Page Nav

HIDE

Grid

GRID_STYLE

আদিবাসী সংগ্ৰামী সত্বাৰ অন্য নাম--লক্ষ্মী ওৰাং

মুক্তিৰ সপোন: শ্ৰেণীসংগ্ৰামৰ ধাৰা আদিবাসী সকলৰ ন্যায়সংগত অধিকাৰ  --- আদিবাসীসকলৰ ওপৰত অত্যাচাৰ, শোষন বঞ্চন বিৰুদ্ধে প্ৰৱল জনমত গঠন কৰাৰ ওৰাঙ...


মুক্তিৰ সপোন: শ্ৰেণীসংগ্ৰামৰ ধাৰা আদিবাসী সকলৰ ন্যায়সংগত অধিকাৰ 


---আদিবাসীসকলৰ ওপৰত অত্যাচাৰ, শোষন বঞ্চন বিৰুদ্ধে প্ৰৱল জনমত গঠন কৰাৰ ওৰাঙে গুৰুত্বপুৰ্ণ ভূমিকা লৈছিল ৷সমাজ সংস্কাৰৰ ওপৰতো মনোনিৱেশ কৰি আহিছে 

ৰমেশ চন্দ্ৰ চৰেণ


নিষ্পেষিত শোষিত, প্ৰবঞ্চিত, লাঞ্ছিত, বঞ্চিত, নিৰ্যাতিত আৰু চিৰ অৱহেলিত এক বৃহৎ জনগোষ্ঠীক নাম আদিবাসী ৷প্ৰাচীন কালৰে পৰাই এই বৃহত্তম জনগোষ্ঠী অন্ধকাৰৰ কৱলত ককবকাই আছে ৷ যেন মুক্তিৰ পথ নাই ৷ একবিংশ শতিকাতো এই জনগোষ্ঠীটোৱে দিনকদিনে উচিত মৰ্যাদাহীনভাৱে দিন অতিব‌হিত কৰিছে৷ অৱহেলিত এচামে মৃত্যুৰ ক্ষণ গণিছে ৷ আদিবাসী সকলৰ মৰ্যাদা আৰু  ন্যায়সঙ্গত অধিকাৰ আজি  ৰাজপথত বিবস্ত্ৰ ৷ নানা সময়ত না‌না নিৰ্যাতন, উৎপীড়ন কৰা  হৈছে আদিবাসীসকলক ৷ প্ৰাচীন কালৰে  বৰ্ণবাদীৰ কবলত পৰা উপৰিউক্ত শক্তিৰ দ্বাৰা সৰ্বতোদিশে লাঞ্ছিত, বঞ্চিত,  নিৰ্যাতিত আৰু চিৰ অৱহেলিত ৷ তেন্তে আদিবাসী সকল মুক্তি পাব কেতিয়া ? এয়া এক নিৰ্মোহ বাস্তৱ ৷ যদিও মুক্তিৰ সপোন দেখা  সম্প্ৰতি এই বৰ্ণবিদ্বেষ শ্ৰেণীবৰ্জিত সংগ্ৰামৰ ধাৰা অক্ষুণ্ণ ৰখা আদিবাসী সকলৰ ন্যায়সংগত অধিকাৰ তথা মানৱ মৰ্যাদা প্ৰতিষ্ঠাৰ হেতু এক বলিষ্ঠ কণ্ঠ  যাৰ নামেই পৰিচয় , বিশ্বনাথ জিলাৰ জপৌবাৰী গাওঁত জন্মগ্ৰহন কৰা লক্ষ্মী ওৰাং নামৰ নিৰ্যাতিতা গৰাকী ৷ পিতৃ দেৱা ওৰাং আৰু মাতৃ শ্ৰীমতী চিমা ওৰাংৰ তিনিপুত্ৰৰ সৈতে  একমাত্ৰ কনিষ্ঠা কন্যা ৷জপৌবাৰী এল পি স্কুলৰ পৰা প্ৰাথমিক স্তৰৰ শিক্ষা সাং কৰাৰ পাছত কুঁৱৰীৰ  হৰেশ্বৰ গোৱালা এম ই স্কুলত নামভৰ্তি কৰে ৷ ক্ৰমাগত ভাবে বুঢ়ামাধৱ হাইস্কুলত শিক্ষা গ্ৰহন কৰি ২০০৮ চনত প্ৰৱেশিকা পৰীক্ষা অৱতীৰ্ণ হয় ৷যদিও জীৱনযুজৰ সংকটপুৰ্ণ অৱস্থাৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হব নোৱাৰিলে ৷সৰু কালৰে পৰা বৈপ্লৱিক মনোভাৱাপন্ন,  সহজ  সৰলমনা স্বভাৱৰ  আছিল লক্ষ্মী ওৰাং ৷ অন্যায়ৰ বিৰুদ্ধাচৰণ কৰিছিল সৰুকালৰে পৰা ৷ কাৰো বহতীয়া হব নিবিচাৰিছিল ৷ পৰ্যায় ক্ৰমে বৰ্তমানৰ  আসোঁৱাহপুৰ্ণ পক্ষপাতমুলক সমাজব্যৱস্থা ,আদিবাসী জনগোষ্ঠীক চৰকাৰ তথা বিভিন্ন পক্ষই কৰা প্ৰতাৰণা, প্ৰৱঞ্চনা তথা ন্যায় সংগত অধিকাৰৰ পৰা বঞ্চিত কৰাৰ যি ষড়যন্ত্ৰ মানি লৱ পৰা নাছিল  ৷সততে অন্যায়ৰ বিৰুদ্ধে যুজ দি অহা লক্ষ্মী ওৰাঙে  নিৰ্ভিকভাবে মাত মাতি আহিছে  ৷বিশেষকৈ আদিবাসীসকলৰ  ন্যায় সংগত অধিকাৰৰ পৰা বঞ্চিত কৰি অহা চৰকাৰৰ ভুমিকাৰ ওপৰত বৰকৈ সোচ্ছাৰ হৈ পৰে ৷আদিবাসীসকলৰ বিভিন্ন প্ৰতিবাদী সভা আদিত অংশ গ্ৰহন কৰাৰ লগতে বিভিন্ন সময়ত ধৰ্ণা ,অনশন প্ৰতিবাদী সমদলত বলিষ্ঠ ভুমিকা লৈছিল ছাত্ৰ অৱস্থাতে  ৷প্ৰথম অৱস্থাত  সংগঠন আদিত আনুষ্ঠানিক যোগদান  কৰা নাছিল ৷যদিও পৰৱৰ্তী সময়ত আদিবাসী ছাত্ৰ সন্থাৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক পুৰ্বক যোগদান কৰে ৷ আৰু পিছলৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ আঞ্চলিক সমিতিৰ  সদস্যাৰূপে দায়িত্বভাৰ লৈ  সাংগঠনিক কামকাজ কৰাৰ উপৰিও জনগোষ্ঠীটোৰ   স্বাৰ্থজড়ীত বিভিন্ন  বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সাংগাঠনিক কাম কাজসমুহ কৰি আহিছে ৷ ২০০৭ চনৰ ২৪ নৱেম্বৰৰ সেই অভিশপ্ত দিনটো আছিল ৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বিভিন্ন জিলা ,আঞ্চলিক, ও প্ৰাথমিক সমিতি তথা সমুহ আদিবাসী ৰাইজৰ সহযোগত গুৱাহাটীৰ দিশপুৰ লাষ্টগেটত ধৰ্ণা কাৰ্যসুচী ৰূপায়ন কৰা হৈছিল ৷বেলতলাৰ মাজেৰে প্ৰায় কেইবা সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী সমন্বিতে সহজ  সৰল আদিবাসী ৰাইজে আদিবাসী ছাত্ৰ সন্থা জিন্দাবাদ , আমাক জনজাতিকৰণ কৰিবই  লাগিবই ৷ জনজাতিকৰন আমাৰ ন্যায্য দাবী, No st No Rest আদি শ্লোগানেৰে আকাশ বতাহ উত্তাল কৰি লাষ্টগেট অভিমুখে ৰাওনা হয় ৷ঠিক সেই সময়তে আদিবাসী বিৰোধী লোক কিছুমানে প্ৰতিবাদকাৰীসকলৰ ওপৰত হঠাৎ আক্ৰমাত্মকভাবে জপিয়াই পৰে ৷প্ৰতিবাদীসকলৰ ওপৰত অতি নিৰ্মমভাবে লাঠি ৰড আদিৰে প্ৰহাৰ কৰি শতাধিক লোকক আহত কৰাৰ উপৰিও অৰ্ধশতাধিক  লোকক মৃত্যুমুখত পৰিবলগীয়া হয় ৷ মহিলা সকলকো আক্ৰমণ লক্ষ্য কৰি লৈ আদিবাসী বিৰোধী একাংশ লোকে ৷

