Page Nav

HIDE

Grid

GRID_STYLE

সামাজিক: সকলো ভাল মানুহেই ভাল গ্ৰাহক নহয় কিয়?

ক্ষুদ্ৰ ব্যৱসায়ীৰ প্ৰতি গ্ৰাহকৰ আচৰণ আৰু বাস্তৱ ছবি ...বহিঃৰাজ্যৰ ব্যৱসায়ীৰ হাতত অসমৰ কিছুলোক অপদস্থ হয় কিয়... চৈয়দ মেহবুব দেৱান         সাধ...


ক্ষুদ্ৰ ব্যৱসায়ীৰ প্ৰতি গ্ৰাহকৰ আচৰণ আৰু বাস্তৱ ছবি





...বহিঃৰাজ্যৰ ব্যৱসায়ীৰ হাতত অসমৰ কিছুলোক অপদস্থ হয় কিয়...

চৈয়দ মেহবুব দেৱান

        সাধাৰণতে আমি ভাল মানুহ বুলি ভবা সকলো মানুহেই  একোজন ভাল গ্ৰাহক নহয়। অৰ্থাৎ আমি ভাল মানুহ বুলি ভবা মানুহবোৰৰ সৰহ সংখ্যক মানুহেই  একো একোজন বেয়া গ্ৰাহক ৷ তাৰ ভিতৰত কিছুমান আকৌ অতি বেয়া ৷

      এতিয়া আহো ভাল আৰু বেয়া গ্ৰাহকৰ সংজ্ঞালৈ ৷ এজন ভাল গ্ৰাহকে কোনো এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা অথবা কোনো এখন দোকানৰ পৰা অথবা কোনো এজন ব্যৱসায়ী অথবা ফেৰীৱালাৰ পৰা কোনো এবিধ সামগ্ৰী ক্ৰয় কৰিবলৈ গ’লে বিক্ৰেতা গৰাকীৰ লগত শিষ্টাচাৰ-শালিনতা বজাই ৰাখি মাৰ্জিত ভাবে কথা-বতৰা পাতে ; বিক্ৰেটা গৰাকীৰ ব্যৱসায়টো ডাঙৰেই হওক অথবা অতি সামান্যই হওক তাৰ প্ৰতি লক্ষ্য নকৰি এগৰাকী গ্ৰাহক হিচাপে সকলো শ্ৰেণীৰ ব্যৱসায়ীৰ প্ৰতি তেওঁলোকে একে ধৰণৰ আচাৰ-ব্যৱহাৰ কৰে ৷ কোনো এবিধ সামগ্ৰীৰ মুল্যক কেন্দ্ৰ কৰি তেওঁলোকে বিক্ৰেটা সকলৰ লগত মাত্ৰাধিক বাৰ্গেনিং তথা অযৌক্তিক ভাবে দৰ-দাম অথবা  তৰ্ক-বিতৰ্ক নকৰে ৷ কোনো এবিধ সামগ্ৰী তেওঁলোকে বিচৰা মূল্যত বিক্ৰেটাই বিক্ৰী কৰিব নিবিচাৰিলে বিক্ৰেটাৰ পৰা সেই সামগ্ৰী বিধ জোৰ-জুলুমকৈ কম দামত ল’ব নিবিচাৰে ৷ কোনো এবিধ বস্তু ক্ৰয় কৰিবলৈ গৈ বস্ত বিধ পচন্দ নহ’লে অথবা বস্ত বিধ কিনিবলৈ মন নগ’লে  ব্যৱসায়ী গৰাকীৰ  লগত  অযথা বাৰ্গেনিং কৰি অথবা অযথা তৰ্ক-বিতৰ্ক কৰি ব্যৱসায়ী  গৰাকীৰ সময় নষ্ট নকৰে ৷ ব্যৱসায়ী জনৰ দুখ-কষ্ট আৰু  পৰিয়ালৰ কথা চিন্তা কৰি অতিমাত্ৰা বাৰ্গেনিং কৰি  কোনো এবিধ বস্তু  মুল দামত বিক্ৰী কৰিবলৈ বাধ্য নকৰে বিক্ৰতা গৰাকীক ৷ 


বহু সময়ত কিছুমান অসমৰ ব্যক্তিয়ে বহিঃৰাজ্যত গৈ কিছুমান সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত  সীমাহীন তথা অযৌক্তিক ভাৱে বাৰ্গেনিং কৰি বহিঃৰাজ্যৰ ব্যৱসায়ীৰ হাতত অপদস্থ হোৱাৰো নজিৰ আছে ৷ ভাৰতবৰ্ষৰ কিছুমান ৰাজ্যৰ বিশেষ ঠাই কিছুমানত দোকান অথবা হাত-বজাৰত সামগ্ৰী কিনিবলৈ গৈ বেছি দৰ-দাম কৰি থাকিলে পোনচাতেই প্ৰশ্ন কৰে -“আপুনি অসমৰ পৰা আহিছে নেকি ?”

