হেদাঙত হেমেজু ---কেতিয়াবা এনে লাগে মৰাণেই মটক , মটকেই মৰাণ ...সন্দেহে । কুমলীজনী মোৰ নিজৰ ছোৱালী যেন লাগে...পেটৰ তাড়নাতহে বগা চাহাবৰ লগত আছো...
হেদাঙত হেমেজু
প্ৰাঞ্জল চেতিয়া
[খণ্ড ৫]
থেৰেজু কলীয়া হল ঐ খোলাতে গধূলি হল ঐ
ৰেহাৰে কাঁচলি মাৰো হালিজালি
বহাগে মুকলি হল ঐ //
এজাক ছোৱালী । জেং বিহুৰ পদে মুখৰিত এজাৰ গছৰ তল । কুমলী নাই যোৱা এতিয়াও । কি বুলি নো যাব । এতিয়াতো তাই কাকপথাৰ উৱনক হে আদৰিব লাগিব । সপোন ৰচিব লাগিব নতুন গাঁও খন ক লৈ ।
পেটে পেটে তাইৰ মোমায়েক ভমকালৈ খং উঠিল । কি দৰকাৰ আমি ইয়াতেই থাকিম ,ইয়াতেই থাকি বাঅ পাং । ডিব্ৰু নৈ খনে উটুৱাই নিলেও নিয়ক । তথাপিও হাতী চুক গাওঁ খনৰ সমান আপোন কোনো নহয় ।যাবলৈ মন নাই । তাই চোতালৰ মূৰৰ কাপোৰ মেলা দাংডালৰ কাষলৈ গল ,লৰালৰিকৈ কাপোৰ খিনি সামৰি ললে । ভিতৰত জাপিলেগৈ । বিহুনামৰ সুৰৰ শব্দ বাঢ়ি আহিল । তাই হাউতকৈ গৈ পদূলি মুখ পালেগৈ। কুলি জনীয়ে আম গছজোপাত পৰি বৰকৈ কান্দিছে ।গহাৰজোপাত শিয়াল নেজীয়া কপৌ আৰু গেজং ফুলে ওলমি ওলমি হাঁহিছে । গছে সেউজীয়া পিন্ধিছে। মেঘৰ গিৰিং গিৰিং শব্দ । কুমলীৰ কোনদিগি যাওঁ কোনদিগে নেযাও লাগিল ।ফুটুকুলা গছজোপাৰ কাষৰে বাঘ ঢকা এডাল চিঙি আগ বহিল । তাইক দেখি আন্মনে চৰি থকা ছাগলীজনী ভয় খাই পলাল ।কাষদি দুটা হালধীয়া চৰাই ভুৰং কৈ উৰি গল । ছেঃ মনটো বৰ বেয়া লাগিছে তাইৰ ।বুকুখন গধুৰ হৈ পৰিছে । কি যে হৈ গল ।
উৱন গাঁও লৈ গলে তাই বাৰু নদীত গা ধুব পাৰিব নে ? পাৰিব নে গছ বগাব ? থেকেৰা , জামুক, আম , বেটগুটি খাবলৈ পাব নে ? পাব নে হেঁপাহ পলুৱাই হেতালি খিলিব ! হেতালি খেলৰ পৰ্যায় কেইটা মুখতে আউৰালে ঝেঙা ,কেপা, কেৰেপ , মুঠু , টকৰ .............
