Page Nav

HIDE

Grid

GRID_STYLE

সন্ত্ৰাসবাদ কবলিত এলেকাৰ এগৰাকী সমাজকৰ্মী অবিচলিত জীৱন

প্ৰতিকূল পৰিস্থিতিক সাহসেৰে প্ৰত্যাহ্বান জনাইছিল সমাজকৰ্মী  ধনীৰাম মেধীয়ে ...উগ্ৰপন্থীৰ ভয়ত মানুহে গাওঁ এৰি পলাইছিল বিপৰীতে ধনীৰাম মেধীয়ে সা...




প্ৰতিকূল পৰিস্থিতিক সাহসেৰে প্ৰত্যাহ্বান জনাইছিল সমাজকৰ্মী  ধনীৰাম মেধীয়ে



...উগ্ৰপন্থীৰ ভয়ত মানুহে গাওঁ এৰি পলাইছিল বিপৰীতে ধনীৰাম মেধীয়ে সাহসেৰে প্ৰত্যাহ্বান জনাইছিল...


বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ:

সমাজত বিভিন্ন ধৰনৰ সমাজসেৱা কৰা লোক আছে ৷ ব্যক্তিক্ৰমী ধৰনৰ  নিস্বাৰ্থভাৱৰ সমাজ সেৱা ভাৱাপন্নৰ মনৰ ব্যক্তিও আছে সমাজখনত ৷ বিশেষকৈ সমাজৰ বাবে উৎসৰ্গিত সেৱা মনোভাৱাপন্নতা বহু কম সংখ্যক লোকৰ মাজত বিদ্যমান ৷ জনচক্ষুৰ আঁৰত থকা  এই সকল লোকে সমাজ তথা দেশ দহৰ মংগল কামনা কৰে  ৷তেনে এগৰাকী ব্যক্তি হল  বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী তৰাজুলি গাওঁৰ নিবাসী ধনীৰাম মেধী ৷ সত্তৰোৰ্ধৰ  লোকজন  সমাজৰ   মংগল কামনা কৰা ঈশ্বৰৰ একান্ত সেৱক ৷  নিৰৱ সাধক ৰূপে   সমাজৰ বিভিন্ন প্ৰতিকুল পৰিস্থিতি  নিবাৰণৰ হেতু   ঈশ্বৰ ভক্তিকে প্ৰাধান্য দি আহিছে  ৷  সহজ সৰল মনৰ  অমায়িক স্বভাৱৰ   লোকজনৰ আছে  ঈশ্বৰৰ প্ৰতি   অগাধ বিশ্বাস  ৷নিয়মিত ঈশ্বৰ সাধনাত ব্ৰতী হৈ থাকে মেধী ৷ শ্ৰীমন্তশংকৰদেৱৰ নীতি আদৰ্শত বিশ্বাসী ধনীৰাম মেধীয়ে আনকি নামঘৰত নিতৌ আহযাহ কৰি ভক্তিভাৱৰ পৰিচয় দি আহিছে ৷ ঈশ্বৰেই  সৰ্বোচ্চ বুলি জানি  ক'ভিডকালীন পৰিস্থিতিত  কভিড নিবাৰণৰ হেতু  দীৰ্ঘসময় ঈশ্বৰ সাধনাত ব্ৰতী আছিল  ব্যক্তি গৰাকী ৷ মানৱ সমাজৰ মাজৰ পৰা কভিড নিৰ্মুল হওঁক এই কামনাৰে মাংগলিক কাৰ্যাদিও সম্পন্ন কৰি আহিছে ৷ এইদৰে  সমাজৰ মাৰাত্মক  ব্যাধি স্বৰূপ কভিড’ক নিঃশেষ কৰাৰ বাবে  আহোপুৰুষাৰ্থ চেষ্টা চলাই  অহা ধনীৰাম মেধীয়ে আনকি  মানৱ সমাজক বিশেষভাবে  ক্ষতিগ্ৰস্ত কৰা বিভিন্ন কাৰক সমুহক লৈও চিন্তিত হৈ থাকে ৷ ২০০৮ চন মানৰ পৰাই অসম অৰুণাচল সীমান্তৱৰ্তীত এক  সন্ত্ৰাসজৰ্জৰ পৰিস্থিতি বিৰাজমান হৈ আছিল ৷বন্দুক বাৰুদৰ ভয়ত মানুহে ত্ৰাহিমাম ত্ৰাহিমাম কৰি তৎ পোৱা নাছিল ৷সন্ধিয়া হোৱাৰ লগে লগে উগ্ৰপন্থীৰ ভয়ত মানুহে নিজা মৰমৰ ঘৰ  আনকি গাওঁ এৰি  নিৰাপদ স্থানত পলাই পত্ৰং দিব লগা পৰিস্থিতিৰ সুচনা হৈছিল ৷ এনে এক কঠিন পৰিস্থিতিৰ মাজতো ঈশ্বৰৰ প্ৰতি বিশ্বাসী ব্যক্তিজন তিলমানো বিচলিত হোৱা নাছিল ৷ এফালে উগ্ৰপন্থীৰ ভয় আনফালে উগ্ৰপন্থী বিচাৰি ভাৰতীয় সেনাৰ অভিযান ৷ বিবুদ্ধিত পৰা ৰাইজে সেনাৰ আতিশয্য  সহিব লগা হৈছিল ৷তেওঁ সময়ৰ পৰিস্থিতিত পৰি  অভিযানৰত সেনাৰ আতিশয্যও ভোগ কৰিব লগা হৈছিল বুলি উল্লেখ কৰে মেধীয়ে  ৷ বিভিন্ন ধৰনৰ  অশান্তিৰ কাৰকে প্ৰভাৱিত কৰা    

