সমাজৰ নিষ্পেষিত, অৱহেলিত, প্ৰতাৰিত মানুহ আৰু "ঐপুলিৰ সপোনৰ দেশ"ৰ কথাবোৰ . .. সোৱণশিৰীৰ পটভূমিত ৰচিত উপন্যাসখনত মিচিং সমাজখনৰ সুন্...
সমাজৰ নিষ্পেষিত, অৱহেলিত, প্ৰতাৰিত মানুহ আৰু "ঐপুলিৰ সপোনৰ দেশ"ৰ কথাবোৰ
...সোৱণশিৰীৰ পটভূমিত ৰচিত উপন্যাসখনত মিচিং সমাজখনৰ সুন্দৰ চিত্ৰয়ান হৈছে...সমান্তৰালভাৱেই চিত্ৰিত হৈছে মানসিক ৰোগীসকলৰ জীৱন আৰু আৱেগৰ সকলো দিশ...
নিশা ভূঞা
ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যমৰ অলেখ নেতিবাচক দিশৰ কথা প্ৰায়ে বহুলোকে উনুকিয়ায়।পিছে এই সাৰ্বজনীন মাধ্যমৰ ইতিবাচক দিশসমূহ উলাই কৰিব নোৱাৰি। তাৰ ভিতৰত অন্যতম হৈছে সামাজিক মাধ্যমত হোৱা সাহিত্য চর্চা। বিশেষকৈ ফেচবুকত বহুলোকে নিৰলসভাৱে সাহিত্য চর্চা কৰা পৰিলক্ষিত হয়। শেহতীয়াভাৱে ফেচবুকত ৰচিত হোৱা বহু অনন্য সাহিত্যৰাজী গ্ৰন্থৰূপে প্ৰকাশ হৈ ওলাইছে। সেই সমূহৰ ভিতৰত সামাজিক উপন্যাস "ঐপুলিৰ সপোনৰ দেশ" বিশেষভাৱে উল্লেখযোগ্য। উপন্যাসখনৰ স্ৰষ্টা হৈছে ভৱানী পেগু। ফেচবুকৰ অতি জনপ্ৰিয় মহিলাগোট "অৰ্দ্ধ আকাশ"ত ধাৰাবাহিকৰূপে দীর্ঘসময়ৰ বাবে প্ৰকাশ পোৱা এই উপন্যাসখন ২০২০ চনৰ ডিচেম্বৰ মাহত অভিজাত প্ৰকাশন "বনলতা"ই ছপাৰূপত প্ৰকাশ কৰি উলিয়াইছে।
উপন্যাসখনৰ স্ৰষ্টা ভৱানী পেগু পেছাগতভাৱে ডিব্ৰুগড়ৰ বি.এছ.চি. নাৰ্চিং মহাবিদ্যালয়ৰ প্ৰবক্তা। "এজাক ধুমুহাৰ পিছত" হৈছে তেওঁ ৰচনা কৰা প্ৰথমখন উপন্যাস। এই উপন্যাসখনে ২০১৮ চনত বিন্দু গোষ্ঠীৰ দ্বাৰা আয়োজিত ডঃ দণ্ডীনাথ চৌধুৰী সোঁৱৰণি সাহিত্য বঁটা লাভ কৰিছিল। "ঐপুলিৰ সপোনৰ দেশ " উপন্যাসখন তেওঁ ফেচবুকত ৰচনা কৰিছিল যদিও ডিজিটেল মাধ্যমৰ সমান্তৰালভাৱে ছপাৰূপতো উপন্যাসখনে পঢ়ুৱৈ সমাজৰ সমাদৰ লাভ কৰা দেখিবলৈ পোৱা গৈছে।
"ঐপুলিৰ সপোনৰ দেশ"ৰ জৰিয়তে প্ৰকৃতাৰ্থত এনে এখন দেশৰ , এনে এখন সমাজৰ পৰিকল্পনা দাঙি ধৰা হৈছে য'ত সমাজৰ নিষ্পেষিত,অৱহেলিত,প্ৰতাৰিত প্ৰতিজনলোকে যথোচিত আদৰ-সন্মান লাভ কৰিব। তেনে এখন দেশত বিভিন্ন কাৰণত মানসিকভাৱে অসুস্থ হৈ পৰা লোকসকলে লাভ কৰিব স্নেহৰ পৰশ। তেনে দেশত জন্মতেই আপোনজনৰ দ্বাৰা অৱহেলিত হৈ পথৰ কাষত অথবা ডাষ্টবিনত পৰি ৰোৱা প্ৰতি শিশুৰ জীৱন আৰু ভৱিষ্যৎ সুৰক্ষিত হ'ব। এই সুন্দৰ সপোনৰ বীজটিয়েই ভৱানী পেগুৱে আলফুলে উপন্যাসখনত ঐপুলি চৰিত্ৰটিৰ জৰিয়তে ৰোপণ কৰিছে।
উপন্যাসখনৰ সৰল উপস্থাপন শৈলী, কাহিনী বিন্যাসে প্ৰতিজন পঢ়ুৱৈক আৰম্ভণিৰ পৰা শেষলৈ একেই আকৰ্ষণ আৰু কৌতুহলেৰে বান্ধি ৰাখিব পৰিব
দৰাচলতে ভৱানী পেগুৱে পঢ়ি থকা কালতেই তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিস্থানলৈ যোৱাৰ সুযোগ পাইছিল।তদুপৰি তেওঁ গুৱাহাটী মেডিকেল কলেজৰ চাইকীয়াট্ৰি ৱাৰ্ডত এডুকেচনেল পোষ্টিং পাইছিল। তেনেদৰেই তেওঁ মানসিক ৰোগীসকলৰ সান্নিধ্যলৈ আহিছিল, তেওঁলোকৰ মনোজগতখনৰ বিষয়ে ভালকৈ বুজি উঠিছিল।
No comments