 চৰকাৰৰ প্ৰলোভনেও টলাব পৰা নাচিল  প্ৰকৃত সংগ্ৰামী সত্বাৰ অধিকাৰী লক্ষ্মী ওৰাঙক  ৷ চাকৰি আৰু ধনৰ টোপোলাও কাম  নিদিয়া হল চৰকাৰী পক্ষৰ ৷সহজ সৰলমনাৰ বিপ্লবীমনৰ ছোৱালীজনীক লৈ দেশৰ   একাংশ ৰাজনৈতিক মহলে ৰাজনৈতিক  স্বাৰ্থসিদ্ধিৰ হেতু বিভিন্ন সভা সমিতিত আদিত আদিবাসী সকলৰ আবেগ আৰু বিবেকক লৈ ৰাজনীতি কৰাৰ কথাও জানিব পৰা গৈছিল ৷শেষত লক্ষ্মীয়ে আদিবাসী সমাজৰ জনজাতিকৰনকে ধৰি নিপিড়িত চাহ শ্ৰমিকৰ ন্যায়সংগত অধিকাৰ সাব্যস্তৰ বাবে সকলো ৰাইজৰ পৰামৰ্শ সাপেক্ষে "আদিবাসী আইকন লক্ষ্মী ওৰাং" নামেৰে এটি সামাজিক সংগঠনৰ জন্ম দিয়ে ৷ আদিবাসী স্বাৰ্থত এই সামাজিক সংগঠনে  অবিৰামভাৱে  কাম কৰি আহিছে ৷

 আৰক্ষী  চক্ষুৰ  সন্মুখতে  ১৬ বছৰীয়া এগৰাকী ছাত্ৰী লক্ষ্মী  ওৰাঙক গুৱাহাটীৰ ৰাজপথত নিৰ্মমভাৱে   প্ৰহাৰ কৰি হত্যাৰ অপচেষ্টা চলাই  ৷ ইয়াতো ক্ষান্ত নাথাকি  নৰাধম সকলে লক্ষ্মী ওৰাঙৰ  শ্লীলতা হানিৰ  প্ৰচেষ্টাও চলাই ৷  এয়া এক   বৰ্বৰ  অমানৱীয় ঘটনা ৷ সমগ্ৰ নাৰী জাতিৰ ওপৰত হোৱা এক আক্ৰমণ বুলিও  কব পাৰি ৷ আৰক্ষীৰ চক্ষুৰ সন্মুখত হোৱা এয়া এক পৰিকল্পিত ঘটনা বুলিও বিভিন্ন মহলে সন্দেহ প্ৰকাশ কৰে ৷আৰক্ষীৰ ভূমিকাও সন্দেহজনক আছিল ৷ভুক্তভোগী আন একাংশৰ মতে আৰক্ষী সকলেও প্ৰতিবাদীকাৰী সকলৰ ওপৰত নিৰ্মম ভাবে প্ৰহাৰ কৰিছিল ৷আনহাতে এনে অনাকাংক্ষিত ঘটনা হতবাক হৈ পৰা প্ৰতিবাদী লোকসকলে যেনিতেনি পাৰ্যমানে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে পলায়নৰ চেষ্টা কৰে ৷যদিও নীচ নৰাধমসকলে  খেদি খেদি প্ৰহাৰ কৰি হত্যা কৰিবলৈ ধৰে ৷নিমিষতে  গুৱাহাটীৰ বেলতলা তেজেৰে ৰাঙলী হৈ পৰিল ৷অত তত কেচা তেজে ডোঙা বান্ধিছে ৷এই খিনিতে বিশেষভাৱে উল্লেখ কৰিব লাগিব যে প্ৰাণৰ মায়াত পলাই  সাৰিবলৈ বিচৰা আদিবাসী মহিলাও বাচি নগ'ল ৷ বেলতলাৰ নিৰ্মিয়মান ঘৰত এচুকত আত্মগোপন  কৰা আদিবাসী মহিলাক  শ্লীলতাহানিৰ প্ৰচেষ্টা চলাইছিল গুৱাহাটীৰ একাংশ নৰাধমে ৷ পৰৱৰ্তী সময়ত এই বেলতলা কাণ্ডই বিশ্ব কপাই তুলিছিল ৷একেমুখে বিশ্বৰ মানৱ সমাজে  এই ঘটনাৰ একেমুখে গৰিহনা জনাই ৷ অসম তথা ভাৰত চৰকাৰকো ক্ষুৰধাৰ সমালোচনা কৰে বিশ্বৰ বিভিন্ন  প্ৰান্তত থকা বিজ্ঞ সভ্য সমাজে ৷ভাৰতৰ তথা অসমৰ বিভিন্ন স্থানত এই ঘটনাৰ প্ৰতিবাদ জনাই আদিবাসী ছাত্ৰ সন্থাই লক্ষ্মী ওৰাঙক "আদিবাসী আইকন" হিচাবে ঘোষনা কৰি ২৪ নৱেম্বৰ দিনটোক আদিবাসীসকলৰ ইতিহাসত এক "কলা দিন'' হিচাবে চিহ্নিত কৰি "আদিবাসী অধিকাৰ দিবস" ৰূপে পালন কৰাৰ আনুষ্ঠানিক ঘোষনা কৰি আন্দোলন আৰু তীব্ৰতৰ কৰি তোলে  আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে ৷সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থায়ো অপৰাধীক কৰায়ত্ত কৰাৰ  তথা জনজাতিকৰণ কৰা ইচ্চুক লৈ  জোৰদাৰ আন্দোলন  অব্যাহত ৰাখে ৷


