Page Nav

HIDE

Grid

GRID_STYLE

'জয় ভীম' চাওঁক আৰু সামাজিক বৈষম্যৰ পৰা মুক্তি পাবলৈ যুজঁ দিয়ক শক্তিশালী ৰূপত

সাধাৰণ জনতাৰ মানৱ অধিকাৰ লুণ্ঠনৰ সবল উপস্হাপন ... ৰাজ্য খনত ব্ৰাহ্মণ্যবাদী সকলৈ মনুস্মৃতিৰ চাৰিবৰ্ণৰ সূত্ৰটোক আখৰে আখৰে পালন কৰিবলৈ অলপো কৃপ...


সাধাৰণ জনতাৰ মানৱ অধিকাৰ লুণ্ঠনৰ সবল উপস্হাপন


...ৰাজ্য খনত ব্ৰাহ্মণ্যবাদী সকলৈ মনুস্মৃতিৰ চাৰিবৰ্ণৰ সূত্ৰটোক আখৰে আখৰে পালন কৰিবলৈ অলপো কৃপণালী নকৰে ঠিক তেনেকৈয়ে দক্ষিণৰ ৰাজ্য সমূহতো উচ্চ বৰ্ণৰ হিন্দু সকলে দলিত , আদিবাসী সকলক বৈষম্য মূলক আচৰণ কৰি অহা পৰিলক্ষিত হৈছে , যিটো চিনেমাখন চালেই পৰিষ্কাৰ হৈ পৰে।


ভাস্কৰ কলিতা

  হিন্দী চিনেমাত কেতিয়াও প্ৰশ্ন কৰা হোৱা নাই যে- মহান ব্যক্তি সকলৰ উদাহৰণত কেৱল কিয় গান্ধী আৰু নেহৰুক হে উদাহৰণ হিচাপে দেখুওৱা হয় ? বাবা আম্বেডকাৰ কিয় তুলি ধৰা নহয় ?- " দিলীপ মন্ডল"

     পেৰীয়াৰৰ জনমভূমিতেই কিছুমান প্ৰয়োজনীয় প্ৰশ্ন কৰি অহা হৈছে আৰু উত্তৰো বিচৰা হৈছে। "জয় ভীম"  শিৰোণামটো হৈছে এটা শ্লোগান, এই শ্লোগানটো সততে ব্যৱহাৰ কৰি আহিছে 'আম্বেডকাৰবাদী' সকলে আৰু উত্তৰ- দক্ষিণ ভাৰতৰ কিছু আঞ্চলিক ৰাজনৈতিক দল- সংগঠনে । কিন্তু মই শ্লোগানটোৰ ওপৰত লিখিব ওলোৱা নাই। মই কব খুজিছোঁ ২ নৱেম্বৰ ২০২১ ত সদ্য মুক্তি পোৱা দক্ষিণ ভাৰতৰ "জয় ভীম" নামৰ ছবিখনৰ ওপৰত। 

     দক্ষিণৰ ছবি বুলিলে সাধাৰণতে চাবলৈ উৎসাহী হৈ নুঠো। কাৰণ, বলিউডৰ দৰেই তলিউদ ছবি উদ্যোগতো এজন নায়ক আৰু এজনী নায়িকাক কেন্দ্ৰ কৰিয়েই কাল্পনিক কাহিনী এটাক আধাৰ হিচাপে লৈ ছবি নিৰ্মাণ কৰি অহা হৈছে। কিন্তু এই ' জয় ভীম' খন ব্যতিক্ৰম। ব্যতিক্ৰম এইবাবেই কাৰণ, এইখন চলচ্চিত্ৰ হৈছে বাস্তৱৰ ঘটনা এটাক লৈ নিৰ্মিত আৰু ছবিখনৰ কোনো এটা  দৃশ্য- চৰিত্ৰকে অতিৰঞ্জিত কৰি দেখাবলৈ বিচৰা নাই। যিটো অত্যন্ত প্ৰশংসনীয়। 

    এতিয়া আহিছো, মূল কথালৈ। বৰ্তমান এই ছবিখনে সমগ্র ভাৰতৰ লগতে অষ্ট্ৰেলিয়া, ইউৰোপৰ বহু দেশৰ জনতাৰ মাজত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। ছবিখন চাই গৈ থাকিলে আমি গম পাম যে উত্তৰ ভাৰতৰ দৰেই দক্ষিণ ভাৰততো বিশেষকৈ তামিলনাডু, কৰ্ণাটক আদি ৰাজ্যত জাতিগত বৈষম্য আৰু বৰ্ণবাদী ব্যৱস্থা এটাৰ বিৰোপ প্ৰভাৱ আছে। তাৰে ভুক্তভোগী হৈ আহিছে বিভক্ত হৈ থকা আদিবাসী তথা জনজাতীয় লোক সকল । যেনেকৈ আমাৰ ৰাজ্য খনত ব্ৰাহ্মণ্যবাদী সকলৈ মনুস্মৃতিৰ চাৰিবৰ্ণৰ সূত্ৰটোক আখৰে আখৰে পালন কৰিবলৈ অলপো কৃপণালী নকৰে ঠিক তেনেকৈয়ে দক্ষিণৰ ৰাজ্য সমূহতো উচ্চ বৰ্ণৰ হিন্দু সকলে দলিত , আদিবাসী সকলক বৈষম্য মূলক আচৰণ কৰি অহা পৰিলক্ষিত হৈছে , যিটো চিনেমাখন চালেই পৰিষ্কাৰ হৈ পৰে। যিবোৰ কৰ্ম কাণ্ড আমাৰ সংবিধানৰ ১৪ নং অনুচ্ছেদৰ সম্পূৰ্ণ বিৰোধী। 