কব নোৱাৰাকৈ তাই হেৰামণি হেদাঙত ভৰি দিলেগৈ । তাইক দেখি ইজনীয়ে সিজনীক কিবা কোৱা কৈ কৰিলে ।জেং বিহু সামৰিলে । আটায়ে আগবাঢ়ি আহিল ।তাই হোলোঙ জোপাৰ আৰত লোকাব খুজিও বিফল হল । পমীয়ে কলে ... কিটু য়েই কুমলী , আমক বেয়া পালি ? আমঅ গাওঁ এৰি যাবিগি বোলা শুনিছোং ।
কুমলীয়ে একো নকলে । জবাই পমীক মৃদু গটা এটা মাৰি কলে
- চা বাঅ কেনেকা সহঙা কে চাইছে । খেতৰে পালে ।নৈ খনলে নো দৌয়াং না ? আমি যে ভূমটো নোদয়াং ।
মিলিয়ে বাট ভেটি কলে
- যি টি খন নকবি বুইছ । চা বাও বেচেৰা ।
--ঈশ্বই কান্দিছে । ক্ষেমাহে কৰিবি ।বাউকে কোৱা হিচাকা নাই ।
মিলিয়ে তাইৰ চকু পানী মচি দিলে । কুমলীৰ দুখ দুগুণে বাঢ়িল । তাই ফেঁকুৰী ফেঁকুৰী কান্দিলে ।
- ইসই একো নহয় দে । আলহী খাব আহি থাকিবি ক । বেলেগ সখী লগ পাবি ভাল হে লাগিব ।
কালি মিলবৰ দাইটি আমঅ ঘৰলৈ গৈছিল । সি কৈছে গদকে নো বাউ হে পাইছে ।
গাঁৱৰ তৰাদৈযে সিহঁতৰ কাষত ঢেকীয়া বুটলি আছে । তৰাদৈ আবিয়ৈ । সকলো ৱে তাইক পেয়ী বুলি মাতে । ৰাজহুৱা পেহী ।
- উচুনি পা শুনি আছোঁং । চবেই কুমলীক বেয়িছ ।
এঁ বেয়িছোং । চা বাউ কিবা উৱন না চুৱন গাঞলে জাতেকে যাবলৈ । আমঅ মন বিদয়িছে ।
,-হক ক চবেই নিজ বাউটোহে চাব । কুমলীৰ মোমায়েক ধনী মানুহ ।তাত চব ভোগালী । যা যা কুমলী । উৱন লৈ ময়ো গৈছোং আগত ।আমঅ গাঞ নিচিনাই ।খালি বানপানী নহয় তাত ।
হঠাৎ কিবা এটা দেখি মিলি চিঞৰি উঠিল ।
পেয়ী জেলোক ।।
তৰাদৈ জাপ মাৰি উঠিল । ক'ত?
কুমলীয়ে হাউতকৈ ভৰিৰ পানী গাঁঠিৰ বাম জোক টো এৰাই দিলে । তেজ ওলাল ।তাই কলীয়া কচু এডাল ছিঙি আনি থুই নিচিনা খিনি টিপি টিপি উলিয়ালে আৰু তাত লাগাই দিলে । আঙুলিয়ে টিপি ধৰিলে । তেজ বন্ধ হল ।
-আমঅ উৱনত মিতি মানুহ আছে ।একে খেলৰ । যোৱা বছৰ মই তাত বহুত দিন থাকিলোং ।বাও লাগে । তাত খেনোৱে পহুয়ে পানী খোৱা ঘাটত চুঙা পাতি থয় । চিটিকা পাতে । চুঙাত পহু ঠেং লাগে । আঁঠু কোচাব নোৱাৰা হয় ।পহু টঙনিয়াই মাৰে । বাটোলগুটি ধেনু , চিটিকা , জাঙি পাতে । কাম চৰাই , হেটেকটেকীয়া , দৰিক ,কণুৱা ধৰে । গছৰ আঠা ৰে লদা বনাই আঁৰি থয় । চৰাইৰ পাখিত লাগি উৰিব নোৱাৰা হয় । বিহু গীত তে গায়চোন -----
চৰাই লৈ বুলি চিটিকা পাতিলোঁ দৰিকলৈ পাতিলোঁ জাঙি ----------- // কুমলীৰ বাদে আটায়ে হাত চাপৰি বজালে । গছৰ কুণ্ডা এটাত বহিলে । পেহীয়ে আকৌ আৰম্ভ কৰিলে ।
