Page Nav

HIDE

Grid

GRID_STYLE

বান খহনীয়াগ্ৰস্ত এলেকাৰ যুৱকৰ অৰ্থনৈতিক বিপ্লৱৰ কাহিনী

বায়'ফ্লক পদ্ধতিৰে মৎস্য পালন কৰি লাভাম্বিত চামছুজ জামান ... নিবনুৱা যুৱক যুৱতী সকলক কম ভূমিতে এই পদ্ধতিৰে মৎস্য পালন কৰি স্বাৱলম্বী হবলৈ...


বায়'ফ্লক পদ্ধতিৰে মৎস্য পালন কৰি লাভাম্বিত চামছুজ জামান

... নিবনুৱা যুৱক যুৱতী সকলক কম ভূমিতে এই পদ্ধতিৰে মৎস্য পালন কৰি স্বাৱলম্বী হবলৈও আহ্বান 


বিষ্ণু ডেকা

 বান খহনীয়াগ্ৰস্ত লাহৰীঘাটৰ এজন যুৱকে বায়'ফ্লক পদ্ধতিৰে মৎস্য পালন কৰি নিবনুৱা সকললৈ কঢ়িয়াইছে আশাৰ বতৰা। এই উদ্যমী যুৱক গৰাকী হৈছে মৰিগাঁও জিলাৰ বান খহনীয়াগ্ৰস্ত লাহৰীঘাটৰ তিনিচুকীয়া গাঁৱৰ চামছুজ জামান। এইজন চামছুজ জামানে ২০২০ চনৰ পৰা নিজ ঘৰৰ কাষতে বায়'ফ্লক পদ্ধতিৰে মৎস্য পালন কৰি আহিছে। ঘৰৰ লগতে দুটা তাৰ্পলিনৰ টেংকি স্থাপন কৰি থলুৱা প্ৰজাতিৰ কাৱৈ মাছ পালন কৰি আৰ্থিক ভাৱে স্বাৱলম্বী হৈছে।

প্ৰথম পৰ্যায়ত থলুৱা প্ৰজাতিৰ কাৱৈ মাছ পালন কৰি লাভাম্বিত হোৱা যুৱকজনে এই বছৰ নিজা ববীয়াকৈ কাৱৈ মাছৰ পোনা উৎপাদনৰ ব্যৱস্থা হাতত লৈছে। মহামাৰী কৰ'নাৰ মাজতেই তেওঁ উৎপাদিত থলুৱা কাৱৈ মাছ প্ৰতি কিল'গ্ৰামত ১৫০-১৭০ টকাত পাইকাৰী দামত বিক্ৰী কৰিও যথেষ্ঠ লাভ পাবলৈ সক্ষম হয়।ইয়াৰোপৰি তেওঁ বায়'ফ্লক পদ্ধতিৰে এইবাৰ ইতিমধ্যে তেলেপীয়া নামৰ এবিধ মাছ পালন কৰিছে আৰু তেওঁ শিঙিমাছ পালনৰ পৰিকল্পনাও হাতত লৈছে

 উল্লেখযোগ্য যে প্ৰতি বছৰে বান খহনীয়াত বিধ্বস্ত অঞ্চলটোৰ তিনিচুকীয়া গাঁৱৰ এই গৰাকী যুৱক আৰবত শ্ৰমিক হিচাপে আছিল যদিও ২০২০ চনত মহামাৰী কৰোনাৰ ফলত সৃষ্টি হোৱা লকডাউনৰ বাবে ঘৰলৈ আহি বিমোৰত পৰিছিল।যিকোনো কামৰ সন্ধানত হাহাকাৰ নকৰি যুৱক জনে নিজৰ ঘৰতে কম মাটিত বায়'ফ্লক পদ্ধতিৰে মৎস্য পালনত নামি পৰে। এই সন্দৰ্ভত তেওঁ কলকাতাত প্ৰশিক্ষণ লৈছিল। প্ৰথম পৰ্যায়ত থলুৱা প্ৰজাতিৰ কাৱৈ মাছ পালন কৰি লাভাম্বিত হোৱা যুৱকজনে এই বছৰ নিজা ববীয়াকৈ কাৱৈ মাছৰ পোনা উৎপাদনৰ ব্যৱস্থা হাতত লৈছে। মহামাৰী কৰ'নাৰ মাজতেই তেওঁ উৎপাদিত থলুৱা কাৱৈ মাছ প্ৰতি কিল'গ্ৰামত ১৫০-১৭০ টকাত পাইকাৰী দামত বিক্ৰী কৰিও যথেষ্ঠ লাভ পাবলৈ সক্ষম হয়।ইয়াৰোপৰি তেওঁ বায়'ফ্লক পদ্ধতিৰে এইবাৰ ইতিমধ্যে তেলেপীয়া নামৰ এবিধ মাছ পালন কৰিছে আৰু তেওঁ শিঙিমাছ পালনৰ পৰিকল্পনাও হাতত লৈছে।তেওঁৰ মতে,উচ্চ শিক্ষা লোৱা বুলিয়েই সকলো কেৱল চাকৰি বিচৰাৰ নামতে দৌৰি ফুৰাতকৈ আমাৰ নিবনুৱা সকলে এনে পদ্ধতিৰে মৎস্য পালন কৰিও যথেষ্ঠ উপাৰ্জন কৰিব পাৰে।এই সন্দৰ্ভত তেওঁ আগ্ৰহী লোক সকলক দিহা পৰামৰ্শ দিবলৈয়ো আগ্ৰহ প্ৰকাশ কৰিছে। বায়'ফ্লক পদ্ধতিৰে মৎস্য পালন কৰি প্ৰথম পৰ্যায়তে লাভৰ মুখ দেখা যুৱকজনে সদায় চাকৰি বিচাৰি হাহাকাৰ কৰি ফুৰা নিবনুৱা যুৱক যুৱতী সকলক কম ভূমিতে এই পদ্ধতিৰে মৎস্য পালন কৰি স্বাৱলম্বী হবলৈও আহ্বান জনাইছে।

---

ফটোত বায়'ফ্লক টেংকি সহ মৎস্য পালক চামছুজ জামান। 

No comments