Page Nav

HIDE

Grid

GRID_STYLE

ব্যক্তিগত অথচ সামাজিক : সাধাৰণ কামে সন্মান লাঘৱ কৰেনে ?

সাধাৰণ কাম কৰিলে সন্মান লাঘৱ হয়  বুলি ভবা বহুলোক সমাজত এতিয়াও  আছে .. .আমেৰিকাৰ ৰাষ্ট্ৰপতি এগৰাকীয়ে যদি ৰাষ্ট্ৰপতিৰ কাৰ্য্যকাল শেষ হোৱাৰ পিছ...


সাধাৰণ কাম কৰিলে সন্মান লাঘৱ হয়  বুলি ভবা বহুলোক সমাজত এতিয়াও  আছে



...আমেৰিকাৰ ৰাষ্ট্ৰপতি এগৰাকীয়ে যদি ৰাষ্ট্ৰপতিৰ কাৰ্য্যকাল শেষ হোৱাৰ পিছত প্ৰাইভেট কোম্পানীত চাকৰি কৰিব পাৰে তেন্তে আমি কোন কুটা...


চৈয়দ মেহবুব দেৱান:

কভিড কালত প্ৰথম লক ডাউনৰ কিছুদিন আগৰে পৰা  প্ৰায় ছয় মাহ সময় এটা ব্যক্তিগত চিকিউৰিটি এজেঞ্চিৰ অধীনত এটা ব্যক্তিগত কোম্পানীত চিকিউৰিটি গাৰ্ডৰ কাম কৰিছিলো ৷ প্ৰতি সপ্তাহত দুই এদিন অতিৰিক্ত দিউটি সহ দৰমহা প্ৰায় পোন্ধৰ হাজাৰ টকা আছিল ৷ লক ডাউনৰ দিন কেইটাত দিউটিও আছিল বৰ আৰামদায়ক ৷ কাৰণ সেই সময়ত কোম্পানী সম্পুৰ্ণ ৰূপে বন্ধ আছিল ৷ বন্ধ কোম্পানীটোৰ চৌহদৰ ভিতৰত পহৰা দি থকাটোৱেই আছিল আমাৰ একমাত্ৰ কৰ্তব্য ৷ সেয়ে দিউটিৰ সময়খিনিত প্ৰায়ে মোবাইলত ব্যস্ত আছিলো ৷ মাজে সময়ে কিবাকিবি লিখিছিলো আৰু মাজে সময়ে বিভিন্ন ভংগীমাত ফটো উঠিছিলো ৷ ফটো উঠা অথবা ফটো টোলাটোও এটা সুন্দৰ ক’লা।  ফটো উঠা অথবা ফটো উঠোৱা আৰু সামাজিক মাধ্যমত আপলোড কৰাৰ চখ মোৰো যথেষ্ট পৰিমাণে আছে ৷ সেয়ে সেই সময়ত চিকিউৰিটি গাৰ্ডৰ ইউনিফৰ্মত থাকি উঠোৱা দুই এখন ফটো ফেচবুকত আপলোড কৰিছিলো ৷

মই বিচাৰো কেৱল মানুহে সকলো মানুহকে মানুহ হিচাপে গণ্য কৰক ৷ আৰু যিবোৰ মানুহে মানুহক মানুহ হিচাপে গণ্য কৰিব নাজানে অথবা নোৱাৰে তেনে মানুহৰ পৰা মই সদায় দুৰত্ব বচাই ৰাখো ৷