আন্দোলনৰ ফলত  সমগ্ৰ  অসমত অস্থিৰতাৰ সৃষ্টি হয় ৷ কোনো আলাপ আলোচনাও সম্ভৱপৰ হোৱা নাছিল ৷ কেৱল আন্দোলন আৰু আন্দোলন ৷ ছাত্ৰ সন্থা আৰু  আদিবাসী ৰাইজৰ দ্বাৰা হোৱা আন্দোলনে চৰম পৰ্যায়ৰ ৰূপ লৈছিল ৷  আন্দোলনৰ  অগণি প্ৰশমিত কৰিবৰ বাবে  বিভিন্ন পক্ষই বিভিন্ন উপায় অৱলম্বন কৰিছিল ৷ চলে বলে কৌশলে ধনে আদি প্ৰলোভিত কৰি সংগঠনৰ নেতা সকলক বশ কৰাৰ অপচেষ্টাও চলাইছিল চৰকাৰখনে ৷অৱশেষত সুযোগ সুবিধা বুজি  জাতীয় সংগঠনৰ   কেইজনমান নেতাই ইচ্ছাকৃতভাৱেই হওঁক নাইবা  চৰকাৰ প্ৰৰোচনাত পৰিয়েই   হওঁক  মুল বিষয়ক একাষৰীয়া কৰি ৰাজনৈতিক মুনাফা লাভত উঠিপৰি লাগিল ৷এই ঘটনাৰ প্ৰতিক্ৰিয়া ৰূপে বহু আদিবাসী লোকে পঞ্চায়ত নিৰ্বাচনত টিকট লাভ কৰি জনপ্ৰতিনিধি হল ৷বহুতে বিধায়ক মন্ত্ৰী ও  সাংসদ  হল ৷বহুতে আকৌ  হঠাৎ লাখপতিও  হল ৷এক প্ৰকাৰ একাংশ  আদিবাসী নেতাৰ যেন  ভাগ্যই উদয় হোৱা যেন হল ৷কিন্তু ব্যক্তিক্ৰম  নহল বেলতলা কাণ্ডৰ মুল নিৰ্যাতিতা লক্ষ্মী ওৰাং ৷ জনজাতিকৰণকে ধৰি আদিবাসীসকলৰ বিভিন্ন সমস্যা তথা অভাৱ অভিযোগ সমুহৰ দাবীত অটল হৈয়ে থাকিল ৷মুল বিষয়ৰ পৰা তিলমানো লৰচৰ নহল ৷ চৰকাৰৰ প্ৰলোভনেও টলাব পৰা নাচিল  প্ৰকৃত সংগ্ৰামী সত্বাৰ অধিকাৰী লক্ষ্মী ওৰাঙক  ৷ চাকৰি আৰু ধনৰ টোপোলাও কাম  নিদিয়া হল চৰকাৰী পক্ষৰ ৷সহজ সৰলমনাৰ বিপ্লবীমনৰ ছোৱালীজনীক লৈ দেশৰ   একাংশ ৰাজনৈতিক মহলে ৰাজনৈতিক  স্বাৰ্থসিদ্ধিৰ হেতু বিভিন্ন সভা সমিতিত আদিত আদিবাসী সকলৰ আবেগ আৰু বিবেকক লৈ ৰাজনীতি কৰাৰ কথাও জানিব পৰা গৈছিল ৷শেষত লক্ষ্মীয়ে আদিবাসী সমাজৰ জনজাতিকৰনকে ধৰি নিপিড়িত চাহ শ্ৰমিকৰ ন্যায়সংগত অধিকাৰ সাব্যস্তৰ বাবে সকলো ৰাইজৰ পৰামৰ্শ সাপেক্ষে "আদিবাসী আইকন লক্ষ্মী ওৰাং" নামেৰে এটি সামাজিক সংগঠনৰ জন্ম দিয়ে ৷ আদিবাসী স্বাৰ্থত এই সামাজিক সংগঠনে  অবিৰামভাৱে  কাম কৰি আহিছে ৷অন্ধবিশ্বাস, ডাইনী হত্যাৰ ওপৰতো আদিবাসী অধ্যুষিত অঞ্চলসমুহত সজাগতামুলক