উবনৰ গেলগেলীত বহুত মাছ । কুচিয়া কালিয়ে কুচিঁয়া ধৰে । সৰু নৈ এখন আছে ।শেলেৰে মাছ মাৰে । নৈত ভেটা দিয়ে, কেতিয়াবা ঘুলিবোৰত বিহগুটি , বিহলঙনি দিয়ে । মাছ আধা মৰা হয় । ধৰে ।ঠাণ্ডা দিনত গছৰ ডাল পাত কাটি বান্ধি এমুঠা কৰি নৈত পেলাই ।পিছত সেই ঝালি চোঁচৰাই বামলৈ নিয়ে । বহুত মাছ । কেতিয়াবা আকৌ হাতীৰে মাছ হোৰাই । হাতীয়ে নৈ পানী ঘুলুকি তল ওপৰ কৰে । মাছে উৱাদিশ নোপোৱা হয় । মাছে কমাবলৈ ধৰে , ঢেলপুঙা দিয়ে , মৰে ,জাঁপ মাৰে ।তেতিয়া জাকৈ, পল, ছালনী , পচা , জ।লে যিয়েই যেনেকৈ পাৰে ধৰে । আন আন গাঁৱৰ পৰাও মানুহ আহে ।মাছ ধৰা উৎসৱ ।
তৰাদৈয়ে কোৱা শুনিছে শিৱসাগৰীয়ায়ো হেনো শুকান পুখুৰী বাগানত আৰু নাথাকে । সি কুমচাং নামৰ বাগান খনলৈ যাব ছয় মাহৰ বাবে । কুমলী হতৰ দৰে তৰাদৈ ঘৰলৈও শিৱসাগৰীয়া গৈছিল । এবাৰ তাত তাৰ টোকা বহীখনৰ এখিলা ভুলতে পৰি আহিছিল । তৰাদৈয়ে তাক ঘূৰাই দিলে । পিছে তাই টোকাবহী খিলা মনেশ্বৰক পঢ়োৱালে । মনেশ্বৰে একে উশাহতে পঢ়িলে ।
" মই চাকৰি নাই কৰা । চাকৰ হে কৰিছোঁ । বগা চাহাবৰ গোলাম ।বেংমৰাত মই মৰাণ মানুহ লগ পাইছোঁ । সহজ সৰল । মটকো লগ পাইছোঁ । সৌমাৰপীঠত বহু বছৰ আগতে নেপালৰ পৰা মৌৰাং , মুৰাং বা মৰাং লোক সকল আহিছিল । সেয়াই মৰাণ । কিমান সচাঁ নাজানো । মৰাণসকল আদিতে টাই গোষ্ঠীৰ একে তেজ মঙহৰ লোক ।আহোম দেওধাই ৰ লগত মৰণ ৰ দুটা দিশতে মিল আছে ।মানুহ মৰিলে মৰাণ আৰু দেওধাই তিনি দিনতে তেল চোৱে । কাম সকামত কলপাত খন তলৰ পিঠি ব্যৱহাৰৰ কৰে । অইন লোকৰ লগত এয়া নিমিলে । চুকাফা আহোঁতে ইবাৰো তিপাম নৈ পাৰ হৈ অনুক্ৰম ঠায়ে ঠায়ে ৰৈ আহি কাক বাঁহৰ ভূ ৰ বান্ধি পাৰ হৈ দিখৌ কোথত মৰাণ গাঁৱত ৰলহি ।মানে মৰাণ অসমৰ স্থায়ী বাসিন্দা । মই মটকৰ লগতো হলিগিলি কৰিছো । কেতিয়াবা এনে লাগে মৰাণেই মটক , মটকেই মৰাণ ।কিন্তু সন্দেহে । কুমলীজনী মোৰ নিজৰ ছোৱালী যেন লাগে ।পেটৰ তাড়নাতহে বগা চাহাবৰ লগত আছোঁ । মন যায় লিখিবলৈ। কবলৈ । কিন্তু -------।
ভৰি দুখন বান্ধি চোতালত নাচ কিমান নাচ এই অৱস্থা মোৰ । কোনে বাৰু বুজিব !!!
মোৰ কথা বাৰু বাদ ।ৰজা বদৌচা তিনি কন্যা । বদৌচা গল , সিংহাসনো গল আনলৈ। বিবাহ সূত্ৰে । দিল্লীৰ
চুলতান ইলতুৎমিছে জীয়েক ৰেজিয়াক উত্তৰাধিকাৰ পতাৰ দৰেই বদৌচাৰ একে দশা হল । পিছে বাৰে বাৰে কম বদৌচা সোণৰ ৰজা । অৱদান অতুলনীয় । কেঁচা সোণ , হেঁপাহৰ , প্ৰণাম । মোৰ গা বেয়া হয় সঘনে মৰাণ আইতাই বন দৰৱ দিলেহে ভাল হয় । মহামাৰী সময়তো মৰাণে আহোমক কত যে বন দৰব দি সহায় কৰিছিল ।"
_
ইয়ে মোৰ ওচৰত তইহে? বাকী মুখা কলৈ গল কুমলী ? মিচাকে বকিলুং ।
কুমলীয়ে সৰুকৈ কলে
- চবেই পলাল ।
তই কা ?
,- মই নগলোঁ ।শিৱসাগৰৰীয়া কথা শুনিলে মোৰ এফিউ হলিয়া নালাগে । সি বৰ বাউ ন পেয়ী ?
