Page Nav

HIDE

Grid

GRID_STYLE

পথৰ দাঁতিত ব্যতিক্রমী উপায়েৰে দৰিদ্ৰতা জয়ৰ সংগ্রাম মিন্টু বড়োৰ

আধাতে বিদ্যালয় যাত্ৰা সামৰিব লগীয়া হোৱা মিন্টুৰ কাহিনী ১৮ বছৰ বয়সতে ৰাজপথৰ দাঁতিত জুই ধৰি টেকেলী-পিঠা সুস্বাদুকৈ প্ৰস্তুত কৰাত পাকৈত হৈ পৰি...


আধাতে বিদ্যালয় যাত্ৰা সামৰিব লগীয়া হোৱা মিন্টুৰ কাহিনী










১৮ বছৰ বয়সতে ৰাজপথৰ দাঁতিত জুই ধৰি টেকেলী-পিঠা সুস্বাদুকৈ প্ৰস্তুত কৰাত পাকৈত হৈ পৰিছে







দিগন্ত শৰ্মা:

দৰং জিলাৰ মাজেৰে যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বহি এক ব্যতিক্রমী উপায়েৰে দৰিদ্ৰতাক জয় কৰাৰ সংগ্রাম অব্যাহত ৰাখিছে এজন যুৱকে। ৰাষ্ট্ৰীয় পথটিৰ দলগাঁও বাছ আস্থানৰ একাষে বহি মিন্টু বড়ো নামৰ যুৱকজনে পিঠা প্রস্তুত কৰি বিক্ৰী কৰে। পথৰ দাঁতিত একুৰা জুই জ্বলাই এলুমুনিয়ামৰ টেকেলীত টেকেলী-পিঠা প্রস্তুত কৰে মিন্টুৱে। ১৮ বছৰীয়া মিন্টুৱে আবেলি পথৰ দাঁতিত বহি পিঠা সাজে, পিঠা বিক্ৰী কৰে। দিনটোৰ আগবেলা জুই জ্বলাবলৈ গাঁৱৰ ইমূৰপৰা সিমূৰলৈ বাঁহনি তলৰপৰা, বাৰীৰপৰা খৰি আৰু
কলপাত সংগ্ৰহ কৰে। মিন্টুৱে পিঠা বান্ধি দিবলৈ ব্যৱহাৰ কৰে কলপাত। ব্যৱহাৰ নকৰে কাগজ কিম্বা প্লাষ্টিক-পলিথিন। দৰং জিলাৰ ঝাকুৱাপাৰা গাঁৱৰ খগেন বড়োৰ সন্তান মিন্টুৱে দশম শ্ৰেণীলৈ পঢ়িছিল যদিও তাৰ পাছত বিদ্যালয় ত্যাগ কৰে আধাতে। দৰিদ্ৰতাৰ বাবে আধাতে শিক্ষা সামৰি মাতৃৰ সৈতে বিভিন্ন বজাৰত পিঠা প্রস্তুত কৰি বিক্ৰী কৰা কামত লাগে। 

পিঠা কৰাৰ কামত সততে গ্রামাঞ্চলৰ মহিলা পাকৈত যদিও মিন্টুৱে ১৮ বছৰ বয়সতে ৰাজপথৰ দাঁতিত জুই ধৰি টেকেলী-পিঠা সুস্বাদুকৈ প্ৰস্তুত কৰাত পাকৈত হৈ পৰিছে। ঝাকুৱাপাৰা গাঁৱৰপৰা কেইবাকিলোমিটাৰ চাইকেলত খৰি, টেকেলী, চাউলৰ গুড়ি, কলপাত আদি সামগ্ৰী লৈ আহি দলগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গুৱাহাটীমুখী আস্থানত আবেলি উপস্থিত হয় মিন্টু


পিছে চাউলৰ গুড়ি প্রস্তুতৰ বাবে সময়ৰ অভাৱ হোৱা বাবে মিন্টুৱে পিঠা প্রস্তুত আৰু বিক্ৰী কৰিবলৈ লয়। মাতৃয়ে দিনৰ ভাগত চাউলৰ গুড়ি, তিলৰ গুড়ি, নাৰিকলৰ গুড়ি প্রস্তুত কৰে। পিঠা কৰাৰ কামত সততে গ্রামাঞ্চলৰ মহিলা পাকৈত যদিও মিন্টুৱে ১৮ বছৰ বয়সতে ৰাজপথৰ দাঁতিত জুই ধৰি টেকেলী-পিঠা সুস্বাদুকৈ প্ৰস্তুত কৰাত পাকৈত হৈ পৰিছে। ঝাকুৱাপাৰা গাঁৱৰপৰা কেইবাকিলোমিটাৰ চাইকেলত খৰি, টেকেলী, চাউলৰ গুড়ি, কলপাত আদি সামগ্ৰী লৈ আহি দলগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গুৱাহাটীমুখী আস্থানত আবেলি উপস্থিত হয় মিন্টু। মিন্টুরে এই প্রতিবেদকক জানিবলৈ দিয়া মতে, এদিনত কমেও পাঁচশ টকাৰ পিঠা বিক্ৰী হয়।

উল্লেখ্য, কৃষিভূমিহীন পৰিয়ালটিৰ দৰিদ্ৰতা উত্তৰণৰ বাবে মিন্টুৱে গ্ৰহণ কৰা জীৱিকাৰ এই পদক্ষেপে পিতৃ খগেন বড়োক যথেষ্ট সকাহ দিছে। প্রতিদিনে গড়ে পাঁচশ টকাৰ পিঠা বিক্ৰী কৰিলে
মিন্টুৱে মাহে পোন্ধৰ হেজাৰ টকা উপাৰ্জন কৰে। উল্লেখ্য যে পিঠা প্রস্তুতৰ বাবে আৰু গ্ৰাহকক পিঠাৰ টোপোলা দিয়াৰ নামত মিন্টুৱে ব্যৱহাৰ কৰি আহিছে প্ৰাকৃতিক সামগ্রী। কোচিন বা এল পি জিক ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে খৰিৰ ব্যৱহাৰ আৰু সামগ্ৰী দিবলৈ কলপাতৰ ব্যৱহাৰে পৰিৱেশ সচেতনতাৰ পৰিচয় দিছে। মিন্টু বড়োৰ এই সংগ্রাম এক ব্যতিক্রমী হিচাপে চিহ্নিত হৈছে যাৰ বাবে বহু শিক্ষক-শিক্ষয়িত্রী, শিক্ষার্থী সমাজৰ বহুতেই মিন্টুৱে প্ৰস্তুত কৰ পিঠাৰ সোৱাদ ল'বলৈ আহে দলগাঁৱৰ বাছ আস্থানলৈ। তাৎপর্যপূর্ণ যে সন্ধিয়া মিন্টুৱে পোহৰৰ উৎস হিচাপে ব্যৱহাৰ কৰে মাথোঁ এটি টিপচাকি ।



No comments