আংশিক লকডাউন-সান্ধ্য আইন ঔষধ-পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত এইচ্-আই-ভি আাক্ৰান্ত - -ঔষধ খোৱাৰ ধাৰাবাহিকতা ভংগ হ'লে আৰু পুষ্টিদায়কতআহাৰ নী...
আংশিক লকডাউন-সান্ধ্য আইন
ঔষধ-পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত এইচ্-আই-ভি আাক্ৰান্ত
--ঔষধ খোৱাৰ ধাৰাবাহিকতা ভংগ হ'লে আৰু পুষ্টিদায়কতআহাৰ নীয়মিত নাখালে আক্ৰান্ত ব্যক্তিৰ ৰেজিচট্ৰেনচ্ কেপাচিটি কমিব । ফলত বিভিন্ন ৰোগত তৎকালে যেনে ভাইৰেলত আক্ৰান্ত হব পাৰে...
versatilestory.com 26th JUNE, 2021
বিশেষ প্ৰতিবেদনঃ
কৰ’না ভাইৰাচৰ সংক্ৰমণ ৰোধিবলৈ দিয়া আংশিক লকডাউন, সান্ধ্য আইনৰ বাবে প্ৰত্যাহবান আহিল এইচ-ভাইৰাচত আক্ৰান্ত একাংশ নাৰীৰ জীৱনলৈ। এইচ আই ভি আক্ৰান্ত বক্তিৰ জীৱন বেছি নিৰ্ভৰ কৰে ওষধ খোৱাৰ ধাৰাবাহিকতাৰ ওপৰত আৰু পূৰ্ণ পুষ্টিকৰ খাদ্যৰ ওপৰত। যিয়ে তেওঁৰ ৰোগ প্ৰতিৰোধী ক্ষমতা অটুট ৰাখে। যদি একাধিক দিন ঔষধ খোৱাৰ পৰা তেওঁ আতৰি থাকে আৰু পুষ্ট্ৰিৰ খাদ্য খোৱিৰ পৰা বিৰত থাকে তেনে ব্যক্তিৰ হ্ৰাস পাই আহিব ৰোগ প্ৰতিৰোধী ক্ষমতা। কভিড সংকটে এইচ আই ভি আক্ৰান্ত একাংশ লোকৰ জীৱন সংকটৰ দিশে ঠেলি দিলে।
বিশেষভাৱে এইচ আই ভি আক্ৰান্ত একাধিক নাৰীৰ জীৱনলৈ নমাই আনিলে প্ৰত্যাহ্বান। অনুসন্ধান কৰি জানিব পৰা গ'ল যে অসমৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ৰ হস্পিতালসমূহত থকা থকা এ.আৰ.টি কেন্দ্ৰৰ পৰা বিগত দিনত যিসকল এইচ.আই.ভি আক্ৰান্ত ব্যক্তিয়ে ঔষধ সংগ্ৰহ কৰি আছিল তাৰে একাংশই লকডাউনৰ কালছোৱাত সমস্যাৰ সন্মুখীন হৈছিল৷ গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, তেজপুৰ আদিত থকা এ আৰ টি কেন্দ্ৰৰ পৰা পূৰ্বতে ঔষধ সংগ্ৰহ কৰা এইচ আই ভি আক্ৰান্ত বহু মহিলা বঞ্চিত হৈছিল জীৱন দায়িনী ঔষধৰ পৰা।
আংশিক লকডাউন-সান্ধ্য আইনে যাৰ চিৰ জীৱনলৈ আনিলে প্ৰত্যাহবান
কেইবা বছৰ পূৰ্বে এইচ.আই.ভি পজিটিভ হিচাপে চিনাক্ত হৈছিল ৰীতামনি দাস (নাম সলনি কৰা হৈছে) নামৰ মহিলাগৰাকী৷ অকাল বৈধৱ্য সাৱটি ল’ব লগা হোৱা ৪০ বছৰীয়া ৰীতাৰ আছে এটি সন্তান৷ অসমৰ কাছাল জিলাৰ শিলচৰ চহৰত স্বামীৰ কৰ্মসূত্ৰে বাস কৰিছিল মহিলাগৰাকীয়ে৷ তেওঁৰ প্ৰকৃত ঘৰ অসম-মেঘালয় ৰাজ্যৰ সীমান্তৱতী এলেকাৰ এখন গাঁৱত৷
