Page Nav

HIDE

Grid

GRID_STYLE

পান দোকান দি পৰিয়ালক পোহ-পাল দিছে মহাবিদ্যায়লয়ৰ প্ৰবক্তাই

২৩ বছৰে বিনা বেতনে পাঠদান মনোবিজ্ঞান বিষয়ৰ প্ৰবক্তাৰ . ..মহাবিদ্যালয় খনত নিজৰ কৰ্তব্য শেষ হোৱাৰ পাছত আৰু মহাবিদ্যালয় বন্ধ থকা সময় চোৱাত উক্ত...


২৩ বছৰে বিনা বেতনে পাঠদান মনোবিজ্ঞান বিষয়ৰ প্ৰবক্তাৰ


...মহাবিদ্যালয় খনত নিজৰ কৰ্তব্য শেষ হোৱাৰ পাছত আৰু মহাবিদ্যালয় বন্ধ থকা সময় চোৱাত উক্ত পান দোকান খন চলাই যি সামান্য উপাৰ্জন কৰে তাৰেই চাৰিজনীয়া পৰিয়াল টোক ভৰণ-পোষণ দি আহিছে জিতুমণি ডেকাই...

চৈয়দ মেহবুব দেৱান 

দৰং জিলাৰ বুঢ়া গাঁৱৰ নিবাসী জিতুমণি ডেকাই ১৯৯৮ চনতে জিলা খনৰ গভৰাস্থিত দুনী মহাবিদ্যালয় (কণিষ্ঠ)ত মনোবিজ্ঞান বিষয়ৰ প্ৰবক্তা হিচাপে যোগদান কৰে যদিও আজিকোপতি মহাবিদ্যায় খন উক্ত পদটো  প্ৰাদেশীকিকৰণ  নোহোৱা হেতুকে সুদীৰ্ঘ বছৰ ধৰি বিনা বেতনে কাম কৰি থাকিব লগীয়া হোৱাত  জিতুমণি ডেকাৰ আৰ্থিক অৱস্থা অভাৱনীয় ভাবে দুৰ্বল হৈ পৰে ৷ ১৯৮৩ চনত স্থাপন হোৱা উক্ত মহাবিদ্যালয় খনত ইতিমধ্যে জিতুমণি ডেকাই শিক্ষাদান কৰা একাধিক ছাত্ৰ-ছাত্ৰীয়ে মনোবিজ্ঞান বিভাগত লেটাৰ নম্বৰ সহ স্নাতক উত্তীৰ্ণ হৈ চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে৷

জিতুমণি ডেকাৰ দৰে দৰিদ্ৰ তথা অপ্ৰাদেশীকৃত কলেজ শিক্ষক সকলৰ প্ৰতি ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বি জে পি চৰকাৰ খনে সুদৃষ্টি নিক্ষেপ কৰিবলৈ সক্ষম হ’ব নে

 কিন্তু সেই সকল ছাত্ৰ-ছাত্ৰীৰ শিক্ষাগুৰু জিতুমণি ডেকাই নিজৰ চাৰিজনীয়া পৰিয়াল টোক পোহ-পাল দিবৰ বাবে উপাৰ্জনৰ অন্য কোনো বিকল্প নথকাত লাজ-সংকোচ পৰিহাৰ কৰি নিজৰ গাঁৱৰ বুঢ়া হাইস্কুল চ’ত আৰম্ভ কৰিছে এখন ক্ষুদ্ৰাকাৰ পান-তামোলৰ দোকান৷ সম্প্ৰতি মহাবিদ্যালয় খনত নিজৰ কৰ্তব্য শেষ হোৱাৰ পাছত আৰু মহাবিদ্যালয় বন্ধ থকা সময় চোৱাত উক্ত পান দোকান খন চলাই যি সামান্য উপাৰ্জন কৰে তাৰেই চাৰিজনীয়া পৰিয়াল টোক ভৰণ-পোষণ দি আহিছে জিতুমণি ডেকাই৷ জিতুমণি ডেকাৰ দৰে দৰিদ্ৰ তথা অপ্ৰাদেশীকৃত কলেজ শিক্ষক সকলৰ প্ৰতি ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বি জে পি চৰকাৰ খনে সুদৃষ্টি নিক্ষেপ কৰিবলৈ সক্ষম হ’ব নে, সেই বিষয়ে স্থানীয় সচেতন মহলৰ মাজত প্ৰশ্ন উথ্থাপন হৈছে ৷   

No comments