Page Nav

HIDE

Grid

GRID_STYLE

বিজেপিৰ ‌অসমত এগৰাকী বৃদ্ধা : নিশাৰ সাৰথি যাৰ আওঁপুৰণি কেৰাচিন তেলৰ চাকিটো...

এটি মাথো ভোট, সেয়ে খাদ্য সুৰক্ষা, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, অৰুণোদয়, প্ৰধান মন্ত্ৰী আৱাস আদি কোনো আঁচনিয়ে নাপায় ঢুকি ...বছৰৰ পিছত বছৰ ধৰি ...


এটি মাথো ভোট, সেয়ে খাদ্য সুৰক্ষা, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, অৰুণোদয়, প্ৰধান মন্ত্ৰী আৱাস আদি কোনো আঁচনিয়ে নাপায় ঢুকি


...বছৰৰ পিছত বছৰ ধৰি এটা ভঙা-চিঙা ক্ষুদ্ৰাকাৰ জুপুৰী ঘৰক আশ্ৰয়স্থল হিচাপে লৈ  বহু কষ্টৰে জীৱন কটাইছে এই বৃদ্ধা মহিলা গৰাকীয়ে...

       

 চৈয়দ মেহবুব দেৱান




পশ্চিম দৰঙৰ বুঢ়াদৈৰ হিৰাপাৰাত দুৰ্বিসহ জীৱন কটাইছে এগৰাকী সন্তানহীনা বৃদ্ধাই৷ চৰকাৰৰ মুখ্য মন্ত্ৰী খাদ্য সুৰক্ষা যোজনা, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন,অৰুণোদয়,প্ৰধান মন্ত্ৰী আৱাস যোজনা আদি কোনো আঁচনিয়ে আজিকোপতি ঢুকি পোৱা নাই দীনেশ্বৰী কলিতা নামৰ এই দৰিদ্ৰ তথা নিঃসহায় মহিলা গৰাকীক৷ বছৰৰ পিছত বছৰ ধৰি এটা ভঙা-চিঙা ক্ষুদ্ৰাকাৰ জুপুৰী ঘৰক আশ্ৰয়স্থল হিচাপে লৈ  বহু কষ্টৰে জীৱন কটাইছে এই বৃদ্ধা মহিলা গৰাকীয়ে ৷ গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনিয়ে ঢুকি নোপোৱা এই মহিলা গৰাকীয়ে এতিয়াও নিশাৰ সাৰথি হিচাপে ব্যৱহাৰ কৰিব লগীয়া হৈ আছে  আওঁপুৰণি  কেৰাচিন তেলৰ চাকিটো৷ জন্ম সুত্ৰে দৰং জিলাৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ বুঢ়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত বুঢ়াদৈ চপৰা গাঁৱৰ বাসিন্দা এই মহিলা গৰাকী৷ যৌৱন কালৰ প্ৰাক ক্ষণত বহুতৰ দৰে  এই  মহিলা গৰাকীয়েও বহু সপোন লৈ কামৰূপ জিলাৰ কমলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰপানাৰা গাঁৱৰ জ্যোতিষ কলিতাৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল ৷ কিন্তু বিধিৰ বিপাকত দৰিদ্ৰতাৰ কবলত পৰি ঘৰ-ভেটি হেৰুৱাই আশ্ৰয়হীন হৈ পৰা দীনেশ্বৰী কলিতাই এসময়ত  বৃদ্ধ স্বামীৰে  সৈতে নিজ গাঁৱলৈ আশ্ৰয় বিচাৰি উভতি আহিব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় ৷   বুঢ়াদৈ চপৰা গাঁৱৰ হিৰাপাৰা চুবুৰীৰ এটা পৰিয়ালৰ এডৰা মাটিত এটি সামান্য জুপুৰী ঘৰ সাজি দুখ-দৈন্যতাৰে জীৱন যাপন কৰি থকা দীনেশ্বৰী কলিতাৰ আজিৰ পৰা প্ৰায় পাচ বছৰ পুৰ্বে স্বামীৰ মৃত্যু হয় ৷ ফলত সন্তানহীনা দীনেশ্বৰী কলিতা সমুলি অকলশৰীয়া তথা নিথৰুৱা হৈ পৰে ৷ সম্প্ৰতি ওচৰ চুবুৰীয়াৰ ঘৰত কাম কৰি আৰু ভিক্ষা মাগি জীৱন নিৰ্বাহ কৰা দীনেশ্বৰী কলিতাৰ প্ৰতি স্থানীয় জনপ্ৰতিনিধিৰ সুদৃষ্টি পৰিব নে, সেয়াও এক গভীৰ চিন্তাৰ বিষয় ৷

No comments