সভা অনুষ্ঠিত কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷বিশেষকৈ আদিবাসীসকলক জনজাতিকৰণ ,চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি ,মাটি পট্টাৰ ব্যৱস্থা,বাগিচাৰ কামৰ সময় পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ নিৰ্ধাৰিত কৰা ,আদিবাসী শৰণাৰ্থীক পুনৰ সংস্থাপন আদি সমস্যাক সততে  মাত মাতি অহা লক্ষ্মীয়ে কেইবাবাৰো  সহস্ৰাধিক ৰাইজৰ লৈ বিশ্বনাথ জিলাৰ  নিজ গৃহগাওঁ জপৌবাৰী খেলপথাৰৰ পৰা পাভৈ হৈ বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ত  পদযাত্ৰাৰে  প্ৰতিবাদী শ্লোগান দি কাৰ্যসুচী ৰূপায়ণ কৰি প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰে ৷বিভিন্ন সময়ত ৰাইজৰ সহযোগত অনশন কাৰ্যসুচীয়ো সম্পন্ন কৰি আহিছে ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে ঘটনাৰ আজি প্ৰায় ১৩ বছৰ অতিক্ৰম কৰাৰ পাছতো ন্যায় নাপালে নিৰ্যাতিতা গৰাকী ৷প্ৰয়োজনীয় প্ৰমাণ থকাৰ পাছতো অপৰাধী আজি মুকলি আকাশৰ তলত ৷ন্যায় পোৱাৰ শেষ আশাকণতো চেচাপানী পৰিল ৷তথাপিও ভাগি পৰা নাই নিৰ্যাতিতা গৰাকী ৷ ন্যায় পো্ৱাৰ আশাত শেষ বিন্দু তেজ থকালৈকে যুজি যোৱাৰ সংকল্প লয়  ৷শেহতীয়াকৈ  মহামান্য উচ্চতম ন্যায়ালয়ত দ্বাৰস্ত হব বুলিও জানিব পৰা গৈছে ৷ সমান্তৰালকৈ দৃঢ়মণা মনৰ অধিকাৰী লক্ষ্মীয়ে আদিবাসীসকলৰ ন্যায্য অধিকাৰৰ বাবেও  সমানে যুজ দি যাব ৷এনে দৃঢ়সংকল্প মনৰ আমাৰ   নাৰী সমাজত হয়তো খুব কমেই ওলাব ৷ ঘটনাৰ পৰৱৰ্তীকালত লক্ষ্মীয়ে আৰু ঘুৰি চাবলৈ হোৱা নাই ৷অবিৰামগতিত উৰিষ্যা  বিহাৰ অসম ঝাড়খণ্ড পশ্চিমবঙ্গত আদিবাসীসকলৰ ওপৰত বিভিন্ন পক্ষই কৰা অন্যায়,শোষন  লুণ্ঠন, নিৰ্যাতন, বঞ্চনা , চিৰ অৱহেলিত কৰা বিষয়ৰ ওপৰত আলোকপাত কৰি জনমতৰ সৃষ্টি আহিছে ৷অৱশ্যে সফলো হয় ৷ বিভিন্ন ৰাজ্যত সমৰ্থনো আদায় কৰিবলৈ সক্ষম হৈছিল  ৷২০০৮ চনত ঝাড়খণ্ডৰ ৰাজধানী ৰাঁচীত অনুষ্ঠিত হোৱা বিশাল