   ছবিখন প্ৰধানকৈ ১৯৯৩ চনৰ ঘটনাৱলী এটাক কেন্দ্ৰ কৰি দৃশ্যায়িত কৰা হৈছে। য'ত তামিলনাডুৰ এখন গাঁৱৰ ' ইৰুলাৰ'( IRULAR) চিকাৰী গোষ্ঠী ৰ একেবাৰে দৰিদ্ৰ পৰিয়াল এটাৰ লগত হোৱা সামাজিক আৰু ৰাজনৈতিক বৈষম্য তথা ন্যায়িক প্ৰক্ৰিয়াটোক অতি সাৱলভাৱে দাঙি ধৰা হৈছে। লগতে , ছবিখনৰ যোগদি আন এটা দিশ পোহৰলৈ আহিছে , সেইটো হৈছে- আৰক্ষী জিম্মাত হোৱা মৃত্যু তথা হত্যা।   যিটো দৃশ্য‌ই হয়টো আপোনাক ব্যৱস্থাটো তথা আৰক্ষী বিভাগৰ প্ৰতি বহু প্ৰশ্ন উঠাবলৈ বাট মুকলি কৰি দিব। আমাৰ দেশৰ কাৰাগাৰ সমূহত সাধাৰণ জনতাৰ মানৱ অধিকাৰক যে ভূ- লুণ্ঠিত কৰি অহা হৈছে সেই দৃশ্যটো চিনেমাখনৰ আন এটা বাস্তৱ ধৰ্মী দিশ।

      কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী নিত্যানন্দ ৰায়ে লোকসভাত দাঙি ধৰা বক্তব্য মতে যোৱা তিনিটা বছৰত দেশত প্ৰায় ৩৪৮ গৰাকী ব্যক্তিৰ আৰক্ষীৰ জিম্মাত বা কাৰাগাৰৰ ভিতৰত মৃত্যু হয় । এইখিনি তথ্য ১৩ আগষ্ট ২০২১ চনৰ India Today খবৰত  প্ৰকাশ হয়। গতিকে চিনেমাখন এইবাবেই চাব লাগে, কাৰণ আমি তেতিয়া উপলব্ধি কৰিব পাৰিম যে আইনৰ দৃষ্টিত সকলো সমান বুলি কিতাপে- পত্ৰই পঢ়িলেও প্ৰকৃততে আইনে যে দেশৰ নিষ্পেষিত আৰু নিপিড়ীত মানুহখিনিক প্ৰতি মুহূৰ্তত তাচ্ছিল্য কৰি আহিছে সেই কথাটো হয়টো হৃদয়ংগম কৰিবলৈ সক্ষম হম। 

     


আনহাতে, এই জয় ভীম ছবিখনৰ আটাইতকৈ উৎসাহিত কৰিব পৰা আৰু প্ৰেৰণা যোগাব পৰা দিশটো হৈছে যে, যদি এজন অধিবক্তাই ড. বাবা আম্বেডকাৰৰ অশেষ ত্যাগৰ ফচল দেশৰ সংবিধানখনৰ প্ৰতিটো দফাক অনুভৱ কৰিব পাৰে, তেন্তে দেশৰ  শোষিত শ্ৰেণীটোৱে, শ্ৰমজীৱী শ্ৰেণীটোৱে ন্যায় লাভ কৰিবলৈ, সামাজিক বৈষম্যৰ পৰা মুক্তি পাবলৈ আশাৰ ৰেঙণি দেখিব। লগতে , আইনৰ ছাত্ৰ সকলেও যে কেৱল ধন ঘটাৰ বাবেই আইনৰ বৃত্তিত জড়িত নহৈ, যুগে যুগে আৰক্ষী চকী আৰু আদালতৰ মজিয়া বগাই ফুৰা আম আদমীক ন্যায়িক যুজঁ খনত সহায় কৰিব পাৰে সেই ব‌ৰ্তা ছবিখনে প্ৰেৰণ কৰিছে। 

    ছবিখনৰ মুখ্য অভিনেতা হৈছে দক্ষিণৰ জনতাৰ হিয়াৰ আমঠু ' চুৰীয়া শিৱাকুমাৰ'। যিয়ে  ভুক্তভোগীৰ অধিবক্তা হিচাপে, চৰকাৰী ব্যৱস্থা এটাক প্ৰশ্ন কৰিবলৈ ভয় নকৰা এগৰাকী নিৰ্ভীক বাওঁপন্থী হিচাপে নিজকে বলিষ্ঠ ৰূপত দাঙি ধৰিছে। নিকা আৰক্ষী বিভাগ আৰু ন্যায় পালিকাৰ সুস্থ, সাহসী আৰু বলিষ্ঠ পদক্ষেপে যে আমাৰ সমাজখনক বাবা আম্বেডকাৰৰ সপোনৰ দেশ হিচাপে গঢ়ি তুলিব পাৰে , সেইটো হৈছে এই ছবিখনৰ শেষ বাৰ্তা। 

     গতিকে, 'জয় ভীম ' সকলোৱে এবাৰো চাওঁক, আইনৰ ছাত্র সকলে চাওঁক আৰু ন্যায়ৰ যুজঁ খনক তুলি ধৰক অধিক শক্তিশালী ৰূপত।

2 comments

  1. ধুনীয়া লিখিছে।

    ReplyDelete
  2. Mr. Casino | DMC
    Mr Casino is 광주 출장마사지 a fun place to play and gamble 남원 출장샵 online. Players 청주 출장샵 can choose from over 20 different types 세종특별자치 출장안마 of casino games including 양주 출장마사지 live dealer and  Rating: 5 · ‎4 votes

    ReplyDelete