Page Nav

HIDE

Grid

GRID_STYLE

সৃষ্টিশীলতা আৰু আদৰ্শৰে মহীয়াণ বীৰবল কৈৰী

আদিবাসী-চাহ জনগোষ্ঠীৰ মাজত প্ৰচলিত ধ্যান ধাৰনাক গীতৰ মাধ্যমেৰে আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিছিল  ...তেওঁৰ ৰচনা কৰা গীত জুবিন গাৰ্গ , কুমাৰ সুৰেশ ,...


আদিবাসী-চাহ জনগোষ্ঠীৰ মাজত প্ৰচলিত ধ্যান ধাৰনাক গীতৰ মাধ্যমেৰে আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিছিল 



...তেওঁৰ ৰচনা কৰা গীত জুবিন গাৰ্গ , কুমাৰ সুৰেশ , তৃষ্ণা দাস , হামিদা খাতুন , মৰ্তুজা শ্বেখ , জয়ৰাজ ঠাকুৰ , কানাইয়া ঠাকুৰকে ধৰি    কেইবাগৰাকী  কণ্ঠশিল্পীয়ে  পৰিবেশন কৰে



ৰমেশ চন্দ্ৰ চৰেণ

জীৱন এক সংগ্ৰাম৷ মানুহে কঠোৰ জীৱন সংগ্ৰামৰ উপৰিও নিজৰ কৰ্তব্য সম্পাদনাৰ মাজেৰে বহু কম সংখ্যক লোকে সমাজ তথা দেশ দহৰ বাবে কৰ্ম কৰি অনবদ্য অৱদান আগবঢ়ায়৷ কৰ্মময় জীৱনৰ মাজত মানুহৰ হিত সাধন কৰি মহিয়ান কৰি যায় নিজৰ জীৱন৷ তেনে এগৰাকী ব্যক্তি হল বীৰবল কৈৰী ৷ আদিবাসী চাহ জনগোষ্ঠী সমাজৰ মাজত জন্ম লাভ কৰা বীৰবল কৈৰী হল জীৱন  সংগ্ৰামৰ এটি নাম ৷  বিশ্বনাথ জিলাৰ মিজিকাজান চাহ বাগিচাৰ  গাতে লাগি থকা আহুবাৰী নামৰ সৰু গাওঁখনত ১৯৭৮ চনৰ ২৩ ডিচেম্বৰ তাৰিখে দৰিদ্ৰ পৰিয়ালৰ মাজত  জন্মলাভ কৰিছিল  বীৰবল কৈৰী ৷ পিতৃৰ  নাম লক্ষীনাৰায়ন কৈৰী আৰু মাতৃ  বুধবাৰী কৈৰী  ৷ চাৰি ককাই ভনীৰ  মাজত তেওঁ   আছিল জেষ্ঠ  পুত্ৰ ৷ প্ৰত্যুৎপন্নমতিতা আৰু  প্ৰখৰ বুদ্ধিমত্তাৰ উমান পাই     পিতৃ মাতৃয়ে  তেওঁৰ  নাম  ৰাখে বীৰবল ৷ স্থানীয় মিজিকাজান  চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত নাম ভৰ্তি কৰি শিক্ষাৰ পাতনি মেলা বীৰবলে  পাভৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিশ্বনাথ বানিজ্য মহাবিদ্যালয়ত    নামভৰ্তি কৰে  ৷ যদিও মাতৃৰ আকস্মিক  বিয়োগ হোৱাত শিক্ষা জীৱন সিমানতে সাং কৰিব লগা হয় ৷ তাৰ পাছত শেহতীয়াকৈ  নৰ্থ ইষ্ট ইঞ্জিনীয়াৰি ইনষ্টিটিউটৰ  পৰা ফিটাৰ পদবীৰ পৰীক্ষাত অৱতীৰ্ণ হৈ  প্ৰথম বিভাগত উত্তীৰ্ণ হয় ৷  যদিও স্বাধীনচিতীয়া আৰু সৰল মনৰ অধিকাৰী  কৈৰীয়ে চাহ বাগিচাৰ গণ্ডীৰ  মাজত  সীমাবদ্ধ নাথাকি শিক্ষা জগতৰ লগত  একাত্ম  হৈ পৰে ৷ আৰু    কলাপানী চাহ বাগিচাৰ অন্তৰ্গত গুটিবাৰী এলেকাৰ   অপ্ৰাদেশীকৃত  বাঁহবাৰী প্ৰাথমিক  বিদ্যালয়ত যোগদান কৰি বিনাবেতনে কমেও চাৰি বছৰ কাল শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত  হয়  ৷ একে সময়তে  ২০০২ চনত বৰভীল চাহ বাগিচাৰ নিবাসী  কমল ভক্তা আৰু আছুমতী ভক্তাৰ কনিষ্ঠা  কন্যা গীতা ভক্তাৰ  সৈতে  বিবাহপাশত আবদ্ধ হৈ  সাংসাৰিক জীবনৰ পাতনি মেলে ৷ 