      বহুতেই আকৌ নিজৰ অঞ্চলৰ পৰা দুৰৰ চহৰ-নগৰত কিবা সাধাৰণ ব্যক্তিগত কাম কৰিলে সেই বিষয়ে নিজৰ বন্ধু-বান্ধৱ অথবা ওচৰ চুবুৰীয়াক জানিব নিদিয়ে ৷ অৰ্থাৎ যি কোনো কৌশলৰে নিজে কৰি থকা কামটোক গোপন কৰি ৰাখিব বিচাৰে ৷  ইয়াৰ কাৰণ হৈছে সেই সকল ব্যক্তিয়ে নিজে সাধাৰণ কাম এটা কৰি থকা বুলি বন্ধু-বান্ধৱ তথা প্ৰতিবেশিয়ে জানিলে সেই সকল মানুহৰ ওচৰত হাঁহিয়াতৰ পাত্ৰ হ’ব লাগিব বুলি ভয় কৰে , সেই সকল লোকৰ ওচৰত তেওলোকৰ সন্মান লাঘব হ’ব বুলি ভাৱে ৷ আচলতে তেওঁলোকৰ ধাৰণাক পোনচাতে নষ্যাৎ কৰিবও নোৱাৰি ৷ কাৰণ আমাৰ সমাজত এই ধৰণৰ বহু মানুহ আছে যিসকলে শিক্ষিত যুৱক-যুৱতী কিছুমানে জীৱন ধাৰণৰ বাবে কিছুমান সাধাৰণ কাম কৰা দেখিলে তেওঁলোকক উৎসাহ দিয়াৰ পৰিৱৰ্তে তেওঁলোকক হতাশ কৰাৰ লগতে  সুযোগ পালেই তুচ্ছ-তাচ্ছিল্যও কৰে ৷ মই পিছে সেই বিলাকৰ প্ৰতি মুঠেই ভ্ৰুক্ষেপ নকৰো ৷ মোৰ প্ৰতি মানুহৰ ধাৰণা কেনে ধৰণৰ,মোক মানুহে কেনে ভাবে গ্ৰহণ কৰে তাৰ প্ৰতি মই সম্পুৰ্ণ ৰূপেই উদাসিন ৷ কাৰণ মই নিবিচাৰো মানুহে মোক সমিহ কৰক,মানুহে মোৰ প্ৰতি  সন্মানীয় ব্যক্তি হিচাপে ধাৰণা পোষণ কৰক , মানুহে মোৰ কথা অথবা কৰ্মক লৈ প্ৰশংসা কৰক ৷ মই বিচাৰো কেৱল মানুহে সকলো মানুহকে মানুহ হিচাপে গণ্য কৰক ৷ আৰু যিবোৰ মানুহে মানুহক মানুহ হিচাপে গণ্য কৰিব নাজানে অথবা নোৱাৰে তেনে মানুহৰ পৰা মই সদায় দুৰত্ব বচাই ৰাখো ৷


ছ’মাহ মান পিছত কিবা এটা অনিয়ম সন্দৰ্ভত চিকিউৰিটি এজেঞ্চিৰ সঞ্চালকৰ লগত মনোবিবাদ ঘটাত  কামটো এৰি ঘৰলৈ গুচি আহিলো ৷ কামটো এৰি অহাৰ কিছুদিন পিছতে ওচৰৰ বিষ্ণুপুৰ চ’কত শিক্ষিত যুৱক এজনে মাত লগালে-“দাদা ভালে আছে নে ?”

মই ক’লো-“আছো দিয়া ৷”

“আগৰ কামটোৱে কৰি আছে নে?”-যুৱক জনে পুণৰ সুধিলে ৷

মই ক’লো-“ নাই,কামটো এৰি দিলো ৷”

“ভালেই কৰিছে দিয়ক ,আচলতে ফেচবুকত আপোনাক সেইজোৰ পোছাকত দেখি মোৰ বেয়াই লাগিছে ৷”-যুৱক জনে ক’লে ৷

মই সুধিলো-“বেয়া লগাৰ কাৰণ টো ?”

“আপোনাৰ দৰে মানুহ এজনে সেইবিলাক কাম কৰিলে ভাল নালাগে , শিক্ষিত মানুহ হিচাপে ভাল কাম এটা পালে ভাল লাগে দিয়ক চোন ৷”

“মই কিন্তু তেনেকুৱা একো অনুভৱ  নকৰো। জীয়াই থাকিবলৈ হ’লে মানুহে কৰ্ম কৰিবই লাগিব ৷ পৰিস্থিতি সাপেক্ষে যেতিয়া যেনে ধৰণৰ কাম কৰিবলগীয়া হয় তেনে ধৰণৰ কামেই মই কৰিবলৈ প্ৰস্তুত, কেৱল অসামজিক তথা আইন বিৰুদ্ধ কামৰ বাহিৰে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি এগৰাকীয়ে যদি ৰাষ্ট্ৰপতিৰ কাৰ্য্যকাল শেষ হোৱাৰ পিছত প্ৰাইভেট কোম্পানীত চাকৰি কৰিব পাৰে তেন্তে আমি কোন কুটা ?”-কথাখিনি শেষ কৰি যুৱক জনৰ পৰা বিদায় ল’লো ৷


