চৈয়দ মেহবুব দেৱানৰ দুটি কবিতা মজিয়াৰ মাটিয়ে মোক শিকাইছিল কেনেকৈ মানুহ সহজ হ’ব পাৰে কেনেকৈ পাহৰিব পাৰে জীৱনৰ যন্ত্ৰণা, প্ৰশৰ ৰ’দৰ তাপ অথবা...
চৈয়দ মেহবুব দেৱানৰ দুটি কবিতা
মজিয়াৰ মাটিয়ে মোক শিকাইছিল কেনেকৈ মানুহ সহজ হ’ব পাৰে
কেনেকৈ পাহৰিব পাৰে জীৱনৰ যন্ত্ৰণা, প্ৰশৰ ৰ’দৰ তাপ
অথবা কেনেকৈ মানুহ জীয়াই থাকিব পাৰে মাটিৰ মমতাত
এখন নদীৰ বুকুত
এটি নিশা মই সমাধিস্থ হৈছিলো এখন নদীৰ বুকুত
নদীৰ জলস্ৰোতে মোক উতুৱাই নিছিল সাগৰৰ গভীৰতালৈ
মোৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে সোমাই পৰিছিল নদীৰ নিৰ্জনতা
মই সহজ, নিৰ্মল আৰু কোমল হ’ব পাৰিছিলো নদীৰ দৰে
মোৰ দেহৰ ভাজে ভাজে বৈ আছিল নদীৰ ফটিক ধাৰ
এদিন নৈ খনৰ পাৰ ভাঙিছিল আৰু মই প্ৰাণ পাইছিলো
মই এতিয়া জানো- নদী শুকাই নদী ওফন্দে নদী কাচিৎহে মৰে
নদী পাৰ ভাঙি বয় অন্য ফালে ৷
--------
মোৰ এখন ঘৰ আছিল
মোৰ এখন ঘৰ আছিল
সমুখত আছিল এখন বাগিছা ফুলবোৰ ফুলিছিল মোৰ ইচ্ছাৰ সপক্ষে
ফুলবোৰ মই চুই চাইছিলো আৰু শিকাইছিলো কেনেকৈ হালি পৰিব লাগে শিহৰণত
ঘৰটোৰ মজিয়াত মই শুইছিলো আৰু সপোনবোৰ ৰুইছিলো গুচি গুচিকৈ
মজিয়াৰ মাটিয়ে মোক শিকাইছিল কেনেকৈ মানুহ সহজ হ’ব পাৰে
কেনেকৈ পাহৰিব পাৰে জীৱনৰ যন্ত্ৰণা, প্ৰশৰ ৰ’দৰ তাপ
অথবা কেনেকৈ মানুহ জীয়াই থাকিব পাৰে মাটিৰ মমতাত ৷
দুৰভাষ-৯৮৫৪৬৪০৫৪২
No comments