পৰৱৰ্তী সময়ত   তেওঁ  শিক্ষকতা কৰা বিদ্যালয়খন  প্ৰাদেশীকৰন হয় ৷ লগতে  তেওঁৰ সহধৰ্মিনী গীতা ভক্তা  কৈৰীয়েও মিজিকাজান চাহ বাগিচা প্ৰাথমিক বিদ্যালয় খনত শিক্ষয়িত্ৰী পদত নিযুক্তি লাভ কৰে ৷  এনে দৰে সুখৰ সংসাৰৰ মাজত বীৰবলে   শৈক্ষিক উত্তৰণত  কাম কৰাৰ  বিশেষ পদক্ষেপ গ্ৰহন কৰে ৷ উচ্চ শিক্ষাৰ বাবে আগ্ৰহী ছাত্ৰ ছাত্ৰী সকলক  আৰ্থিক সহযোগিতাৰ লগতে টিউচনৰো ব্যৱস্থা কৰি দিছিল ৷ কিতাপ পত্ৰ যোগান ধৰাৰ  উপৰিও বহু দুখীয়া ঘৰৰ লৰা ছোৱালীক  পঢ়াই সন্তুষ্টি লাভ কৰিছিল  ৷ ইংৰাজীৰ প্ৰতি দখল থকা কৈৰীয়ে ছাত্ৰ ছাত্ৰী  সকলক ইংৰাজী আৰু গণিত বিষয়ক শিক্ষাদান কৰিছিল ৷ উল্লেখ্য যে যিকোনো ধৰনৰ জটিল বিষয়ক সমাধান কৰিব পৰা   আৰু সুন্দৰকৈ বুজাই দিবলৈ সক্ষম হোৱা বীৰবলে সকলোৰে প্ৰিয়পাত্ৰ হৈছিল  ৷   আনকি সংগীতৰ প্ৰতি ৰাপ থকা লৰা ছোৱালীক নৃত্য গীতৰো প্ৰশিক্ষণ দি  উপযুক্ত কৰি  গঢ়ি তুলিছিল ৷ সুৰ ,  তাল , লয় কেনেকৈ দিব লাগে সেয়াও শিকাই বুজাই দিছিল ৷ বিভিন্ন ধৰনৰ কৃষ্টি প্ৰতিযোগিতাত   বিচাৰক হিচাবে সমগ্ৰ জিলাখনতে তেওঁৰ  এক সুনাম আছিল ৷   দুখীয়া ঘৰৰ ছাত্ৰ-ছাত্ৰী  সকলৰ  শৈক্ষিক দিশৰ সমস্যা সমুহ সমাধান কৰাত আহোপুৰুষাৰ্থ চেষ্টা চলাইছিল ৷  কৰ্তব্য সম্পাদনাৰ  মাজতে সময় সুবিধা উলিয়াই সামাজিক কামত জড়িত থকাৰ উপৰিও সাহিত্য আৰু সংগীতত মনোনিবেশ কৰে ৷ সাহিত্যৰ জগতৰ লগত  জড়িত হোৱা বিভিন্ন ধৰনৰ তত্বগধুৰ প্ৰবন্ধ , গল্প , নাটক , কবিতা , অনুগল্প  , সাধুকথা আদি লেখা মেলা কৰে ৷ তেওঁৰ অৰ্ধ শতাধিক কবিতা ৰচনা কৰি কবি