       ১৯৯৮ চনৰ পৰা মই চেগাচোৰোকাকৈ সাহিত্য চৰ্চা  কৰি অহাৰ লগতে ২০০০ চনৰ পৰা এৰাধৰাকৈ বিভিন্ন বাতৰি কাকতৰ জৰিয়তে সংবাদ সেৱাও কৰি আহিছো ৷ কিন্তু কেৱল সাহিত্য চৰ্চা অথবা সংবাদ সেৱা কৰি জীৱন নিৰ্বাহ কৰিব পৰাটো অসম্ভৱ ৷ বিশেষ কৈ অসমৰ দৰে ৰাজ্যত ৷ গতিকে এই বিলাক বিষয়ক মনৰ ৰুচি পুৰণৰ বাবে  আনুসাঙ্গিক বিষয় হিচাপে লৈ জীৱন নিৰ্বাহৰ বাবে অন্য বৃত্তিত নিজকে নিয়োজিত কৰাটো নিত্যান্তই জৰুৰী ৷ সেয়ে পৰিবেশ পৰিস্থিতি সাপেক্ষে জীৱন ধাৰণৰ উদ্দেশ্যে জীৱনৰ বিগত সময় চোৱাত বিভিন্ন ধৰণৰ বৃত্তিত জড়িত হ’বলগীয়া হৈছে,বিভিন্ন ধৰণৰ উপাৰ্জনমুখী কৰ্ম কৰিব লগীয়া হৈছে ৷ 


      শেহতীয়া ভাৱে মই  ই-ৰিক্সা এখন কিনি নিজে চালাই আছো ৷ ই-ৰিক্সা খন চলাই মই বেংকৰ ঋণৰ কিস্তি পৰিশোধ কৰি থকাৰ উপৰিও পৰিয়ালটোৰ সম্পুৰ্ণ খৰচ বহন কৰি আছো। 

কিন্তু যেতিয়াৰ পৰা মই বাইক চলাই ঘুৰি ফুৰাৰ পৰিৱৰ্তে ই-ৰিক্সা চলাবলৈ ল’লো তেতিয়াৰে পৰা মোৰ প্ৰতি কিছুমান মানুহৰ দৃষ্টিভংগী সলনি হোৱা পৰিলক্ষিত হ’বলৈ ধৰিলে ৷ পুৰ্বতে সন্মান সুচক দৃষ্টিভংগীৰে মাত লগোৱা মানুহ কিছুমানে মোৰ প্ৰতি সহানুভুতিৰ দৃষ্টি নিক্ষেপ কৰিবলৈ ল’লে ৷ কিছুমান মানুহে মোক মাত লগাবলৈ কিছু সংকোচ কৰা হ’ল ৷ কিছুমানে দেখিও নেদেখা আৰু চিনিও নিচিনাৰ ভাও ধৰি মোৰ পৰা আতৰি যোৱা হ’ল ৷ কিছুমানে আকৌ দুৰৰ পৰা মোক দেখি ফাচাক-ফিচিক  কৈ হাঁহিবলৈ ল’লে , যেনিবা মই নকৰিব লগীয়া কাম এটাহে কৰি পেলালো ৷ অথচ ই-ৰিক্সা খন লোৱাৰ আগতে যেতিয়া মই আগফালে  প্ৰেছ লিখা থকা বাইক খন চলাই ঘুৰি ফুৰিছিলো তেতিয়া এই মানুহ খিনিৰেই কিছুমানে মোক সন্মন কৰি আন কিছুমানে সমিহ কৰি আন্তিকতাৰে সৈতে মাত লগাইছিল ৷ আনকি অন্তৰেৰে মোক বেয়া পোৱা মানুহ কিছুমানেও মুখামুখি হ’লে অনিচ্ছা সত্তেও হাঁহি এটা মাৰি হ’লেও মাত এষাৰ লগাই সৌজন্যতা দেখুৱাইছিল ৷ 

