Page Nav

HIDE

Grid

GRID_STYLE

ন্যায়ৰ ৰুদ্ধ দুৱাৰত এবছৰ পাৰ কৰিলে ৰাষ্ট্ৰ সন্ত্ৰাসৰ বলি জয়ন্ত বৰাৰ পৰিয়ালে

মানৱ অধিকাৰ উলংঘাৰ ভূক্তভোগী জয়ন্ত, দ্বীপ, অনুপম, ধীৰাজ, শিৱহঁতৰ পৰিয়ালৰ দুঃসহ জীৱন...  ---জীয়াই থকাৰ অধিকাৰ (Right to Life) কাঢ়ি নিয়াৰ পিছত...


মানৱ অধিকাৰ উলংঘাৰ ভূক্তভোগী জয়ন্ত, দ্বীপ, অনুপম, ধীৰাজ, শিৱহঁতৰ পৰিয়ালৰ দুঃসহ জীৱন... 

---জীয়াই থকাৰ অধিকাৰ (Right to Life) কাঢ়ি নিয়াৰ পিছত এই ভুক্তভোগী পৰিয়ালটোৰ পৰা এবছৰে কাঢ়ি নিয়া হ'ল আন এক মানৱ অধিকাৰ ন্যায় প্ৰাপ্তিৰ অধিকাৰ...

  দিগন্ত শৰ্মাঃ

[অনুসন্ধানমূলক-স্বতন্ত্ৰ-মুক্ত সাংবাদিকতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ versatilestory.com-ক প্ৰয়োজন আপোনাৰ সহযোগিতা, পৰামৰ্শ আৰু আৰ্থিক সহায়ৰ। আমাৰ যাত্ৰাক  সহায় কৰিবলৈ মবাইল নম্বৰ ৮৬৩৮৬৯৮৪৫০-ত যোগাযোগ কৰক। আপুনি যি কোনো পৰামৰ্শ  বা যি কোনো পৰিমানৰ আৰ্থিক বৰঙণি আগবঢ়াব পাৰে। ]

অসমৰ যোৰহাট জিলাৰ তিতাবৰ অঞ্চলৰ বৰহোলা বালিজান গাঁৱৰ লীলা বৰা নামৰ বিধৱা মহিলাগৰাকীৰ বাবে জীৱনৰ প্ৰধান সাৰথি আছিল একমাত্ৰ পুত্ৰ জয়ন্ত।   এবছৰ পূৰ্বে অৰ্থাৎ ২০২০ চনৰ ১৪ জুনৰ মাজনিশা সেই বালিজান গাঁৱৰ (গাভৰু ১৫নং ব্লকৰ) জয়ন্ত বৰা নামৰ একুৰি ছয়  বছৰীয়া যুৱক জনক সেনা আৰক্ষীয়ে শোৱাপাটীৰ পৰা তুলি নিছিল। জয়ন্তক সেনা-আৰক্ষীয়ে এনেদৰে নিৰ্যাতন চলাইছিৰ যে পিচদিনা চিকিৎসালয়লৈ নিওতে যুৱকজনৰ মৃত্যু হৈছিল। এয়া আছিল সেনা-আৰক্ষীৰ জিম্মাত সংঘটিত এক হত্যা কাণ্ড (custodial  torture and killing) ৷ জয়ন্তৰ পিতৃ হেম বৰাই ভাৰতীয় সেনাবাহিনীত কাম কৰিছিল যদিও তেওঁৰ মৃত্যু হৈছিল। হেম বৰাৰ পত্নী লীলা বৰাৰ সৈতে বাস কৰিছিল বৃদ্ধা মাতৃ লেলেশ্বৰী শইকীয়া। তেঁওলোকৰ বাবে জীৱনৰ প্ৰধান সম্বল আছিল ২৬ বছৰীয়া একমাত্ৰ জয়ন্ত৷ কিন্তু জয়ন্তক সেইনিশা আৰক্ষী সেনাবাহিনীৰ ঘৰৰ পৰা লৈ গৈ অত্যাচাৰ চলাই যুৱকজনক নিৰ্মমভাৱে নিশেষ কৰি দিছিল ৷ নিঠৰুৱা হৈ পৰিছিল জয়ন্তৰ বিধৱা মাতৃ আৰু বৃদ্ধ আাইতাক৷ সেনা - আৰক্ষী তথা ৰাষ্ট্ৰসন্ত্ৰাসে একোখন ঘৰ নিশেষ কৰি দিয়াৰ জলন্ত উদাহৰণ এয়া৷ ৰাষ্ট্ৰসন্ত্ৰাসৰ বিভীষিকাই  জয়ন্তৰ ঘৰখনক, আত্নীয় স্মজনক মানসিকভাৱে ক্ষতিগ্ৰস্ত কৰিছিল।  চৰকাৰে দিয়া লাখটকীয়া চেক ৰাষ্ট্ৰ সন্থাসৰ বলি হোৱা মানুহৰ পৰিপূৰক নহ'ল। চিৰদিনৰ বাবে কাঢ়ি নিয়া হল শান্তি পৰিয়ালটোৰ পৰা।... আজি এবছৰ হ'ল। হত্যাকাণ্ডৰ তদন্তৰ কি হ'ল ৰাইজে, ভুক্তভোগী পৰিয়ালটোৱ নাজানিলে। ন্যায় প্ৰাপ্তিৰ পৰা বঞ্চিত কৰি ৰখা হ'ল। ন্যায় প্ৰাপ্তিৰ অধিকাৰ ( Right to Justice)  ভুক্তভোগীৰ মানৱ অধিকাৰ। জীয়াই থকাৰ অধিকাৰ (Right to Life) কাঢ়ি নিয়াৰ পিছত এই ভুক্তভোগী পৰিয়ালটোৰ পৰা এবছৰে কাঢ়ি নিয়া হ'ল আন এক মানৱ অধিকাৰ। 