       আনহাতে বেয়া গ্ৰাহক সকলে এই সকলোবোৰৰ বিপৰীতটো কৰাৰ উপৰিও দাবী-ধমকীৰ সুৰত বস্তুৰ দৰ-দাম সুধি ব্যৱসায়ী জনক প্ৰথমতে ভীতিগ্ৰস্ত কৰিব বিচাৰে ৷ আৰু যদিহে ব্যৱসায়ী জন ভীতিগ্ৰস্ত নহয় তেনেহ’লে বস্তুৰ দৰ-দাম তথা বস্তুৰ গুণগত মানক কেন্দ্ৰ কৰি ব্যৱসায়ী জনৰ লগত অবাঞ্চিত ধৰণে তৰ্ক-বিতৰ্কত লিপ্ত হৈ ব্যৱসায়ী জনক বিৰক্ত কৰি তোলে ৷  যদিহে ব্যৱসায়ী জনে বিৰক্ত হৈ প্ৰত্যুত্তৰ দিয়ে তেতিয়া  ওলোটাই ব্যৱসায়ী জনকে দোষাৰোপ কৰে আৰু শিষ্টাচাৰ-শালিনতা তথা নৈতিকতাৰ পাঠ দিব বিচাৰে ব্যৱসায়ী জনক ৷ এই ধৰণৰ বিভিন্ন অপ-কৌশল অৱলম্বন কৰি ব্যৱসায়ী এজনৰ পৰা কোনো এবিধ বস্তু কম  দামত ক্ৰয় কৰিব পৰাটো আৰ্থাৎ  ব্যৱসায়ী জনে  এটকাও লাভ কৰিব নোৱাৰাকৈ তেওঁৰ পৰা কোনো এবিধ বস্তু ক্ৰয় কৰিব পৰাটো নিজৰ বুদ্ধিমত্তা বুলি ভাবে। 

 বহু সময়ত কিছুমান অসমৰ ব্যক্তিয়ে বহিঃৰাজ্যত গৈ কিছুমান সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত  সীমাহীন তথা অযৌক্তিক ভাৱে বাৰ্গেনিং কৰি বহিঃৰাজ্যৰ ব্যৱসায়ীৰ হাতত অপদস্থ হোৱাৰো নজিৰ আছে ৷ ভাৰতবৰ্ষৰ কিছুমান ৰাজ্যৰ বিশেষ ঠাই কিছুমানত দোকান অথবা হাত-বজাৰত সামগ্ৰী কিনিবলৈ গৈ বেছি দৰ-দাম কৰি থাকিলে পোনচাতেই প্ৰশ্ন কৰে -“আপুনি অসমৰ পৰা আহিছে নেকি ?” বাহিৰে ভাৰতবৰ্ষৰ আন ৰাজ্যবোৰত গ্ৰাহক সকলে কোনো ধৰণৰ সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত সীমাহীন তথা বিৰক্তিদায়ক  ভাৱে দৰ-দাম নকৰে ৷ আৰু তেনে কৰিলে বেছিভাগ ব্যৱসায়ীয়ে সেই সকল গ্ৰাহকৰ ওচৰত সামগ্ৰী বিক্ৰীয়েই নকৰে ৷ বহু সময়ত কিছুমান অসমৰ ব্যক্তিয়ে বহিঃৰাজ্যত গৈ কিছুমান সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত  সীমাহীন তথা অযৌক্তিক ভাৱে বাৰ্গেনিং কৰি বহিঃৰাজ্যৰ ব্যৱসায়ীৰ হাতত অপদস্থ হোৱাৰো নজিৰ আছে ৷ ভাৰতবৰ্ষৰ কিছুমান ৰাজ্যৰ বিশেষ ঠাই কিছুমানত দোকান অথবা হাত-বজাৰত সামগ্ৰী কিনিবলৈ গৈ বেছি দৰ-দাম কৰি থাকিলে পোনচাতেই প্ৰশ্ন কৰে -“আপুনি অসমৰ পৰা আহিছে নেকি ?”