হিচাবে বেচ  খ্যাতি অৰ্জন  কৰে ৷ একেদৰে  গীতিকাৰ হিচাবেও পৰিচিত  কৈৰীয়ে   শতাধিক উৰ্ধৰ গীত ৰচনা কৰিবলৈ সক্ষম হয়  ৷ তেওঁৰ ৰচনা কৰা গীত জুবিন গাৰ্গ , কুমাৰ সুৰেশ , তৃষ্ণা দাস , হামিদা খাতুন , মৰ্তুজা শ্বেখ , জয়ৰাজ ঠাকুৰ , কানাইয়া ঠাকুৰকে ধৰি    কেইবাগৰাকী  কণ্ঠশিল্পীয়ে  পৰিবেশন কৰে ৷ শতাধিক সংখ্যক অডিঅ , ভিডিঅ এলবামত   তেওঁৰ লেখা গীত পৰিবেশনৰে চৰ্চিত হৈছিল  বীৰবল কৈৰী   ৷          সকলো বিষয়তে তেওঁৰ দখল  আছিল অভুতপুৰ্ব   ৷ চতুৰ , দুৰদৰ্শী আৰু  তীক্ষ্ণবুদ্ধি সম্পন্ন বীৰবলে   অসাধ্যকো  সাধন কৰিব পাৰিছিল ৷ সাহিত্য , কলা ,  কৃষ্টি , সংস্কৃতি আৰু সংগীতৰ ক্ষেত্ৰত তেওঁ অৱদান আছিল উল্লেখনীয়  ৷ সমান্তৰালকৈ ক্ৰীড়াৰ ক্ষেত্ৰতো তেওঁৰ অৱদান নুই কৰিব নোৱাৰি ৷ বিভিন্ন ধৰনৰ প্ৰতিযোগিতা মুলক খেলত অংশ গ্ৰহন কৰি  নিজৰ দক্ষতা সাব্যস্ত কৰিছিল ৷ বিশেষকৈ ফুটবল খেলত সুদক্ষ ফুটবলাৰ হিচাবে জনাজাত বীৰবলে  বিভিন্ন সময়ত শ্ৰেষ্ঠ খেলুৱৈ হিচাবে খিতাপ অৰ্জন কৰিছিল। মিজিকাজান চাহ বাগিচাৰ পৰা একমাত্ৰ ফুটবলাৰ হিচাবে গুৱাহাটী নেহৰু ষ্টেডিয়ামত খেলাৰ সুযোগ  পাই  পিছলৈ   মোনাবাৰী চাহ বাগিচা মেগৰ কোম্পানীৰ হৈ প্ৰতিযোগিতামুলক   খেলত অংশগ্ৰহণ কৰি  বহুবাৰ শ্ৰেষ্ঠ ফুটবলাৰ হিচাবে সন্মান আজুৰি আনিবলৈ  সক্ষম হৈছিল ৷ একেদৰে ভলীবল , বেডমিণ্টন ,  কেৰমৰ উপৰিও  ক্ৰিকেট খেলতো সমানে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা কৈৰীয়ে বহু কেইখন  খেলত “মেন অব দা মেচ”ৰ সন্মান লাভ কৰে ৷ একেদৰে পিছপৰা অনুন্নত   

