আদিবাসী সমাজৰ জাতীয় লোক-সংস্কৃতিৰ উৎসৱ 'টুচু পৰৱ' ...টুচুৰ অৰ্থ কুঁৱৰী। কুঁৱৰী ছোৱালী সকলে মিলি কুঁৱৰী ছোৱালী এঘৰত 'টুচু থাপে...
আদিবাসী সমাজৰ জাতীয় লোক-সংস্কৃতিৰ উৎসৱ 'টুচু পৰৱ'
...টুচুৰ অৰ্থ কুঁৱৰী। কুঁৱৰী ছোৱালী সকলে মিলি কুঁৱৰী ছোৱালী এঘৰত 'টুচু থাপে'....টুচুমণি সকলে ফুল-ফল পিঠা-পনা, গুৰ-মিঠৈ, লাড়ু-মূড়ী, আখৈ, বুট-মাহৰ প্ৰসাদ আদিৰে টুচু দেৱীক অৰ্পন কৰি সেৱা লয় আৰু নাচ-গান কৰে....
কৃষ্ণ পাতৰ :
'টুচু পৰৱ' ভাৰতীয় আদিবাসী সমাজৰ অন্যতম মহত্বপূৰ্ণ উৎসৱ। পৌষ পৰৱ, মকৰ পৰৱ আৰু টুচু পৰৱ মূলতঃ এই তিনিটা নামেৰে জনাজাত। পুহ মাহত পালন কৰা বাবে পৌষ পৰৱ, মকৰ সংক্ৰান্তিৰ দিনা পালন কৰা বাবে মকৰ পৰৱ আৰু টুচু দেৱীৰ পূজা কৰা হয় বাবে টুচু পৰৱ এই তিনিটা নামেৰে জনাজাত।
এই উৎসৱ 'টুচু' দেৱীৰ পূজাক কেন্দ্ৰ কৰি উৎপত্তি হৈছে যদিও মূলতঃ কৃষি ভিত্তিক উৎসৱ। ভাৰতবৰ্ষৰ আদিবাসী প্ৰধান ৰাজ্য বিশেষ কৈ বিহাৰ, ঝাৰখণ্ড, ছত্তীছগড়, উড়িষা, পশ্চিম বংগ আদি ৰাজ্যৰ ৰায়পুৰ, মেদিনীপুৰ, পুৰুলিয়া, ঝাড়গ্ৰাম, বাৰীপদা, তামাড়, ইছাগড়, পটমদা, ৰৌড়কিল্লা আদি জিলা সমূহৰ সমান্তৰালকৈ অসমৰ চাহ বাগিচা আৰু আদিবাসী চাহ জনগোষ্ঠীয় লোক সকলে বসবাস কৰা অধ্যোষিত অঞ্চল সমূহতো উলহ-মালহৰে পালন কৰা হয়। আনহাতেদি উল্লেখিত ৰাজ্য সমূহত বৃহৎ বৃহৎ 'টুচু মেলা' ৰো আয়োজন হৈ আহিছে। লাখ লাখ লোকৰ সমাগম হোৱা মেলাত সপ্তাহ জোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে 'টুচু নৃত্য-গীত' আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ ৰূপায়ণ কৰা হয়।
মকৰ সংক্ৰান্তিৰ এমাহৰ আগৰ পৰা আৰম্ভ হৈ মকৰ সংক্ৰান্তিৰ দিনা টুচু পূজা সমাপ্ত হয়। এই উৎসৱৰ মহত্বপূৰ্ণ তত্ত্ব হৈছে লোকগীত-নৃত্য, পিঠা-পনা আৰু টুচু-মেলাৰ আয়োজন। এই উৎসৱৰ লগত সংগতি ৰাখি "ফৌদি খেল', 'চিকাৰ কৰা" আদিৰো প্ৰচলন আছে।