কাছাৰ জিলাৰ অন্তৰ্গত অত্যন্ত ভিতৰুৱা গ্ৰাম্যাঞ্চলটোৰ সৈতে জিলাৰ সদৰৰ যাতায়ত সুচল নহয়৷ শিলচৰ চহৰৰ ঘৰভাৰাটো স্বামীৰ মৃত্যুৰ পিছত এৰি দি গ্ৰাম্যাঞ্চললৈ গুচি আহিছিল ৰীতা৷ প্ৰতিমাহে এবাৰ কিছু ধন গোটাই লৈ মহিলাগৰাকীয়ে অকলেই শিলচৰ চহৰত থকা এ.আৰ.টি (Anti Retro-viral Therapy) কেন্দ্ৰলৈ আহে ঔষধ সংগ্ৰহ কৰিবলৈ৷ এইচ.আই.ভি আক্ৰান্ত ব্যক্তি হিচাপে বিগত দিনত নিজৰ পৰিচয় দিব নিবিচৰা বাবেই মহিলাগৰাকীয়ে অকলেই আহে এ.আৰ.টি কেন্দ্ৰলৈ,যাতে আনে তেওঁক নাজানক৷ এইচ.আই.ভিৰ চিকিৎসাৰ বাবে যোগান ধৰা ঔষধবোৰ সংগ্ৰহ কৰি তেওঁ পুনৰ উভতি যায় জিলা সদৰৰ পৰা বহু দূৰৈৰ গাঁৱৰ ঘৰলৈ আৰু গাঁৱত স্বাভাৱিকভাৱে জীৱন যাপন কৰে৷
যোৱা মে' মাহৰ পৰি হোৱা আংশিক লকডাউন-সান্ধ্যআইনে ৰীতা দাসক সংকটত পেলালে৷ আৰ্থিক দুৰৱস্থাত ভাৰাক্ৰান্ত, বিধবা ৰীতাৰ বাবে গাঁৱৰ ঘৰৰ পৰা ব্যক্তিগত বাহন ভাৰা কৰি শ কিলোমিটাৰ দূৰৈৰ এ.আৰ.টি কেন্দ্ৰলৈ যোৱাটো অসম্ভৱ৷ ৷ চিকিৎসাজনিত কাৰণত গাড়ী ভাৰা লৈ হস্পিতাললৈ যাব পাৰে যদিও ৰীতাতদাসে নিজকে এইচ.আই.ভি পজিটিভ বুলি পৰিচয় দিয়ে কেনেকৈ?
আনহাতে ঔষধ আনিবলৈ গলেও ঘৰৰ আন মানুহৰ আগত তেওঁ এইচ.আই.ভি আক্ৰান্ত মানুহ বুলি হঠাতে প্ৰকাশ কৰে কেনেকৈ? ইফালে এগৰাকী স্বেচ্ছাসেৱক পৰামৰ্শদাঁতাই তেওঁক ঔষধ সময়মতে দিব বিচাৰিছিল যদিও ‘বিহান প্ৰজেক্ট’ ত কৰ্মৰত পৰামৰ্শদাতাজনৰ বাবে ১০০ কিলোমিটাৰ বাট দুচকীয়া বাহন চলাই ভিতৰুৱা অঞ্চললৈ যোৱাটোও সম্ভৱ নাছিল৷
মুঠতে ‘কভিড-১৯’ সংক্ৰমণ ৰোধ কৰিবলৈ ঘোষণা কৰা আংশিক লকডাউনে এইচ.আই.ভি আক্ৰান্ত ৰীতি দাসক এক জটিল অৱস্থালৈ ঠেলি দিলে৷ বিৰতি নোহোৱাকৈ যিগৰাকী মহিলাই এইচ.আই.ভিৰ বিৰুদ্ধে যুদ্ধ কৰি আহিছিল দীৰ্ঘদিন ধৰি, সেইগৰাকীৰ ঔষধ সেৱনৰ ধাৰাবাহিকতা স্তব্ধ কৰিব লগীয়া হ’ল৷ ঔষধ শেষ হ’ল৷ ঘৰতে আবদ্ধ ৰীতাৰ ক্ৰমশঃ শাৰীৰিক দুৰ্বলতাও বৃদ্ধি পালে ৷ যি দৰবে এইচ.আই.ভি আক্ৰান্ত ৰোগীৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে বা অটুট ৰাখে, সেই জীৱন দায়িনী ঔষধৰ পৰা বঞ্চিত হ’ল মহিলাগৰাকী। আনহাতে উপাৰ্জন বন্ধ হোৱাৰ বাবে তেওঁ বঞ্চিত হ'ল পুষ্টিদায়ক আহাৰ খোৱাৰ পৰা। স্বাস্থ্য অৱনতিৰ দিশে গতি কৰিলে।