  সমাজখনক আগবঢ়াই লৈ যোৱা আৰু সমাজ  সংস্কাৰৰ ক্ষেত্ৰতো  তেওঁৰ ভুমিকা আছিল  অপৰিসীম ৷ সৰু কালৰে পৰা সংগীতৰ প্ৰতি আগ্ৰহী বীৰবলে সমাজৰ মাজত  বিভিন্ন ধৰনৰ অসামাজিক কাৰ্যকলাপ ,  অসূয়া হিংসা , বিদ্বেষ , দুৰ্নীতিৰ বিৰুদ্ধে সংগীতৰ মাজেৰে শীতল বিপ্লৱৰ সুচনা কৰিছিল ৷ যত আছিল তেওঁৰ উদাৰ মনোভাবৰ মানৱতাৰ গীত ৷ সচৰাচৰ আদিবাসী চাহ জনগোষ্ঠীৰ মাজত প্ৰচলিত ধ্যান ধাৰনাক  লৈ   গীতৰ  মাধ্যমেৰে    সমাজখনক আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰিছিল  ৷  তেওঁ একেধাৰে  ঝুমইৰৰ  পৰিছালক  , বাদ্যকাৰ , গীতাৰবাদক আৰু সুৰাকাৰ   হিচাবেও কৃতিত্ব  অৰ্জন কৰে ৷ সৃষ্টিশীলতা তেওঁৰ আন এক বৈশিষ্ট্য ৷ বিভিন্ন দিশত সৃষ্টিশীল কামত আত্মনিয়োগ কৰি আহিছিল ৷  হঠাৎ এক আকস্মিক দুখজনক  খবৰে  মৰ্মাহত কৰি তুলিলে সমগ্ৰ বিশ্বনাথ জিলাবাসীক  ৷ কলা -কৃষ্টি সংস্কৃতি তথা শৈক্ষিক আৰ্থ- সামাজিক  উত্তৰনত কাম কৰা প্ৰচুৰ  সম্ভাৱনাময়  এক ধ্ৰুৱ তৰা  যেন আকাশৰ পৰা  হঠাৎ খহি পৰিল ৷ আকস্মিক ভাবে হোৱা উচ্চ ৰক্তচাপ জনিত কাৰনত   সাহিত্য সংগীতৰ     এক  সৃষ্টিশীল ধাৰাক শেষ   মোহৰ মাৰি  ২০২২ চনৰ ৩০ জানুৱাৰী তাৰিখে এক মাত্ৰ কন্যা সন্তান  সহ  সমুহ পৰিয়াল বৰ্গ আত্মীয় কুটুম্ব বন্ধু বান্ধৱক  এৰি  ইহলীলা সম্বৰন কৰি  অজান মুলুকলৈ গতি কৰিলে  ৷ মাথো ৰৈ গল  তেওঁৰ   স্মৃতি ৷ থয়  গল   তেওঁৰ সৃষ্টিশীলতা ৷  যুগমীয়া হৈ ৰল  সাহিত্য সংস্কৃতিৰ দিশত এৰি  যোৱা তেওঁৰ   অমুল্য অৱদানৰাজি  ৷ তেওঁ  ৰচনা কৰা বহু গীত , কবিতা , প্ৰবন্ধ , গল্প , সাধুকথাকে ধৰি   অমুল্য লেখনিয়ে অসমৰ সাহিত্যৰ ভৰাল চহকী হোৱাৰ অৱকাশ আছে ৷ সেয়েহে   কৈৰীৰ সৃষ্টিশীলতাক সংৰক্ষণ আৰু বিশেষ গতি প্ৰদান কৰাৰ প্ৰয়োজনীয়তা আছে ৷  তেওঁৰ  নিষ্ঠা , কৰ্মদক্ষতা ,  সৃষ্টিশীলতা   আৰু আদৰ্শক  সৰোগত কৰি  চলিলেও  সমাজ এখন সুন্দৰ ৰূপত গঢ় দিব বুলি কব পাৰি  ৷


No comments