অৰ্থাৎ সেই ঠাই বিলাকৰ ব্যৱসায়ী সকলে বুজি পোৱা হৈ গৈছে যে এই ধৰণৰ চৰিত্ৰৰ মানুহ কেৱল অসমতেই বেছিকৈ আছে ৷ আৰু সেই বাবেই সেইবিলাক ঠাইৰ ব্যৱসায়ী সকলে অসমীয়া বুলি বুজিব পাৰিলে সেই সকল গ্ৰাহকক মুঠেই গুৰুত্ব নিদিয়ে ৷ কাৰণ সেই সকল ব্যৱসায়ীয়ে ভালদৰেই জানে যে  বেছিভাগ অসমীয়া গ্ৰাহকে বস্তু কিনে কম আৰু দৰ-দাম কৰি সময় নষ্ট কৰে বেছি , বস্তু বিচাৰে ভাল আৰু দাম দিব বিচাৰে  সবাতোকৈ কম ৷

         গ্ৰাহক সকলক  ভাল-বেয়া ভালদৰে  চিনাক্তকৰণ কৰিব  পাৰে গাওঁ অঞ্চলৰ চ’ক-বজাৰৰ আৰু চহৰ-নগৰৰ পাদপথৰ ব্যৱসায়ী সকলৰ লগতে গাওঁ তথা চহৰ-নগৰৰ অলিয়ে-গলিয়ে বিভিন্ন সামগ্ৰী বিক্ৰীৰ বাবে কঢ়িয়াই লৈ ফুৰা ফেৰীৱালাবোৰে। 

সাধাৰণতে দৰৱৰ দোকান,গেলামালৰ দোকান,হাৰ্ডওৱেৰৰ দোকান আদি  কিছুমান বিশেষ বিশেষ দোকান অথবা ব্যৱসায়ীক প্ৰতিষ্ঠানত সামগ্ৰী কিনিবলৈ  হ’লে সকলো শ্ৰেণীৰ গ্ৰাহকেই বাৰ্গেনিং অৰ্থাৎ দৰ-দাম নকৰে ,বিক্ৰেটাই যি দাম কয় অথবা সামগ্ৰীৰ লেবেলত যি দাম লিখা থাকে  বিনা দ্বিধাই,বিনা প্ৰতিবাদে সেই দামতে গ্ৰাহক সকলে সামগ্ৰী ক্ৰয় কৰে ৷ ডাঙৰ ডাঙৰ শ্বপিং মলবোৰতটো বাৰ্গেনিঙৰ প্ৰশ্নই নুঠে ৷ কিন্তু গ্ৰামাঞ্চলৰ চ’ক-বজাৰৰ অতি সাধাৰণ ব্যৱসায়ী সকলৰ পৰা , চহৰ-নগৰৰ পথৰ দাতিৰ সৰু সৰু ব্যৱসায়ী সকলৰ পৰা অথবা নামমাত্ৰ সামগ্ৰী লৈ বিক্ৰীৰ বাবে  গাঁৱে-ভুঞে,চহৰে-নগৰে অলিয়ে-গলিয়ে ঘুৰি ফুৰা ফেৰীৱালা সকলৰ পৰা যিকোনো সামগ্ৰী ক্ৰয় কৰিবলৈ হ’লে প্ৰায় ৯৫ শতাংশ গ্ৰাহকেই  অতি নিৰ্লজ্য তথা অযৌক্তিক ভাৱে দৰ-দাম কৰে ৷ আনকি  গ্ৰাহকে বিচৰা দামত সামগ্ৰী বিক্ৰী কৰিবলৈ অপাৰগতা প্ৰকাশ কৰিলে কিছুমান গ্ৰাহকে সেই ব্যৱসায়ী সকলক এনে ধৰণে ককৰ্থনা কৰে যেনিবা ব্যৱসায়ী জনে ডাঙৰ অপৰাধহে কৰিছে ৷


ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায় কৰা প্ৰায়বোৰ ব্যৱসায়ীয়ে দৰিদ্ৰ তথা নিম্ন মধ্যবিত্ত পৰিয়ালৰ ৷ সামান্য ব্যৱসায় এটা কৰি তেওলোকে কোনোমতে পৰিয়লটোক পোহপাল দি থাকে ৷ ধাৰ-ঋণ কৰি অথবা নিজৰ প্ৰয়োজনীয় সম্পদ বিক্ৰী কৰি অথবা বন্ধকত থৈ কোনোমতে মুলধন অলপ গোটাই লৈ তেওঁলোকে সামান্য ব্যৱসায় এটা কৰি দিনৰ দিনটো ৰ’দে-বৰষুণে কষ্ট কৰি নিজৰ লগতে পৰিয়ালটোৰ ন্যূনতম মৌলিক প্ৰয়োজন খিনি পুৰণ কৰাৰ বাহিৰে কিন্তু সেই সামান্য ব্যৱসায়টোৰ জৰিয়তে তেওঁলোকে আন একো কৰিব নোৱাৰে ৷ ধন জমা কৰিব নোৱাৰে ,বেংক বেলেঞ্চ বৃদ্ধি কৰিব নোৱাৰে , সম্পদশালী হ’ব নোৱাৰে,আনকি বছৰৰ পিছত বছৰ ধৰি ব্যৱসায় কৰি থাকিও তেওঁলোকে নিজৰ ব্যৱসায়টোও অলপো বৃদ্ধি কৰিব নোৱাৰে ৷ 

দৰিদ্ৰ শ্ৰেণীটোক কোনো কাৰণতে দৰিদ্ৰতাৰ কৱলৰ পৰা মুক্ত হ’ব দিব নিবিচাৰে আমাৰ সমাজৰ তথাকথিত সভ্য তথা শিক্ষিত ব্যক্তি এচামে ৷ সামাজৰ দৰিদ্ৰ শ্ৰেণীটোক সহায় কৰাৰ মানসিকতাটো নায়েই আনকি তেওঁলোকে জীৱন নিৰ্বাহৰ বাবে কিবা এটা ব্যৱসায় হাতত ল’লে সেইটোও  টিকি থাকিব দিব নিবিচাৰে সংকীৰ্ণ মনৰ তথা  মুখাপিন্ধা ভদ্ৰলোক সকলে


ইয়াৰ কাৰণ হৈছে কেৱল অন্ন-বস্ত্ৰৰ তাৰণাত দিনে-নিশাই ,ৰ’দে-বৰষুণে,জাৰে-জহে কষ্ট কৰি ব্যৱসায় কৰি থকা এই ক্ষুদ্ৰ ব্যৱসায়ী সকলক কোনো এবিধ সামগ্ৰী বিক্ৰীৰ বিনিময়ত দহ টকা অথবা বিশ টকা এটা লাভ কৰাৰো সুযোগ দিব নিবিচাৰে  আমাৰ তথাকথিত সভ্য তথা শিক্ষিত সমাজৰ গৰিষ্ঠ সংখ্যক গ্ৰাহকে ৷ যাৰ ফলত তেওঁলোকে বছৰ বছৰ ধৰি অক্লান্ত পৰিশ্ৰম কৰি ব্যৱসায়  চলাই থাকিও দৰিদ্ৰতাৰ কৱলৰ পৰা মুক্ত হ’ব নোৱাৰে ৷ কিন্তু যি সকল ব্যৱসায়ীয়ে ভাত-কাপোৰৰ তাৰণাত ব্যৱসায় কৰি থকা নাই,যি সকল ব্যৱসায়ীক জীৱনত অভাৱে স্পৰ্শ কৰি পোৱা নাই,যি সকল ব্যৱসায়ীয়ে কেৱল বেংক বেলেঞ্চ বৃদ্ধিৰ বাবে ব্যৱসায় কৰি আছে,যি সকল ব্যৱসায়ীয়ে নিজৰ সম্পদ বৃদ্ধিৰ বাবেহে ব্যৱসায় কৰি আছে,যি সকল ব্যৱসায়ীয়ে নিজৰ ব্যৱসায়ীক সাম্ৰাজ্য বৃদ্ধিৰ বাবেহে ব্যৱসায় কৰি আছে সেই সকলে যিকোনো সামগ্ৰীত যিমান লাভ ল’লেও  কোনো আক্ষেপ নাই ,কোনো অভিযোগ নাই ,কোনো অনুযোগ নাই আমাৰ সমাজৰ তথাকথিত ভদ্ৰ তথা শিক্ষিত গ্ৰাহক সকলৰ । অৰ্থাৎ ধনী শ্ৰেণীটোক ধন বৃদ্ধি কৰাত বিনাদ্বিধাই সহায় কৰি যাব কিন্তু  দৰিদ্ৰ শ্ৰেণীটোক কোনো কাৰণতে দৰিদ্ৰতাৰ কৱলৰ পৰা মুক্ত হ’ব দিব নিবিচাৰে আমাৰ সমাজৰ তথাকথিত সভ্য তথা শিক্ষিত ব্যক্তি এচামে ৷ সামাজৰ দৰিদ্ৰ শ্ৰেণীটোক সহায় কৰাৰ মানসিকতাটো নায়েই আনকি তেওঁলোকে জীৱন নিৰ্বাহৰ বাবে কিবা এটা ব্যৱসায় হাতত ল’লে সেইটোও  টিকি থাকিব দিব নিবিচাৰে সংকীৰ্ণ মনৰ তথা  মুখাপিন্ধা ভদ্ৰলোক সকলে ৷