অসম মিজোৰাম সীমান্ত অঞ্চল আৰু অসমৰ ডিমা-হাচাও জিলাৰ নাগালেণ্ড ৰাজ্যৰ সীমান্তৱৰ্তী গাঁৱৰ এচাম লোক, দুৰ্গম পাৰ্বত্য এলেকাত বাস কৰা লোক সকলে আংশিক লকডাউন, সান্ধ্যআইনৰ সময়ত ঔষধ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাই৷ এইচ.আই.ভি আক্ৰান্ত লোকসকলৰ বাবে কাম কৰি থকা সংস্থাবোৰৰো ইমান মানুহ নাই যে দুৰ্গম অঞ্চলত গৈ বা বহু দুৰলৈ গৈ ঔষধ যোগান ধৰিব পাৰিব৷
উল্লেখ কৰা প্ৰয়োজন যে অসমৰ ডিমা- হাচাও জিলা,কৰিমগঞ্জ জিলা, কাছাৰ জিলা, হাইলাকান্দি জিলাৰ ৪৮০০গৰাকী এইচ.আই.ভি আক্ৰান্ত ব্যক্তি শিলচৰ এ.আৰ.টি চেণ্টাৰত পঞ্জীভুক্ত হৈ আছে৷ ইয়াৰ ভিতৰত দুই শতাধিক বিধবা মহিলা আৰু শতাধিক শিশু ও আছে৷ এই পঞ্জীভূত ব্যক্তি সকলৰ ভিতৰত শিলচৰ মেডিকেল কলেজত থকা এ.আৰ.টি চেণ্টাৰৰ পৰা ২৬০০ জন এইচ.আই.ভি আক্ৰান্ত লোকে বিগত দিনত ঔষধ লৈ আছে৷ কিন্তু বৰ্তমান সময়ত যাতায়তৰ যোগাযোগ বন্ধ হৈ পৰা বাবে বহুলোকেই সঠিক সময়ত ঔষধ সংগ্ৰহ কৰিব পৰা নাই৷ আনকি লকডাউন কালত সংস্থাপন হেৰুৱা, দিন মজুৰি হেৰুৱা, ব্যৱসায় বন্ধ হৈ থকা বাবে যিসকলে অৰ্থাভাৱত পৰিছিল সেই সকলৰ বহুতেই এ.আৰ.টি কেন্দ্ৰলৈ আহিবলৈ ধনৰ যোগাৰ কৰিব পৰা নাছিল৷ ফলত বঞ্চিত হৈছিল ঔষধৰ পৰা৷ বিশেষকৈ মহিলা এইচ.আই.ভি আক্ৰান্তৰ বাবে এক জটিল পৰিস্থিতিৰ উদ্ভৱ হৈছিল অসমৰ বৰাক উপত্যকাৰ অঞ্চলটোত৷ বহু আক্ৰান্ত বঞ্চিত পুষ্টদায়ক খাদ্যৰ পৰা।
ববিতাহঁতৰ জীৱিকা, স্বাস্থ্য?
অসমৰ বাক্সা আৰু ওদালগুৰি জিলাৰ ভাৰত-ভুটান সীমান্তৰ গাঁৱত বাস কৰা একাংশ এইচ. আই.ভি পজিটিভ ব্যক্তিয়ে ঔষধৰ পৰা বঞ্চিত হৈছিল এই সময়ছোৱাত৷ বাক্সা জিলাৰ ববিতা ৰায়ে (৩০ বছৰীয়া যুৱতীগৰাকীৰ নাম সলনি কৰা হৈছে) গুৱাহাটীৰ এক ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিছিল আৰু এইচ.আই.ভি পজিটিভ হিচাপে গুৱাহাটীস্থিত এ.আৰ.টি কেন্দ্ৰৰ পৰা নিয়মীয়াকৈ ঔষধ সংগ্ৰহ কৰি আহিছিল৷ লকডাউনৰ সময়ছোৱাত ব্যক্তিগত প্ৰতিষ্ঠানটোৰ কাম-কাজ বন্ধ হৈ পৰে৷ ববিতাইয়ো হাতত থকা ধনখিনিৰে গাড়ী এখন ভাৰাত লৈ ঘৰলৈ গ’ল৷