এই যে কৰ্ম অথবা বৃত্তি ভেদে মানুহৰ মনত সৃষ্টি হোৱা কিছুমান ধাৰণা ,অথবা কৰ্ম তথা বৃত্তি অনুযায়ী মানুহে মানুহৰ প্ৰতি মন-মগজুত পোষণ কৰা ভিন্ন ৰূপী  ধাৰণা এয়া সচাই এক চিন্তনীয় বিষয় ৷ 


      ই-ৰিক্সা খন লোৱাৰ পিছত যিদিনা  প্ৰথম দুমুনিচকীৰ চ’কলৈ ভাড়া এটা লৈ গৈছিলো সেইদিনা সেই ঠাইৰ চিনাকি ব্যৱসায়ী যুৱক এজনে মোক দেখি সুধিলে-“কি,ই-ৰিক্সা চলোৱা কৰিছে নেকি ?”

ব্যৱসায়ী  জন শিক্ষিত ৷

মই ক’লো-“ও,শেহতীয়া ভাৱে এইটোৱে কৰিলো আৰু ৷”

“কিমান দিন হ’ল”-ব্যৱসায়ী জনে পুণৰ সুধিলে ৷

মই ক’লো-“এই খন লোৱা দু’মাহ মানেই হ’ল ৷ কিন্তু এই ফালে আজি প্ৰথম আহিলো ৷”

ব্যৱসায়ী যুৱক জনে আকৌ ক’লে-“মানুহে ওপৰলৈ যায়,আপুনি চোন তললৈহে নামিছে !”

মই ক’লো-“উপায় নাই,দৈনিক উপাৰ্জনৰ পথ এটা নহ’লে পৰিয়াল চলোৱাত অসুবিধা হয় ৷ আনহাতে উচ্চ খাপৰ বৃত্তি হাতত লোৱাৰ সামৰ্থও নাই ৷ সেয়ে সামৰ্থ অনুসাৰে মোৰ বাবে এইটো বৃত্তিয়েই উপযুক্ত বুলি ভাবিলো ৷  মাজে সময়ে তৰলৈ নামি চোৱাটোও বেয়া  নহয় ,তললৈ নামি চালে অন্ততঃ তলৰ খাপৰ বৃত্তিত জড়িত মানুহবোৰৰ দুখ-দুৰ্দশাবোৰ ভালদৰে  উপলব্ধি কৰিব পাৰিম ৷”

কথা কেইষাৰ কৈ মই যুৱক জনৰ পৰা বিদায় ল’লো ৷

আনৰ অধীনত কাম কৰিলে এটা সীমিত উপাৰ্জনতেই জীৱনটো অতিবাহিত কৰিব লাগে।  কিন্তু নিজস্ব ব্যৱসায়ত উপাৰ্জনৰ সীমাবদ্ধতা নাথাকে ৷ নিজস্ব ব্যৱসায়ত নিজৰ বুদ্ধি-বৃত্তি তথা নিজস্ব কৌশল প্ৰয়োগেৰে  উপাৰ্জনৰ পৰিমাণ ক্ৰমাগত ভাৱে বৃদ্ধি কৰিব পাৰি 


        কিছুদিন পিছত প্ৰতিবেশী মহিলা এগৰাকীক তেখেতৰ জী-জোঁৱায়েকৰ ঘৰলৈ লৈ যাবলগীয়া হ’ল। জীয়েকৰ সামান্য বেমাৰ হৈছে, খবৰ ল’বলৈ যাব ৷ গ’লো ৷ গৈ পোৱা সময়ত জোঁৱায়েক ঘৰতে আছিল। পেচাত তেওঁ এগৰাকী ঠেলা চালক। কথা পাতি থকাৰ মাজতে জীয়েকে আমাক চাহ-তামোলৰ যোগান ধৰিলে ৷ ই-ৰিক্সা খন লোৱা কিমান দিন হ’ল,দৈনিক কিমান টকা উপাৰ্জন হয় ,ইত্যাদি বিভিন্ন কথাৰ মাজতে জোঁৱায়েক গৰাকীয়ে ক’লে-“কথা এটা কওঁ  আপুনি বেয়া নাপাব , আপোনাৰ দৰে মানুহ এজনে কিন্তু এইবিলাক কাম কৰিলে শোভা নাপায় ৷ শিক্ষিত মানুহ হিচাপে আপুনি ভাল এটা অফিচ-চফিচত ভাল কাম এটা পাব লাগিছিল , তেনেকুৱা ভাল কাম কিছুমানৰ বাবেহে আপুনি উপযুক্ত ৷ ”