উল্লেখ্য যে জয়ন্ত বৰাৰ এই ঘটনাৰ পূৰ্বে  তিনিচুকীয়া জিলাৰ পুৰণি মতাপুং গাঁৱৰ বহাগী চুতীয়া নামৰ বিধৱা মহিলাগৰাকীৰ পুত্ৰ দ্বীপ চুতীয়াও বলি হৈছিল ৰাষ্ট্ৰসন্ত্ৰাসৰ ৷২০১৬ চনৰ ১৪ ডিচেম্বৰৰ দিনা দ্বীপ চুতীয়াক হত্যা কৰিছিল সেনাবাহিনীয়ে৷ দৰিদ্ৰ ঘৰখনৰ বাবে দ্বীপ আছিল একমাত্ৰ উৰ্পাজনকৰ্তা ব্যক্তি৷ স্থানীয় বিলত মাছ মাৰি বিক্ৰী কৰি পৰিয়ালটো চলাইছিল দ্বীপে৷ পিতৃ বিয়োগৰ পিছত দ্বীপ আছিল  বিধবা মাতৃ বহাগী চুতীয়া আৰু অশীতিপৰ আইতাক ঝাপৈ চুতীয়াৰ বাবে একমাত্ৰ ভৰসা ৷ পিছে এদিন মাছ ধৰা জাল কিনিবলৈ যোৱা দ্বীপ ঘৰলৈ ঘুৰি নাহিল৷ সেনাবাহিনীয়ে আলফা সন্দেহত আটক কৰি নি অৰুণাচল সীমান্তত গুলীয়াই হত্যা কৰিলে দ্বীপক৷ চিৰদিনৰ বাবে নিঠৰুৱা হৈ পৰিল বহাগীৰ জীৱন ৷ এফালে বৃদ্ধা শাহু আনফালে আন দুটি সন্তান--- বহাগীৰ সমুখত এন্ধাৰৰ বাহিৰে একো নাই। আজিলৈকে বহাগীয়ে ন্যায়ৰ পালে কি? উত্তৰ শূণ্য। মতাপুং গাৱৰ এটী উৰুখা পজাত চৰম অৰ্থ সংকট, মানসিক যন্ত্ৰনাৰে দিন অতিবাহিত কৰিছে। ঠিক একেদৰে তিনিচুকীয়া জিলাৰে দীঘলীপথাৰ গাঁৱৰ ১৬ বছৰীয়া কিশোৰ অনুপম মৰানকো সেনাই আলফা সজাই হত্যা কৰিছিল৷ ফুৰিবলৈ যোৱা অনুপম সন্ধানহীন হৈছিল আৰু পিছত মৃতদেহ হৈ উভতি আহিছিল৷ বুকুত সেনাবাহিনীৰ আগ্নেয়াস্ত্ৰৰ গুলি ৷