গুৱাহাটীৰ পৰা প্ৰায় ডেৰশ কিলোমিটাৰ দুৰৈৰ ভিতৰুৱা গাঁৱৰ পৰা যুৱতীগৰাকীয়ে পুনৰ গুৱাহাটীলৈ আহিব নোৱৰা হ’ল৷ হাতত থকা অৱশিষ্ট জমাধন শেষ হ’ল৷ গুৱাহাটীলৈ আন জিলাৰ মানুহ অহা নিষিদ্ধ হ’ল৷ এ.আৰ.টি কেন্দ্ৰৰ পৰা লকডাউন ঘোষণা কৰাৰ কৰাৰ পূৰ্বে সংগ্ৰহ কৰা ঔষধবোৰ শেষ হ’ল৷ বঞ্চিত হ’ল ঔষধ সেৱনৰ ধাৰাবাহিকতাৰ পৰা৷ গুৱাহাটীস্থিত এগৰাকী পৰামৰ্শদাতাই যুৱতীগৰাকীক ফোন কৰি ঔষধ সংগ্ৰহ নকৰাৰ বিষয়টো জানিব বিচৰিলে আৰু প্ৰায় পঞ্চাশ ষাঠি কিলোমিটাৰ দূৰলৈ গৈ ঔষধ দিব পাৰিব বুলি কলে৷
কিন্তু যুৱতীগৰাকীৰ ঘৰ ইমান ভিতৰুৱা এলেকাত যে গুৱাহাটীৰ পৰা এজন ব্যক্তিয়ে গৈ ঔষধ যোগান ধৰি অহাটো অসম্ভৱ; তাতে লকডাউনৰ সময়৷ তাতকৈও ডাঙৰ কথা আনে ঔষধ লৈ ঘৰত উপস্থিত হলে ঘৰৰ সকলোৱে সুধিব কিহৰ ঔষধ বুলি৷ আচলতে বিগত দিনত যুৱতীগৰাকীয়ে কোনো লোককে এইচ.আই.ভি আক্ৰান্ত বুলি পৰিচয় দিয়া নাছিল৷ লকডাউন কিছু শিথিল হোৱাৰ পিছত এদিন গুৱাহাটীলৈ আহি এ.আৰ.টি কেন্দ্ৰৰ পৰা ঔষধ সংগ্ৰহ কৰিলে৷
যুৱতীগৰাকীয়ে সেইদিনা খুউৱ বিষাদ আৰু হতাশাৰে কলে, 'মই এখন বিউটিপাৰ্লাৰত কাম কৰিছিলো৷ কাম কৰোতে সকলোখিনি নীতি-নিয়ম মানি চলিছিলো। মাজে মাজে এ.আৰ.টি চেণ্টাৰৰ পৰা ঔষধ সংগ্ৰহ কৰি খাই আছিলো৷ ভাৰাঘৰত অকলে থাকো৷ সেয়ে সমস্যা নাছিল৷ কিন্তু লকডাউন ঘোষণা হোৱাৰ লগে লগে আমাৰ প্ৰতিষ্ঠানটো বন্ধ হ’ল৷ হাতত জমাধনখিনি লৈ গাড়ী এখন ভাৰা কৰি ঘৰলৈ গলো৷ এইচ.আই.ভি পজিটিভ বুলি মই পৰিচিত হ’ব বিচৰা নাছিলো৷ আনকি মোৰ ঘৰৰ পৰিয়ালৰ সদস্যসকলেও জনা নাছিল৷ উপাৰ্জনৰ ধন নিজৰ বাবে আৰু বৃদ্ধ মা দেউতাৰ বাবে, পঢ়ি থকা ভাতৃৰ বাবে খৰচ কৰিছিলো৷ কিন্তু লকডাউনৰ বাবে মোৰ চাকৰিটোও হেৰুৱালো, গুৱাহাটীৰ পৰা বহু দূৰৈৰ ঘৰত আৱদ্ধ হৈ পৰিলো৷ ঔষধ শেষ হোৱাৰ পিছত কিদৰে ঔষধ সংগ্ৰহ কৰিম ভাবি পোৱা নাছিলো৷ যুৱক হোৱা হলে লগৰ সমনীয়াৰ পৰা মটৰ চাইকেল খুজি লৈ আহি ঔষধ সংগ্ৰহ কৰিলোহেঁতেন৷ কিন্তু যুৱতী হোৱা বাবে আৰু যাতায়ত ব্যৱস্থা চৰকাৰে বন্ধ কৰি থোৱা বাবে সেই সময়ছোৱাত মই ঔষধ খোৱাৰ ধাৰাবাহিকতা ৰক্ষা কৰিব নোৱাৰিলো৷ কেবা বছৰ পূৰ্বে মই এইচ.আই.ভি পজিটিভ হিচাপে চিনাক্ত হৈছিলোঁ৷ বৰ্তমান মই ঔষধ খোৱা বন্ধ কৰাৰ বাবে নে আন কিবা কাৰণত নাজানো শৰীৰত দুৰ্বলতা অনুভৱ কৰিছো৷ খোৱা-লোৱা ভাল হোৱা নাই। শৰীৰ অৱশ হৈ পৰিছে৷ পুনৰ ঔষধ নিব আহিছো যদিও চিকিৎসকৰ পৰামৰ্শ লৈ হয়তো দ্বিতীয় পৰ্যায়ৰ ঔষধহে খাব লাগিব৷ শাৰীৰিক অসুস্থতা বৃদ্ধিয়ে চিন্তাত পেলাইছে৷ পুনৰ কামত যোগদান কৰিব পাৰিমনে নাই সেয়াও চিন্তাৰ বিষয়৷’