এঁ । পিছে সাৱধান । আমঅ নিচিনা নহয় । দূৰৰ ।
অজাতি সি । বগা চাহাবৰ লগত থাকে । আহ যাংগৈ ।
বেলি পৰিব হল । দুয়ো ঘৰলৈ বাট ললে । অস্তআকাশৰ এমুঠি হেঙুলী পোহৰে দুয়োজনীকে গালে মুখে ৰং সানিলে ।।
[খণ্ড ৬]
"জগতত নাহি ইটো অপবিত্র
নামে উদ্ধৃৰিতে না'ৰে ইটো কোন ছিদ্ৰ ।"
ভদাই দৌতা নাইকীয়া হোৱা তিনিদিনেও হ'ল। ভদাই গাওঁখনৰ এজন লেখৰ বায়ন আছিল। ভদাইৰ ঘৰৰ কাষতে কুমলীৰ নতুন ঘৰ। নতুন গাঁওৰ নতুন ঘৰ নতুন পৰিৱেশত ইতিমধ্যে কুমলী,মাখনী,গদক,মিলবৰ আটায়ে জাহ যাবলৈ চেষ্টা কৰিছে। ভদাই দৌতা খাপৰি আৰু হোব বেমাৰ হৈছিল। টান নৰীয়াই মানুহটোক কোঙা কৰি তুলিছিল। বৰ কষ্ট পালে।শেষত ভদাই গ
লগৈ।ভদাই আছিল গাওঁখনৰ অন্যতম ব্যক্তি যিয়ে ডিঙিত কন্ঠা, মতামণি পিন্ধিছিল। চুৰিয়া, কামিজ, চেলেং, গামোচাৰে গোহাঁই যেন লাগে। গহীন গম্ভীৰ। আজি এই ভদাই দাইটিৰে তিনিদিনত তিলনি।
মৰা মানুহক শৱ সৎকাৰ কৰা কুমলীয়ে প্ৰথম দেখিলে। পিছ বেৰৰ জলঙাই জুমি চালে বাৰীৰ চুকলৈ। হেকেতা, জলিন, বিপেন, ফুলেন - চাৰিওটাই শৱ বাঁহৰ চাঙিত তুলি বাৰীৰ চুকলৈ যাত্ৰা কৰিছে। পিছে পিছে গায়ন-বায়ন। গাওঁবাসীয়ে হাতত দা, কোৰ, কোঠাৰ, তামোল-পান লৈছে। শৰণীয়া বাবেই ভদাই সন্মান পালে। নহলে বুঢ়া হলেও অশৰণীয়া আৰু মহিলাৰ ক্ষেত্ৰত গায়ন-বায়ন গোৱা নহয়। অৱশ্যে মহন্ত ঘৰৰ মহিলা হ'লে কিন্তু গোৱা বোৱা কৰা হয়। শৱ নি ৰাইজে চিতা সজালে, পাঁচজাপ খৰি। লগত যোৱা তিনিযোৰ গায়ন বায়নে মৃদং, তাল বজাই নামগুণ গাই থাকিল। এটা সময়ত চিতাত জুই দিলে। কুমলীৰ বুকু চিং কৰি গ'ল। ভদাই দৌতাক পুৰিব এতিয়া। উঃ বিষাব। তাই দুৱাৰ খুলি মনে মনে পিছফালৰ কোঠালজোপাৰ আঁৰত ৰ'ল। শুকান খৰি দাউ দাউকৈ জ্বলি উঠিল। কুমলীৰ বৰ ভয় লাগিল। তাই কোনো মতে শুকাই যোৱা ডিঙি তিয়াবলৈ জোৰকৈ থু অকণ গিলিলে। আমিও বুঢ়া-বুঢ়ী হ'লে মৰিব লাগিব। তাৰ পিছত ৰাইজে জ্বলাই দিব। উঃ কি অসহ্য! শৱ জ্বলিল। শেষ হ'ল। ৰাইজে এঙাৰবোৰ গোটাই তাৰ ওপৰত মাটি দি মৰিশালি ঢিপ একোটা বনালে। সকলো দাই দোষ মৰিষণ বিচাৰি, মৃতকৰ আত্মাৰ সদগতি বিচাৰি সমূহীয়া সেৱা জনালে। উভটিল। ঘৰাঘৰি গ'ল। মৰিশালিত ধোঁৱা উলাই থাকিল। কুমলীয়ে মনে মনে বাঁহৰ দৰ্জাখনত ডাং মাৰিলে।
গদকে কলে - কলে গছিলি?