মানুহ জনৰ কথা খিনি পোনচাতেই নুই কৰিব নোৱাৰি মই ক’লো-“কথাটো  হয়, পিছে মই আকৌ আনৰ অধীনত কাম কৰাতকৈ নিজস্ব ভাৱে কিবা এটা কৰাটোহে পচন্দ কৰো ৷ নিজস্ব ভাৱে কিবা এটা কৰিলে নিজৰ বিবেগ-বুদ্ধি খিনি নিজৰ ইচ্ছা অনুযায়ী ব্যৱহাৰ কৰিব পাৰি ৷ নিজৰ ব্যৱসায়ত উপাৰ্জন কম হ’লেও  অন্ততঃ মানসিক শান্তি কণ পোৱা যায় ৷ তাৰোপৰি আনৰ অধীনত কাম কৰিলে এটা সীমিত উপাৰ্জনতেই জীৱনটো অতিবাহিত কৰিব লাগে।  কিন্তু নিজস্ব ব্যৱসায়ত উপাৰ্জনৰ সীমাবদ্ধতা নাথাকে ৷ নিজস্ব ব্যৱসায়ত নিজৰ বুদ্ধি-বৃত্তি তথা নিজস্ব কৌশল প্ৰয়োগেৰে  উপাৰ্জনৰ পৰিমাণ ক্ৰমাগত ভাৱে বৃদ্ধি কৰিব পাৰি । আমি যিহেতু কম টকাৰ মানুহ গতিকে যিকোনো ব্যৱসায় প্ৰথমতে সাধাৰণ ভাৱেই আৰম্ভ কৰিব লাগিব ৷ একে দিনাই কোটিপতি হোৱাৰ সপোন দেখি দেখি সময়বোৰ নষ্ট কৰাতকৈ সৰুকৈ কিবা এটা আৰম্ভ কৰি সময়ৰ সৎ ব্যৱহাৰ কৰাতোহে বেছি উত্তম ৷ ইয়াৰ দ্বাৰা মানুহে কৰ্মশীল আৰু স্বাৱলম্বী হ’বলৈ শিকাৰ লগতে অভিজ্ঞতা অৰ্জনৰো যথেষ্ট সুযোগ পাই ৷”


     সাধাৰণতে মোৰ প্ৰতি শ্ৰদ্ধা আৰু আন্তৰিকতা থকা ব্যক্তি কিছুমানে বিভিন্ন সময়ত এই ধৰণৰ মন্তব্য কিছুমান ব্যক্ত কৰে ৷ সম্ভৱতঃ মই তেনেই সামান্য বৃত্তি কিছুমানত জড়িত হোৱা দেখিলে তেওঁলোকে মনত কিছু দুখ অনুভৱ কৰে, মোৰ প্ৰতি তেওঁলোকৰ মনত  কিছু পৰিমাণে হ’লেও পুতৌ ওপজে ৷ 