যুৱতীগৰাকীৰ এই কথাই প্ৰমাণ কৰিছে আংশিকতলকডাউনে এইচ.আই.ভি পজিটিভ বা এইডচ ৰোগীসকলৰ মাজৰে একাংশক কিমান ভয়াৱহ সমস্যাৰ সন্মুখীন কৰাইছে৷ তাতকৈ তাৎপৰ্যপূৰ্ণ কথা যে মহিলা হোৱা বাবেই এনে একাংশ ৰোগীয়ে বঞ্চিত হৈছে জীৱনদায়িনী ঔষধৰ পৰা৷ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা অটুট ৰাখিবলৈ ঔষধ গ্ৰহণৰ যি ধাৰাবাহিকতা ৰক্ষা কৰিব লাগে আৰু যি পুষ্টিকৰ আহাৰ নিয়মীয়াকৈখাব লাগে সেয়া একাংশ আক্ৰান্ত ব্যক্তিয়ে অব্যাহত ৰাখিব পৰা নাই৷ এইসকল আক্ৰান্ত ব্যক্তিৰ ভিতৰত অধিকাংশই মহিলা বুলি জানিব পৰা গৈছে৷
এইচ-আই-ভিআক্ৰান্ত ৰেহেনা বেগম (নাম সলনি কৰা হৈছে) নামৰ এটি সন্তানৰ মাতৃ স্বামীৰ পৰা পৃথককৈ বাস কৰিছিল৷ গাৰ্হস্থ্য হিংসাৰ বলি হোৱাৰ পিছত স্বামীৰ পৰা আঁতৰি থকা ৰেহেনা লকডাউনৰ পূৰ্বে গুৱাহাটী মহানগৰীৰ পৰা কেবাশ কিলোমিটাৰ দূৰৈৰ কোকৰাঝাৰ জিলাৰ মাতৃৰ ঘৰলৈ গৈছিল৷ লকডাউনত যাতায়ত বন্ধ হোৱাৰ ফলত কোকৰাঝাৰ জিলাৰ বহু ভিতৰুৱা গাঁৱৰ মাতৃগৃহৰ পৰা আহি এ.আৰ.টি কেন্দ্ৰ বা জিলা চিকিৎসালয়ৰ পৰা ঔষধ সংগ্ৰহ কৰাটো সম্ভৱ নাছিল৷ তাতকৈয়ো ডাঙৰ কথা তেওঁ এইচ.আই.ভি আক্ৰান্ত বুলি কাৰো আগত অৱগত কৰা নাছিল৷ যাৰ বাবে আন ব্যক্তিৰ দ্বাৰাও ঔষধ সংগ্ৰহ কৰিবলৈ দিব পৰা নাছিল৷ আন ব্যক্তিক ঔষধ সংগ্ৰহ কৰিবলৈ দিলে তেওঁৰ বিষয়ে জানিব বুলি নিশ্চিত৷ আংশিক লকডাউন কিছুশিথিল হোৱাৰ পিছত এদিন আহি এ.আৰ.টি কেন্দ্ৰৰ পৰা ঔষধ সংগ্ৰহ কৰিছিল৷
আনহাতে, এই কালছোৱাত ঔষধ সংগ্ৰহৰ বাবে জটিল পৰিস্থিতিৰ সন্মুখীন হৈছিল একাংশ গৰ্ভৱতী মহিলা৷ স্বেচ্ছাসেৱী সংস্থাৰ একাংশ কৰ্মীয়ে বহু কষ্টৰে এই সকল এইচ.আই.ভি আক্ৰান্ত নাৰীক ঔষধ যোগান ধৰিবলৈ চেষ্টা কৰিছিল যদিও বহুতৰে ঠিকনা সলনি হোৱা বাবে, যোগাযোগ নম্বৰ সলনি হোৱা বাবে, যোগাযোগ নম্বৰ নথকা বাবে আৰু বহু ভিতৰুৱা অঞ্চলত বাস কৰা বাবে ঔষধ যোগান ব্যাহত হৈ পৰে৷
একাংশ স্বেচ্ছাসেৱী সংস্থাৰ কৰ্মীয়ে জানিবলৈ দিয়ে যে বহু যৌনকৰ্মী য়ে এই সময়ছোৱাত জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে৷ একাংশ তৃতীয় লিংগৰ ব্যক্তিয়েও যাতায়তৰ দুৰৱস্থাৰ বাবে আৰু হাতত পৰ্যাপ্ত ধন নথকাৰ বাবে এ.আৰ.টি কেন্দ্ৰৰ পৰা ঔষধ সংগ্ৰহ কৰিব পৰা নাছিল৷ ডিব্ৰুঘড়, তেজপুৰ, যোৰহাট আদি এ-আৰ-টি কেন্দ্ৰত আৰু ঔষধ উপলব্ধ চৰকাৰী চিকিৎসাৰয়ত লকডউৰ সময়ত ঔষধ সংগ্ৰহৰ পৰিমান কম আছিল বুলি জানিব পৰা গৈছে।
