা কড়ি ৷ পেটৰ ভাতমুঠিৰ বাবে হাহাকাৰ কৰিবলগা অৱস্থা ৷ এনে স্থলত চিকিৎসা কৰে কেনেকৈ ৷ ইফালে দুৰ্ভগীয়া বীৰবল গড়ৰ পত্নীও আছে ৷ এটি ১১মাহৰ ফুল কুমলীয়া শিশুৰ সৈতে ভাগ্যকে ধিয়াই কোনোমতে জীৱন ধাৰন কৰিবলগা হৈছে তেওঁৰ পত্নী ৷ কনমানি শিশুটিৰ বাবে কামবন কৰিব পৰা নাই বীৰবল গড়ৰ পত্নী ৷ উল্লেখ্য যে যি সময়ত লগৰ সমনীয়াই সাজিকাচি বিদ্যালয়লৈ পঢ়িব যায় , সেই সময়তে চুমনজ্যোতিয়ে পিঠিত ফটাছিটা জোলোঙা লৈ পিতৃৰ সৈতে ভীক্ষা কৰিব ওলাই যায় ৷ হাইৰে মানৱতা ৷ যাৰ নাই কোনো তাৰ হয়তো ভগবানেও নহয় সদয় ৷ এনে এক বিষম পৰিস্থিতিৰ মাজত যুজ দি আছে কনমানিগৰাকী ৷ শিক্ষাৰ পৰা বঞ্চিত কিশোৰ গৰাকী ৷ চৰকাৰী সা-সুবিধা বুলিবলৈ নাই ৷ সেয়েহে পৰিয়ালটিৰ প্ৰতি ৰাইজে সদয় হওঁক ৷ দুৰ্ভগীয়া বীৰবলৰ চকু চিকিৎসাৰ বাবে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ লগতে জনপ্ৰিয় মুখ্যমন্ত্ৰী গৰাকীয়ে কিছু হলেও সুব্যৱস্থা কৰক ৷ কিশোৰ মনৰ কণমানিটো কিমান দিনলৈ চলাব এই জীৱন সংগ্ৰাম ৷ কোনোৱাই হাতত ধৰি কণমানিটোৰ জীৱনটো সজাই তুলিবনে ? সেয়েহে দল সংগঠন , অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে চৰকাৰী বিভাগে এই পৰিয়ালটিৰ প্ৰতি সহায়ক হওঁক এয়াই কনমানি গৰাকীৰ আকুল আহ্বান ৷
No comments