আচলতে ডাঙৰ ব্যৱসায় এটা কৰিবলৈ ,ডাঙৰ প্ৰতিষ্ঠান এটাৰ গৰাকী হ’বলৈ অথবা ভাল চাকৰি এটা কৰিবলৈ প্ৰায় মানুহৰে হেপাঁহ থাকে ৷ কিন্তু আশা কৰা ধৰণে সকলোৱে সফল হ’ব নোৱাৰে ৷ কাৰণ পৃথিৱী খনত প্ৰত্যেক মানুহেই ভিন ভিন পৰিস্থিতিৰ মুখামুখি হৈ জীৱন নিৰ্বাহ কৰি থাকে ৷ ফলত বহু মানুহে পৰিস্থিতিৰ বসৱৰ্তী হৈ নিজৰ সামৰ্থৰ ভিতৰত থাকি জীয়াই থাকিবলৈ  মনৰ ইচ্ছাৰ বিৰুদ্ধে হ’লেও কিছুমান কৰ্ম কৰিবলগীয়া হয়। কিন্তু যি পৰিস্থিতিতেই নহওক মানুহে কোনোদিনে নভবা-নিচিন্তা অথবা নিজৰ মনৰ ইচ্ছাৰ  বিৰুদ্ধে কোনো এটা বৃ্ত্তিত জড়িত হ’বলগীয়া হ’লে অথবা নিজৰ অপচন্দৰ কাম এটা কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হ’লে,সেয়া তেওঁৰ দুৰ্ভাগ্য অথবা দুৰ্দশা বুলি ভবাটো উচিত নহয় ৷ মানুহে সদায় পৰিস্থিতিৰ লগত খাপ খাই চলিবলৈ শিকিব লাগে, পৰিস্থিতি সাপেক্ষে যিকোনো সৎ কৰ্ম কৰিব পৰাকৈ সদায় নিজকে প্ৰস্তুত কৰি তুলিব লাগে ,আৰু পৰিস্থিতি সাপেক্ষে যিয়ে যেতিয়া যিটো কৰ্ম কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হয় সেই কৰ্মটোক লজ্জাৰ কাৰণ বুলি ভবাৰ পৰিৱৰ্তে শ্ৰদ্ধা কৰিবলৈ শিকিব লাগে ৷ নিজে কৰি থকা বৃত্তিটোৰ প্ৰতি অথবা নিজে কৰি থকা কৰ্মটোৰ প্ৰতি আনে কেনেধৰণৰ দৃষ্টিভংগী পোষণ কৰে তাৰ প্ৰতি বিশেষ গুৰুত্ব নিদি সম্পুৰ্ণ দায়িত্বশীল ভাৱে আৰু গুৰুত্ব সহকাৰে সেই কৰ্মটোত অথবা সেই বৃত্তিটোত নিজকে নিয়োজিত কৰিব লাগে ৷ মনত ৰাখিব আপুনি যদি সৰু কাম এটাৰ বাবে উপযুক্ত নহয় অথবা আপুনি যদি সৰু ব্যৱসায় এটা সুচাৰু ৰূপে পৰিচালনাৰ বাবে উপযুক্ত নহয় তেনেহ’লে ভৱিষ্যতে আপোনাৰ দ্বাৰা ডাঙৰ কাম সম্পাদন হোৱাটো অথবা আপোনাৰ দ্বাৰা ডাঙৰ ব্যৱসায় পৰিচালিত হোৱাটো তেনেই অসম্ভৱ ৷


     আমাৰ সমাজত সাধাৰণ কাম কৰিবলৈ অথবা সৰু সুৰা ব্যৱসায় কৰিবলৈ বহুতেই লজ্জাবোধ কৰে ৷ ইয়াৰ প্ৰধান কাৰণ হ’ল আমাৰ সমাজত সাধাৰণ কাম কৰা অথবা সৰু-সুৰা ব্যৱসায়-বাণিজ্য কৰা মানুহক বেছিভাগ মানুহেই বহু ক্ষেত্ৰত হেয় জ্ঞান কৰে , সন্মান দিব নিবিচিৰে,বহুতেই আকৌ অবাঞ্চিত আচাৰ-ব্যৱহাৰো কৰে ৷ সৰু-সুৰা ব্যৱসায়-বাণিজ্য অথবা সাধাৰণ কাম কৰা মানুহবোৰ যিমানেই গুণী-জ্ঞানী তথা সৎ আৰু সুশিক্ষিত নহওক কিয়  সেই সকল মানুহক আত্মসন্মানহীন,অজ্ঞানী তথা অশিক্ষিত হিচাপে গণ্য কৰে ৷ আনহাতে ডাঙৰ ব্যৱসায়-বাণিজ্য আৰু উচ্চ খাপৰ কাম কৰা মানুহবোৰ অশিক্ষিত,অজ্ঞানী তথা অসৎ প্ৰকৃতিৰ হ’লেও সমাজৰ বেছিভাগ মানুহেই সেই সকল মানুহৰ প্ৰতি  মাত্ৰাধিক সন্মান আৰু সমিহ প্ৰদৰ্শন কৰে ৷ 