চৰকাৰী সুবিধাৰ মাজত থকা আসোৱাহসমূহ
'অসম নেটৱৰ্ক ফৰ পজিটিভ পিপল’ নামৰ সংস্থাটোৰ এগৰাকী পৰামৰ্শদাতা তথা এইড্চ নিয়ন্ত্ৰণ অভিযানৰ সক্ৰিয় কৰ্মী এগৰাকীয়ে কয়, 'লকডাউনৰ কালছোৱাত যাতায়ত ব্যৱস্থা বন্ধ হ’ল, বহু মানুহে গুৱাহাটী এৰি গুচি গ’ল বহু দূৰলৈ, বহু মানুহে চাকৰি হেৰুৱালে। এনে ক্ষেত্ৰত এইচ.আই.ভি আক্ৰান্ত বা এইডচ ৰোগী সকলৰ বাবে জটিলতা আহি পৰিছে৷ কেবল গুৱাহাটী এ.আৰ.টি কেন্দ্ৰৰ পৰাই ৪৫০০ জনতকৈয়ো অধিক লোকে ঔষধ সংগ্ৰহ কৰে৷ ইয়াৰ ভিতৰত যুৱ প্ৰজন্মৰ আক্ৰান্তৰ সংখ্যা বেছি৷ শিশুৰ সংখ্যাও দ্বি-শতাধিক৷ সেইদৰে বহু মহিলা আছে যিসকলৰ আৰ্থিক অৱস্থা ভাল নহয়৷ কম উপাৰ্জন কৰা বহু মহিলা আছে যিয়ে বহু দুৰৈৰ পৰা আহি ঔষধ সংগ্ৰহ কৰি নিয়ে৷’
তেওঁ আৰু কয়, ' বহুতে চাকৰি হেৰুৱাই গাঁৱৰ ঘৰলৈ উভতি গৈছে৷ গাঁৱত গৈ ঔষধ আমি ঔষধ দি থৈ অহাটো সম্ভৱ নহয়৷ তেওঁলোকেও নিবিচাৰিব পাৰে৷ কিন্তু ইয়াৰ মাজতে মই গুৱাহাটীৰ পৰা সোত্তৰ-আশী কিলোমিটাৰ পৰ্যন্ত দূৰলৈ মটৰ চাইকেল চলাই গৈ ঔষধ দি থৈ আহিছো৷ গুৱাহাটী মহানগৰীত লকডাউনৰ সময়ত বহু আক্ৰান্ত ব্যক্তিক ঘৰত ঔষধ দিছো৷ বহু লোকক কুৰিয়াৰ চাৰ্ভিছ যোগে ঔষধ যোগান ধৰিছো৷ কিন্তু বহুতৰে লগত যোগাযোগ সম্ভৱ হোৱা নাই৷ যিদৰে এচাম যুৱক বা পুৰুষে ঔষধ সংগ্ৰহ কৰিবলৈ মটৰ চাইকেল বা চাইকেল লৈ আহিব পাৰিছে, মহিলা হোৱা বাবেই এইসকল আক্ৰান্ত ব্যক্তিয়ে অসুবিধাত হয়তো পৰিছে৷ এনে ক্লায়েণ্টো আছে যিয়ে এদিন ঔষধ নাখালেই অসুবিধাত ভোগে৷ তেনে ব্যক্তিয়ে যেতিয়া লকডাউনৰ বাবে বহুদিন ঔষধৰ পৰা বঞ্চিত হৈ থাকিব পিছলৈ কি অৱস্থা হ’ব ভাবিবলগীয়া৷’
'আমি দেখিছো এইচ আই ভি আক্ৰান্ত দুখীয়া শ্ৰেণীৰ মানুহে এই লকডাউনৰ সময়ত বেছি সংকটত পৰিছে৷ তাৰ ভিতৰত দুখীয়া শ্ৰেণীৰ মহিলাসকল যিয়ে এ.আৰ.টি কেন্দ্ৰৰ পৰা বহু দূৰৈত অৱস্থান কৰিছে তেওঁলোকৰ বেছি অসুবিধা হৈছে৷ ঔষধ সংগ্ৰহৰ নামত আক্ৰান্ত ব্যক্তিৰ গোপনীয়তা ভংগ হব কিয়? লকডাউনৰ সময়ত ঔষধ সংগ্ৰহ কৰিব নোৱাৰাৰ আন কাৰণ আক্ৰান্ত ব্যক্তিৰ পৰিচয় ৰাজহূৱা হোৱাৰ শংকা। যাৰবাবেও এচামে ঔষধৰ পৰি বঞ্চিত হল।’-তেওঁ ক'লে।