 এচাম মধ্যবিত্ত তথা ধনী শ্ৰেণীৰ সন্তানৰ দৰে বিভিন্ন সংগঠন গঠন কৰি বিভিন্ন অনুষ্ঠানৰ নামত ঠিকাদাৰ-ব্যৱসায়ীৰ পৰা দাবী-ধমকীৰে চান্দা সংগ্ৰহ কৰি বিলাসী জীৱন যাপন কৰাৰ বিপৰীতে যিসকল  ব্যক্তি তথা যুৱক-যুৱতীয়ে সাধাৰণ ভাৱে হ’লেও ব্যৱসায় বাণিজ্য কৰি জীৱন নিৰ্বাহ কৰাৰ লগতে আনকো স্বাৱলম্বীতাৰ নিদৰ্শন দেখুৱাই আহিছে সেই সকল ব্যক্তি তথা যুৱক-যুৱতীক আমি সন্মান দিয়া উচিত ,সেই সকলৰ প্ৰতি আমি সহানুভুতিশীল হোৱা উচিত ৷ কিন্তু সেই সকল লোকৰ প্ৰতি আমাৰ সমাজৰ গৰিষ্ঠ সংখ্যক ব্যক্তিয়ে এনে ধৰণৰ আচৰণ কৰে ,এনে ধৰণৰ মানসিকতা পোষণ কৰে যেনিবা সেই সকল সমাজৰ তৃতীয় শ্ৰেণীৰহে লোক ৷

 

      আমি সকলোৱে এগৰাকী ভাল পিতৃ-মাতৃ,এগৰাকী ভাল স্বামী-স্ত্ৰী,এগৰাকী ভাল ভাই-ভনী,এগৰাকী ভাল বন্ধু-বন্ধৱী,এগৰাকী ভাল অভিভাৱক-অভিভাৱিকা,এগৰাকী ভাল শিক্ষক-শিক্ষয়ত্ৰী, এগৰাকী ভাল বিষয়া-কৰ্মচাৰী,এগৰাকী ভাল সমাজকৰ্মী, এগৰাকী ভাল নেতা,এগৰাকী ভাল শিল্পী,এগৰাকী ভাল সাহিত্যিক,এগৰাকী ভাল প্ৰতিৱেশী তথা এগৰাকী ভাল গৃহস্থ অথবা গৃহিণী হোৱাৰ লগতে এগৰাকী ভাল গ্ৰাহক হ’বলৈও চেষ্টা কৰিব লাগে ; যাতে আমাৰ সমাজত সৰু সৰু ব্যৱসায় কিছুমান কৰি কোনোমতে  পৰিয়াল পোহপাল দি থকা ,সৰু সৰু ব্যৱসায় কৰি নিজৰ ল’ৰা-ছোৱালী কেইটাৰ কিতাপ-কাগজ ,কাপোৰ-কানি খিনৰ লগতে পৰিয়ালটোৰ মৌলিক প্ৰয়োজন খিনি কোনোমতে পুৰণ কৰি থকা দৰিদ্ৰ  তথা নিম্ন মধ্যবিত্ত শ্ৰেণীৰ কৰ্মশীল ব্যক্তি সকলে আমাৰ পৰা কিছু উচ্ছাহ-উদ্দীপনা পায়,আমাৰ পৰা যাতে কিছু পৰিমাণে হ’লেও প্ৰেৰণা পায় , আমাৰ পৰা পোৱা সহানুভুতি খিনিয়ে যাতে তেওঁলোকৰ পৰিয়ালবোৰৰ অন্ততঃ মৌলিক প্ৰয়োজন খিনি পুৰণৰ ক্ষেত্ৰত কিছু পৰিমাণে হ’লেও সহায়ক হয় ৷৷ 


লেখকৰ ঠিকনা-

বুঢ়াদৈ চপৰা,দৰং

দুৰভাষ-৯৮৫৪৬৪০৫৪২

No comments