এফালে উগ্ৰপন্থীৰ ভয় আনফালে উগ্ৰপন্থী বিচাৰি ভাৰতীয় সেনাৰ অভিযান ৷ বিবুদ্ধিত পৰা ৰাইজে সেনাৰ আতিশয্য  সহিব লগা হৈছিল ৷তেওঁ সময়ৰ পৰিস্থিতিত পৰি  অভিযানৰত সেনাৰ আতিশয্যও ভোগ কৰিব লগা হৈছিল বুলি উল্লেখ কৰে মেধীয়ে  ৷ 

কংগ্ৰেছ  চৰকাৰৰ কাৰ্যকলাপ  মুঠেই সন্তুষ্টজনক  নাছিল ৷ ৰাইজক  সুৰক্ষা  নিৰাপত্তা দিয়াত  বিফল হোৱা  চৰকাৰখনলৈ  মনে প্ৰাণে অসন্তুষ্টি ব্যক্ত কৰিছিল  ৷ অৱশেষত  সুস্থিৰ আৰু  শান্তিৰ বাবে  একান্তচিত্তে   ঈশ্বৰৰ সাধনাত ব্ৰতী হৈছিল লোকজন  ৷ অৱশেষত  ঈশ্বৰে যেন তেওঁৰ  কঠিৰ সাধনাত সন্তুষ্ট হল ৷ পৰৱৰ্তীকালত  কংগ্ৰেছ চৰকাৰৰ পতন হোৱাৰ লগে বিজেপি নেতৃত্বাধীন চৰকাৰখনে  এক শান্তি পৰিবেশ ঘুৰাই আনিলে ৷  আজি অসমত নাই সেই কঠিন সময়ৰ অশান্তজৰ্জৰ সমস্যা ৷ সুস্থিৰ পৰিবেশে বিৰাজমান  অসম অৰুণাচল সীমান্তৱৰ্তীৰ  লগতে সমগ্ৰ অসমলৈ পুনৰ ঘুৰি আহিল এক শান্তিৰ পৰিবেশ ৷  অসমত আজি  চাৰিওফালে জয়জয়ময়ময় অৱস্থা ৷ শান্তি সম্প্ৰতি উন্নতি প্ৰগতিৰ আৰু সমৃদ্ধিশালী  অসম গঢ় লৈ উঠিল ৷ মনৰ সন্তুষ্টিৰে  অসমত হোৱা পুৰ্বৰ ক’লা অধ্যায়ৰ কথা সোঁৱৰি উক্ত  লোক জন আহিছিল এই প্ৰতিবেদকৰ ওচৰত ৷তেওঁৰ জীৱনত সন্মুখিন হোৱা অসমৰ বিভিন্ন অশান্ত জৰ্জৰ কঠিন বাস্তৱৰ কথা বিবৰি কৈছিল ৷ কিদৰে তেওঁ  প্ৰতিকুল পৰিস্থিতিক অনুকুল অৱস্থালৈ আনিবৰ বাবে  ঈশ্বৰ সাধনা কৰিছিল ৷ এই সমস্ত  ঘটনাবোৰ আগ্ৰহপুৰ্বক ভাবে  এই প্ৰতিবেদকক জনাই ৷   সেমেকি উঠা চকুপানীৰে তেওঁৰ নিভৃত কোনত লুকাই  কথাষাৰে  এই  প্ৰতিবেদকৰ মনত গভীৰভাবে  সাঁচ বহুৱালে ৷ মুলত ঈশ্বৰৰ প্ৰতি বিশ্বাসী ব্যক্তিজন      মানৱ সমাজৰ হিত সাধনৰ উদ্দেশ্যে   সাধনাৰত ব্যক্তি সমাজত খুৱ কমেই পোৱা যায় ৷ ঈশ্বৰ সাধনাক মানৱ সমাজৰ হিতৰ বাবে সমৰ্পিত ব্যক্তি ধনীৰাম মেধীৰ  এই মহানুভৱতাক ৰাইজে প্ৰশংসা কৰিছে ৷



No comments