আমাৰ সমাজৰ সৰহ সংখ্যক মানুহৰ মন-মগজুত শিপাই থকা এই ধৰণৰ মানসিকতাৰ বাবেই বহু নিবনুৱা যুৱক-যুৱতীয়ে সমাজত হাঁহিয়াতৰ পাত্ৰ হোৱাৰ ভয়ত , তুচ্ছ-তাচ্ছিল্যৰ মুখামুখি হোৱাৰ ভয়ত সুৰু-সুৰা ব্যৱসায়-বাণিজ্য কৰিবলৈ,সাধাৰণ উপাৰ্জনৰ কাম কৰিবলৈ লজ্জাবোধ কৰে। 

আচলতে আমাৰ সমাজত শিক্ষা-দিক্ষা,স্বভাৱ-চৰিত্ৰ,আচাৰ-ব্যৱহাৰ,চিন্তা-ধাৰণা, বিবেক- বিবেচনা তথা জ্ঞান-বুদ্ধিৰ ভিত্তিত মানুহক সন্মান দিয়া মানুহৰ সংখ্যা খুবেই কম। আমাৰ সমাজৰ সৰহ সংখ্যক মানুহেই একমাত্ৰ চাকৰি,বৃত্তি ,সম্পদ অথবা ক্ষমতাৰ ওপৰত ভিত্তি কৰিহে মানুহক সন্মান দিয়ে ৷ অৰ্থাৎ অতি সাধাৰণ কাম কৰা অথবা অতি সাধাৰণ ব্যৱসায় কৰা ব্যক্তি এজন  সৎ আৰু সুশিক্ষিত হ’লেও সৰহ সংখ্যক মানুহৰ পৰা আশা কৰা ধৰণে আচাৰ-ব্যৱহাৰ নাপায় ৷ 

আমাৰ সমাজত প্ৰচলিত কৰ্ম তথা বৃত্তি সমুহক মানুহে আচৰিত ধৰণে ভাগ ভাগ কৰি পেলাইছে ৷ সেই ভাগ কেইটা হৈছে সন্মানজনক আৰু অসন্মানজনক। শিক্ষকতা,সাংবাদিকতা আদি কিছুমান বৃত্তিক সমাজে সন্মানজনক আখ্যা দিছে আৰু আন বহুতো বৃত্তিৰ কোনো বিশেষণ দিয়া নাই ৷ অৰ্থাৎ সেইবোৰ বৃত্তি সন্মানজনক নহয় ৷ সন্মানজনক নহলে সেইবোৰ বৃত্তিৰ লগত জড়িত মানুহবোৰো নিশ্চয় সন্মানীয় হ’ব নোৱাৰে,এই ধাৰণা মানুহৰ মন-মগজুত শিপাই গৈছে ৷ দেশৰ অৰ্থনৈতিক দিশটো ধৰি ৰখা,দেশৰ জনসাধাৰণৰ প্ৰথম তথা প্ৰধান মৌলিক প্ৰয়োজনটো পুৰণৰ ক্ষেত্ৰত সম্পুৰ্ণ ৰূপে অৰিহণা যোগাই অহা কৃষিকৰ্মবোৰক ,কৃষিজাত সামগ্ৰীৰ ব্যৱসায়-বাণিজ্যবোৰক আমাৰ সমাজে সন্মানীয় বৃত্তি আখ্যা দিয়া নাই ৷ যাৰ ফলত কৃষিকাৰ্য্যৰ লগত জড়িত ব্যক্তি সকলে ,কৃষিজাত সামগ্ৰীৰ ব্যৱসায়-বাণিজ্য কৰা ব্যক্তিসকলে    এগৰাকী শিক্ষক অথবা এগৰাকী সাংবাদিক দৰে সমান তথা মৰ্য্যাদা নাপায় আমাৰ সমাজত ৷