- চি চি কৰিব।
সি একো নকলে।
- জুই দিবলৈ মিলবোৰো গৈছিল। ঘৰৰ নঙলামুখত তুঁহ জুইত হাত ভৰি সেকি পদূলিতে গা ধুলে। উৱাক থুই থুই বুলি কৈ থুই পেলাই নঙলা খুলি ঘৰলৈ সোমাল।
তেলনিত সৰু ৰভাখনৰ তলত চাউল, মাটিমাহ, গুড়, চেনি দি নামৰ শাল পাতিলে। চাউলৰ লগত তিল, নিমখ, আৰু মাটিমাহৰ লগত আদাও ৰাখিলে। জীৱন দৌতাই ভাগৱত পাঠ কৰিলে। বাকী ভকতেও যোগ দিলে। তামোল পান কটাই কাটিছে, চাহ পানী, খিলাং পানী সিজাইছে, খেনুৱে ভগাইছে। কুমলীয়ে ডাঙৰ মানুহৰ নিচিনাকৈয় গুৰ এটুকুৰাৰ লগত চাহ পানী গিলিছে । সকলো বিলাক সুচাৰুৰূপে চলি গৈছে। সমূহীয়া সেৱা ভাগ জনাই মৃতকৰ আত্মাৰ সদগতি কামনা কৰিছে। লগতে প্রার্থনা কৰিছে বৰখাল, বৰদাং পাৰ হৈ স্বৰ্গলোক প্ৰাপ্তি হবলৈ। তেল টেঙা চুই গৃহস্থই চুৱা গুচাইছে।
কুমলীয়ে সৰুৰে পৰা দেখিছে বুজিছে তিলনিলৈ ৰাইজ ভকত নামাতে, নিজে নিজে আহে। কাৰোবাৰ ঘৰত শুনামাত্ৰেই হাতত চাউল, মাহ, গুৰ, তামোল পান লৈ ৰাইজ আহি উপস্থিত হয়হি। ৰাতি ৰাতি মৃতকৰ আত্মীয়ক ভাগৱত মহাকাব্য পাঠ কৰি শুনাই। ঘৰৰ ঘাই মানুহজন, ভদাই মৰিলে ভাত চৰু শাক চৰু বাহিৰলৈ উলিয়াই ধুলে। ৰাইজৰ ভিতৰৰে এজনে কলে "মাইকী মানুহ হানি হলে শাকৰ চৰুটো ধুব লগে।" কুমলীয়ে বুজিলে তাৰমানে মতা মানুহ মৰিলে ভাত চৰু আৰু শাক চৰু বাহিৰলৈ ধুৱে আৰু মাইকী মানুহ মৰিলে কেৱলমাত্ৰ শাকৰ চৰুটোহে ধুৱে।
শিৱসাগৰীয়াই কেনেকৈ জানো গম পালে। সি তিলনিত আহি উপস্থিত হ'ল। অলপ সময় থাকি গুচি গল। তাক দেখি কুমলীয়ে সেই হাতীচুক গাঁৱতে থকা যেন লাগিল। তাই দেখুন আজি তালৈ কিবা লাজ লাজ লাগিছে । এবাৰো তাই তাক নামাতিলে। তাইক দেখি সি ডিঙিটো মেলি দিছিলে। তাই লাজতে ঝুমৰ মাজত হেৰাই গ'ল।
তেলনিৰ পিছতে দহদিনত দহা আৰু তাৰ পিছত কাজ। কুমলীয়ে এই সকলোতে গাত দুকাঠি মেৰিয়াই ভাগ ল'ব। দুকাঠিখন নিদিলে তাই মাকক কান্দি দেখুৱাই। গতিকে মাকেও দিয়ে। তাই নতুন সখী তৰা, কপৌ, জয়া হতেওঁ যোগ দিয়ে। আটাইকেজনীয়ে গুৰ, চাউল খাই ৰেধি, হেতালি খেলিব। আলহীক তামোল দিব ইত্যাদি ব্যস্ততা।
দহা দিনাখন কুমলীয়ে পুৱাতেই নাদৰ পাৰলৈ গৈ গাটো ধুই ললে। মাকৰ কপাহী বগা মেখেলাখন চুটিকৈ পানী গাঁঠিলৈ পৰাকে মুটুকাই পিন্ধি ললে। বাদামী ৰঙৰ চোলাটোৰ ওপৰত এখন দুকাঠি গাত চাটি মাৰি ললে।