'চৰকাৰী সুবিধা আছিল যদিও আসোৱাহো আছিল। চৰকাৰে ঔষধ সমূহ জিলা সদৰতো উপলব্ধ কৰিছে যদিও জিলা সদৰৰ হস্পিতাললৈ পজিটিভ ব্যক্তি যোৱাটো এক সমস্যা৷ কিয়নো এফালে যাতায়তৰ বাবে যানবাহনৰ চলাচল বন্ধ, আনপিনে প্ৰশাসনে সান্ধ্য আইন জাৰি কৰিছে আৰু ১৪৪ বলবৎ কৰিছে৷ ফলত কোনো লোকে সদৰৰ হস্পিতাললৈ যাবলৈ হলে এইচ.আই.ভি পজিটিভ ব্যক্তিৰ ঔষধ সংগ্ৰহৰ ‘কাৰ্ড’ দেখুৱাবলগীয়া হয়৷ ফলত পজিটিভ ব্যক্তিৰ গোপনীয়তা ৰক্ষা নহয়৷ গতিকে এনে ব্যক্তিয়ে জিলা সদৰৰ হস্পিতাললৈ যোৱাটোত সমস্যাৰ সৃষ্টি হৈছে৷ ইফালে ঘৰত ঔষধ বিতৰণকাৰী গাড়ী আছে যদিও তেনে একোখন গাড়ী পজিটিভ ব্যক্তিৰ ঘৰলৈ যোৱাৰ লগে লগে সংশ্লিষ্ট এইচ.আই.ভি আক্ৰান্ত ব্যক্তিগৰাকীৰ পৰিচয় নিজৰ আত্মীয় স্বজন প্ৰতিৱেশী বা অঞ্চলটোত ওলাই পৰিব৷ যিটো পৰিস্থিতিয়ে পজিটিভ ব্যক্তিগৰাকীক অস্বস্তিত পেলাব বা তেওঁৰ গোপনীয়তা ৰক্ষাৰ অধিকাৰ খৰ্ব হ’ব৷ বিগত দিনত পৰিয়ালৰ লোককো যদি তেনে আক্ৰান্ত ব্যক্তিয়ে এইচ.আই.ভি পজিটিভ বুলি অৱগত কৰা নাছিল, তেন্তে তেনে ব্যক্তিয়ে আমাৰ ঔষধ বিতৰক গাড়ী যোৱাৰ পিছত বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ’ব।’-সক্ৰিয় কৰ্মীৰ মন্তব্য।
আনহাতে 'আসাম নেটৱৰ্ক ফৰ পজিটিভ পিপল’ নামৰ সংস্থাটোৰ অধ্যক্ষ তথা এইচ.আই.ভি সংক্ৰমণ প্ৰতিৰোধ অভিযানৰ এগৰাকী সংগ্ৰামী মহিলা জাহ্নৱী গোস্বামী য়ে লকডাউন কালত এইচ.আই.ভি পজিটিভ ব্যক্তিয়ে সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ তেওঁ কয়, 'কভিড-১৯ সংক্ৰমণ ৰোধ কৰাৰ বাবে ঘোষণা কৰা লকডাউনৰ ফলত এইচ.আই.ভি পজিটিভ সম্প্ৰদায়ৰ বহুতেই বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে৷ বিশেষকৈ আক্ৰান্তসকলৰ যি অংশ মহিলা তেওঁলোক সংকটজনক পৰিস্থিতিত পৰিছে৷ তথাপিও আমি এনে পৰিস্থিতিক প্ৰত্যাহ্বান জনাই আগবাঢ়িছো৷ এচাম যুৱক আৰু পুৰুষে কেনেবাকৈ আহি ঔষধ সংগ্ৰহ কৰিছে; কিন্তু যুৱতীচাম, দুখীয়া মহিলাসকল, গৰ্ভৱতী নাৰী, যিসকল লকডাউনৰ ফলত সংস্থাপন হেৰুৱাইছে আৰু পূৰ্বৰ স্থান সলনি কৰি এ.আৰ.টি কেন্দ্ৰৰ পৰা বহু দূৰৈত আছেগৈ সেই সকল এইচ.আই.ভি পজিটিভ লোকৰ বহুতেই সমস্যাৰ সন্মুখীন হৈছে৷’
