Page Nav

HIDE

Grid

GRID_STYLE

কাৰিকৰী শিক্ষা অবিহনেই বাঁহ-বেতক শিল্পলৈ পৰিণত কৰিছে ফুলচান্দ পাতৰে

এগৰাকী আদিবাসী বাঢ়ৈৰ অনন্য কাহিনী... ...আচনিয়ে  ঢুকি নোপোৱা এই গৰাকীৰ বাঢ়ৈয়ে  সামান্য কটাৰী  আৰু আৰু বটালী এখন লৈয়ে  বাঁহৰে বিধে বিধে চকুত ল...


এগৰাকী আদিবাসী বাঢ়ৈৰ অনন্য কাহিনী...




...আচনিয়ে  ঢুকি নোপোৱা এই গৰাকীৰ বাঢ়ৈয়ে  সামান্য কটাৰী  আৰু আৰু বটালী এখন লৈয়ে  বাঁহৰে বিধে বিধে চকুত লগাকৈ  সাজিব পাৰে বিভিন্ন ধৰনৰ  ঘৰুৱা প্ৰয়োজনীয়  সামগ্ৰী...



বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ


একাগ্ৰতা আৰু সাধনা থাকিলে যি কোনো ধৰণৰ কামেই কৰিব পৰা যায় ৷ অসাধ্যকো সাধন কৰিবলৈ সক্ষম হয়৷ তেনে এগৰাকী ব্যক্তি হ’ল বিশ্বনাথ জিলাৰ  পুৱ চামগুৰি গাঁৱৰ ফুলচান্দ পাতৰ৷

যিয়ে বাঁহ বেতৰ কাম কৰে অথচ প্ৰতিটো কামেই শিল্প৷যিজন লোকে কোনো ধৰনৰ কাৰিকৰী প্ৰশিক্ষণ গ্ৰহন নকৰাকৈ এটাৰ পাছত এটাকৈ সাজিব পাৰে আটকধুনীয়াকৈ বাঁহৰে নিৰ্মিত বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী ৷ বাঁহৰ চকী, চোফা, মেজ, জাকৈ, খালৈ, চেপা, আলমিৰা, আলনা, পালেং, টি টেবুলকে ধৰি বহু সামগ্ৰী বনাব পাৰে লোক জনে৷ বিশ্বনাথ জিলাৰ ৫ নং চতিয়া পঞ্চায়তৰ পুৱ চামগুৰিৰ নিবাসী ফুলচান্দ পাতৰ নামৰ এই লোকজন পেচাত এগৰাকী খেতিয়ক ৷ যদিও নিজ চেষ্টা আৰু সাধনাৰ বলত নিৰ্মাণ কৰি উলিয়ায় নিতৌ নতুন নতুন সামগ্ৰী ৷ চকুত লগা এইবোৰ সামগ্ৰী দেখা পালে সকলোৰে মন যাব  ক্ৰয় কৰিবলৈ ৷ কোনো ধৰণৰ কাৰিকৰী শিক্ষা  অবিহনেই  তেওঁ বনাব পাৰে বহু ঘৰুৱা সামগ্ৰী ৷ পিতৃ-মাতৃ, পৰিবাৰ  আৰু  সন্তানক পোহপালন দিয়া এই গৰাকী ফুলচান্দ পাতৰে  ঘৰুৱা কাম-বন কৰি আজৰি সময় পালেই নিজৰ মনত জুকিয়াই লোৱা পৰিকল্পনা অনুসৰি যিকোনো ধৰনৰ সামগ্ৰী বনাব পাৰে বুলি এই প্ৰতিবেদকক জানিব দিয়ে ৷

দিনক দিনে ঘৰুৱা অত্যাধুনিক সা-সামগ্ৰীৰে বজাৰ দখল কৰাৰ বিপৰীতে হেৰাই যাব ধৰা বাঁহ বেতৰ শিল্পক জীয়াই মানসেৰে এই  গৰাকী লোকে কম দামত উপলব্ধ হোৱাকৈ বাঁহ আৰু বেতৰে নিৰ্মিত  থলুৱা সামগ্ৰীক ব্যৱহাৰ কৰিবলৈ আৰু বাঁহ বেতৰ শিল্পক জীয়াই  ৰাখিবলৈ ৰাইজক আহ্বান জনাই


 চৰকাৰী আচনিয়ে  ঢুকি নোপোৱা এই গৰাকীৰ বাঢ়ৈয়ে  সামান্য কটাৰী  আৰু আৰু বটালী এখন লৈয়ে  বাঁহৰে বিধে বিধে চকুত লগাকৈ  বনাই বিভিন্ন ধৰনৰ  ঘৰুৱা প্ৰয়োজনীয়  সামগ্ৰী ৷ টকা পইছাৰ অভাবৰ বাবে কাম কৰাৰ সুবিধাৰ্থে  নিত্য  ব্যৱহাৰ্য্য  সা-সজুলি সমুহ  ক্ৰয়  কৰিব পৰা নাই   লোকজন  ৷ যাৰ বাবে বহু কামত পিছ হুহুঁকিব লগা হৈছে  ৷  পিছলৈ টকা পইছাৰ সুবিধা হলে   কাম কৰাৰ কিছু  উন্নতমানৰ  সা-সজুলি  ক্ৰয় কৰাৰ আশা পুহি ৰাখিছে লোকজনে  ৷  উল্লেখ্য যে দিনক দিনে ঘৰুৱা অত্যাধুনিক সা-সামগ্ৰীৰে বজাৰ দখল কৰাৰ বিপৰীতে হেৰাই যাব ধৰা বাঁহ বেতৰ শিল্পক জীয়াই মানসেৰে এই  গৰাকী লোকে কম দামত উপলব্ধ হোৱাকৈ বাঁহ আৰু বেতৰে নিৰ্মিত  থলুৱা সামগ্ৰীক ব্যৱহাৰ কৰিবলৈ আৰু বাঁহ বেতৰ শিল্পক জীয়াই  ৰাখিবলৈ ৰাইজক আহ্বান জনাই ৷ আহক আমি এই গৰাকী লোকক কিছু হলেও সহায়ৰ হাত আগবঢ়াও৷ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান তথা জনপ্ৰতিনিধি সকলৰ লগতে  স্থানীয় বিধায়ককে কিঞ্চিত হলেও সাহাৰ্য প্ৰদান কৰিলে ৰাইজৰ চাহিদা অনুসৰি কাম কৰা  আৰু বাঁহ বেতৰ শিল্পক প্ৰতিষ্ঠা কৰাৰ সপোন পুৰণ কৰিব পাৰিব  বুলি  জানিব দিয়ে  আদিবাসী জনগোষ্ঠীৰ বাঢ়ৈ ফুলচান্দ পাতৰে৷

No comments