পৌৰাণিক লোকগাঁথা অনুসৰি পূৰ্ব ভাৰতত এজন দৰিদ্ৰ কুৰ্মী সম্প্ৰদায়ৰ খেতিয়কৰ ঘৰত 'টুচুমণি' নামৰ এগৰাকী কন্যাৰ জন্ম হৈছিল। টুচুমণি পৱিত্ৰ হৃদয়েৰে 'হৰ-গৌৰী'(পাৰ্বতী দেৱী) দেৱীক আৰাধনা কৰিছিল। সমাজ হিতৈষী হিচাবে সৰ্বসাধাৰণ লোকৰ বাবে সদায় মংগল কামনা কৰি আহিছিল। হৰ-গৌৰীৰ কৃপাতে মানুহৰ অপায় -অমংগল, দুখ-দূৰ্গতি সমূহ দূৰ হ'বলৈ ধৰা দেখি। সকলোৱে টুচুমণিক হৰ-গৌৰীৰে অৱতাৰ বুলি গন্য কৰি পূজা-ভক্তি কৰিবলৈ ধৰিলে। দিপলিপ টুচমণিৰ ৰূপ, গুণ-গৰিমাৰ বিষয়ে ক্ৰমান্বয়ে চাৰিও দিশে বিয়পিবলৈ ধৰিলে। আনকি বংগৰ ৰজা চিৰাজদ্দৌলাৰ কাণতো সেই খবৰ পৰিছিল। এবাৰ সৈন্য সকলে ৰজা চিৰাজদ্দৌলাৰ ৰাণী কৰিবৰ বাবে টুচুমণি আৰু টুচুমণিৰ দৰিদ্ৰ পিতৃক বলপূৰ্বক ভাৱে বন্দী কৰি আনিলে। ৰজা চিৰাজদ্দৌলাই সৈনিক সকলৰ এই কৰ্ম-কাণ্ডৰ প্ৰতি মুঠেই সমৰ্থন নজনালে, বৰং সৈনিক সকলক শাস্তি প্ৰদান কৰিলে। নিৰ্দোষী টুচুমণি আৰু পিতৃক সন্মান সহকাৰে মুকলি কৰি সন্মান সহকাৰে তেওঁলোকৰ নিজ গৃহত আনি থয়। এই খবৰ চাৰিওফালে বিয়পি পৰিল। মানুহৰ মাজত ভুভু-ভাভা ক'বলৈ আৰম্ভ কৰিলে। আনকি টুচুমণিৰ পৱিত্ৰতাৰ প্ৰতিও সন্দেহ কৰিলে। এই ঘটনাটোৰ বাবে টুচুমণিয়ে মনত বৰ আঘাত পালে আৰু 'দামোদৰ' নদীত আত্মজাহ দিলে। পিতৃৰ লগতে আত্মীয়সকলে নদীৰ পাৰলৈ দৌৰি আহে যদিও ৰক্ষা কৰিবলৈ নোৱাৰিলে। সকলোৱে কন্দা-কটা কৰিবলৈ ধৰিলে। তেনেদৰেই কেইবাদিনো কন্দা-কটা কৰাৰ পিছত এদিন নদীৰ পৰা টুচুমণিয়ে দেখা দি ক'লে যে, হৰ-গৌৰী দেৱীক আৰাধনা কৰিলেই তেঁৱক পাব। সেই দিনটো মকৰ সংক্ৰান্তিৰ দিন আছিল। সেই দিনাৰ পৰাই প্ৰতি বছৰে সেই বিশেষ মকৰ সংক্ৰান্তিৰ দিনটোৰ পৰাই নদীৰ পাৰত গৈ হৰ-গৌৰী দেৱীক টুচু মণিৰ স্মৃতিত পূজা-আৰাধনা আৰম্ভ হ'ব ধৰিলে। কুৰ্মী সমাজৰ জীয়ৰীৰ আত্ম বলিদান স্বৰূপে 'টুচু পূজা' আৰু টুচু পৰৱ পালন হ'ব ধৰিলে। কালক্ৰমত সেই দিনটো কুৰ্মী সমাজৰ লগতে সমগ্ৰ আদিবাসী সমাজৰ মাজত টুচু পূজা আৰু টুচু পৰৱ এক পৰম্পৰাগত লোক-সংস্কৃতিৰ উৎসৱ হিচাপে প্ৰচলন হ'ব ধৰিলে।
টুচু গীত সমূহৰ জৰিয়তে টুচু দেৱীৰ ৰূপ,গুণ-গৰিমা আদি বৰ্ণনা কৰাৰ উপৰিও ডেকা-গাভৰু সকলৰ মনৰ ভাৱ প্ৰকাশ কৰা হয়। আনহাতে দৈনন্দিন জীৱনৰ আনন্দ বেদনাৰ মাজত টুচুদেৱীক এগৰাকী সাধাৰণ আবেগ-অনুভূতিৰ নাৰীৰ প্ৰতীক হিচাপে টুচুগীত সমূহত আদিবাসী লোকৰ জীৱনৰ সুখ-দুখ, হাঁহি-কান্দোন, আশা- আকাঙ্খা, অভাৱ-অভিযোগ আদি প্ৰকাশ পায়।