সভাত আমন্ত্ৰিত অতিথি ৰূপে অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ পোৱা শ্ৰীমতী ওৰাঙে "জাগৌ আদিবাসী জাগৌ" নামেৰে কিতাপ এখন উন্মোচন কৰিবলৈ সুবিধা লাভ কৰিছিল ৷বাৰ্ণাড্যভাবে হোৱা এই সভাত সাংসদ চালখান মুৰ্মুকে ধৰি বিশিষ্ট ব্যক্তিসকলে অংশ গ্ৰহন কৰে ৷কোকোৰাঝাৰত অনুষ্ঠিত হোৱা "সিধু কানহু দিৱস"ত (ৰাণাজ’ত হুল মাহা)আদিবাসী নিৰ্যাতিতা  নেত্ৰীগৰাকীয়ে অংশ গ্ৰহন কৰে ৷ আলোচক হিচাবে আছিল  আদিবাসী সমাজৰ বিভিন্ন দল সংগঠনৰ  বিশিষ্ট ব্যক্তিসকল  ৷যত বেলতলা কাণ্ডৰ নিহত লোকসকলক শ্বহীদ হিচাবে ঘোষনা কৰাৰ লগতে ২৪ নৱেম্বৰ দিনটোক  " আদিবাসী অধিকাৰ দিৱস" ৰূপে পালন কৰাৰ বাবেও সকলো স্তৰৰ ৰাইজক আহ্বান জনোৱা হৈছিল ৷উল্লেখ্য যে সাংসদ চালখান মুৰ্মুৰ লগত কলিকতা,ঝাড়খণ্ড,উৰিষ্যাত থকা  আদিবাসীসকলৰ ওপৰত অত্যাচাৰ, শোষন বঞ্চন বিৰুদ্ধে প্ৰৱল জনমত গঠন কৰাৰ ওৰাঙে গুৰুত্বপুৰ্ণ ভূমিকা লৈছিল ৷সমাজ সংস্কাৰৰ ওপৰতো মনোনিৱেশ কৰি আহিছে ৷পৰ্যায়ক্ৰমে সিধু মুৰ্মু বিশ্ববিদ্যালয়, কানহু মুৰ্মু বিশ্ববিদ্যালয়, তথা বিৰচা মুণ্ডা বিশ্ববিদ্যালয়তো অনুষ্ঠিত হোৱা আদিবাসী সজাগতামুলক সভাত অংশ গ্ৰহন কৰা বুলি এই প্ৰতিবেদকক জানিবলৈ দিয়ে ৷ ইয়াৰ উপৰিও ২০০৯ চনত লক্ষ্মী ওৰাঙে  আদিবাসী ছাত্ৰ সন্থা আৰু আদিবাসী মহিলা সংগঠন "আৱা"ৰ উদ্যোগত তেজপুৰ জজ ফিল্ডত আদিবাসীসকলৰ বিভিন্ন সমস্যাৰাজিৰ ওপৰত  অনশন কাৰ্যসূচী ৰূপায়ণ কৰি তেজপুৰ জিলা উপায়ুক্তলৈ এক স্মাৰকপত্ৰ প্ৰদান কৰে ৷ ২০১০ চনত আদিবাসী সকলৰ জনজাতিকৰনকে ধৰি বিভিন্ন জ্বলন্ত সমস্যাসমুহ সমাধানৰ দাবীত গুৱাহাটীত অনশন কাৰ্যসুচী গ্ৰহন কৰা আদিবাসী আইকন লক্ষ্মী ওৰাঙক চৰকাৰী পক্ষই গ্ৰেপ্তাৰ কৰিছিল ৷ ২০১৪ চনত জামছেদপুৰত অনুষ্ঠিত হোৱা বীৰ বিৰচা মুণ্ডা জন্ম জয়ন্তীৰ কাৰ্যসুচীত অংশ গ্ৰহন কৰি সমাজৰ অপশক্তিৰ বিৰুদ্ধে মাৰবান্ধি থিয় হবলৈ আহ্বান জনোৱাৰ লগতে সকলোৱে একতাৰ ডোলেৰে বান্ধ খাই