শিক্ষকে ছাত্ৰীক ধৰ্ষণ কৰাৰ পিছতো,শিক্ষকে ছাত্ৰীৰ লগত অশ্লীল ভিডিঅ’ কৰাৰ পিছতো,শিক্ষকে টিউচন কৰা ছাত্ৰীৰ মাতৃৰ লগত অবৈধ সম্পৰ্ক কৰাৰ পিছতো,শিক্ষকে ছাত্ৰীক পলুৱাই নিয়াৰ পিছতো,শিক্ষয়ত্ৰীয়ে ছাত্ৰৰ লগত অনৈতিক কাৰ্য্য কৰাৰ পিছতো আৰু শিক্ষয়ত্ৰীয়ে বিবাহিত সহকৰ্মীৰ  লগত অনৈতিক কাৰ্য্যত লিপ্ত হোৱাৰ পিছতো যদি শিক্ষকতা বৃত্তিটো সন্মানীয় বৃত্তি হৈ থাকে তেনেহ’লে কৃষিকৰ্মটো ,কৃষিজাত সামগ্ৰীৰ ব্যৱসায়-বাণিজ্যটো অথবা অন্যান্য সাধাৰণ বৃত্তিবোৰ সন্মানজনক কিয় হ’ব নোৱাৰে ?শিক্ষকে শিক্ষাদান নকৰিলেও কোনো মানুহৰ মৃত্যু নহয় ৷ কিন্তু কৃষকে কৃষিকাৰ্য্য নকৰিলে সকলো মানুহ অনাহাৰত তিল তিলকৈ মৃত্যু মুখত পৰিব ৷


      আচলতে কোনো কৰ্ম অথবা কোনো বৃত্তিয়েই সন্মনজনক অথবা অসন্মানজনক হ’ব নোৱাৰে ৷ সন্মানজনক অথবা অসন্মানজনক হ’ব পাৰে কেৱল সেই ব্যৱসায় অথবা বৃত্তিৰ লগত জড়িত ব্যক্তি সকল ৷ শিক্ষকতা অথবা সাংবাদিকতা বৃত্তিত জড়িত হ’লেও এগৰাকী ব্যক্তি সন্মানৰ যোগ্য নহ’ব পাৰে যদিহে ব্যক্তি গৰাকীৰ স্বভাৱ-চৰিত্ৰ,আচাৰ-ব্যৱহাৰ, ধ্যান-ধাৰণা ভাল নহয় ,যদিহে ব্যক্তি গৰাকী সততা-মানৱতা,দয়া-মমতা, শিষ্টাচাৰ-শালিনতা,ন্যায়পৰায়ণতা আদি গুণৰ অধিকাৰী নহয় ৷ আনহাতে এই সকলোবোৰ গুণ আৰু সৎ স্বভাৱৰ অধিকাৰী ব্যক্তি এগৰাকী যিকোনো সাধাৰণ বৃত্তিত জড়িত হৈ থাকিলেও নিশ্চিত ভাৱে সন্মান পোৱাৰ যোগ্য ৷ কিন্তু এই ক্ষেত্ৰত আমাৰ সমাজৰ সৰহ সংখ্যক মানুহৰে দৃষ্টিভংগী তথা মনোভাৱ সম্পুৰ্ণ বিপৰীত ,যিটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় ৷ সামাজৰ গৰিষ্ঠ সংখ্যক মানুহৰ এই ধৰণৰ বৈষম্যমুলক মানসিকতাই  বহু সময়ত সমাজৰ একাংশ সৎ তথা নিষ্ঠাবান ব্যক্তিক মানসিক ভাবে আঘাত কৰি আহিছে ৷ 

    গতিকে দেশৰ নিৱনুৱা সমস্যা সমাধান কৰিবলৈ হ’লে ,নিবনুৱা যুৱক-যুৱতী সকলক কৰ্মমুখী কৰিবলৈ হ’লে ,সমাজত কৰ্ম সংস্কৃতিৰ জোৱাৰ আনিবৰৈ হ’লে প্ৰথমতে সেই দেশৰ তথা সেই সমাজৰ মানুহৰ চিন্তা-ধাৰণা তথা মানসিকতা  পৰিৱৰ্তন কৰাটো অত্যন্ত জৰুৰী ৷৷

No comments