টুচুৰ অৰ্থ কুঁৱৰী। কুঁৱৰী ছোৱালী সকলে মিলি কুঁৱৰী ছোৱালী এঘৰত 'টুচু থাপে' (স্থাপন কৰে)। টুচু থাপা কুঁৱৰী ছোৱালী সকলক 'টুচুমণি' বোলে আনহাতে যি গৰাকী কুঁৱৰী ছোৱালীৰ ঘৰত টুচু থাপে সেইগৰাকীক 'টুচু মা' বুলি কোৱা হয়। প্ৰতি সন্ধিয়া সেই ঘৰৰ নিৰ্দিষ্ট স্থানত চাকি-বন্তি দি টুচু দেৱীক আৰাধনা কৰা 'বৈঠাখানিয়া' গীত সমূহ গোৱা হয়। এমাহৰ অন্তত মকৰ সংক্ৰান্তিৰ আগৰাতি(অসমৰ ক্ষেত্ৰত ভোগালী বিহুৰ উৰুকা নিশা) 'চুটু গীত-নৃত্য'ৰে জাগৰণ (উজাগৰে থকা) কৰা হয়। সেই নিশা প্ৰত্যেক টুচুমণি সকলে ফুল-ফল পিঠা-পনা, গুৰ-মিঠৈ, লাড়ু-মূড়ী, আখৈ, বুট-মাহৰ প্ৰসাদ আদিৰে টুচু দেৱীক অৰ্পন কৰি সেৱা লয় আৰু নাচ-গান কৰে।
মকৰ সংক্ৰান্তিৰ দিনা পুৱাই 'মকৰ স্নান' কৰি গাঁৱৰ ডেকা-গাভৰু লগতে সকলোৱে মিলি টুচু দেৱীক বাঁহ-বেতৰে তৈয়াৰী আৰু ৰঙীন কাগজৰে সজা 'চৌড়ল ' ত (মন্দিৰ আকৃতিৰ দোলা) অথবা 'হৰগৌৰী' দেৱীৰ মূৰ্তিক গাঁৱৰ প্ৰতি ঘৰে ঘৰে ফুৰোৱা হয়। ইয়াক 'টুচু বুলা' বুলি কোৱা হয়। সকলোৱে ৰং-বিৰঙৰ নতুন নতুন পোচাক-পৰিচ্ছদ, প্ৰসাধন আদিৰে সৌন্দৰ্য বৰ্দ্ধন কৰে আৰু দিনটো আনন্দ-স্ফূৰ্তিত টুচু গীত-নৃত্য কৰি সন্ধিয়া পৰত নদীত বা জলাশয়ত টুচু দেৱীক বিসৰ্জন দিয়ে। টুচুদেৱীক এগৰাকী সৰ্বশক্তিমান দূৰ্গতি নাশিনী দেৱী বুলি মনা হয়। টুচু গীত সমূহৰ জৰিয়তে টুচু দেৱীৰ ৰূপ,গুণ-গৰিমা আদি বৰ্ণনা কৰাৰ উপৰিও ডেকা-গাভৰু সকলৰ মনৰ ভাৱ প্ৰকাশ কৰা হয়। আনহাতে দৈনন্দিন জীৱনৰ আনন্দ বেদনাৰ মাজত টুচুদেৱীক এগৰাকী সাধাৰণ আবেগ-অনুভূতিৰ নাৰীৰ প্ৰতীক হিচাপে টুচুগীত সমূহত আদিবাসী লোকৰ জীৱনৰ সুখ-দুখ, হাঁহি-কান্দোন, আশা- আকাঙ্খা, অভাৱ-অভিযোগ আদি প্ৰকাশ পায়। পৰম্পৰাগত ভাৱে মুখে-মুখে বাগৰি অহা এই লোকগীত সমূহত আদিবাসী সমাজৰ সাহিত্য- সংস্কৃতিৰ পৰিপূৰ্ণ সুন্দৰ ভঁৰালৰ দৰে। গীত সমূহক পৌৰাণিক আৰু আধুনিক এই দুভাগত ভাগ কৰা হৈছে। অতীতত পৌৰাণিক 'বৈঠাখানিয়া' গীত সমূহৰ লগত নৃত্যৰ প্ৰচলন নাছিল যদিও কাল ক্ৰমত বৰ্তমান আধুনিক গীত-নৃত্যৰ প্ৰচলন হ'ব ধৰিলে।