- আই মই দহালে যাং দেই - বুলি লৰ দিলে সকামৰ ঘৰলৈ। সময় হয়তো আঠমান বাজিছিল। ইমান সোনকালে মানুহবোৰ আহিলেই । মিতি কুটুম্বই ঘৰখন ভৰি পৰিছে। ভদাই গাওঁৰ মুখিয়াল স্বৰূপ ব্যক্তি। ৰাইজৰ ভোজনীয়া কেইজনমানে কলপাত, হোলোং পাত, ডিমৌ পাত, চাউল, কল, মাটিমাহ, গুৰ, চেনি, খুম আদি থিকঠাক কৰিলে। মানুহৰ ভিৰ বাঢ়িছে। কুমলীয়ে আলেঙে আলেঙে সকলোবোৰ চাই ফুৰিছে। যোৱাবছৰ তাই মাকৰ লগত ৰাতি হাতীচুকত কাজ খাবলৈ গৈছিল। কাজ ৰাতি হৈ। মাকে যাব নালাগে বুলিলেও নুশুনে। তাই যাবই। দহাত কেঁচা বস্তু দিয়ে, পিছে কাজত কেঁচা সাজৰ উপৰিও মাছ মাংসৰে ভোজ খোৱা হয়। কাজ অনুষ্ঠিত কৰিবলৈ প্ৰথমে মৃতকৰ পৰিয়ালে গাঁৱৰ সকলোকে এদিন নিমন্ত্ৰণ কৰে। ৰাইজ আহে। মৃতকৰ পৰিয়ালে ৰাইজক তামোল পানৰ খুম এটা দি সেৱা কৰে। কাজখন পৰিচালনা কৰিবলৈ অনুৰোধ জনায়। ৰাইজেও খুম গ্ৰহণ কৰে। কাজৰ কেইবাদিনৰ আগৰ পৰা ৰাইজে খৰি পাত গোটায়। খোলা-চকুৱা দিয়ে। নিমন্ত্ৰনী তামোল বান্ধে। সেই তামোল গৃহস্থৰ লগত আলোচনা কৰি ভাগে ভাগে প্ৰতিখন গাঁৱলৈ পঠিয়াই। মৃতকৰ পৰিয়ালে মৃতক পুৰুষ হ'লে মতাহাঁহ আৰু মহিলা হ'লে মাইকী হাঁহ ভাৰ আগবঢ়ায়। থাপনা সাজে, ভাগৱত পাঠ কৰে। গায়ন বায়ন গায়। যজ্ঞ বহুৱায়। কুমলীয়ে মন দি শ্ৰৱণ দৰ্শন কৰে। প্ৰতিখন গাওঁ বা চুবুৰীৰ বাবে এখনকৈ চকুৱা খোলা দিওতে তাৰ এটা ভাগ কুমলীয়ে পালে। তাই মাক দেউতাৰ লগতে লঙাই , ভঙাই হঁতৰ লগত এসাজ তৃপ্তিৰে খাব।
আবেলি তাই গোটেই খোলাখনৰ ভিতৰে বাহিৰে ইফালে সিফালে ঘূৰি ফুৰিছে। ভাগ্য ভাল তাই তোলনি হোৱা নাই। প্ৰত্যেক আমন্ত্ৰিত লোকেই একোখনকৈ পকা ভাৰ আনিছে। পকা ভাৰখন চাউল, হাঁহ, ৰঙালাউ, মিঠাতেল, লোন আদিৰে ভৰা। হাঁহ, মাছ, পাচলি, চাউল আদি ভাগে ভাগে অস্থায়ী ভঁৰালত ৰাখিছে। গোটেই ৰাতি গায়নে বায়নে ধৰ্ম পাঠ, নাম লৈছে। তাই টুপনিয়াই টুপনিয়াই দেউতাকৰ কাষতে বহি আছে। ৰাতি দুপৰ হৈছে তাইৰ মুক্ত আকাশৰ তলত নিদ্ৰা দেৱীৰ কোলাত আশ্ৰয় লৈছে। সপোন দেখিছে হাঁহ মাংস খোৱা। মাৰুক মাৰুক। কচক কচক । সপোনতে দাঁত কৰচিছে। দেউতাকে ধাৰীখনৰ পৰা টানি আনি মূৰটো কোলাত থৈ শুৱালে। মাজে মাজে মাংসৰ গোন্ধ, ধোৱাৰ গোন্ধে তাইক আমনি কৰিলে। বেবেৰিবাং সপোনত দুপাখিত উঠি তাই পৰি দেশলৈ গমন কৰিলে.......।
[আগলৈ...]
No comments