চৈধ্য হাজাৰ এইচ.আই.ভি আক্ৰান্তৰ দুৰ্ভোগ
লকডাউনৰ ফলত এইচ.আই.ভি আক্ৰান্ত লোকসকলে সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত আমি চলোৱা এক অনুসন্ধানত পোহৰলৈ আহিছে যে অসমত বৰ্তমান প্ৰায় চৈধ্য হাজাৰ এইচ.আই.ভি আক্ৰান্ত লোক আছে যিয়ে ঔষধ সংগ্ৰহ কৰি আহিছিল নিয়মীয়াকৈ৷ কিন্তু লকডাউনৰ সময়ছোৱাত ঔষধ সংগ্ৰহ কৰা লোকৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পালে৷ ইয়াৰ ভিতৰত অধিক সংখ্যকেই মহিলা৷ দুৰ্গম স্থানৰ বাসিন্দা, আৰ্থিকভাৱে পিচপৰা, কৰ্মসংস্থান হেৰুওৱা–এনে এইচ.আই.ভি আক্ৰান্ত ব্যক্তিয়ে লকডাউনৰ প্ৰভাৱত বঞ্চিত হ’বলগীয়া হ’ল জীৱনদায়িনী ঔষধৰ পৰা৷
যি ঔষধে এই সকল আক্ৰান্তৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা অটুট ৰাখে, যিসকলৰ একাংশৰ এদিন ঔষধ নাখালে দেহৰ অৱস্থা বেয়াৰ পিনে গতি কৰে– তেনে ব্যক্তি নেতিবাচকভাৱে প্ৰভাৱিত হ’ল লকডাউনৰ বাবে৷ ঔষধ সেৱনৰ ধাৰাবাহিকতা ভংগ হোৱাৰ ফলত এনে লোকৰ ৰোগ প্ৰতিৰোধী ক্ষমতাও হ্ৰাস পাব আগন্তুক দিনত৷ একেদৰে খাদ্যৰ অভাৱেও প্ৰচুৰ ক্ষতি কৰিব। নাৰী হোৱা বাবে এচাম এইচ.আই.ভি আক্ৰান্তই সন্মুখীন হ’ল জটিল বাস্তৱৰ৷ কৰ’না ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে ঘোষণা কৰা লকডাউনে এইচ.আই.ভি ভাইৰাছ আক্ৰান্ত এচাম লোকৰ দেহৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাসত অৰিহণা যোগালে৷ য’ত অধিক ক্ষতিগ্ৰস্ত হ’ল তেনে এচাম এইচ.আই.ভি আক্ৰান্ত লোক৷ এইড্চ ৰোগীৰ এনে দুৰ্দশাই চিন্তিত কৰি তুলিছে একাংশ স্বেচাসেৱক আৰু পৰামৰ্শদাতাকো৷
এইচ.আই.ভি সংক্ৰমণ নিয়ন্ত্ৰণ অভিযানৰ সৈতে জড়িত বিশেষজ্ঞ চিকিৎসক ডাঃ ডি বৰুৱাই এই সন্দৰ্ভত কয় "ঔষধ খোৱাৰ ধাৰাবাহিকতা ভংগ হ'লে আৰু পুষ্টিদায়কতআহাৰ নীয়মিত নাখালে আক্ৰান্ত ব্যক্তিৰ ৰেজিচট্ৰেনচ্ কেপাচিটি কমিব । ফলত বিভিন্ন ৰোগত তৎকালে যেনে ভাইৰেলত আক্ৰান্ত হব পাৰে। ঔষধ খোৱা বেছিদিন বন্ধ লোকজনৰ আন কেতবোৰ পৰীক্ষা কৰিহে পূণৰ ঔষধ দিবলগীয়া হয়। মুঠতে সেয়া এক সমস্যা। সেয়ে ঔষধৰ ধাৰাবাহিকতা ভংগ হলে প্ৰত্যাহবান আহিব।" এইচ আই ভি আক্ৰান্তসকলৰ জীৱনলৈ লকডাউনে যি সংকট নমাই আনিলে সেয়া অসমৰ সমাজ জীৱনৰ বাবেও এক চিন্তনীয় বিষয়৷
No comments