অনুপমৰ পৰিয়ালটো , দ্বীপৰ পৰিয়ালটো আজিও ন্যায়প্ৰাপ্তিৰ পৰা বহু দূৰৈত৷ সেইদৰে জিলাখনৰ মতাপুং গাঁৱৰ দেবেশ্বৰ মৰান আৰু ৰত্নেশ্বৰী মৰানৰ পুত্ৰ জনক মৰানক ২০১১ চনৰ ২৫ ডিচেম্বৰৰ নিশা সেনাবাহিনীয়ে নি অৰুণাচলৰ লোহিত জিলালৈ লৈ গৈ ভুৱা সংঘৰ্ষৰে হত্যা কৰিছিল ৷ একেদৰে গাঁৱখনৰ ধীৰাজ দুৱৰা আৰু শিৱ মৰানকো ভুৱা সংঘৰ্ষৰে সেনাবাহিনীয়ে হত্যা কৰিছিল৷ উল্লেখ্য যে, ২০২০চনৰ ১৪ জুনত তিতাবৰ বৰহোলাৰ যুৱক জয়ন্ত বৰাক হত্যাকাণ্ডৰ বিচাৰ হব কেতিয়া!বিগত দিনত এনে ৰাষ্ট্ৰ সন্ত্ৰাসৰ বলি হোৱা কিমান পৰিয়ালে ন্যয় লাভ কৰিলে? গুপ্তহত্যা তদন্ত হল। দোষীয়ে শাস্তি পোৱা দূৰৈৰ কথা তদন্ত আয়োগৰ প্ৰতিবেদন মতে এই ঘটনাত জৰিত আৰক্ষী বিষয়াই পদোন্নতি লাভেৰে ওখ আসনত আজিও কৰ্মৰত।মুঠতে অসমৰ ৰাষ্ট্ৰসন্ত্ৰাসৰ ইতিহাসত দোষীৰ শাস্তি, ভুক্তভোগীৰ ন্যায় প্ৰাপ্তি সুদূৰ পৰাহত। আজি জয়ন্ত বৰাৰ দৰে যুৱকক সেনা -আৰক্ষীয়ে মিলি নিশেষ কৰি দিয়া  আৰু পিছত পৰিয়ালক ন্যায় প্ৰদান নকৰা কাৰ্যই প্ৰমান কৰিছে জনগণক ন্যায্য অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ। সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ দোহাই দি ৰাজ্যত উলঘা হৈ আছে মানৱ অধিকাৰ। সমান্তৰালকৈ ন্যয়প্ৰাপ্তিৰ অধিকাৰকো শাসকে নস্যাৎ কৰি আহিছে। জয়ন্ত বৰা, দ্বীপ চুতীয়া, অনুপম মৰাণ হঁতৰ পৰিয়ালেই তাৰ প্ৰমান। কেইদিনমান পূৰ্বে দীপৰ মাতৃ বহাগী চুতীয়া আমাকেই সুধিছিল ---"মই ন্যায় পাম কেতিয়া?"

সেই প্ৰশ্নৰ উত্তৰ আমি দিব পৰা নাছিলো। সম্প্ৰতি তিতাবৰৰ জয়ন্তৰ বিধৱা মাতৃ, বৃদ্ধা আইতাকে এবছৰ বাগৰাৰ পিচত এতিয়া ৰাজ্যবাসীক শুধিব সেই একেই প্ৰশ্ন। অসমৰ বহু মাতৃয়ে বিগত দিনতো একেটা প্ৰশ্নকেই শুধি আহিছে। উত্তৰ কাৰো হাতত নাই।

জয়ন্ত বৰাৰ মাতৃক ৰাষ্ট্ৰই ন্যায় দিবনে? নে আগন্তুক দিনবোৰ ন্যায় প্ৰাপ্তিৰ অপেক্ষাৰেই দুৰ্ভগীয়া ভুক্তভোগী সকলে জীৱন অতিবাহিত কৰিব লাগিব ? -----

No comments