মাঘ মাহৰ প্ৰথম দিনটোৰ পৰাই কৃষি কৰ্মক আৰম্ভণি কৰা হয়। পুৰুষ সকলে হাল(নাঙল)-কোৰ লৈ নিজ নিজ পথাৰত গৈ মাটি চহোৱা 'যাত্ৰা' নিয়ম (আৰম্ভ) কৰে। যাত্ৰা কৰি ঘৰলৈ ঘূৰি অহাৰ পিছত তিৰোতা-মহিলা সকলে মাহ-হালধি, মিঠাতেল আদিৰে ভৰিত সানি পুৰুষ সকলক সেৱা-শুশ্ৰূষা কৰি আদৰ-স্নেহেৰে পিঠি-পনা, জা-জলপান দিয়ে। সেই দিনাৰ পৰা আৰম্ভ কৰি এমাহ ধৰি জেষ্ঠ সকলৰ ভৰিত ধৰি 'সেৱা কৰে' আৰু মহিলা সকলে জ্যেষ্ঠ সকলক ঘটী পানী লৈ ঘৰে ঘৰে গৈ 'ভৰি ধুওৱা' আৰু 'সেৱা কৰা' তথা জ্যেষ্ঠ সকলেও সুখ-সমৃদ্ধিৰ বাবে আশীৰ্বাদ দিয়া পৰম্পৰা আছে
মকৰ সংক্ৰান্তিৰ পিছৰ দিনটো 'বাউড়ি' বা 'আখইন যাত্ৰা' বিশেষ ভাবে পালন কৰা হয়। 'আখইন যাত্ৰা' দিনা আবেলি 'ফৌদি সোমোৱা ঘৰলৈ হাবি-জংঘলৰ পৰা 'চিকাৰ' কৰি অনা পৰম্পৰা আছে।
আদিবাসী জনগোষ্ঠীৰ লোকসকল প্ৰধানকৈ কৃষি কৰ্মৰ লগত জড়িত সেয়েহে মাঘ মাহৰ প্ৰথম দিনটোৰ পৰাই কৃষি কৰ্মক আৰম্ভণি কৰা হয়। পুৰুষ সকলে হাল(নাঙল)-কোৰ লৈ নিজ নিজ পথাৰত গৈ মাটি চহোৱা 'যাত্ৰা' নিয়ম (আৰম্ভ) কৰে। যাত্ৰা কৰি ঘৰলৈ ঘূৰি অহাৰ পিছত তিৰোতা-মহিলা সকলে মাহ-হালধি, মিঠাতেল আদিৰে ভৰিত সানি পুৰুষ সকলক সেৱা-শুশ্ৰূষা কৰি আদৰ-স্নেহেৰে পিঠি-পনা, জা-জলপান দিয়ে। সেই দিনাৰ পৰা আৰম্ভ কৰি এমাহ ধৰি জেষ্ঠ সকলৰ ভৰিত ধৰি 'সেৱা কৰে' আৰু মহিলা সকলে জ্যেষ্ঠ সকলক ঘটী পানী লৈ ঘৰে ঘৰে গৈ 'ভৰি ধুওৱা' আৰু 'সেৱা কৰা' তথা জ্যেষ্ঠ সকলেও সুখ-সমৃদ্ধিৰ বাবে আশীৰ্বাদ দিয়া পৰম্পৰা আছে। আনহাতে আত্মীয়-কুটুম্বৰ ঘৰলৈ পিঠা-পনা আদি দিয়াৰো নিয়ম আছে। এই পৰম্পৰাটোক 'গড় লগা' পৰব বুলিও কোৱা হয়।
বছৰৰ মূৰত এবাৰ হ'লেও আত্মীয়-কুটুম্বৰ মাজত মিলন হোৱাটো এই উৎসৱৰ অন্যতম বৈশিষ্ট্য। ইয়াৰ উপৰিও আনন্দ-উল্লাসৰ মাজেদি ইজনে সিজনৰ মাজত মিলা-প্ৰীতি, ভাতৃ বোধ আৰু বন্ধুত্ব, প্ৰেম-প্ৰীতি গঢ়ি উঠে।
No comments