নিজ  সাংবিধানিক অধিকাৰৰ বাবে সংগ্ৰাম চলাই নিয়াৰ মতপোষন কৰে আদিবাসী আইকন গৰাকীয়ে ৷ধাৰাবাহিকভাবে জনগোষ্ঠীটোৰ স্বাৰ্থত ২০১৫ চনৰ পৰা ২০২০ চন পৰ্যন্ত বিশ্বনাথ জিলা কাৰ্যালয়ত ধৰ্ণা প্ৰতিবাদী কাৰ্যসুচী কৰি অহা আহিছে বেলতলাৰ নিৰ্যাতিতাগৰাকীয়ে ৷এক শুভ সময়ৰ ক্ষণ গনি ২০১৪ চনত ওদালগুৰিৰ কলাইগাও নিবাসী বলোৰাম মুৰাৰীৰ লগত বিবাহপাশত  হয় ৷সম্প্ৰতি জপৌবাৰীতে সামান্য জুপুৰী ঘৰ এখন সাজি একমাত্ৰ সন্তানটিৰ লগতে স্বামীসহ এক দুৰ্বিষহ জীৱন যাপন কৰি আছে ৷আৰ্থিক দৈন্যতাই কোঙা কৰি পেলাইছে পৰিয়ালবৰ্গক ৷আনহাতে সমাজসেৱাৰ উৎসাহ আৰু প্ৰেৰণা দিয়া   পিতৃৰ আকস্মিক বিয়োগ হোৱাত লক্ষ্মীয়ে   এক প্ৰকাৰ ভাগি পৰিছে ৷ পৰিয়ালটোৰো পানীত  হাহ নচৰা অৱস্থাৰ পৰিণত হৈছে ৷ সমসাময়িকভাৱে  লক্ষ্মী ওৰাঙৰ বৌ মনিকা ওৰাঙৰো মৃত্যু ঘটাত পৰিয়ালটিৰ ওপৰত একপ্ৰকাৰ অমানিশাৰ তিমিৰে আগুৰি ধৰিছে ৷ কোনোমতে জীৱন নিৰ্বাহ কৰা এমুঠি অন্ন লগতে বস্ত্ৰ আৰু   বাসস্থানৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে ৷ উল্লেখ্য যে এৰাতিৰ ভিতৰতে ৰাজ্যৰ  ৰাজনৈতিক পট পৰিৱৰ্তন কৰিব পৰা এই গৰাকী "আদিবাসী আইকন"  চৰকাৰী আচনিৰ পৰাও বঞ্চিত হল ৷ নিৰ্যাতিতা লক্ষ্মী ওৰাঙৰ ইচ্ছুক লৈয়ে  ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ আদিবাসীৰ বাঘা বাঘা নেতাৰ  সৃষ্টি হৈ আজি শাসনৰ বাঘজৰী ধৰি আছে ৷ইয়াৰ বিপৰীতে নিৰ্যাতিতা লক্ষ্মী ওৰাঙে হাবুডুবু খাই সংসাৰৰ পথৰ কঠিন বাস্তৱৰ সন্মুখিন হব লগা হৈছে ৷ নেতা মন্ত্ৰী সাংসদ বিধায়কৰ আহৰি নাই এই গৰাকী নিৰ্যাতিতাৰ খৱৰ লবলৈ ৷ তৎস্বত্বেও  ভাগি পৰা নাই আদিবাসী আইকন লক্ষ্মী ওৰাং ৷ দৃঢ় মনোবল লৈ আদিবাসী জাতিগোষ্ঠীৰ সাংবিধানিক অধিকাৰ সাব্যস্তৰ স্বাৰ্থত  অবিৰাম গতিত  আন্দোলনৰ কাৰ্যসুচী চলাই যাব আদিবাসী নিৰ্যাতিতাগৰাকীয়ে ৷  লক্ষ্মী ওৰাং চিৰকালে আদিবাসীসকল তথা জনগণৰ আদৰ্শৰ প্ৰতীক হৈ ৰওক ৷ 


No comments